ফটাঢোল

বিখ্যাত সাহিত্যিক হৰিশংকৰ পাৰসাইৰ ব্যংগ লেখা এটাৰ কিছু অংশৰ ভাবানুবাদ – হিমাংশু ভাগৱতী

এদিন হঠাৎ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যিমান ঘোচখোৰ লোক আছে সকলোকে ৰাজহুৱাকৈ বিজুলী বাতিৰ খুটাত ফাঁচি দিয়া হ’ব। পিছদিনা পুৱা সাধাৰণ ৰাইজ বিজুলীৰ খুটাৰ তলত জমা হ’ল। খুটাবোৰত তিলক লগালে, পূজা কৰিলে, খুটাবোৰৰ আৰতি কৰিলে। মুঠতে খুটাবোৰ মানুহৰ কাৰণে দুৰ্নীতি নাশ কৰা ভগৱান যেন হ’ল।

পুৱাৰ পৰা ৰাতিলৈ মানুহে অপেক্ষা কৰি থাকিল দুৰ্নীতিখোৰ সকলক এই ফাঁচি দিব, এই ফাঁচি দিব, কিন্তু কাকো ফাঁচি দিয়া নহ’ল।

ৰাগে খঙে মানুহবোৰে প্ৰতিবাদী সমদল লৈ মন্ত্ৰীৰ ওচৰলৈ গ’ল আৰু ক’লে, “আপুনিতো কৈছিল যে ঘোচখোৰ সকলোকে বিজুলীৰ খুটাত ওলোমাই ৰাজহুৱাকৈ ফাঁচি দিব কিন্তু খুটাবোৰ দেখোন খালী আৰু দুৰ্নীতিপৰায়ণ সকলেও মহা আৰামতে ঘূৰি ফুৰি আছে।

মন্ত্ৰীয়ে ক’লে, “কৈছোঁ যেতিয়া নিশ্চয় তেওঁলোকক ফাঁচি দিম। অলপ সময় লাগিব। ফাঁচি দিবলৈ ৰচি লাগিব নহয়। মই ফাঁচি ৰচি বনাবলৈ আজি অৰ্ডাৰ দি দিলোঁ৷ সেইখিনি পোৱাৰ লগে লগে সকলো ধুৰ্ত দুৰ্নীতিগ্ৰস্থ লোকক বিজুলীৰ খুটাত ওলোমাম।”

সমদলৰ ভীৰৰ পৰা কোনোবা এজনে ক’লে, “কিন্তু ফাঁচিৰ ৰচি বনোৱাৰ ঠিকাওতো কোনোবা এজন তেনেকুৱা মানুহেই পাইছে বোধহয়।”

মন্ত্ৰীয়ে ক’লে, “তাতে কি হ’ল? তেওঁক তেওঁৰ ৰচিৰেই ফাঁচি দিয়া হ’ব।”

তেতিয়া আন এজনে চিঞৰি উঠিল, “কিন্তু তেওঁলোকেতো কৈ আছে ফাঁচিত ওলমোৱা ঠিকাটোও তেওঁলোকেই পাব।”

মন্ত্ৰীয়ে উত্তৰ দিলে, “নাই নাই, তেনেকুৱা হ’ব নোৱাৰে। ফাঁচি দিয়া কামটোৰ এতিয়াও প্ৰাইভেইটাইজেচন হোৱা নাই, মিছা কথা।”

মানুহবোৰে সুধিলে, “তেতিয়াহলে কেতিয়ালৈ ওলোমাব?”

