ফটাঢোল

গল্প গুচ্ছ: সোমকান্ত শইকীয়া

(১) “আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়”

বৃদ্ধজনে বহুত সময়ৰ পৰা বাছৰ কাৰণে ৰৈ আছে। বাছ আহি আছে – গৈ আছে, কিন্তু বাছৰ ভিতৰত মানুহৰ ভিৰ দেখি উঠিবলৈ সাহস কৰা নাই — গাত বল শক্তিও নাই –সেই মানুহবোৰৰ লগত হেঁচা ঠেলা কৰি বাছত উঠিবলৈ। তেনেকুৱাতে এখন বাছ আহি ৰ’লহি। বৃদ্ধই জুমি চাই ভিতৰত অলপ খালি ঠাই থকা যেন দেখিলে আৰু লাখুটিত ভৰ দি বাছৰ ভিতৰলৈ উঠি গ’ল।

“ককা এইফালে আহক — পিছলৈ; পিছত চীট আছে” কণ্ডাক্টৰ ল’ৰাটোৱে মাত লগালে।

বৃদ্ধই মানুহৰ মাজে মাজে পিছৰ চীটটোৰ ফালে হাতত লাখুটিডাল লৈ আগ বাঢ়ি গ’ল। বাছখনৰ তৃতীয় শাৰীত এগৰাকী ভদ্ৰ মহিলা অত্যাধুনিক সাজ-পোছাক পিন্ধি হাতৰ মোবাইলটোত কাৰোবাৰ লগত হাঁহি হাঁহি কথা পাতি ভৰি এখন মাজৰ খালি ঠাইকণৰ ফালে অকণমান উলিয়াই বহি আছিল। বৃদ্ধই ক’ব নোৱাৰাকৈয়ে হাতৰ লাখুটিডালেৰে মহিলাৰ ভৰিটোত খুন্দা মাৰি দিলে।

“ননচেন্স! চকুৰে নেদেখ নেকি? মহিলাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে নাজান?”

তেনেতে কণ্ডাক্টৰজন আগবাঢ়ি আহিল আৰু ভদ্ৰমহিলাক বুজনি দি ক’লেহি, “বাইদেউ, বেয়া নাপাব; নেদেখাকৈহে লাখুটিডাল লাগিল, বুঢ়া মানুহযে!”

মহিলাই কিবা-কিবি ভোৰ্ ভোৰাই থকাৰ মাজতে পিছফালৰ পৰা বৃদ্ধই মাত লগালে, “আই ঔ, আগলৈ চোৱা চোন বাছখনৰ ভিতৰত কি লিখা আছে -আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়।”

বাছৰ সকলো যাত্ৰীয়ে বৃদ্ধৰ ফালে চাই প্ৰশংসা সূচক মিচিয়া হাঁহি মাৰিলে।

(২) জীৱন-ৰহস্য

ভগৱানে যেতিয়া প্ৰথম জীৱৰ স্ৰজন কৰিছিল, সেই সময়ৰ কথা। এবাৰ তেওঁ মানুহ , বলদ আৰু ফেঁচা-একেলগে এই তিনিটা প্ৰাণী স্ৰজন কৰিলে আৰু আটাইকেইটা জন্তুকে সমান পৰমায়ু দিলে৷

সকলোকে চল্লিশ বছৰকৈ পৰমায়ু দি তেওঁ বুজাই ক’লে- “তহঁত সকলো এতিয়া পৃথিৱীলৈ যা। তাত গৈ তহঁতৰ নিজৰ নিজৰ ভাগৰ আয়ুসখিনি প্ৰথমে জী লগৈ। ৪০ বছৰ পাৰহৈ যোৱাৰ পিছত আকৌ মোৰ ওচৰলৈ আহি তহঁতৰ কিবা ওজৰ আপত্তি থাকিলে মোক ক’বিহি। এতিয়া তহঁত যা৷ মই অলপ জিৰণি লওঁ।” এই বুলি কৈ ভগৱান অনন্ত সয্যাত নিদ্ৰামগ্ন হ’ল।

ইফালে, পৃথিৱীত গৈ সকলো প্ৰাণীয়ে নিজৰ নিজৰ ভাগৰ আয়ুস কটাবলৈ লাগিলে। মানুহ নামৰ প্ৰাণীটোৱে ৪০ বছৰ জীয়াই থকাৰ পাছতো জীৱনটো বৰ ছুটি ছুটি যেন পালে৷ ইমান ভোগ বিলাস চাৰিওফালে; আৰু চল্লিশ বছৰ মান জী থাকিবলৈ পোৱা হ’লে! ৪০ বছৰত হেঁপাহেই নপলালে দেখোন! সি মনতে ভাবিলে- এইবাৰ গৈ ভগৱানক খাটি লুটি আৰু কেইবছৰমান বঢ়াই ল’ব লাগিব ।

বলদ গৰু নামৰ জন্তুটোৱে ১০ বছৰ মান জীয়াই থকাৰ পিছতে আমনি লাগিল। দিনটো কামেই কাম- অলপো জিৰণি নাই। প্ৰখৰ ৰ’দত জুই যেন গৰমত দিনৰ দিনটো হাল টানি টানি তাৰ জীৱনৰ প্ৰতি মোহ নোহোৱা হ’ল। ইফালে খোৱা বোৱাতো গৃহস্থৰ অৱহেলা; কাহানিও পেট ভৰাই খাবলৈ নিদিয়ে! সি মনতে ভাবিলে- ভগৱানৰ ওচৰলৈ গৈ মোৰ আয়ুসটো ২০ বছৰ মান কমাই ল’ব লাগিব- টানিব নোৱৰা হৈছোঁ আৰু!

ইফালে ফেঁচা নামৰ জন্তুটোৱেও ২০ বছৰ মান জীয়াই থাকিয়েই আমনি পালে- দিনৰ দিনটো ঘৰত শুই থাকিব লাগে৷ ৰাতি হ’লেহে চিকাৰ কৰি কিবা এটা খাবলৈ পায়৷ দিনটো পেটে কলমলাই থাকিলেও একো এটা খাবলৈ নাপায়। তাৰো ইমান দীঘলীয়া জীৱন তিতা কেঁহা লগা হ’ল। সিও ভাবিলে- এই বাৰ ভগৱানৰ ওচৰলৈ গৈ আয়ুসটো কমাবই লাগিব।

পৃথিবীত তিনিওটা প্ৰাণীয়ে ৪০ বছৰ পৰমায়ু শেষ হোৱাৰ পাছত ভগৱানৰ ওচৰলৈ ঘূৰি গ’ল।

ভগৱানে সিহঁতক দেখিয়েই মিচিকিয়া হাঁহি মাৰি আদৰণি জনালে আৰু নিজৰ নিজৰ জীৱনৰ অভিজ্ঞতাৰ কথা বৰ্ণাবলৈ ক’লে।

প্ৰথমে মানুহে ক’লে – “সেৱাহে জনালোঁ প্ৰভু! মোৰ ৪০ বছৰ কেনেকৈনো পাৰ হ’ল গমকে নাপালোঁ। জীৱনটো উপভোগ কৰিবলৈ নাপাওঁতেই শেষেই হ’ল। প্ৰভু দয়া কৰি মোৰ পৰমায়ু আৰু ৪০ বছৰমান বঢ়াই দিবলৈ অনুৰোধ জনালোঁ ।”

ভগৱানে মিচিকিয়া হাঁহি মাৰি অলপ অপেক্ষা কৰিবলৈ হাতেৰে ইঙ্গিত দি বলদৰ ফালে মূৰ কৰিলে৷ বলদে সেই সুযোগতে সেৱা এটা জনাই তাৰ আৰ্জি পেছ কৰিলে- “প্ৰভু, মোক ইমান দীঘলীয়া পৰমায়ু কিয় দিলে? কাম কৰি কৰি লঘোণে ভোকে মোৰ দেহা ঘূণিয়া হ’ল প্ৰভু। মোৰ পৰমায়ু আধা কমাই দি মোক দয়া কৰক প্ৰভু!”

শেষত ভগৱানে ফেঁচাৰ ফালে চাই তাৰ বক্তব্য আগ বঢ়াবলৈ ইঙ্গিত দিলে। ভগৱানৰ ইঙ্গিত পাই ফেঁচাই কাও বাওকৈ ক’বলৈ ধৰিলে- “প্ৰভু, মোকো ইমান দীঘলীয়া আয়ুস নালাগে। দিনটো ভোকত থাকি ৰাতি হ’লেহে পেটত কিবা এটা পৰে৷ এনেকৈ ইমান দীঘলীয়া জীৱন জীয়াই থাকিবলৈ মন নাই প্ৰভু; মোৰো আয়ুস আধা কমাই দিয়ক দয়া কৰি!”

ভগৱানে নিজৰ আসনতে গাটো এবাৰ লৰাই মানুহৰ ফালে দৃষ্টি নিক্ষেপ কৰিলে। মানুহে পৰম আশাৰে ভগৱানৰ ফয়চলা শুনিবলৈ উদ্গ্ৰীৱ হৈ ৰ’ল। ভগৱানে ভূৱন ভুলোৱা হাঁহিটো মাৰি মানুহক ক’লে- “ওঁ — তোৰ পৰমায়ু কম হৈছে নহয়? বাৰু বলদৰ ৪০ বছৰৰ পৰা ২০ বছৰ কাটি আনি তোক দিলোঁ। তোৰ নিজৰ ৪০ বছৰ জীয়াৰ পাছত বলদৰ ২০ বছৰ জীব পাৰিবি৷”

সেইদৰেই ফেঁচাৰ পৰাও তাৰ ২০ বছৰ কাটি আনি মানুহক দিলেহি আৰু ক’লে বোলে- বলদৰ ২০ বছৰ জী লোৱাৰ পিচত ফেঁচাৰ আয়ুস খিনি জীব লাগিব। অৰ্থাৎ, এতিয়াৰ পৰা মানুহৰ ফলপ্ৰসু পৰমায়ু ৮০ বছৰ, বলদ আৰু ফেঁচাৰ প্ৰত্যেকৰে ২০ বছৰকৈ পৰমায়ু হ’ল। তহঁত সন্তুষ্ট নে? আটাইকেইটাই পৰম সন্তোষেৰে “হয় প্ৰভু, হয় প্ৰভু” বুলি বিদায় লৈ পৃথিবীলৈ ঘূৰি আহিলে৷

সেই তেতিয়াৰ পৰা মানুহৰ জীৱন পৰিৱৰ্তন হ’বলৈ ধৰিলে। মানুহে প্ৰথম ৪০ বছৰ নিজৰ জীৱন জীবলৈ পায়। এই ৪০ বছৰ নানা ভোগ বিলাসেৰে জীৱন কটায় ৪০ বছৰনো কেনেকৈ পাৰ হয় গমেই নাপায়৷ পৃথিবীখনো বৰ ৰঙীন যেন অনুভৱ হয়।

তাৰ পিছৰ ২০ বছৰ৷ মানে ৪১ৰ পৰা ৬০ লৈকে বলদ গৰুৰ জীৱন জীব লগা হয়। বলদ গৰুৰ দৰে মাথোন আনৰ কাৰণে- ল’ৰা, ছোৱালী, পৰিৱাৰ — পৰিয়াল – এইবিলাকৰ ইচ্ছা মতে জীব লগা হয়। নিজৰ ভাল লগা বেয়া লগা বুলিবলৈ একো নাথাকে।

৬০ বছৰৰ পৰা ৮০ বছৰলৈকে এই ২০ বছৰ ফেঁচাৰ আয়ুস জীব লগা হয়। বাৰ্ধক্যৰ কাৰণে ফেঁচাৰ দৰে দিনটো ঘৰতে সোমাই থাকি সন্ধিয়া বাকী সদস্যবোৰ ঘৰ সোমোৱালৈ বাট চাই থাকিব লাগে। তেতিয়াহে পেটত কিবা এটা পৰে।

এয়েই মানুহৰ জীৱন- ৰহস্য৷

(৩) বিউটি স্পট

দুগাৰাকী বান্ধৱী আছিল- একেলগে পঢ়া একেলগে থকা; নলে গলে লগা৷ দুয়োগৰাকী বিয়া বাৰু হৈ যোৱাৰো কেইবাবছৰ হ’ল- কিন্তু বেলেগ বেলেগ চহৰলৈ। ফোনত কথা বতৰা পতাৰ বাহিৰে বা ফেচবুকৰ প্ৰফাইল ছবি কেইখন দেখাৰ বাহিৰে ইজনীয়ে সিজনীক লগ নোপোৱাও কেইবা বছৰো হ’ল।

এবাৰ দুয়োজনীৰে উমৈহতীয়া বান্ধৱী এগৰাকীৰ ঘৰত কিবা এটা অনুষ্ঠান উপলক্ষে দুয়োগৰাকী লগা লগি, দেখা দেখি হ’ল। বহুত দিনৰ মূৰত লগ পাই দুয়োজনীয়ে হেঁপাহ পলুৱাই কথা পাতিলে৷ কথা বতৰা পাতি একেলগে ভিতৰলৈ গৈ খোৱা বোৱাও কৰি আহিলেগৈ। ৰ’ব- নাম দুটা কোৱাই নাই নহয়; এজনীৰ নাম মায়া আৰু আনজনীৰ নাম ছায়া। বিয়াৰ আগলৈকে ছায়াৰ সোঁ ফালৰ গালতে এটা তিল — মানে বিউটি স্পট৷ খোৱা বোৱা কৰি আহি মায়া আৰু ছায়াই আকৌ কথা পতাত লাগিলহি।

ছায়া- “তুমি কিন্তু একেই আছা জানা! অলপ শকত হৈছা৷ পিছে বোৱাৰী মানুহ অলপ শকত হ’লেহে ভাল লাগে নহয়?”

কথা কেইটা ছায়াই বৰ আন্তৰিকতাৰে ক’লে ।

মায়া- “তুমিও সঁচাকৈ বৰ ধুনীয়া হৈ আছা। একো সলনি হোৱা নাই; মাথোন – মাথোন”

বুলি ঘেঁহাই থকা দেখি ছায়াই ক’লে,

“কোৱাঁ আক’ মাথোন কি?”

মায়া-“তোমাৰ সোঁ গালত থকা তিলটো আজি কালি বাওঁ গাললৈ আহিল।”

কথা ইমানতে শেষ। দুজনী দুফালে গুছি গৈ আনৰ লগত কথা পাতিবলৈ ধৰিলেগৈ।

☆★☆★☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *