ফটাঢোল

জ’ৰ-সে-ব’-ল—- “ব’ল-বম “-প্ৰান্তৰ ভাগৱতী

প্ৰায় দহ পোন্ধৰ বছৰমান আগৰ কথা । শাওন মাহ সোমালে মনতো ভাল লাগি যায়।সোমবাৰে পুৱাতে উঠি ছোৱালীজনীক ফুৰাব নি ব’ল ব’ম যাত্ৰীসকলক দেখুৱাওঁ। আগতে সৰুকালত দেখিছিলোঁ শাওন মাহৰ সোমবাৰটোত মায়ে ব্ৰত কৰিছিল,দেউতা জীয়াই থকালৈকে। আমি নিৰামিষ ভাত খাইছিলোঁ দিনত আৰু ৰাতি; মায়ে ৰাতি কেৱল ৰুটী আৰু গাখীৰ খাইছিল। তেতিয়া ব’ল ব’ম নামৰ যে কিবা উৎসব আছে আমি নাজানিছিলোঁৱেই। নব্বৈৰ দশকৰ শেষভাগত পঢ়া-শুনা সামৰি ঘৰ আহি দেখিলোঁ এটি বেলেগ দৃশ্য। শাওন মাহৰ দেওবাৰে সন্ধিয়া আমাৰ ওচৰৰ বিহাৰী সম্প্ৰদায়ৰ কিছু লোক,চাহবাগান, প্ৰাক্তন

Read more

চিচি টিভি কেমেৰা-শ্ৰুতিমালা মিশ্ৰ

ঘনেশ্বৰ মেধি মানুহজন এনেই বহুত ভাল । দেখিবলৈয়ো শুৱনি । খিচখিচকৈ কটা চুলিৰে মাজতপা মানুহজনৰ গোটেই মূৰটো দেখিবলৈ সাইলাখ কদম ফুলৰ দৰেই । ধকধকীয়া বগা । চিকুণকৈ দাড়িখিনি কাটি পাতলীয়াকৈ ৰখা মোচকোছাত কথাৰ মাজে মাজে মিহিকৈ পিহি থাকি তাও এভাগো দিয়ে । তিহতিহকৈ জোঙা নাকটোৰে মেধি যে ডেকাকালত দেখিবলৈ বৰ শুৱনি মানুহ আছিল সেয়া ধৰিব পাৰি ।  চহৰৰ মাজমজিয়াতে থকা বিভাগীয় অফিচটোতে তেওঁৰ চাকৰি । ৰাতিপুৱাই চকচকীয়াকৈ বাইকখন মচি ঘৈণীয়েক জ্যোতিয়ে বাঢ়ি দিয়া ধোঁৱা বলি থকা তপত ভাতকেইটা খায়েই মেধিয়ে

Read more

লাড্ডু-কমলা দাস

ল’ৰা ছোৱালীহঁত সৰু থাকোঁতে, সিহঁতৰ বছৰেকীয়া পৰীক্ষা শেষ হ’লেই ক’ৰবাত নহয় ক’ৰবাত ফুৰাবলৈ নিয়া হয়েই। সেইবাৰো সিহঁতৰ পৰীক্ষা শেষ হোৱাৰ পাছত ফুৰিবলৈ ওলালোঁ। সিহঁতক দেখুওৱাৰ লগতে আমিও তাজমহল চাওঁ বুলি সেইবাৰ ওলালোঁ দিল্লীলৈ। সেয়া আছিল আমাৰ প্ৰথম দিল্লী যাত্ৰা, ট্ৰেইনেৰে। পৰিয়াল সহ ভ্ৰমণ কৰাৰ মজাই বেলেগ। যাত্ৰাটো সুন্দৰ উপভোগ্য হৈ পৰে। হাঁহি ধেমালি কৰি যাব পাৰি। ল’ৰা ছোৱালীহঁতে প্ৰথমবাৰ ট্ৰেইনত উঠি খুব ফূৰ্তি পাইছে। ট্ৰেইন আগলৈ দৌৰিছে, বাহিৰৰ দৃশ্যবোৰ পিছলৈ দৌৰিছে। তাকে চাই চাই সিহঁতৰ ফূৰ্তিৰ সীমা নাই। সিহঁতৰ আনন্দ

