ফটাঢোল

চুটকেছৰ চাবি – অতুল নাথ

ঘটনাটো পুৰণি। আমাৰ মোমাইৰ মাজু ছোৱালীৰ বিয়া। দৰা যোৰহাটৰ। মই মাৰ লগতে গৈ বিয়াৰ আগদিনা অৰ্থাৎ জোৰোণৰ দিনাৰপৰাই মোমাইৰ ঘৰত বাহৰ পাতিছোঁগৈ। সম্ভৱ তেতিয়া মই এল পি স্কুলত আছিলোঁ।বিয়া সুকলমে হৈ গ’ল।

পূবে ঢলফাট দিওঁতে ছোৱালী উলিয়াই দিলে। সেই সময়ত বিয়া ঘৰত একেবাৰে মিতিৰৰ মানুহখিনিৰ বাদে বাকী মানুহ নাই। বৰযাত্ৰীও প্ৰায় সকলোৱেই ইতিমধ্যে বাচত উঠিছেগৈ। দৰা ছোৱালী একেলগে ওলাই আহিল। আমি পিছে পিছে। ছোৱালীৰ গগন ফলা কান্দোনে আমাৰ মনটো বেজেৰুৱা কৰিলে। বৰযাত্ৰী অহা বাচখন ঘৰৰপৰা অলপমান দূৰৈত ৰাখিছে, কাৰণ মোমাইৰ ঘৰৰ ৰাস্তাটো বোকা। ক্ৰমে ক্ৰমে ছোৱালীৰ কন্দা কটাবোৰ কমি আহিল। আমাৰ কণ মামী মানে কইনাৰ খুৰীয়েকে ছোৱালী ধৰি আনিছে। আমিও আহিছোঁ বাচৰ ওচৰলৈকে। দৰা বাচত উঠিল, কিন্তু ছোৱালী বাচত উঠিবলৈ লৈ ইফালে সিফালে চাই আকৌ গছৰ পাত সৰোৱা কান্দোন আৰম্ভ কৰিলে। দুজনী মানুহে জোৰ কৰিও কইনাক বাচত উঠাব পৰা নাই। ঘৰৰ ফালে চাই চাই আকৌ হিয়ালি জিয়ালিকৈ কান্দিছে, কোনোপধ্যেই বাচত নুঠে। এনেতে ঘৰৰ ফালৰপৰা ছোৱালীৰ জেঠায়েকৰ জীয়েক পোনাবাইক অহা দেখি একে দৌৰে গৈ বাইদেউৰ ডিঙিত গবা মাৰি ধৰি কান্দি কান্দি সুধিলে, “চুটকেছৰ চাবিকোচা কাক দিলি পোনাবাই?”

পোনাবায়ে কি উত্তৰ দিলে আমাৰ কাণত নপৰিল যদিও সেই তেতিয়াই আমি খুউব হাঁহিলো আচল কথাটো জানি।

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *