ফটাঢোল

দিয়াচলাই : মনালিছা

বৰাই নতুন কেমেৰা ল’লে৷ DSLR যে সেইটো৷ ফটো উঠাবলৈ টাউনত শিকিও আহিলগৈ এক মাহ মান৷ লৈছে যেতিয়া দুটকামান ইনকাম কৰাও ভাল৷ বিশেষ একো নাই৷ যাক ফটো উঠাব তেওঁৰ মাইণ্ডটো চেট কৰিব পাৰিব লাগিব৷ যেনে- আপুনি কিন্তু বৰ ধুনীয়া৷ হাঁহি এটা মাৰি দিলে আৰু ভাল লাগিব, অলপ আৰু অকণমান চাইদ হৈ দিয়কচোন, মূৰটো অলপ আৰু অলপ পোন কৰি দিয়ক৷এইবোৰ কৰি কৰি বৰাই হাত খৰচ উলিয়ালে দেই অলপ চলপ৷ বৰানীয়েও বোলে মোক ভালকৈ দুকপিমান উঠাই দিয়া দেই ফেবুত দিওঁ ’জ্বলক অলপ পায়িজাত আৰু অৰ্চনাহঁত৷’

বৰানীক উঠাওঁতেও বৰাই সেই প্ৰফেচনেল দাইলগ কেইটা মাৰিবলৈহে পালে৷ চাওঁ মূৰটো পোনাই দিয়া, হাঁহি দিয়া…বৰানীৰ ধমক খাই ৰৈ যায়গৈ বৰা৷ সিদিনা অকস্মাতে বৰানীৰ দেউতাক, মানে বৰাৰ শহুৰ ঢুকাই থাকিল নহয়৷ বৰানী কান্দি-কাটি ব্যাকুল৷ সকলো কাম পেলাই বৰা ওলাল বৰানীক লৈ৷ ৰাস্তাত যাওঁতে বৰানীয়ে কান্দি কান্দি আপদেতো দি গৈছে,”দেউতা এক্সপায়াৰ্ড ফিলিং হেভি দুখ৷” এক্টিভিটী- “কান্দি কান্দি ময়ি যাওঁ”

১০০ লাইক আৰু ৭০ ৰিপ কমেণ্ট দেই বিছ মিনিটত৷ দুজনীমানে হঁহা ৰিয়েক্টো দিলে দুখতে৷বাৰু গৈ পালেগৈ দুয়ো৷ পাইয়েই চোতালত উলিয়াই থোৱা দেউতাকক দেখি বৰানীৰ হিয়ালি জিয়ালি কৈ কান্দোন৷ কোনোবাই ধৰি মেলি নিলে বৰানীক ভিতৰলৈ৷ পৰিস্থিতি গহীন৷ সকলো দুখতে নিমাত৷ তেনেতে বৰাৰ জেঠেৰিয়ে বোলে হেৰি নহয় জোঁৱাই৷ কেমেৰাটো আনিছা যদি দেউতাৰ ফটোকে উঠাই থোৱা৷ স্মৃতিগ্ৰন্থ উলিয়াম তাত দিবলৈ লাগিব৷ দুখ লাগিলেও দেউতাৰ শেষ ফটো হিচাপে উঠোৱা আৰু৷

আই ঔ! বৰাৰ প্ৰফেচনেলিজম জাগি উঠে হাতত কেমেৰা ল’লেই৷ওহহহহহ! চোতালত বগা কাপোৰেৰ শুৱাই থোৱা শহুৰেকক উদেশ্যি বৰাই হাতত কেমেৰা লৈ চুৰু- “দেউতা, চাওঁ মুখখন অলপ উলিয়াওক৷ হাঁহি দিয়কচোন দেউতা৷ অক্কণমান চকুদুটা বহল কৈ দিয়ক দেউতা নহ’লে স্মৃতিগ্ৰন্থখন ভাল নালাগিব নহয়৷”

বৰাৰ কাম দেখি বৰানীয়ে কান্দিবলৈ পাহৰি বোলে- “অসুৰটো এইটো৷ আজি ব’ল ঘৰলৈ৷ সেইটো দিয়াচলাই নে কি তাক যদি আজি ভাঙিব নোৱাৰোঁ চাই থাক তই৷

☆★☆★☆

5 Comments

  • parishmita

    হাঃহাঃ দিয়াচলাইৰ উৎপাতত থাকিব নোৱৰা অৱস্থা সঁ‌চাকৈ

    Reply
  • সদানন্দ ভূঞা

    দিয়াচলাই পঢ়ি হাঁহিলো দেই

    Reply
  • Manash Saikia

    ময়ো এটা দিয়াচলাই কিনিম৷
    লাগে দেই৷
    ভাল লাগিছে৷

    Reply
  • সদানন্দ ভূঞা

    দিয়াচলাই এটা ময়ো লৈ লব লাগিব । বৰ ভাল লাগিল ।

    Reply
  • হাঃ হাঃ বঢ়িয়া।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *