ফটাঢোল

বাওনা বৰুৱাৰ মহাজীৱনী-ড° সৰোজ কাকতি 

: হয়, পুত্ৰ তেনেকুৱা এজন ল’ৰা আহিছিল। নিশাটিৰ বাবে আশ্ৰয় বিচাৰিছিল, আমি আশ্ৰয় দিছিলোঁ‌, ৰাতিপুৱা গুচি গৈছে, ক’লৈ গৈছে আমাক একো জনো‌ৱা নাই। হ’ব পুত্ৰ ল’ৰাজনৰ যদি কিবা আপত্তিজনক কথা আছে তেন্তে ভৱিষ্যতে আৰু আমাৰ আশ্ৰমত থাকিবলৈ নিদিও।  অ’চি চাহাবে আৰু দুই এটা কথা সুধি বিদায় ল’লে। মোক যদিও তেওঁ চিনি পোৱা নাই মই তেওঁক চিনি পাইছোঁ‌। পকেটমাৰৰ অপৰাধত ধৰা পৰোঁ‌তে চকুৰে আটাইবোৰ ফুলকে দেখুৱাইছিল। তাৰ ওপৰত ল’বলৈ থকা ব্যৱস্থাৰ কথা মই অলপো পাহৰি যোৱা নাই, পিছে কি ব্যৱস্থা ল’ম

Read more

ৰুদ্ৰমা দেৱী-অভিজিত কলিতা

(প্ৰথম খণ্ড) “নমস্কাৰ। মোৰ নাম ৰুদ্ৰমা দেৱী, মোৰ বয়স ৪০০ বছৰ…………..” কি হ’ল? ইমান অদ্ভূতকৈ চালে যে? আপুনি ভাবিছে নিশ্চয় মই ধেমালি কৰিছোঁ। এনেই আপোনাক ভয় খুৱাবলৈ চেষ্টা কৰিছোঁ। জানো আপুনি তেনেকৈয়ে ভাবিব। আপোনাৰ ভবাৰ ওপৰত মোৰনো কি নিয়ন্ত্ৰণ আছে? আৰু যোৱা ৩৬০ বছৰত আপোনাৰ দৰে মানুহ বহুত দেখিলোঁ, লগ পালোঁ। অভিজ্ঞতাৰ পৰাই আপোনাৰ এই চাৱনিটোৰ অৰ্থ বুজি পাওঁ মই। কিন্তু মই আপোনাক দোষ নিদিওঁ। আপুনি মোৰ কথা বিশ্বাস কৰিবলৈ অসুবিধা পাবই। ৪০০ বছৰ বয়সৰ কথাটো বাদেই দিয়ক, আপুনি ৰুদ্ৰমাৰ

Read more

সোণাৰুৰ হালধীয়া হাঁহি (নৱম খণ্ড)- মৃদুল নাথ

: ভাত হ’বলৈ আৰু আধা ঘণ্টামান লাগিব৷  ডাইনিং হলটোৰ ভিতৰৰপৰা ওলাই আহি এজনে ক’লে৷ অবিনাশে মনতে অংক এটা কৰিলে, আধা ঘণ্টা পিছত ডাইনিং হলটোত অচিনাকি মুখ কিছুমানৰ লগত একেলগে বহি ভাতসাঁজ খাবলৈ বৰ এটা ভাল নালাগিব৷ পদুম লগত থকা হ’লে কথাটো বেলেগ আছিল৷ তাতকৈ বাহিৰত হোটেল এখনত শান্তিৰে খাবলৈ সি বেছি ভাল পাব৷ গুৱাহাটীলৈ আহি অবিনাশে দেখিছিল মহানগৰীবোৰ নিদ্ৰাহীনতাত ভোগা একো একোজন টোপনি নহা ৰজাৰ দৰে৷ তাৰ নিজৰ গাঁওখনলৈ ফুট গধূলিতে নীৰৱতা নামি আহে৷ গোবাটৰপৰা গৰুবোৰ উভতি আহোঁতে ডিঙিত বান্ধি

Read more

বাওনা বৰুৱাৰ মহাজীৱনী- ড° সৰোজ কাকতি

এদিন সন্ধিয়া পৰত আশ্ৰমত চাকি-বন্তি জ্বলাই বহি ভাবি আছোঁ। বহুদিন একো পৰিৱৰ্তন হোৱা নাই, সদায় একেটা জীৱন, আশ্ৰমত চাকি জ্বলোৱা, পূজা কৰা , আনক উপদেশ দিয়া, সেৱা গ্ৰহণ কৰা, পানী জৰা, তেল জৰা, মাদুলী দিয়া, কবচ দিয়া এইবোৰ কৰি কৰি মহা বিৰক্তি লাগিছে। যশ, খ্যাতি আদিৰ প্ৰতিও কেতিয়াবা হেঁপাহ নোহোৱা হয়। মানুহৰ বিৰক্তি বোলা বস্তুটো ইমানেই প্ৰবল৷ বিৰক্তিৰ আন এটা কাৰণ আছিল, কিছুমান আশ্ৰমৰ তুলনাত মইচোন একোৱেই কৰিব পৰা নাই৷ বহুতে আশ্ৰম পাতি কৌটি কৌটি টকাৰ মালিক হৈছে৷ তেওঁৰ বহা

Read more

সোণাৰুৰ হালধীয়া হাঁহি (অষ্টম খণ্ড)-মৃদুল নাথ

কেবিনটোৰপৰা অলপ আঁতৰতে নাৰ্ছিং ষ্টেচনটো, নাৰ্চ দুগৰাকীয়ে নিজৰ মাজতে কথা পাতি আছিল, পদুমক আগবাঢ়ি যোৱা দেখি দুয়ো কথা বন্ধ কৰি পদুমলৈ চালে। পদুমে নিজৰ চিনাকিটো দি ৰোগীৰ বিষয়ে জানিবলৈ বিচাৰিলে। অবিনাশ অলপ আঁতৰত ৰ’ল।  নাৰ্চ দুজনীৰ লগত কিছু কথা পাতি পদুম অবিনাশৰ কাষলৈ ঘূৰি আহিল। অবিনাশে আশাৰে পদুমৰ মুখলৈ চালে। : অৱস্থা বৰ এটা ভাল নহয় অবিনাশ। মাল্টিপুল অৰ্গেনত ইনফেকশ্যন, তাতে মেডিচিনে বৰ শ্ল’ ৰেচপণ্ড কৰিছে।  : এনি প্ৰ’গ্ৰেছ? : বিশেষ নাই, স্বাস্থ্যৰ অধিক অৱনতি ঘটে বুলিহে ভয় আছে। আই

Read more

সোণাৰুৰ হালধীয়া হাঁহি (সপ্তম খণ্ড)-মৃদুল নাথ

: পানীটেংকিতে নামি দিওঁ ব’ল। তাৰপৰা ৰেবটীৰ সন্মুখেৰে গৈ লাখটকীয়া অভাৰব্ৰীজৰ তাতে চিটিবাছত উঠি দিম। সময় বাচিব। দীপকে ক’লে। : চিটিবাছত যোৱাতকৈ লাখটকীয়াৰপৰা অ’টো এখন লৈ ল’লে কেনে হয়? সাগৰিকাই অবিনাশৰফালে চাই সুধিলে। : চাৰিজন উঠাবলৈ মানা কৰিব পাৰে। মই বাৰু ড্ৰাইভাৰৰ লগত বহি যাম, ট্ৰেফিকে আমনি কৰে নেকি সেইটোহে ডাঙৰ কথা। পানী টেংকিত নামি অ’টো এখনক সুধিয়েই চোৱা যাওক। উপায় নহ’লে দুখন অ’টো ল’ব লাগিব। পাণবজাৰৰ পানীটেংকিতে আটায়ে বাছৰপৰা নামি দিলে। কিছু আঁতৰত অ’টো ষ্টেণ্ডটো। অবিনাশ আগবাঢ়ি যোৱা দেখি

Read more

বাওনা বৰুৱাৰ মহাজীৱনী-ড° সৰোজ কাকতি

এনেকৈ কৈ মেলি তেওঁৰ মনটো পূজাৰ প্ৰতি ঢাল খুৱালোঁ। বুট-মগু, ফল-ফুল, মাছ-মৌ সকলোবোৰ প্ৰচুৰ পৰিমাণে যোগাৰ কৰা হ’ল। ৰাতি পূজা অনুষ্ঠিত হ’ব আৰু পূজাৰ শেষত দুয়ো স্বামী স্ত্ৰী ঘৰলৈ উভতি যাব।  ভবা মতে সকলোবোৰ অনুষ্ঠিত হৈ আহিল। পূজা আৰম্ভ হ’ল, আমাৰ তান্ত্ৰিক পদ্ধতিৰ পূজা, ফল ফুল অৰ্পণ আৰম্ভ হ’ল। দুয়ো স্বামী স্ত্ৰীৰ কাৰণে সুকীয়াকৈ দুটা ভোগৰ পাত্ৰ ৰাখিলোঁ। পূজা চলি থকাৰ লগে লগে  ভোগো চলি থাকিল, দুয়োকে ভোগ পান কৰিবলৈ দিলোঁ, প্ৰথমে ইতস্ততঃ কৰিছিল যদিও সন্তান লাভৰ তাড়ণাত তেওঁলোকে পূজাৰ

Read more

বাওনা বৰুৱাৰ মহাজীৱনী-ড° সৰোজ কাকতি

তিনিদিনৰ পাছত মই কোৱা মতেই দুয়ো স্বামী-স্ত্ৰী আশ্ৰমলৈ আহিল। ঘৈণীয়েক বৰ ধুনীয়া, লাহিকৈ শৰীৰ, মিহিকৈ কঁকাল, উন্নত বক্ষ, মৃণালৰ দৰে বাহু, হৰিণীৰ দৰে চকু, এনে সৰ্বসুলক্ষণা ছোৱালীজনী যে সন্তানহীনা হ’ব তাক ভাবিবই নোৱাৰি। অলপ সোধ-পোচ কৰাৰ পাছত জানিব পাৰিলোঁ সন্তান নহোৱাৰ বাবে ছোৱালীজনীৰ কোনো দোষ নাই, দোষ পুৰুষজনৰহে। চিকিৎসাৰ প্ৰয়োজন গিৰীয়েকৰহে। কিন্তু ছোৱালীজনীৰ চিকিৎসা নকৰিলেতো নহ’ব, কৰিবই লাগিব। : শুনা পুত্ৰ, তুমি পূৰ্ব জন্মত এগৰাকী প্ৰখ্যাত এডভোকেট আছিলা আৰু আইনৰ বলত এগৰাকী মাতৃৰ বুকু সুদা কৰি তেওঁৰ সন্তানক আঁতৰাই ৰাখিছিলা।

Read more

সোণাৰুৰ হালধীয়া হাঁহি (ষষ্ঠ খণ্ড)-মৃদুল নাথ

একেলেথাৰিয়ে তিনিটা ক্লাছ কৰাৰ পিছত অবিনাশে আজি কিছু ভাগৰুৱা অনুভৱ কৰিলে। বিশেষকৈ প্ৰথম শাৰীত বহি ক্লাছ কৰিলে যে মগজুটোৰ ওপৰত জোখতকৈ অলপ বেছিয়েই বোজা পৰে, সেয়া আজি সি খুব ভালকৈ অনুভৱ কৰিছে। সেয়ে চতুৰ্থ ক্লাছটো আজি নহয় বুলি খবৰটো পোৱাত অবিনাশে হাতত সৰগ ঢুকি পোৱা যেন পালে। দীপকৰ লগত সি কেণ্টিনৰ ফালে আগবাঢ়িল, এতিয়া তাৰ গৰম চাহ একাপৰ খুবেই প্ৰয়োজন। : চাহ দিবচোন হৰিকাই। : চাহৰ লগত কিবা দিমনে? গৰম চিংৰা আছিল। : দিয়ক। কেণ্টিনৰ চাহকাপৰ সোৱাদ সাধাৰণ চাহকাপৰ দৰেই,

Read more

বাওনা বৰুৱাৰ মহাজীৱনী-ড° সৰোজ কাকতি 

এদিন ভক্ত এজনে আহি মন্দিৰত সেৱা ল’লে৷ কণ্ঠস্বৰটো অলপ গভীৰ কৰি সুধিলোঁঁ, : বৎস তোমাৰ নামটো কোৱাচোন৷ নামটো কোৱাৰ পাছত অলপ সময় ধ্যানমগ্ন হৈ ক’লোঁ, : পুত্ৰ তোমাৰ ঘৰ কল্যাণ নগৰত, ঘৰৰ অৱস্থা ভাল , তিনিমহলীয়া বিল্ডিং, ভাল চাকৰি, বাহিৰা উপাৰ্জনো বহুত, গাড়ী, বাৰী, নাৰী সকলো আছে কিন্তু থাকিও নথকাৰ দৰে, বহুত চেষ্টা কৰিছা সন্তান এটি লাভ কৰিবলৈ কিন্তু সফল হোৱা নাই, হয় নে নহয় বৎস! মোৰ গভীৰ কণ্ঠস্বৰ শুনি তেওঁ মোৰ চৰণত লুটিখাই পৰিল। দুয়ো ভৰিত ধৰি ক’বলৈ ধৰিলে,

Read more
1 2 3 4 9