ফটাঢোল

লকডাউনত ডিপ্ৰেছনত আক্ৰান্ত হৈছে নেকি- আৰাধনা বৰুৱা

COVID 19 ৰ ভয়াবহতাৰ বাবে হোৱা লকডাউনৰ সময়চোৱাত মানুহৰ মানসিক অস্থিৰতা বৃদ্ধি পাইছে৷ জৰুৰীকালীন অৱস্থাত কৰ্মৰত কৰ্মীসকলৰ জীৱনৰ নিৰাপত্তাক লৈ সন্দিহান অৱস্থা, ঘৰত সোমাই থাকিব লগাসকলৰ গৃহবন্দীত্বৰ আমনিয়ে এংজাইটি, ডিপ্ৰেছন আদি বৃদ্ধি কৰিছে৷ তাৰোপৰি অৰ্থনৈতিক দুৰৱস্থা, অনিশ্চিত ভৱিষ্যত আদিও এই সময়ত ডিপ্ৰেছনৰ একো একোটা কাৰক হৈ পৰিছে৷ মন বেয়া লগা বা হতাশা প্ৰত্যেক ব্যক্তিৰে স্বাভাৱিক আৱেগৰ অংশ৷ প্ৰকৃতিৰ স্বাভাৱিক নিয়ম অনুসৰি সময়ে মনৰ মলমৰ কাম কৰে৷ সেয়ে আমি জীৱনত সাধাৰণতে পাই থকা মনোকষ্ট, হতাশা আদিৰ পৰা হোৱা দুখবোধ নিৰ্দিষ্ট সময়ৰ

Read more

মধুপুৰ বহুদূৰ নহয়- নয়নমণি হালৈ

(১) আলিপুৰদুৱাৰৰ পৰা কোচবিহাৰ অভিমুখী বাছখনত উঠোঁতেই বৰষুণজাক আৰম্ভ হৈছিল আৰু আমি যেতিয়া কোচবিহাৰ পাইছিলোঁ, কলহৰ কাণে ঢলা বৰষুণ এজাকে আমাক স্বাগতম জনাইছিল৷ হোটেলৰ খিৰিকীৰে প্ৰকৃতিৰ তাণ্ডৱ-লীলা চাই থকাৰ বাহিৰে ৰাতিপুৱাৰ বেলাটোত আমাৰ আৰু একো কাম কৰা নহ’ল৷ আবেলিলৈ বতৰ ফৰকাল হ’ল যদিও আকাশত মেঘ আৰু গুমগুমনিৰ বৰঢোল বাজিয়ে থাকিল৷ দিনটো আছিল যোৱা দুৰ্গাপূজাৰ নৱমীৰ দিন৷ অ’টো এখন ঠিক কৰিলোঁ ‘মধুপুৰ’লৈ বুলি৷ উদ্দেশ্য – সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অসমীয়াজনৰ সমাধিস্থল দৰ্শন কৰা তথা গুৰুজনাৰ শেষ বয়সৰ লীলাভূমিত ক্ষন্তেক মূৰ দোঁৱাই জাতিলৈ আগবঢ়োৱা

Read more

অসমীয়া জাতীয় জীৱনলৈ বিশ্বায়নৰ ইতিবাচক দিশ : এটি চমু আলোচনা- চাহিন জাফ্ৰি

সাম্প্ৰতিক কালৰ এটা অতি চিনাকি আৰু বহুলভাৱে প্ৰচলিত শব্দ হৈছে- ‘বিশ্বায়ন’। যাৰ ইংৰাজী প্ৰতিশব্দ হৈছে – Globalisation. ‘গোলকীকৰণ’, ‘ভুৱনীকৰণ’ আদি শব্দও ইয়াৰ সমাৰ্থক শব্দ হিচাবে ব্যৱহাৰ হৈ আহিছে।সহজ অৰ্থত বিশ্বায়ন বুলিলে বিশ্বখনৰ আমূল গোলকীয় পৰিবৰ্তনৰ কথাকে বুজিব পাৰি। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ৰমাগত উন্নতিৰ ফলত গোটেই পৃথিৱীখনেই এখন মাত্ৰ গাঁৱলৈ পৰিণত হৈ যোৱাৰ যি প্ৰৱণতা, সেইয়াই হৈছে বিশ্বায়ন। সময়ৰ অগ্ৰগতিৰ লগে লগে মানুহৰ চিন্তা-চেতনা আৰু ধ্যান-ধাৰণাৰ সলনি ঘটিছে,যাৰ ফলত নিতৌ নতুন নতুন সম্ভাৱনাৰ বাট মুকলি হৈছে।মানৱ সভ্যতা আৰু সংস্কৃতিৰ বিকাশৰ লগে

Read more

অসমীয়া জাতিৰ আয়ুস ৰেখা- দীপাঙ্কৰ মল্ল বৰুৱা 

এটা জাতি জীয়াই থাকিবলৈ যিবোৰ উপাদান প্ৰয়োজনীয় তাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদানটোৱেই হৈছে জাতিটোৰ সাংস্কৃতিক আত্ম পৰিচয়। এজন অসমীয়া মানুহে যদি চকু মুদি নিজৰ অসমীয়া আত্ম পৰিচয়ৰ অনুসন্ধান কৰে, প্ৰথমেই বোধহয় বিহুৰ কথাই মনলৈ আহিব। বিহু আৰু বিহু গামোছাই বিশ্বৰ দৰবাৰত অসমীয়া জাতিক পৰিচয় কৰাই দিছে। অসমীয়া মানুহে বিহুৰ মাজতে জাতীয় চেতনা আৰু জাতীয় অভিমান বিচাৰি পায়। অসম নামেৰে পৰিচিত লুইতৰ পাৰৰ এই সাৰুৱা ভূখণ্ডত অতীজৰে পৰা বিভিন্ন জাতি জনজাতিৰ লোকে বাস কৰি আহিছে আৰু সকলো জাতি জনগোষ্ঠীৰে নিজস্ব ভাষা-সংস্কৃতি,

Read more

কল্পনা আৰু বাস্তৱৰ আশ্চৰ্যজনক সমাহাৰেৰে কল্পবৈজ্ঞানিক গ্ৰন্থ-কায়কল্প : অনামিকা বড়া

মনুষ্যৰ অনুসন্ধিৎসু মনৰ সীমনা যেনেকৈ নিৰ্ধাৰণ কৰিব নোৱাৰি, তেনেকৈ নৱ সৃষ্টিৰ স্পৃহাৰো নাথাকে কোনো পৰিসীমা। কল্পনাপ্ৰিয় মানুহৰ তেনে স্পৃহা কিছুমান প্ৰতিফলিত কৰিয়েই সাহিত্যজগতত সৃষ্টি হৈ আহিছে কল্পবিজ্ঞানৰ বিবিধ ৰচনা। তেনে এখন অভিনৱ গ্ৰন্থ হৈছে যশস্বী লেখক লক্ষ্মীনন্দন বৰাৰ “কায়কল্প”। ঔপন্যাসিক আৰু গল্পকাৰ হিচাপে প্ৰখ্যাত বৰাদেৱে ভ্ৰমণ কাহিনী, জীৱনী, নাটক, বিজ্ঞান ৰচনা, অনুবাদ আদি সকলোতেই অৰিহণা যোগাইছে। বিজ্ঞানৰ ক্ষেত্ৰৰ সৈতে হাতে-কামে জড়িত হোৱা বৰাদেৱে বিজ্ঞান মানসিকতাৰে সামাজিক স্বৰূপ উপলব্ধি কৰি সমাজৰ উত্তৰণৰ বাট কটাৰ চিন্তা চৰ্চা কৰি প্ৰণয়ণ কৰিছে কেইবাখনো বিজ্ঞানভিত্তিক

Read more

যুদ্ধ আৰু শান্তি- চুমী মহন্ত

যুদ্ধ আৰু শান্তি। বৈপৰীত্যৰ অৰ্থ বহনকাৰী দুটা শব্দ। দুয়োটা শব্দৰে অৰ্থ যিদৰে ভিন্ন, সেইদৰে দুয়োটাৰে অন্তৰ্নিহিত শক্তিও তাৎপৰ্যপূৰ্ণ তথা পৰাক্ৰমী। যিদৰে যুদ্ধই সমগ্ৰ বিশ্বলৈ পৰিৱৰ্তনৰ জোৱাৰ আনে, সলনি কৰি তুলিব পাৰে সভ্যতা আৰু সমাজ, ঠিক সেইদৰে শান্তিয়েও সমগ্ৰ বিশ্বক অন্য এক মাত্ৰালৈ উন্নীত কৰিব পাৰে। কিন্তু পৰিবৰ্তনকামী হ’লেও দুয়োটাৰে পন্থা সম্পূৰ্ণ বেলেগ। বিশ্বৰ উল্লেখযোগ্য তথা বিখ্যাত যুদ্ধৰ ভিৰত অন্যতম কুৰুক্ষেত্ৰ যুদ্ধ (পৌৰাণিক কালৰ), প্ৰথম বিশ্বযুদ্ধৰ, দ্বিতীয় বিশ্বযুদ্ধ আদিয়ে বিশ্বখনক এক ধ্বংস যজ্ঞলৈ ৰূপান্তৰিত কৰিছিল। তেতিয়াই মানৱ জাতিৰ প্ৰতিটো অন্তৰাত্মাই শান্তি

Read more

টিৰাপ সীমান্ত আৰু নৃগোষ্ঠীয় সংগ্ৰহালয় – গীতিমল্লিকা গগৈ

অসমৰ জাতীয় ইতিহাসত টিৰাপ সীমান্তৰ গুৰুত্ব তেনেই উলাই কৰিব পৰা বিধৰ নহয়। বিশেষকৈ অসমীয়া হিচাপে জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ হোৱা আহোম ৰাজত্বৰ প্ৰথম অৱস্থাৰ পৰাই অঞ্চলটো দৃশ্যপটলৈ আহিছিল। আহোমসকল এই অঞ্চলৰ মাজেদিয়েই ম্যানমাৰৰ পৰা ভাৰতত প্ৰৱেশ কৰিছিল। তাৰ পৰৱৰ্তী সময়তো মঙ্গোলীয় জনগোষ্ঠীৰ সকলোবোৰে এই পথেদিয়েই প্ৰৱজন কৰিছিল। সেইফালৰ পৰা বিভিন্ন জাতিগোষ্ঠীৰ সমাহাৰেৰে তেতিয়া দিনৰ পৰাই অঞ্চলটো গুৰুত্ব লাভ কৰিছিল। আহোম যুগৰ পৰিসমাপ্তিত ইংৰাজ আমোলৰ সময়ত দ্বিতীয় মহাযুদ্ধৰ সময়তো জাপানী সৈন্যবিলাকৰ ভাৰতত প্ৰৱেশৰ সহজ পথ হিচাপে টিৰাপ সীমান্তৰ পাটকাই পৰ্বতমালাই চিহ্নিত

Read more

‘ভাৰতৰ ইতিহাসত কন্যাভ্ৰুণ হত্যাৰ পৰিপোষণ’ — From Womb to Tomb, এক অনুপলব্ধিৰ দস্তাবেজ -ধনশিৰি 

‘তেনেহ’লে এইষাৰ কথাই সঁচা নে যে নমৰিলে নাৰীৰ মুক্তি নাই?’ – তছলিমা নাছৰিন ২০১৭ চনৰ মাৰ্চ মাহৰ কোনোবাটো দিনত মুম্বাই চহৰৰপৰা প্ৰায় চাৰিশ কিলোমিটাৰ দূৰৰ জনবিৰল অঞ্চল এটাত অৱস্থিত এটি শুকান খালৰ বাদামী ৰঙৰ নৰম মাটিতেই উদ্ধাৰ হৈছিল প্ৰায় ঊনৈশটিকৈ কন্যা শিশুৰ ভ্ৰুণ৷ ক্ষুদ্ৰাতিক্ষুদ্ৰ এই মানৱ শিশুকেইটাৰ দেহাভৰণ কৰা হৈছিল নাতিদূৰৈত অৱস্থিত চিকিৎসালয়খনৰ নীলবৰণীয়া একো একোটা প্লাষ্টিকৰ বেগেৰে মেৰিয়ায়৷ সংযুক্ত ৰাষ্ট্ৰ জনসংখ্যা কোষৰ প্ৰতিবেদন মতে প্ৰায় ১১৭ মিলিয়ন কন্যা জনসাংখ্যিকীয় হিচাপত পৃথিৱীয়ে হেৰুৱাইছে একমাত্ৰ গৰ্ভস্থ শিশুৰ লিংগ পৰীক্ষাৰ কাৰণে৷ একেদৰে

Read more

হাঁহি, ধেমালি, প্ৰশংসা আৰু হেঁপাহৰ মাতষাৰ- আৰাধনা বৰুৱা

১) হাঁহিত সৰগী সুখ পুখুৰীৰ পানীত সৰু শিলগুটি এটা দলিয়াই দিলে শিলটো পৰা ঠাইত সৃষ্ট আঙুঠিৰ দৰে বলয়টো ক্ৰমাৎ বাঢ়ি গৈ অসংখ্য বৃহৎ বলয়েৰে পুখুৰীৰ পাৰ চোৱেগৈ৷ হাঁহিবোৰ ঠিক তেনে৷ হাঁহিয়ে ইজনৰ পৰা সিজনলৈ হাঁহি বিয়পায়৷ ব্যস্ততাৰ যান্ত্ৰিকতাত হাঁহিয়েইতো প্ৰাণৰ সঞ্চাৰ কৰে, মানুহক সুখী কৰি ৰাখি জীয়াই থাকিবলৈ প্ৰেৰণা দিয়ে৷ আজিকালি হাঁহিবৰ বাবে অজুহাত বিচাৰিব লাগে৷ ব্যস্ততাৰ হাঁহাকাৰত মানুহে হঁহাৰ অভ্যাস ধৰি ৰাখি দীৰ্ঘায়ু হ’বৰ বাবে লাফিং ক্লাব খোলাৰ দৰে প্ৰয়োজনীয়তাও এতিয়া আহি পৰিছে৷ ভাৱি চালে আচৰিত নহয় জানো? ’হাঁহি’,

Read more

জাতি-ৰাষ্ট্ৰ আৰু নাৰী -অসমী গগৈ

নাৰী-সাম্প্ৰতিক কালৰ আলোচনাৰ অন্যতম বিষয়৷ ন+অৰি=নাৰী অৰ্থাৎ যাৰ কোনো শত্ৰু নাই৷ আজিৰ আমাৰ আলোচনাৰ বিষয়বস্তু নাৰী নাৰীৰ সৈতে জড়িত আছে বহুতো বিষয় নাৰীমন বা মানসিকতা, নাৰীমুক্তি, নাৰী স্বাধীনতা, স্থিতি সমঅধিকাৰ ইত্যাদি ইত্যাদি৷ অৱশ্যে আজি এইবিলাক বিষয়ক দূৰলৈ থৈ আলোচনা কৰিবলৈ লোৱা হৈছে এটা জাতি আৰু এখন ৰাষ্ট্ৰ গঠনৰ উন্নয়নত নাৰীৰ ভূমিকা কি বা নাৰীয়ে কেনে ভূমিকা গ্ৰহণ কৰিব পাৰে ইত্যাদি কথা৷ এতিয়া আমি প্ৰথমেই চাব লাগিব জাতি কি? কুল বংশ বা শ্ৰেণী এনেদৰে মাথোঁঁ অৰ্থটো কৈ নথৈ বহলভাৱেও আমি ব্যাখ্যা

Read more
1 8 9 10 11 12 27