মন্ত্ৰীয়ে ক’লে, “আজিৰ পৰা সম্পূৰ্ণ ষোল্ল দিন পিছত তেওঁলোকক বিজুলীৰ খুটাত ওলমি থকা দেখা পাব।”

মানুহবোৰে দিন গণিবলৈ আৰম্ভ কৰিলে।

ষোল্ল দিনৰ দিনা পুৱা বিছনাৰ পৰা উঠিয়েই মানুহবোৰে দেখিলে যে খুটাবোৰ উভালি পৰি আছে সকলোতে। মানুহবোৰ আচৰিত হ’ল, না ধুমুহা, না ভূমিকম্প, খুটাবোৰ কেনেকৈ উভালি পৰিল! ৰাইজে খুটাবোৰৰ ওচৰত এজন মজদুৰ থিয় হৈ থকা দেখিলে। সন্দেহবশত সোধা-পোছা কৰাত মজদুৰজনে ক’লে যে ৰাতি মানুহ লগাই সকলো খুটা উভালি পেলোৱা হ’ল হঠাৎ। ৰাইজে মজদুৰজনক ধৰি মন্ত্ৰীৰ ওচৰলৈ লৈ গ’ল।

ৰাইজে অভিযোগ দিলে, “আপুনি সকলো দুৰ্নীতিপৰায়ণ লোকক বিজুলীৰ খুটাত ওলমোৱাৰ কথা আছিল, কিন্তু ৰাতি সকলো খুটা উভালি পেলালে। আমি এই মজদুৰজনক ধৰি লৈ আহিছোঁ। ই কৈছে যে ৰাতি গোটেইবোৰ খুটা উভালি পেলোৱা হ’ল।”

মন্ত্ৰীয়ে মজদুৰজনক সুধিলে, “কি ঐ, কাৰ হুকুমত তহঁতে খুটাবোৰ উভালি পেলালি?”

মজদুৰজনে ক’লে, “চৰকাৰ, জুনিয়ৰ ইঞ্জিনিয়াৰ ছাৰে হুকুম দিছিল।”

লগে লগে জুনিয়ৰ ইঞ্জিনিয়াৰক মাতি পঠিওৱা হ’ল।

তেওঁ আহি পোৱাৰ লগে লগে মন্ত্ৰীয়ে সুধিলে, “আপুনি কি নেজানে, আজি মই সকলো দুৰ্নীতিগ্ৰস্ত লোককে বিজুলীৰ খুটাত ফাঁচিত ওলোমোৱা কথা আছিল?”

“জানিছিলোঁ ছাৰ।” তেওঁ উত্তৰ দিলে।

“তেতিয়াহলে ৰাতিৰ ভিতৰতে খুটাবোৰ কিয় উঠাই পেলালে?”

“ছাৰ, ইঞ্জিনিয়াৰ ছাৰে কালি গধূলি হুকুম দিছিল যে ৰাতিৰ ভিতৰতে সকলো খুটা উঠাই পেলাব লাগে।”

তেতিয়া ইঞ্জিনিয়াৰক মাতা হ’ল। ইঞ্জিনিয়াৰে ক’লে যে তেওঁক ৰাতিৰ ভিতৰতে খুটাবোৰ উঠাবলৈ ছিফ ইঞ্জিনিয়াৰে হুকুম দিছিল।

ছিফ ইঞ্জিনিয়াৰক যেতিয়া সোধা হ’ল তেওঁ হাতযোৰ কৰি ক’লে, “চেক্ৰেটাৰী চাহাবৰ পৰা হুকুম পাইছিলোঁ।”

বিভাগীয় চেক্ৰেটাৰীক মাতি মন্ত্ৰীয়ে সুধিলে, “খুটা উভালিবলৈ হুকুম আপুনি দিছিল?”

চেক্ৰেটাৰীয়ে উত্তৰ দিলে, “হয় ছাৰ !”

মন্ত্ৰীয়ে খঙেৰে ক’লে, “মই আজি এই খুটাবোৰত ঘোচখোৰ সকলক ফাঁচি দিম বুলি জনাৰ পিছতো আপুনি এই হুকুম দিবলৈ দুঃসাহস ক’ত পালে?”