Read more

ৰামবাণ-অভিজিত কলিতা

নমস্কাৰ, ফটাটিভিৰ “ৰামবাণ” অনুষ্ঠানলৈ মই দীপলিনাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ‌। আজি আমি ৰামবাণত সমাধান কৰিবলৈ লোৱা বিষয়টো হ’ল-  “লাভলীনাই অলিম্পিকত কিয় স্বৰ্ণ জয় কৰিব নোৱাৰিলে, বা “ভৱিষ্যতে স্বৰ্ণ জয় কৰিবৰ বাবে তেওঁ কিদৰে আগবাঢ়িব লাগিব”। এই গুৰুত্বপূৰ্ণ বিষয়টো আলোচনা কৰিবৰ বাবে আমি আজি কেইজনমান বিশিষ্ট খেলুৱৈক ষ্টুডিঅ’লৈ আমন্ত্ৰিত কৰি আনিছোঁ‌। প্ৰথমতে আহকচোন আমি আমাৰ আজিৰ পেনেলিষ্টসকলৰ সৈতে চিনাকি হওঁ!  এয়া মোৰ কাষতে আছে ৰাজনীতি ক্ষেত্ৰখনৰ কৃতি খেলুৱৈ শতদল শৰ্মা। সৰুৰে পৰা স্কুল তথা নিজৰ গাঁ‌ৱত গ্ৰুপিজমৰ খেলেৰে তেওঁৰ খেলুৱৈ জীৱন

Read more

লাভলীনা নে দ্বীপলিনা-জয়ন্ত দাস

বিছনাখনৰপৰা কোনোবাই যেন পদুম বড়োক  টানিব ধৰিছে৷ টোপনিৰ পৰা সাৰপাই গ’ল সি৷ চকুকেইটা মোহাৰি মোহাৰি সন্মুখত ভগৱান নৰসিংহক দেখি যথেষ্ট ভয় খালে৷ জোৰকৈ চিঞৰি শ্ৰীমতীক মাতিলে যদিও কথাখিনি মুখৰ পৰা ওলাই নাহিল৷ নৰসিংহই আঙুলিৰে চুপচাপ থাকিবলৈ ইংগিত দি পদুমক দাংকোলাকৈ বিছনাৰ পৰা উঠাবলৈ ধৰিলে৷  “তাৰমানে পৃথিৱীত মোৰ সময় শেষ৷ ইমান সোনকালেই পত্নী পুত্ৰৰ পৰা আঁতৰাই নিব বুলি ভবা নাছিলোঁ৷ পিচে যমদূতৰ সলনি প্ৰভু নৰসিংহ কিয় আহিল মোক উঠাবলৈ?” কথাটো ভাবি পদুম বৰ আচৰিত হ’ল৷   : প্ৰভু আপুনি কেতিয়াৰ পৰা যমৰাজ বিভাগত

Read more

কাণতলীয়া চৰ-অসমী গগৈ

এনেবোৰ কথাতে মোৰ খঙে চুলিৰ আগ পায়গৈ। মৰম বুজি নোপোৱা মানুহবোৰৰ ওপৰত মোৰ ভীষণ খঙ উঠে। ইমান মৰম কৰোঁ, তথাপিও নুবুজে। পিন্ধা-উৰা, ওলোৱা-সোমোৱা, খোৱা-বোৱা একোতে হাত নধৰোঁ কাহানিও। নুবুজে, তথাপিও নুবুজে। মৰমৰ প্ৰতিদান বা কৃতজ্ঞতাবোধ বোলা বস্তুটো একেবাৰেই নাই। স্বাৰ্থপৰ মানুহ। ইমানেই স্বাৰ্থপৰ যে নিজৰ বাহিৰে আমাৰ কথা নাভাবে কাহানিও। এদিন বুলি কৈ দুই তিনিদিন নহাকৈ থাকে। মানুহটো এদিন নাহিলেই মোৰ  উচপিচ লাগে। হাত ভৰি নচলা যেন হয়। কঁপনি এটাই ভৰিৰ পৰা মূৰলৈকে চেপি আনে। মানুহটোৰ খবৰ জানিবলৈ মনটোৱে হাঁহাকাৰ

Read more

আঁহা ঘৰ সাজোঁ- ৰূপাঞ্জলী ডেকা

এই উৎকট গেলা গৰমত দহি দহি দুপৰীয়াৰ ৰন্ধন প্ৰক্ৰিয়া সমাপ্ত কৰিলোঁ। দাঁত নিকটাই হাঁহি থকা বাচনসোপাক চৈধ্য পুৰুষ ধৰি এনেকুৱা গালিৰ বৰ্ষণ কৰিলোঁ যে সময়তকৈ কিছু আগতে বাচনসোপা চাফা হৈ জিকি গ’ল মোৰ মনত চলি থকা নিৰ্বাচনী প্ৰক্ৰিয়াত। তামোল এখন মিঠা মছলা সহিতে মুখত হেঁচি ঠেলি ভৰাই ল’লোঁ। ভাতৰ লগত ভাতকেৰেলাৰ পিটিকা এখন বনাইছিলোঁ। জিৰাবলৈ বুলি বিছনাত ভাজ এটা দিয়াৰ লগে লগেই কিয় নাজানো পিটিকাৰ ভাত কেৰেলাকেইটালৈহে মনত পৰিল। গৰম ভাত কেৰেলাকেইটাৰ ওপৰত ফুট ফুটীয়া তিলৰ মিশ্ৰণ সনাৰ নিচিনা অৱস্থা

Read more

বিমলানন্দ-ঈশান জ্যোতি বৰা

পৰহি নগাঁও চহৰলৈ গৈ আছিলোঁ৷ মোৰ সমুখত উদং ৰাস্তা৷ গতিকে মনখুলি বাহন চলাবলৈ সুবিধা৷ নতুন অসমৰ ‘নতুন নায়ক’জনে গাড়ীৰ গতিবেগ চল্লিছৰ পৰা ষাঠিলৈ সলনি কৰাৰ যুগান্তকাৰী আৰু বৈপ্লৱিক সিদ্ধান্তটো এইখিনিতে বিশেষভাৱে উল্লেখযোগ্য৷ এতিয়া স্বাভাৱিকতেই আমি উৎসাহিত আৰু আনন্দিত৷ সেয়ে কণ্ঠত ভূপেনদাৰ ‘মইনাজান, মইনাজান লুইত পাৰে হ’লোঁ’ শীৰ্ষক গীতটি গাই গাই কোবাল গতিৰে আগবাঢ়িছোঁ৷ উৰিয়াগাঁৱৰ চ’কটো অতিক্ৰম কৰি এশ মিটাৰমানহে গৈছোঁ৷ তেনেতে ঘটিল এটা শিহৰণকাৰী ঘটনা৷ ক’ৰবাৰপৰা উৰি অহা ঈষৎ ৰঙা পিক্ এসোপাই মোৰ গাল-মুখ আৰু চোলাৰ উপৰিভাগ তিয়াই পেলালে৷ মুখেৰে

Read more

ভেন হিউজ’ন-যোগেশ ভট্টাচাৰ্য

ইউনিভাৰিচিটিত পঢ়ি থাকোঁতে প্ৰায়েই পিণ্টুৰ ঘৰলৈ গৈছিলোঁ। তাৰ ঘৰ জালুকবাৰীত হোৱাৰ বাবে ক্লাছত পলম হোৱাৰ দিনা ৰাতিও থাকিছিলোঁ মাজে সময়ে। প্ৰথমবাৰ পিণ্টুৰ ঘৰলৈ যাওঁতেই লগ পাইছিলোঁ সেই বৰতাজনক। আমি ঘৰ সোমাওঁতে তেওঁ চ’ৰাঘৰত বহি পিণ্টুৰ দেউতাকৰ সৈতে চাহত চুমুক দি টিভি চাই আছিল। সেইদিনা টিভিত দেখুৱাই আছিল আমেৰিকাত বানপানী হোৱাৰ খবৰ। বৰতাই কৈছিল,  : নহ’ব কিয় বানপানী? আণ্ডাৰগাউনত ঘৰ বনাই বনাই পানী আণ্ডাৰগাউন হ’ব নোৱাৰা কৰিছে। সেইবাবে পানীয়ে অভাৰগাউন মাৰি দিছে। গোটেই দেশখন পকী কৰি থৈ দিলে পানী লিক মাৰি

Read more

গণতন্ত্ৰ আৰু জীৱকুল-ৰনেন শৰ্মা

এতিয়া সকলোতে গণতন্ত্ৰৰ যুগ, বনৰ ৰজা এতিয়া আৰু সিংহ নহয়, সিংহৰ বংশানুক্ৰমিক শাসন কেতিয়াবাই ওৰ পৰিল। এতিয়া বনতো চৰকাৰ গঠন হয় ৰাজনৈতিক ভাবে, গণতান্ত্ৰিক প্ৰথাৰে। এতিয়া শাসনত বলিষ্ঠ অংশীদাৰ হ’ল শিয়াল, কাৰণ ইহঁতৰ সংখ্যা বেছি, অতিপাত হুলস্থূলেৰে সদন উত্তপ্ত কৰি ৰাখিব পাৰে। সিংহ বা বাঘৰ শক্তি বেছি থাকিলেও ৰাজনৈতিক অপৰিপক্কতা আৰু আভ্যন্তৰীণ কন্দলৰ বাবে ইহঁতক কোনেও সমৰ্থন নিদিয়ে, গতিকে সঘনাই নতুন দল গঠন কৰে আৰু নিৰ্বাচনত মুখ ঠেকেছা খায়। হাতীয়ে  নিজৰ শান্ত-শিষ্ট, অমায়িক স্বভাৱৰ বাবে নিজে ৰজা হ’ব নোৱাৰিলেও এতিয়ালৈকে

Read more
1 8 9 10 11 12 84