ফটাঢোল

মিলন – উৎপলা কৌৰ

বাহিৰত দপদপীয়া বৰষুণ দি বতৰটো ঠাণ্ডা কৰি তুলিলেও ঘৰখনৰ ভিতৰভাগৰ উষ্ণতা ক্ৰমান্বয়ে বাঢ়িছিলহে!  মাক আৰু জীয়েকৰ তৰ্কা-তৰ্কিয়ে উষ্ণতা বঢ়াইছিল ৷ তেতিয়া পুৱা নমান বাজিছিল ৷ – ‘তই সেইটোক ভাল পালি বুলিয়েই তোক তালৈ দিব নোৱাৰোতো! ক’ৰ ঘোকোট গাঁৱত ঘৰ তাৰ৷’ – ‘সেইবোৰ মোক কৈ লাভ নাই৷ তাক মই কথা দিছো, কেতিয়াবা বিয়া হওঁ যদি তাৰ লগতে হ’ম!’ – ‘যি কৰ কৰি থাক!’  বুলি সুৰমায়াই ৰাউচি জুৰি কান্দিবলৈ ধৰিলে৷ সুৰমায়াৰ কান্দোনটো বৰ শ্ৰুতিকটু৷ আনকি জীয়েক ৰসিকাও মাকৰ কান্দোনত তিষ্ঠিব নোৱাৰি কেতিয়াবা

Read more

ধানখেৰৰ বিজনেছ – ৰঞ্জু শৰ্মা

কেইদিনমান আগেয়ে জকাইচুকৰ নগেন গৈছিল চহৰলৈ৷ ..প্রথমবাৰৰ বাবে৷ ..গৈছিল মানে একেখন গাৱঁৰে তপন বোলাটোৱে লৈ গৈছিল৷ নহলেনো আৰু গাৱঁৰ জাতিবাহ কেইজোপাকে পৃথিৱীৰ আটাইতকৈ ওখ বস্তু বুলি ভাৱি থকা নগেনে নিজে কেতিয়া চহৰলৈ গৈ পাইছে? … শৈশৱৰ নলে-গলে লগা বান্ধৈ তপন আজি দুবছৰমানৰ পৰা চহৰতে আছে৷ কিবা হেনো বিছিনেছ কৰে৷ কি বিজিনেজ কৰে ঘৰখনৰ মানুহকে ধৰি গাওঁখনৰ কোনো এজনেও ঘূণাক্ষৰেও নাজানে, হলেও কি্নতু তাৰ উপার্জনো ভাল৷ ৰাইজে দেখিছেও৷ যোৱাবেলি পূজালৈ বুলি ঘৰলৈ আহোতে ঘৰৰ আটাইকেইজনলৈকে বুলি যি ধুনীয়া, ৰঙ-চঙীয়া কাপোৰৰ টোপোলাবোৰ

Read more

ৰণভংগ – নয়নমনি হালৈ

তেতিয়া মই কলেজত পঢ়ি থকা ল’ৰা৷ নতুনকৈ দাঢ়ি-মোছ গজিবলৈ আৰম্ভ কৰিছে, মনত ‘ডেকা ডেকা’ ভাব৷ কলেজত সোমাই প্ৰথমে একঘণ্টামান আড্ডা পিতোঁ, তাৰপিছত মন গলে ক্লাছত বহি হামিয়াই-হিকটিয়াই থাকোঁ৷ সেই সময়ৰে কথা, এদিন কেইটামান দাদা-দাদা টাইপৰ, চিনেমাৰ হিৰোৰ ষ্টাইলত থকা ল’ৰাৰ লগত বহি আড্ডা পিটি আছোঁ কলেজৰ মাজতে থকা ডাঙৰ গছডালৰ তলত৷ এনেতে এটা লেংপেং কৰে ওখ, কেটেৰ মেটেৰ চেহেৰাৰ ল’ৰা এটাই দৌৰি আহি ‘দাদা দাদা মোক মাৰিলে’ বুলি কান্দিব ধৰিলে৷ সি কয় আৰু কান্দে৷ আমি বোলো ‘কি হ’ল ভালকৈ ক’৷

Read more

দ্যা অ’পেন উইণ্ড’ – মেঘালী দিহিঙ্গীয়া

“এয়া ল৷ বোকাখাতত আৰু গাড়ীৰপৰা নামিব নালাগে, একেবাৰে জখলাবন্ধাতে কিবা এটা খাই লবি৷” বাছৰ খিৰিকীৰে ডাঙৰদাই টোপোলা এটা আগবঢ়াই দিলে৷ দুটা চিপচৰ পেকেট, এটা মেংগ জ্যুচৰ বটল আৰু এপেকেট বাদাম… গোটেইকেইটাই মোৰ পচন্দৰ বস্তু৷ বিশেষকৈ অলপ দূৰলৈ বুলি যাত্ৰা কৰোতে বাছত উঠিয়ে প্ৰথমে মই এইকেইটা বস্তুৱে গোটাই লওঁ৷ যাত্ৰাৰ বিৰক্তিও কমে, পেটৰ ভোকো গুচে৷ ডাঙৰদাই জানে, সেয়ে মই নোকোৱাকৈয়ে আনি দিছে৷ “এভ’মিন এটা আনি দিওঁ নেকি? “ সদায়ে সোধাৰ দৰে ডাঙৰদাই আজিও সুধিলে৷ “নালাগে হেৰৌ, এভ’মিন আকৌ কিয়? মোৰ দেখোন

Read more

বিশ্বাসঘাতক – মাধুৰীমা ঘৰফলীয়া

গা শাঁত পেলাব পৰাকৈ বতাহ এজাক বলি আছিল৷ ৰুমাল এখনেৰে মুখখন মচি হাফলুটোত ভাল চাই জেগা এটুকুৰা বিচাৰি তাই বহি ল’লে৷ এইয়া তাইৰ আজৰি সময়৷ অকণমান বিলাস কৰা সময়৷ ঘামেৰে শৰীৰটো চপচপীয়া হৈ গৈছিল আৰু নহ’বনো কিয় যিহে গধুৰ বস্তুটো নি ঘৰত থৈ আহিব লগা হৈছিল৷ হাতখনলৈ চালে এতিয়াও ক’লা পৰি আছে৷ ৰুমালখনেৰে হাতখনো মচি কঁকালত মেৰিয়াই থোৱা পেটিডালৰ পৰা বিস্কুট অকণমান উলিয়ালে৷ বিস্কুটকণ দেখিয়েই লেলাউটিবোৰ নিয়ম নমনা গৰু ম’হৰ দৰে ওলাই আহি গাটো তিয়াই পেলালে৷ তাই লাহেকৈ বিস্কুট টুকুৰাৰ

Read more

আমাৰ এওঁ – -দ্বিজেন তামুলী

সাদৰী মহিলা সকলে যে নিজৰ গিৰিহঁতৰ নাম নকয় তাৰে এটা সৰু উদাহৰণ ৷ ঘটনাটো এনে ধৰণৰ… গুৱাহাটীত কাম খিনি শেষ কৰি ঘৰলৈ উভতিম আৰু৷ এওঁ কলে সময় আছে পাটিৰি দাৰ ঘৰত এপাক সোমাই যাওঁ বলক, তেখেতে বৰকৈ কৈ আছে৷ ময়ো ভাবিলো এপাক মাৰিয়ে যাওঁ৷ সময় আবেলিৰ বেলি পশ্চিম আকাশত লুকাই সাধাৰণ এন্ধাৰ নামি আহিছে৷ গৈ পোৱাৰ লগে লগে পাটিৰি দাই আথে বেথে ভিতৰলৈ নি বহিবলৈ দিলে৷ পৰিবেশটো বৰ ভাল লাগি গৈছিল মোৰ৷ গোঁসাই ঘৰত পাটিৰি দাৰ বৌৱে ধূপ চাকি জ্বলাই

Read more

চেন্দেল ফিল’ছফি – সুশান্ত কৃষ্ণ শৰ্মা

ঘৰৰ বাৰাণ্ডাৰ পকাতে বহি উডলেণ্ডৰ পুৰণি চিগা চেন্দেল এযোৰ ফেভিকুইক লগাই মেৰামতি কৰি আছোঁ৷ পৰিবাৰে চকীতে বহি মোৰ কাৰবাৰটো চাই আছিল৷ হঠাতে মই এটা কথা ভাবি পালোঁ৷পৰিবাৰক ক’লো- : “চোৱা তুমি যে মোক মোৰ কথা-কাণ্ড দেখি চেনিমাই আছে বুলি সন্দেহ কৰা, থাকিব পাৰে, কিন্তু সেইবোৰ দুদিনীয়া৷ যুগমীয়া কিন্তু তুমি হে ৷” পৰিবাৰে বোলে- “এইটো কথা মই কেনেকৈ মানি লওঁ, ওঠ টিপি টিপি মিচিক মিচিক কথা কোৱা মানুহ কি বস্তু মোৰ জনা আছে৷ “ মই বোলো-“ চোৱা, এইযোৰ চেন্দেল ব্ৰেণ্ডেড আছিল,

Read more

নিজৰ ফটাঢোল – প্ৰণীতা গোস্বামী বৰঠাকুৰ

নিজৰ ফটাঢোলটোকে বজাই চাওঁ বুলি ভাবি অভিজ্ঞতা এটা আগবঢ়ালো– হাঁহি নুঠিলে নিজে নিজে ভাকুট কুটাই লব৷ বিয়া এখন খাবলৈ ওলাইছো৷ আনদিনাৰ দৰেই মই সকলো জঞ্জাল মাৰি ওলাবলৈ লৈছো৷ আনসকল মানে মোৰ পেহী এগৰাকী, ভাইটি, বৰদেউতাৰ ল’ৰা দাদা এজন আৰু খুৰা ওলাই গাড়ীৰ ওচৰ পালেগৈয়ে৷ “হ’লনে -হ’লনে“ বুলি সুধিবলৈ লাগিলেই! ! উফ্, লৰালৰিকৈ কাপোৰ সাজ পিন্ধি লওঁতেই এক পঁচা পঁচা গোন্ধ নাকত লাগিলত উভতি চাই দেখো তিনিবছৰীয়া ছোৱালীজনীয়ে কোঠাৰ একোণত মুখখন জোঙা কৰি ৰৈ আছে! ! -“তোৰো এইসময়তহে লাগিবলৈ পায়নে““– বুলি

Read more

ই -ডিভোৰ্চ – পাপৰি দত্ত

সিদিনাখন আমাৰ ঘৰলৈ মোৰ এজনী পুৰণি অন্তৰংগ বান্ধৱী আহিছিল৷ দুয়োজনীয়ে বহুত দিনৰ মূৰত লগ পাই দিলখুলি বিন্দাচ কথা পাতিবলৈ লাগি গ’লো৷ কথা পাতোতে পাতোতে এই হাজবেণ্ড নামৰ মহাশয় সকলৰ কথাও ওলালে৷ তাই কৈ গ’ল তাইৰ হাজবেণ্ডে কি কি কথাত টং কৰে মানে দিগদাৰী, আমনি৷ ময়ো ক’লো কি কি মুচিবৎ হয়৷ মানে পাকঘৰ লেতেৰা কৰে, কাপোৰ-কানি বিশৃংখল কৰে৷ তাতোকৈও বেছি, মবাইল ফোনটো লৈ বহোতে তেওঁ নিজৰ ফোনটোৰ পৰা মেছেজ দি কব চাহ একাপ বনোৱা, আজি এইটোহে বনোৱা, কালি কব সেইটোহে বনোৱা,

Read more

বিয়ৈ মেল – মৃদুল কুমাৰ শৰ্মা

বেয়া হৈছে কথাবোৰ৷ তিতা গামোচাখন যেনিবা বিছনাত পেলাই থলোৱেই বা দিখৌ নৈখনতো কিবা বোৱাই দিয়া নাই৷ এই কথাটোকেনো কিটি পাৰ্টিত গাই ফুৰিব লাগেনে চেংৰা আপীকেইটাৰ আগত৷ নিজে দহটা বজালৈকে বিছনা নাপাৰি ফেচবুকাই থাকিব আৰু মোৰ খুঁত ধৰে বেটী৷ ৰহ দিম মজা এইবাৰ৷ ডাইমণ্ড নেকলেচ নহয় বিৰিণাৰ আঙুঠি এটাও নিদিওঁ এইবাৰ’- কৈলতাই চিয়েৰচ কৰিয়েই মুখখন বিকটাই কথাখিনি ক’লে৷ ’হয় দিয়ক কৈলতাদা৷ চাওকচোন টিভিৰ গুৰিত বহি বোলে জোতাযোৰ খুলিলো তাতেই অপৰাধ হ’ল মোৰ৷ বোলো হেৰৌ দিনৰ দিনটো দেখা নাই, মুখখন চাওঁ বুলিয়েই

Read more
1 2 3 4 7