চেক্ৰেটাৰীয়ে ক’লে, “ছাৰ গোটেই চহৰখনৰ সুৰক্ষাৰ কথা আছিল। যদি ৰাতি গোটেই খুটাবোৰ উঠাই নিদিলোহেঁতেন আজি গোটেই চহৰ ধ্বংস হৈ গ’লহেঁতেন।”

মন্ত্ৰীয়ে সুধিলে, ” আপুনি কেনেকৈ জানিলে? কোনে ক’লে আপোনাক? “

চেক্ৰেটাৰীয়ে ক’লে, “মোক বিশেষজ্ঞ সকলে কৈছিল যে যদি চহৰখন বচাবলৈ বিচাৰোঁ তেন্তে ৰাতিপুৱাৰ আগেয়ে গোটেই বিজুলীৰ খুটাবোৰ উঠাই পেলাব লাগিব।”

মন্ত্ৰীয়ে ক’লে, “কোন এই বিশেষজ্ঞ? ভৰসা কৰিব পৰা বিধৰ হয়তো?”

চেক্ৰেটাৰীয়ে ক’লে, “ভৰসা কৰিব পৰা মানুহ ছাৰ।মোৰ ঘৰৰে মানুহ। মোৰ সম্বন্ধত খুলশালীয়েই হয়। মই তেওঁক আপোনাৰ ওচৰলৈ লৈয়ে আনো।”

বিশেষজ্ঞ আহিল।

বিশেষজ্ঞজনে ক’লে, “মই বিশেষজ্ঞ আৰু মাটি তথা বাতাবৰণৰ হালচালৰ বিশেষ অধ্যয়ন কৰোঁ। মোৰ পৰীক্ষাত ধৰা পৰিছে যে মাটিৰ তলেৰে এক ভয়ংকৰ প্ৰবাহ ঘূৰি আছে। মই এইটোও জানিছিলোঁ যে আজি এই ভয়ংকৰ প্ৰবাহ আমাৰ চহৰৰ তলেৰে বৈ যাব। আপুনি ধৰিব পৰা নাই কিন্তু মই জানো এই মুহূৰ্তত আমাৰ তলেৰে ভয়ংকৰ বিজুলী প্ৰবাহিত হৈ আছে। যদি আমাৰ বিজুলীৰ খুটাবোৰ মাটিত পোতা থাকিলহেঁতেন তেন্তে তাৰ সহায়ত কাৰেণ্ট ওপৰলৈ আহি গ’লহেঁতেন আৰু সেই প্ৰবাহৰ লগত পাৱাৰহাউছৰ প্ৰবাহৰ সংঘৰ্ষ হৈ ভয়ংকৰ বিষ্ফোৰণ হ’লেহেঁতেন। চহৰত এটাও প্ৰাণী জীয়াই নাথাকিলহেঁতেন, এটাও ঘৰ থিয় হৈ নাথাকিলহেঁতেন। মই ততাতৈয়াকৈ চেক্ৰেটাৰীক খবৰ দিলোঁ আৰু তেখেতে সঠিক সময়ত উচিত সিদ্ধান্ত লৈ গোটেই চহৰখন ৰক্ষা কৰিলে।

মানুহবোৰ বহু দেৰি আতংকত স্তব্ধ হৈ থাকিল। তেওঁলোকে ঘোচখোৰৰ কথা পাহৰি গ’ল। মানুহবোৰে সেই সংকটটোৰ পৰা মুক্ত হোৱাৰ আনন্দত অভিভূত হৈ থাকিল যাৰ কল্পনা তেওঁলোকক দিয়া হ’ল। সকলোৱে নিশ্চিত মৃত্যুৰ পৰা বাচি যোৱাৰ অনুভূতিত মুক হৈ আনন্দৰে ঘৰলৈ উভতিল।

সেই সপ্তাহতে বেংকত চেক্ৰেটাৰী, ইঞ্জিনিয়াৰ, বিশেষজ্ঞ সকলোৰে পত্নীৰ নামত ভাল এমাউণ্ট একোটা সোমাল।

☆★☆★☆

7 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *