ফটাঢোল

বৰষুণ- প্ৰণীতা গোস্বামী বৰঠাকুৰ

আজি মই বৰষুণ কিনি আনিম—

সঁচা বৰষুণ!—, মইনাই আচৰিত হৈ কয়,

হয়, আচল বৰষুণ—-

যি ডাৱৰৰ পৰা সৃষ্টি হয়

টোপাল হৈ ধাৱিত হয়

পাহাৰৰ গাৰে পিছলি বয়

নদীৰ লগত মিলিত হয়

হয়, মই সেই বৰষুণকে বিচাৰি গৈছোঁ—

 

যি ধৰণীৰ লগত একাকাৰ হয়

কুঁৱা, পুখুৰীত সঞ্চিত হয়

মুধচৰ ওপৰৰে বাগৰি বয়

আলি পদূলিবোৰৰ খবৰ লয়

কেঁকুৰিবোৰত থমকি ৰয়

পুনৰ আগলৈ ধাৱমান হয়,

হয়, সেই বৰষুণেই—–

 

এই বৰষুণ সাধাৰণতে পনীয়া হয়,

ইয়াক বহুতে পানী বুলিও কয়;

যেতিয়া ই জুইৰ লগত মিলিত হয়

জুইক নিজতে সামৰি লয়।

মনৰ বেদনাবোৰ ৰুধিব নোৱাৰিলে

চকুৰ পানীবোৰ লোতক হৈ বয়।

 

দুখীয়াৰ তেজ পানীৰ দামত বিক্ৰী হয়,

কোনোৱে লাজ-অপমানত পানী পানী হয়,

আৰু কেতিয়াবা, এই পানী কুঁৱাৰ সৈতে

চৰকাৰী ফাইলতে অন্তৰ্ধান হয়।

পানীয়েই হৈছে প্ৰাণীৰ প্ৰাণ

পানী অবিহনে জীৱন অসাৰ।

সেয়ে, মন যেতিয়া খৰাং হয়,

কন্ঠ যেতিয়া তৃষ্ণাতুৰ হয়

বিবেক যেতিয়া অগ্নিকুণ্ড হয়

তেতিয়াই মই বৰষুণ কিনিবলৈ উপদেশ দিওঁ——-

 

শীতল পানীৰ বৰষুণ কিনক,

আজিৰ মূল্য পাঁচ হাজাৰ টকা–

কাইলৈৰ কোনো নাই ভৰষা,

আজিয়েই কিনক, মোৰ পৰাই কিনক

নগদ দিলে সস্তাতে পাব, খৰধৰ কৰক–

বৰষুণ কিনক, বৰষুণ কিনক

মন-মগজু ঠাণ্ডা কৰা বৰষুণ কিনক।

☆★☆★☆

8 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *