ফটাঢোল

কৌতুক-ৰিণ্টুমনি দত্ত

” টেক্সি দ্ৰাইভাৰক এজনী মহিলাই সুধিলে–মই এয়াৰপোৰ্টোলৈ যাম ভাড়া কিমান লাগিব? দ্ৰাইভাৰ–৬০০ টকা। মহিলা–আৰু মোৰ স্বামীক যদি লগত নিও ভাড়া কিমান হ’ব? দ্ৰাইভাৰ–সেই ৬০০ টকাই লাগিব। মহিলা( স্বামীক উদ্দেশ্য কৰি) মই কৈছিলো নহয়, তোমাৰ এক পইচাও দাম নাই, দেখিলা এতিয়া? স্বামী–আমাৰ লগত যদি আৰু এগৰাকী মহিলা যায় ভাড়া কিমান লাগিব? দ্ৰাইভাৰ–সেই একেই ভাড়া, বেচি নালাগে। স্ত্ৰীক উদ্দেশ্য কৰি স্বামী–দেখিলাতো,মই দ্বিতীয় বিবাহ কৰালেও খৰচ নাবাঢ়ে, খৰচ একেই থাকিব।” ☆ ★ ☆ ★ ☆

Read more

কৌতুক-আদিত্য জ্যোতি বৰঠাকুৰ

মানুহ এজনে.. নিজৰ অফিচৰ বন্ধু এজনক… ৰাতি সাজ খাবলৈ লগত লৈ আনিলে….! তাকো অফিচ ছুটিৰ পাছত ৭ বজাত…! আৰু নিজৰ পত্নীক আগতীয়াকৈ কোনো খবৰ নিদিয়াকৈ….! পত্নীয়ে… বন্ধু জনক দেখাৰ লগে লগে… ! তেওঁৰ আগতেই… নিজৰ মানুহ জনক চিঞঁৰি চিঞঁৰি… কব লাগিল..!! পত্নী — মোৰ চুলিকোচা চোৱা…! একেবাৰে জপৰা হৈ আছে…..! গাউন পিন্ধিয়েই আছো…..! মেক-আপ চেক আপো একো কৰা নাই….! আৰু ঘৰৰ অৱস্থা চোৱা….!! উফফফ ! মোৰ আজি ইমানেই ভাগৰ লাগি আছে যে মই ৰাতিৰ ভাত সাজ ৰান্ধিব নোৱাৰিম…..!!! কি ভাবি

Read more

কৌতুক – অভিজিত গোস্বামী

টাউনৰ মাজত বহুত ভিৰ । বহুত মানুহ আজি !! তাৰ মাজতেই এহাল পতি-পত্নীৰ কাজিয়াই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে। কাজিয়াৰ কাৰণ……পত্নীৰ মতে আজিয়েই এখন নতুন গাড়ী কিনিব লাগে। মটৰ চাইকেলত বহি বহি তেওঁৰ হেনো কঁকালৰ বিষ হৈ গৈছে !! পতি = হ’ব বাৰু !! ঘৰত গৈ চিন্তা কৰিম। তুমি এতিয়া বাইকৰ চাবিটো দিয়া। মানুহবোৰৰ আগত মোক লাজত নেপেলাবাছোন !! পত্নী = একো নুশুনো মই !! তোমাৰ ওচৰত ইমানবোৰ টকা আছে !! আজি যদি গাড়ী নোলোৱা,মই ভুলতো ঘৰলৈ নেযাওঁ !! পতি =

Read more

কৌতুক -আদিত্য জ্যোতি বৰঠাকুৰ

আপোনালোকে ক’লে চাগৈ বিশ্বাস নকৰিব, কিন্তু এই সংস্কৃতৰ বাবেই সেইদিনা আমাৰ Bijoy Mahanta গোট ৰাতিটো বাৰাণ্ডাত শুব লগা হ’ল । মানে হ’ল কি, তেওঁৰ সহধৰ্মিনীয়ে পৰীক্ষাৰ বহী চাই আছিল । কিন্তু ফোপজহী মৰাত ওস্তাদ মহন্তই হঠাতে আহি তেওঁৰ শ্ৰীমতীক প্ৰশ্ন এটাৰ উত্তৰ ভুলহৈ থকা বুলি এসোপামান কথা শুনালে । বিজয় মহন্তৰ মতে হেনো “তমসো মা জ্যোৰ্তিগময়” ৰ অৰ্থ “তুমি শোৱা মা, মই জ্যোতিৰ ঘৰলৈ যাওঁ ।” ☆ ★ ☆ ★ ☆

