ফটাঢোল

অনলাইন দন্দুৰী – অসীমা শইকীয়া দত্ত

“অসীমা আজি যেনেতেনে আহিবি তই ৷ দৰকাৰ আছে মোৰ ৷”

বৰমাৰ ফোন, কি বা হ’ল! ফেচবুক একাউণ্ট এটা খুলি দিছিলো অলপতে ৷ আবেলিলৈ আজৰি হৈ গ’লোঁ ৷ বাৰণ্ডাতে বৰ্ত্তা বহি আছে ৷

“যা আমাৰ অনলাইন দন্দুৰী ভিতৰত আছে ৷”

বুজিলো সেয়া বৰমাক কাট্ মাৰি কোৱা হৈছেল ৷ ভিতৰ পালোগৈ, বৰমাৰ মোক ধৰি বিননি,

“তই খুলি দিয়া ফেচবুকতো উভালি দে ৷ নহলে বৰ্ত্তাৰে মোক খেদিব ৷ নাম দিছে ‘অনলাইন দন্দুৰী’ ৷ তই আছ নহয় লিষ্টত কচোন কি কৰিলোঁ মই?”

মই বুজিলো, অনলাইনৰ পৰা কথা আহি অফলাইনত কাজিয়া হৈছে ৷ মই বোলো হ’ল কি বৰমা কেছটো কওকচোন বুজাই ৷ বৰমাই ক’লে,

“হ’বলৈ কিটো আছে, মোৰ ফ্ৰেইণ্ডলিষ্টখনত ওচৰৰবোৰ বেছি ৷ সৌ ভণ্টিৰ মাকে সিদিনা বেপাৰীৰ পৰা কিনা কাপোৰযোৰ ফেচবুকত নিজে বনোৱা বুলি ফটো দিছিল ৷ সিফালে মাজুলীৰ বেপাৰীটো ময়েই পঠাইছিলো তাইৰ তালৈ ৷ তাইৰ ফুটনি কিয় সহিম! কমেণ্টত সঁচাটো ক’লোঁ, লাজ পালে ৷ মোক নেদেখা কৰিলে তাত ৰসাতলে যাইতিয়ে ৷ কালি মামুনৰ জীয়েকৰ শান্তি বিয়াত পালোঁ তাইক, উৱা…মোক তাতো নেদেখাৰ ভাও ধৰিছে ৷ মানে ৰিয়েলতো ব্লক দিলে মোক ৷ আৰু চা মই চিধা মানুহ মিছা ক’ব নাজানো ৷ সেই দেবৰ মাকজনী যে, ইস্ ৰেচিপি দিয়ে মৰতীয়ে ৷ গিৰিয়েকে আমাৰ ঘৰত কয় নহয়, সৰহভাগ কিনি আনি ফটো দিয়ে ৷ কেতিয়াবা কিবা ৰান্ধিলেও খাবলৈ বোলে কপাল লাগিব ৷ মম’ বনাই চাৰিটা তাকে সজাই পৰাই প্লেটত কি ফেশ্বন ৷ ফটো ছেছন নোহোৱালৈকে কোনেও নাপায় ৷ কেতিয়াবা তাকে গিৰিয়েকে দাঙি ধৰিব লাগে খিৰিকীৰ মুখত বেকগ্ৰাউণ্ড সেউজীয়া হ’লে নেচাৰেল লুক এটা আহে..ভাল হয় ফটো ৷ তাকে দাঙি ফটো মাৰোতে মাৰোতে হাত থৰ হৈ হেনো গিৰিয়েকৰ হাতৰ পৰা প্লেটখন ভাঙিল ৷ ওফফ…কি গালি ৷ অৱশ্যে মই তেনেকে কমেণ্টত কোৱা নাছিলো একো ৷ গমৰ লাড়ুৰ ফটো দিছিল সিদিনা ৷ তাকে ক’লোঁ, কেতিয়ানো বনাই এইবোৰ…আমি গ’লে মেৰিগ’ল্ডেৰেহে চাহ খাবলৈ পাওঁ ৷ তাইও তাত নেদেখা কৰিলে মোক ৷ এতিয়া ৰিয়েলতো নেদেখা ভাও ধৰে মোক বুইছ ৷ নামঘৰতো কিছুমানৰ পৰচৰ্চা ৷ মোক কি খুলি দিলি এইটো ইয়াতো একে পাইছো ৷ সৌ মাষ্টৰৰ বোৱাৰীয়েকে হাফ পেণ্ট পিন্ধা ফটো দিলে ফেচবুকত ৷ মোক তাকে শাহুৱেকজনীয়ে ক’লে ইনবক্সত বোলো দেখিছানে আমাৰজনী বিদেশত গৈ চেল খালে আঁঠুৰ ওপৰলৈকে ৷ ময়ো ফটো চাই কটকটনি উঠি আছিল ৷ দিলো শলাগি দুষাৰমান কৈ ৷ ওওওও তাকে বোৱাৰীয়েক অহাৰ পিছত কি পিন্ধিলি বুলি কাজিয়া ৷ ৰাইজে কৈছে চা বুলি নিজৰ মেছেজ ডিলিট কৰি মোৰ সোপা কিবা বোলেনে স্ক্ৰীণ শ্বট মাৰি মোক ৰাইজ পাতি ঘৰত ৰৌজাল-বৌজাল গোটেইখন ৷ সেই তিৰোতা-সেৰুৱা পুতেকটোৱে আমাৰ এখেতক মোক লৈ কিবা ৱাৰ্নিং দিলে…তাতে বৰ্ত্তাৰে ফায়াৰ উঠি আছে ৷ মই হেনো ‘অনলাইন দন্দুৰী’ ৷ মোক এইটো উভালি দে ৷ নকৰো আৰু ফেচবুক ৷ মোৰ যদি চুবুৰীত কোনেও ফেচেই নাচায় কিয় লাগে মোক ফেচবুক ৷ মোৰ দৰে চিধা মানুহৰ বস্তু নহয় এইবোৰ ৷”

হ’ব বুলি মই ম’বাইলটো লৈ তেওঁৰ একাউণ্টটো ডিএক্টিভেট কৰি দিলোঁ ৷

■■

9 Comments

  • চয়নিকা

    ভাল লগা লিখনি ।

    Reply
  • shikha baruah

    বহুত ভাল লাগিল। হাঁহিয়েই আছো এতিয়াও।

    Reply
  • Rintumoni Dutta

    বঢ়িয়া। পঢ়ি খুব ভাল পালো

    Reply
  • হা হা, কি দুৰৱস্থা ঐ অন লাইন দন্দুৰীৰ! ভাল লাগিল অসীমা ৷ লিখি থাকিবা ৷

    Reply
  • বৰ ভাল লাগিল। সময়ৰ শৰ জেগাতে পৰিছেগৈ

    Reply
  • Namrata Neog

    মোৰ বা জনী সদায় প্ৰিয়

    Reply
  • Gitika Saikia

    আকৌ পঢ়িলো। প্ৰথমে পঢ়াৰ দৰেই আনন্দ পালো।

    Reply
  • অংকুৰ অসম তালুকদাৰ

    সুন্দৰ,বঢ়িয়া লিখিছে বা।আৰু এনেকোৱা লিখনি দিয়ক;সেইবোৰ চাই মই ফটা ঢোলত চাপৰ মাৰিম…তেনেকোৱা।

    Reply
  • সুকন্যা শইকীয়া

    ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *