ফটাঢোল

চ’চিয়েল মিডিয়া ডায়েটিং – মানসী বৰা

নোমল কাইটিহঁত গাঁৱৰ পুৰণা ধনী মানুহ। কাক-দেউতাকহঁতে ইমান টকা-পইছা, সা-সম্পত্তি ঘটি থৈ গৈছে যে বৰ্তমান সেইবোৰকে বহি বহি খাই আছে। পিছে স্মার্ট মোবাইল, ফে’চবুক আৰু জিঅ’ নেটৱৰ্ক অহাৰ পিছৰপৰা তেখেতৰ জীৱন ভয়ানকভাবে ব্যস্ত হৈ পৰিল। গুডমৰ্ণিং, গুডনাইট, হেপ্পী নিউ ইয়েৰ, হেপ্পী বিহু, পূজা-দেৱালী নালাগে হেপ্পী নাগপঞ্চমীলৈকে সাৰি নগ’ল।

চেল্ফিৰ মা-বাপ নেলাগে ককাক-আইতাক নাইকিয়া কৰি দিলে। তেখেতৰ মিচিকিয়া হাঁহি, খাৰে খোৱা দাঁতৰ হাঁহি, তামোল খোৱা মদৰুৱা দাঁতৰ হাঁহিৰপৰা একেবাৰে পাউট চেল্ফিৰ ভংগিমালৈকে সকলো পৰিচিত হ’ল। কেইদিনমানৰপৰা ফটোও বিভিন্ন এংগোলত পজ দি মাৰিবলৈ ধৰিলে। তেখেতৰ ফ্রণ্ট ভিউ, বেক ভিউ, তপামূৰীয়া টপ ভিউৰ পিছতে ঘৰৰ বিচনাত ওলমি দিয়া নিজৰ ৰিভাৰ্চ ভিউ ফটোকপি হেনো ফেচবুকত তামাম হিট মাৰিলে। কোনোবা এগৰাকী ছোৱালীয়ে বোলে নাকৰ ফুটা দুটা তল ফালৰপৰা ভালদৰে ওলাই পৰাত তেখেতক খুব ৰসিক আৰু দিলদাৰ বুলিও কমেণ্ট কৰিলে। পৰৱৰ্তী সময়ত যেতিয়া ফেচবুক লাইভ এই ধৰালৈ নামি আহিল, নকৈছোঁ, হে পৰ্বদিগাৰ, ৰাস, ভাওনা, পুৱা-গধূলি কৰা প্ৰাৰ্থনা, ঘৰলৈ অহা হুঁচৰি, শ্রৱণ কীৰ্তন, বিয়া-সবাহ নেলাগে, পাৰিলে তেখেত শুই থাকোতেও নিজকে লাইভ কৰিব যেনহে লগা হ’ল। বেলেগৰ সন্দেহ থাকিলেও নিজে মেট্রিক পাছ বুলি কোৱা নোমল কাইটিৰ অসমীয়া ষ্টেটাচবোৰত বানান ভুল হ’লেও শুধৰাই দিলে জানোচা গালি পাৰে সেই ভাবি কোনেও একো নকয়। মাজতে হেনো এইবোৰ কৰি কৰি আমনি লগাত নিজে পইছা দি গাঁৱত বিভিন্ন অনুষ্ঠান পাতি নিজেই বিশিষ্ট অতিথি হৈ এক গাম্ভীর্যপূর্ণ আপডেট দিছিল। তেখেতৰ গানৰ লাইভৰ কথা কি ক’ম! য়া আল্লাহ। গানৰ সুৰ যে নৰকাসুৰ, তাল যে বেতাল, লয় যে প্ৰলয়লৈ গতি কৰিলে সেয়া তেখেতে নাজানে। অলপ দিনৰ ভিতৰতেই তেখেতৰ মধ্যসপ্তকৰ সুৰ তাঁৰাসপ্তকত প্ৰৱেশ কৰি একদম তাঁৰ চিগি সুৰত আমাৰ শ্ৰদ্ধাৰ ’ফাকুদা’ৰ সমকক্ষই হৈ পৰিল। তেখেতৰ গানৰ লাইভ শুনি ল’ প্রেচাৰৰ মানুহ যে হাই হৈছে আৰু হাই প্রেচাৰৰ মানুহে যে জীৱনৰ মায়ামোহ এৰি পেলাইছে সেইয়া খাটাং। যাকে তাকে টেগ কৰা, গুৱাল গালি দিয়া, অভিধানত বিচাৰি নোপোৱা ফিলিংচবোৰ জাহিৰ কৰি তেখেতে নিজৰ চাৰে তিনি হাজাৰ বন্ধু তালিকাৰে বৰ্তমান ফেচবুকত নিগাজীকৈ ঘৰ এখন সাজি লৈছে। আজিকালি নোমলকাইটিৰ কথাবতৰাও কিন্তু বহুত সলনি হ’ল। সেইদিনা ভতিজাকেইটাৰ আড্ডাত ভুৰুংকৈ সুমাই সেমেনা সেমেনি কৈ ক’লে, “তহঁতবোৰে মোক ইমান কিয় বেয়া পাৱ?” বৰদেউতাকৰ মুখত কথাটো শুনি ভতিজাক দুজনীৰতো চকু চলচলীয়াই হৈ গ’ল।

এজনীৰ উত্তৰ : অ’ বৰতা আপোনাক বাৰু কিয় বেয়া পাম?