Read more

কৌতুক-ৰিণ্টুমনি দত্ত

বাপেক :- এইবাৰ যদি অংকত ভাল নম্বৰ নাপাৱ মোক পাপা বুলি নামাতিবি  পৰীক্ষাৰ ৰিজাল্টৰ পাছত বাপেক:- অংকত কিমান নম্বৰ পালি  পুতেক :-  মাথা নাখাবি যোগেন,তই বাপেক হোৱাৰ যোগ্যতা হেৰুৱাই পেলাইছ ৷ ☆ ★ ☆ ★ ☆

Read more

কৌতুক – কৃষ্ণ দাস

শিক্ষক : – ছাত্ৰ সকল , প্ৰতিজ্ঞা কৰাঁ জীৱনত কেতিয়াও মদ , চিগাৰেত নাখাওঁ বুলি ছাত্ৰ -: – নাখাওঁ , কেতিয়াও নাখাওঁ ! শিক্ষক :- কেতিয়াও ছোৱালীৰ পিছত নপৰোঁ ছাত্ৰ :- নপৰোঁ । শিক্ষক :- ছোৱাীৰ লগত দোস্তি নকৰোঁ । ছাত্ৰ :- নকৰোঁ কেতিয়াও । শিক্ষক : – দেশৰ কাৰনে প্ৰাণ দি দিম ! ছাত্ৰ :- দি দিম চাৰ, এনেকুৱা জীৱন এটা জীয়াই থাকিনো কি কৰিম ?? *****

Read more

কৌতুক- বিনীতা বৰশইকীয়া

:তুমি বনোৱা ৰুটি খাই কিযে ভাল লাগে । কেনেকৈ ইমান কোমল হয় নো ? : কোমল ? কোমল হয় ন ? হ’বই। আটাখিনি তুমি বুলি ভাবাবে ভাবি মথি থাকোঁ। উতলা গৰম পানী দিওঁ। দাঁতকেইটা কৰচি কৰচি গালি পাৰিও  থাকোঁ। সেইটোৱেই ৰুটি কোমল হোৱাৰ চিক্ৰেট। ******************************** : কাষলৈ আহা : আৰু অলপ : আৰু অলপ কাষলৈ আহা : আৰু অকণমান  উস্ ৰাম ! এইজনী ! ইমান দূৰৰ পৰা মই কি ওকণিজনী ধৰিব পাৰোঁ নেকি ? ☆ ★ ☆ ★ ☆

Read more

কৌতুক – পদ্মলোচন ভৰদ্বাজ

পতি পত্নী ৰাতি বিয়া খাই ঘৰ পাইছেহি। দেৰি হোৱা বাবে পত্নীৰ অলপ অলপ খং উঠি আছিল। পত্নী: চাওঁ মোক চাবি দিয়ক আৰু আপুনি টৰ্চ ধৰক। জবৰদস্তি তলা খুলিবৰ চেষ্টা চলিল প্ৰায় তিনি মিনিট মান।  তলা নোখোলেহে নোখোলে। পত্নীৰ খং তুঙ্গত উঠি হিমালয় পাইছে। পতি: মই চেষ্টা এটা দিওঁ ! পত্নী: পাৰে যদি খোলক। মই টৰ্চ ধৰোঁ। লাহেকৈ চাবি লগাওঁতেই তলাটো খুলিল। পতিয়ে পত্নীৰ ফালে চালে, পত্নী: এতিয়া গম পালে নহয় টৰ্চ কেনেকৈ ধৰিব লাগে। ☆ ★ ☆ ★ ☆

Read more

কৌতুক -আদিত্য জ্যোতি বৰঠাকুৰ

জাৰকালি মাজনিশা। পত্নী – হেৰি উঠাচোন,,,, নিগনিয়ে কিবা এটা কুটি আছে ,,, কট কট কৰি আছে কিবা এটাই…। পতি – তোমাৰ মূৰটো… লেপখন গোটেইখন তুমিয়ে টানি নিছা, মই আছোঁ লেপৰ বাহিৰত, ঠাণ্ডাতে মোৰ দাঁত কেইটাই কট কটাই আছে। ☆ ★ ☆ ★ ☆

Read more

কৌতুক-ভাস্কৰজ্যোতি আৰান্ধৰা

চৰকাৰে নিৰ্দেশ এটা জাৰি কৰিলে!! দুচকীয়া বাহন চলাওঁতে ড্ৰাইভাৰ মহিলা বা পুৰুষেই হওক হেলমেট পৰিধান কৰাটো জৰুৰী । এই খবৰটো শুনি পত্নীয়ে আলমিৰাটো খুলি কৈছে – “হে ভগৱান!! এতিয়া ইমানবোৰ মিলোৱা হেলমেট  কিনিব লাগিব…..!” এই কথাটো পতিয়ে শুনাৰ পাছত ঘৰৰ স্কুটিখনেই বিক্ৰী কৰি দিলে। ☆ ★ ☆ ★ ☆

Read more
1 2 3 4 32