ফটাঢোল

মিষ্টাৰ নটোৱাৰলাল-হেমন্ত কাকতি

যদিও বিশ্বকাপ ফুটবলত ভাৰতবৰ্ষই এটাও টীম পঠিয়াবলৈ সক্ষম হোৱা নাই, (মানে ‘কোৱালিফাই’ কৰিব পৰা নাই) কিন্তু ভাৰতবর্ষক ‘বিশ্বগুৰু’ বুলি কোৱাৰ বহুত থল আছে৷ তাৰে অন্যতম এটা কাৰণ হিচাবে মিষ্টাৰ নটোৱাৰলাল ওৰফে মিথিলেছ শ্ৰীবাস্তৱৰ কথাই ক’ব পাৰি যিয়ে বিশ্ব ইতিহাসৰ ‘সৰ্বশ্ৰেষ্ঠ’ দহজন ঠগৰ ভিতৰৰ এজন বুলি নিজৰ নাম ইতিহাসৰ পাতত সোণালী আখৰেৰে লিখি গৈছে৷ সৰুসুৰা ঠগামী নহয়, জানি আচৰিত হ’ব যে তেওঁ তাজমহলক তিনিবাৰ, লালকিল্লাক দুবাৰ আৰু আনকি ভাৰতৰ পাৰ্লিয়ামেণ্ট ভৱনটোকে এবাৰ বিক্ৰী কৰি দিছিল৷ আন্তৰ্জাতিক অপৰাধ বিশেষজ্ঞসকলৰ মতেও মিষ্টাৰ নটোৱাৰলাল

Read more

গ্ৰন্থ সমালোচনা-অভিজিত কলিতা 

(স্বনামধন্য ভ্ৰমণকাহিনী লিখক দেৱজিত শৰ্মালৈ কৃতজ্ঞতাৰে)  আপোনালোকে সকলোৱে জানেই, ফটাঢোল অসমীয়া ভাষা সংস্কৃতি সাহিত্যৰ হৈ নিজ নিজ ফটাঢোল কোবাব খোজা সকলৰ বাবে আজিৰ দিনত একমাত্ৰ বিশ্বাসযোগ্য প্লেটফৰ্ম। ফটাঢোলে অনুভৱ কৰে, অসমীয়া জাতিয়ে হোৱাই নোহোৱাই নিজৰ ফটাঢোল কোবাব নজনা বাবেই আজি ভাৰতভূমিত নিজৰ অস্তিত্বক লৈ সংকটত ভুগিব লগা হৈছে। আমি বুজি উঠিছোঁ যে আমাৰ পৰোচী ৰাজ্যৰ বাসিন্দাসকলৰ দৰে প্ৰচণ্ড আত্মবিশ্বাসেৰে নিজ নিজ ফটাঢোল কোবোৱাৰ প্ৰচেষ্টাইহে আমাক আমাৰ অধিকাৰ আৰু প্ৰতিষ্ঠা দিয়াব পাৰিব। আজিকালি ফটাঢোল কোবোৱাৰ যুগ, যি কোবাব নোৱাৰে সি গোল্লাই

Read more

দুটা জমনি অভিজ্ঞতা-নয়নমণি হালৈ

(১) ট্ৰেইন বুলি ক’লে মোৰ অভিজ্ঞতাৰ অন্ত নাই৷ শনিবাৰে সন্ধিয়া ট্ৰেইনত উঠিয়েই ঘৰমুৱা হওঁ, আকৌ সোমবাৰে ৰাতিপুৱা গুৱাহাটীৰ কৰ্মস্থলী পাওঁ ট্ৰেইনত উঠিয়েই৷ বছৰৰ পিছত বছৰ এনেকৈয়ে চলি আছে৷  বহুবছৰ আগৰ কথা৷ এবাৰ কি হ’ল! ৰঙিয়াৰপৰা মই ঘৰলৈ যাব লাগে৷আধাঘণ্টাৰ বাট৷ ঘড়ী চাই দেখিলো ৭-৩০ বজাৰ পেচেঞ্জাৰখন ৰঙিয়া আহি পাবৰ হৈছে৷ দৌৰি দৌৰি ষ্টেচন পালো৷ ষ্টেচনত দেখিলো পেচেঞ্জাৰখনে দীঘলকৈ উকি এটা মাৰি চলিবলৈ আৰম্ভ কৰিছেই৷ ইষ্টদেৱতাক স্মৰণ কৰি কিবাকৈ ট্ৰেইনখনত জাপ মাৰি উঠিলোঁ৷ চকু দুটা মুদি কিছুপৰ ফোপাই-জোপাই চকু দুটা মেলি

Read more

এখন আধৰুৱা ৰম্য-ৰচনা-ভাস্কৰ জ্যোতি বৰুৱা

‘দাদা কওক’ ম’বাইলৰ স্পীকাৰ হৈ মোৰ কাণৰ ভিতৰলৈ গতি কৰা সেই চিনাকি শব্দ দুটাত কিবা এটা আত্মীয়তা আছে। অত দিনৰ মূৰত ফোন। দুটা ৰিঙৰ পাছতেই ফোন ৰিচিভ কৰি এনেকৈ আৰম্ভ কৰিছে যেন সঘন যোগাযোগৰ মাজতে আমি আজিও আছোঁ। মনটো ভাল লাগি গ’ল। ‘কেনে আছা বীৰেন?’ ‘মোৰ নাম লৈ কিবা লিখিবলৈ লৈছে ন?’ লাজ লাগি গ’ল। ইমান দিন সম্পৰ্কহীন হৈ থাকি হঠাৎ ৰাতি ৯ বজাত কৰা ফোনটোৰ উদ্দেশ্য বীৰেনে ইতিমধ্যেই উলিয়াই পেলাইছে। লাজ পালেও লাজ নলগাৰ দৰে থাকি নিজৰ উদ্দেশ্য সাধন

Read more

সোনোৱালী_শৈশৱ-চিত্ৰলেখা দেৱী      

সৰু কালত আইতাৰ লগত অ’লৈ- ত’লৈ যোৱাৰ কথা আগতে লিখিছোঁ।‌ আজি আৰু কিছু কথা মনত পৰিছে। এইবাৰ তিনিচুকীয়ালৈ ওলাইছোঁ, তাকো ৰেলগাড়ীত। অলপ মজাৰ কথানে? আইতাৰ ডাঙৰ নাতিনীয়েকৰ  (জীয়েকৰ জীয়েক) বিয়া। এনেই বুঢ়ী নাচনী, তাতে নাতিনীয়েকৰ বিয়া। আইতাক পায় কোনে?  বিয়ালৈ  ভালেমান দিন থাকোঁতেই  টালি-টোপোলা বান্ধি ওলাল। তাৰে এটা টোপোলা আক’  মই। মোৰ বয়স পাঁচ বছৰমানহে বোলে (মায়ে কৈছিল পাছত)। সেইকাৰণে মোক যাবলৈ নিদিয়ে, তাত আইতাক আমনি কৰিমগৈ বুলি। আইতায়ো নেৰে মোক, লগত নিবই। মনে মনে ফুচুলাই আছে। মাক কৈছে, :

Read more

ৰিণি আৰু দুৱাৰৰ বাৰ্তালাপ – কেৰেক্- কুমকুম শৰ্মাবৰুৱা

ৰিণি: উস্! এইখন কটা বতাহত খুলি খুলি যায়। নতুন গামোছাখন লগাই থৈছিলোঁ নিলে কোনোবাই সেইখন। দুৱাৰ: সেইখন নতুন গামোছা মোৰ গাত লগাবলৈ আৰু কাপোৰ নাপালা। খালী কোঠাটোতে মাৰাই মনে মনে সাৰি-মুচি থাকে বুলিহে। ৰিণি:এস্! মই কৰা তই ক’ত দেখিবি। মানুহবোৰ চাই ঠৰঙা দি থাকিবি। তেনেকৈয়ে থাক। দুৱাৰ: এই, মই মোৰ কাম ঠিকেই কৰি আছোঁ। সেইবুলি কোঠাটোত বতাহ সোমাবলৈ খিৰিকীও নুখুলিলে, দুৱাৰো নুখুলিলে বতাহখিনি তোমালৈকে বেয়া হৈ পৰে। ৰিণ: এই নুশুন নি, সিঘৰত কিমান হুলস্থূল হৈ থাকে। মই পঢ়িব পাৰোঁ নেকি?

Read more

ৰচনা-ৰূপাঞ্জলী ডেকা

ৰচনা এখন লিখিবলৈ ল’লো । বিষয়বস্তু হিচাপে কি বাচি লওঁ তাকেই গুণাগঁথা কৰি আছিলো,হাততে ফণীখন লৈ চুলিৰ জোঁট সামৰি।হঠাতে মিচিকিয়া হাঁহি এটা ওঁঠত বিৰিঙি উঠিল।যেন কিবা এটা বৰ সাংঘাতিক বিষয়বস্তুৰহে উৎঘাটন কৰিলো।পিছে অহৰহ আমি প্ৰত্যেকেই আদৰ কৰি সৌষ্ঠৱ ম্লান নহ’বলৈ কৰা চেষ্টাৰ আঁৰত থকা আমাৰ নিজৰ এবিধ বস্তু আছে আৰু যাক নিৰ্বাচন কৰিলো ৰচনাৰ বিষয়বস্তু হিচাপে।পিছে সেয়ানো কি?নিঃসন্দেহে প্ৰশ্ন উঠিছে নহয়নে?আন একো নহয় আমাৰ চুলিখিনিহে ।। এতিয়া পিছে কাৰ চুলিৰ কথানো লিখিম!আচলতে মোৰ নিজৰেই অদ্ভুত চুলি কেইডালৰ কথাহে লিখিবলৈ ল’লো।

Read more

বিপদৰ বন্ধু-ঋতুপৰ্ণ শৰ্মা

আজি বহুদিন হ’ল ধ্যানমগ্ন ঋষিৰ দৰে আছোঁ মই। পিচে মোৰ ধ্যানে কাকো স্পৰ্শ কৰিব পৰা নাই। কাৰণ দিনে দিনে এলাগী হৈ পৰিছোঁ মই। বাৰীৰ এটা কোণত থিয় হৈ থকা মোক আজি কাৰোৰে প্ৰয়োজন নহয়।  এটা সময় আছিল… যেতিয়া মোক সকলোৰে প্ৰয়োজন আছিল। ৰাতিপুৱা শুই উঠাৰে পৰা ৰাতি শুবলৈ যোৱালৈকে মোক সকলোৱে বিচাৰিছিল। এদিনো যদি মই মোৰ কোনো অংশ বিকল হোৱাৰ বাবে অক্ষম হৈ পৰোঁ, গোটেই পৰিয়ালৰ মানুহবোৰৰ মাজত হাহাকাৰ লাগি গৈছিল। মোৰ অবিহনে সকলো অসহায় হৈ পৰিছিল। মোক কাৰ্যক্ষম কৰি

Read more

চিকতা দিৱসৰ চিকতা কথা- গায়ত্ৰী গোস্বামী অধ্যাপক 

আজি বোলে কি কয় “বিশ্ব মিতব্যয়ী দিৱস”, মানে আমাৰ চিকতা দিৱস তিৰিশ অক্টোবৰ। দিনটো কিবা নিজৰ নিজৰ লাগি গৈছে যদিও ডাল দৰিদ্ৰই কৰাইচ হৈ কৰিছোঁনো কিতো চাওঁচোন আহক।  চিকতা হোৱাটোও কমখন মেহনতী কাৰবাৰ নহয় কিন্তু।  এইযে শুই উঠিয়েই মুখখন ধুবলৈ টুথপেষ্টটো লওঁ, সেইটোত কেনেবাকৈ অলপো থকাকৈ পেলাই নিদিয়াৰ পণ কৰা আছে। সেইবোৰেই প্ৰথমতে আঙুলিৰে যিমান পাৰোঁ চেপোঁ, পিছদিনা আঙুলি বাদ দি কটাৰীখনেৰে চেঁপি খুন্দি উলিয়াই নিজেই নিজৰ কৃতিত্বত গৰ্ব কৰোঁ।  এইকণ গৰ্ব বহু দিনৰ পৰাই কৰি আহিছিলোঁ।  এদিন বাটেদি আহোঁতে

Read more

প্ৰাৰ্থনা মঞ্জুৰী-যোগেশ ভট্টাচাৰ্য 

: হে’ৰা চিত্ৰগুপ্ত, যমৰ তালৈ পঠিয়াব লগা অধমকেইটাৰ নামৰ লিষ্টখন মেইল কৰিলা নেকি? লেপটপটোৰ স্ক্ৰীণত চকু ফুৰাই ভগবানে সুধিলে। : নাই ৰ’ব প্ৰভু, আৰু দুটা ফাইল আছে। : ঠিক আছে তেনেহ’লে। সেই দুটা ফাইলৰ কাম হ’লে প্ৰাৰ্থনা মঞ্জুৰীৰ ফাইল এটা আছে। আজিৰ দিনটোৰ লাষ্ট এইটো। মই আকৌ এবাৰ চকু ফুৰাই চাই লওঁ। ইম্পৰ্টেণ্ট ফাইল এইটো। “অ’কে প্ৰভু” বুলি কৈ চিত্ৰগুপ্তই লেপটপত টাইপ কৰিবলৈ ধৰিলে। এইবোৰ চিত্ৰগুপ্তৰ সদায় কৰা কাম। ভগবানৰ মুখ্য সচিব হোৱা হেতুকে বেচ অভিজ্ঞতা হৈছে। কিছুমান কাম কাজ

Read more
1 2 3 4 84