: ফেচবুকত থাকি মোক লাইক এটা নামাৰ। কমেণ্ট এটা নকৰ। শ্বেয়াৰটো দূৰৰে কথা। কি লাভ তহঁতৰ নিচিনা বাৰ-পাচি ভতিজা ৰাখি। চাইহে আছোঁ। কোনোবা দিনা ফেচবুকৰ লগতে মোৰ দিলৰপৰাও ব্লক কৰি দিম তহঁতমখাক।

এদিন খিৰিকী কাষত বহি বাচত গৈ থকা নোমলকাইটিক দেখি মদন দোকানীয়ে চিঞৰিলে : অ’ বোলো কি খবৰ? কোনফালে যায়?

নোমলকাইটিয়ে চিঞৰিলে : ঐ ফেচবুকত চা। গম পাই যাবি।

লগে লগে আহে ফেচবুকত আপডেট, “নোমল খাৰঘৰীয়া – ট্রেভেলিং টু জকাইচুক শনিবৰীয়া বজাৰ – ফিলিং বৰালি মাছ খাওঁ খাওঁ।”

এইহেন ভাৰ্চুৱেল সমাজৰ একান্ত যোদ্ধা নোমলকাইটিয়ে ডাঙৰ বৰালি মাছ এটা আনি ঘৰ সোমোৱালেহি আৰু কাম কৰা বলেনে সেইটো পাকঘৰলৈ লৈ যোৱাৰ আগতেই মোবাইলত তাৰ ফটো এখন তুলি আপলোড কৰিলে। কিছু সময়ৰ পিছতে ঘৈণীয়েক মালিনীয়ে আহি গুড়ৰ ৰসগুল্লা এটাৰ সৈতে চাহ একাপ দি ক’লে : চাহ খাওক। মিঠাইৰ সৈতে গুড ইভিনিং বুলি চাহকাপৰ ফটো আকৌ ফেচবুকত দি ঘৈণীয়েকক সুধিলে, “বৰ ধুনীয়া অ’ ৰসগুল্লাটো! ক’ত পালা?”

মালিনীৰ উত্তৰ, “আমাৰ হৰেণ মাষ্টৰে টাটা চুমু এখন কিনিলে। তাকে মিঠাই দি গ’ল।”

“আও বালক! মাষ্টৰে টাটা চুমু কিনিলে! ক’তা মইচোন ফেচবুকত আপডেট পোৱাই নাই। হৰেণটো মোৰ ফেচবুকৰ ফ্রেণ্ড লিষ্টতো আছে। গাড়ী কিনিলে যে ডাঙৰ চাবি এটা আৰু ডিঙিত গামোচা এখন লৈ ফেচবুকত গাড়ীখনৰ সৈতে ফটো দিব লাগে বুলি সেই কথা সি নাজানে নেকি?”

সেইবুলি নোমল কাইটিয়ে ফেচবুকত হৰেণ মাষ্টৰৰ ফেচবুক প্রফাইল খুচৰাত লাগিল। পিছে ফেচবুকত তেনে কোনো আপডেট নেদেখি কাইটিৰ মনত হৰেণে গাড়ী কিনা নাই বুলি সন্দেহ হ’ল। “ৰহ, মই খবৰ এটা কৰি আহো” বুলি তেওঁ হৰেণ মাষ্টৰৰ ঘৰলৈ ওলাল। গাড়ী চাবলৈ অহা মানুহেৰে মাষ্টৰৰ ঘৰ ভৰি আছিল। ধুনীয়া টাটা চুমুখনৰ সৈতে হৰেণ মাষ্টৰৰ পৰিয়ালৰ সৈতে ঘপহকে চেল্ফী এখন তুলি নোমল কাইটিয়ে কথাষাৰ পাব্লিক ডমেইনত আপলোড কৰিহে এক প্ৰশান্তি লাভ কৰিলে। মাষ্টৰৰ ঘৰৰপৰা উভতি যাওঁতে দুৱাৰমুখতে জীয়েকে চিধাই ক’লে বোলে, “হৰেণ খুৰাৰ গাড়ীখন ইমান ধুনীয়া লাগিছে। অ’ দেতা, আমাৰ গাড়ী কেতিয়া কিনিবি?”

নোমলকাইটিয়ে একো উত্তৰ নিদিয়াকৈ ভিতৰলৈ সোমাই গ’ল। ৰাতি শুৱাৰ সময়ত ঘৈণীয়েক মালিনীয়ে ফেচবুকত গিৰিয়েকে দিয়া গাড়ীখনৰ সৈতে থকা ফটোকপিত লাইক এটা মাৰি ক’লে, “বোলো শুনিছেনে, ফটোখনত মাষ্টৰৰ ঘৈণীয়েকৰ কাপোৰযোৰ বৰ ধুনীয়া লাগিছে। মোকো এইবাৰ পুজাত লাগিব তেনে এযোৰ। আৰু গলত পিন্ধা কেঁচাসোণৰ মণিধাৰো বৰ ভাল লাগিছে। মোৰ তেনেকুৱা নাই। এইবাৰ পূজাতে নহ’লে…”

নোমলকাইটিয়ে চকু মুদিয়েই ধমক দি ক’লে, “হেই এইচব। বন্ধ কৰচোন! কটা শুবলৈয়ো শান্তি নাইকিয়া হৈছে। খুব ফেচবুক কৰা হৈছ তহঁতে।”

35 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *