ফটাঢোল

প্ৰস্তুতি পৰাশৰৰ বিয়াত – বিকাশ শইকীয়া

কটনত হায়াৰ ছেকেণ্ডাৰী পঢ়ি থকা সময়ৰ কথা ৷ অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ ভায়েক প্ৰবাহন পৰাশৰ আমাৰ লগত পঢ়ে ৷ বায়েকৰ বিয়া ৷ নিমন্ত্ৰণ পালো ৷ তাৰিখটো পাহৰিলোঁ। ঘৰৰ ওচৰৰ পাজৰৰ মানুহৰ আগত বুকু ফিন্দাই আছো ৷ প্ৰস্তুতি পৰাশৰৰ বিয়ালৈ যাম ৷ বিশ্বাস নকৰা কেইটাক বিয়াৰ নিমন্ত্ৰণী পত্ৰ দেখুৱাইছো ৷ মুঠৰ ওপৰত চেলিব্ৰেটি টাইপ ফিলিঙ আহি গৈছে ৷ নিমন্ত্ৰণী পত্ৰত উল্লেখ থকামতে অভ্যৰ্থনাৰ সময় বিয়লি দুই বজাৰ পৰা ৷ মই বহুত ‘পানচুৱেল’ মানুহ ৷ বেলতলাৰপৰা চিটিবাছত উঠি ১-৪৫ বজাত শিলপুখুৰী

Read more

খেতিৰ দিহা – অভিজিত কলিতা

অসমৰ কৃষি ক্ষেত্ৰখন বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত। কৃষক ৰাইজে তেজক পানী কৰি শ্ৰম কৰে কিন্তু উৎপাদনৰ উচিত মূল্য নেপায়। কিন্তু আমি অলপ চেষ্টা কৰিলেই এই সমস্যাসমূহৰ পৰা পৰিত্ৰাণ পাব পাৰো। এই ৰচনাত কৃষক ৰাইজৰ সহায়ৰ অৰ্থে কেইবিধ মান জনপ্ৰিয় শস্যৰ খেতিৰ সমস্যা বিলাক, তাৰ সমাধানৰ উপায় আৰু সামগ্ৰিক ভাৱে কৃষি পদ্ধতিটোৰ বিষয়ে উল্লেখ কৰা হৈছে। ইয়াৰ পৰা কৃষক ৰাইজ উপকৃত হব বুলি আশা কৰিব পাৰি।   ধান খেতি:- যিহেতু ধানেই অসমৰ প্ৰধান কৃষিজাত উৎপাদন, গতিকে ধানৰ খেতিৰ ওপৰত এই ৰচনাত বি‍‍শেষ গুৰুত্ব

Read more

নৌকা-বিহাৰ – মানৱেন্দ্ৰ কুমাৰ শৰ্মা

নলগা জেঙত লগা কাম কৰি বা গছত গৰু উঠা টাইপৰ কথা ভাবি কেতিয়াবা খুব ভাল লাগে ৷ আৰু জনাই জানে, এই অকৰাৰ এবাৰ যদি মৈত উঠে সহজে নামিব নুখুজে ৷ পিছে দুখৰ কথা দৰকাৰী কামতহে তেনেদৰে মৈত উঠা নহয় ৷ বহুবছৰ আগতে মোৰ মন গ’ল আমাৰ কাষৰ টিহু নৈত ভুটভুটী চলাবলৈ ৷ চলোৱা মানে সৈন্য-সামন্ত লৈ একেবাৰে ৰাজকীয় কায়দাত নৌকা বিহাৰেই ৷ আজিকালি এনে এটা ধাৰণাৰ প্ৰসাৰ প্ৰায়েই শুনো যদিও আমাৰ দৰে আওহতীয়া ঠাইত সেই সময়ত ই একেবাৰে গছত গৰু

Read more

বুলেটৱালা – পল্লৱী ভূঞা

বৰ্তমান সময়ত ৰ’য়েল এনফিল্ড বা বুলেট নামৰ বাহনখনে যি ‘ক্ৰেজ’ৰ সৃষ্টি কৰিছে সেয়া কেৱল পুৰুষ সমাজৰ মাজতেই সীমাবদ্ধ হৈ থকা নাই; বৰং মহিলাসকলৰ মাজতো সমানেই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। কি ফটাঢোলৰ বিয়নী-মেল, কিটি পাৰ্টি, কলেজৰ কেণ্টিন সকলোতে মাত্ৰ বুলেটৰ ক্ৰেজ। কলেজৰ লগৰজনীয়ে আনখন কলেজৰ অমুকৰ লগত যি ষ্টাইলত ৰঙীণ চছমা পিন্ধি মহাৰাণীৰ দৰে বুলেটত উঠি যায় দেখিলে লগৰ কেইজনীৰ গাতো কিবা বিছাই ডকা দি ডাকে৷ তাতে আকৌ আমাৰ শ্ৰদ্ধা-আলিয়াহঁতে বলিউডী চিনেমাত যিবোৰহে কৰি দেখাইছে, সেইবোৰ দেখি-শুনি ময়ো যে কিমানবাৰ সপোনতে

Read more

মইবৰ – প্ৰণীতা গোস্বামী বৰঠাকুৰ

“চকু মুদা কুলি”ৰ দৰে থাকিলোৱেই যেনিবা মই, “চল চাই কঠিয়া পৰা”ত ওস্তাদ কিয়নো তই !! “বাটৰ কচু গাত ঘঁহি” ভাল নাপাওঁ মই, “নলগা জেং” ত সোমাবলৈ যাৱনো কিয় তই! বেছি পয়মাল দেখিলেই মই “টুপাই বুৰ মাৰো”, “চুঙা চাই সোপা”টো মাৰিব নাজান কিয়নো বাৰু! “আপোন ভালেই জগত ভাল” বুলি আত্মতুষ্টি কৰোঁ “গছত উঠাই গুৰি কাটিব”লৈ অলপো কেৰেপ নকৰোঁ। “কটা ঘাঁত চেঙাতেল” দি কি যে লাগে মজা, “জ্বলা জুইত ঘিঁ” ঢালি তাতোকৈ সুখৰ মেলা । “আঠুৱা চাই ঠেং মেলি”বলৈ জ্যেষ্ঠজনে কয় বণিজলৈ

Read more

বে-ৰে-কিং নিউজ – মনজিত

যোৱা কালিৰ ঘটনা… ফেচবুকৰ লগত নিৰৱচ্ছিন্নকৈ ওতঃপ্ৰোতভাৱে জড়িত এগৰাকী সুজলা সুফলা শস্য শ্যামলা ষোড়শী যুৱতী মানে আমাৰ এঞ্জেল তুলতুলিয়ে পুৱাতেই দিয়া “#GD_Mrng_GUYzzzz ” বোলা আপডেটটোৱে নগদ এঘণ্টালৈকে এটাও লাইক কমেণ্ট নোপোৱাত যুৱতীগৰাকী বেয়াকৈ হতাশগ্ৰস্ততাত ভুগি অত্যন্ত ফ্ৰাষ্ট্ৰেটেড হৈ বেহুচ অৱস্থাতে ক’মাত গুছি যায়। হাতত ইচমাৰ্ট ফোন খামুচি থকা অৱস্থাতে তেওঁক ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ “#I_See_You” ত ভৰ্তি কৰোৱা হয়….। বিচাৰ্য্যৰ বিষয় হৈছে যে নিতৌ “#Gd_Mrng” আৰু “#Gd_N8” বুলি আপডেট দি কমেও ৫oo/৫৫০ টা লাইক আৰু ১২০/১২৫ টা কমেণ্ট লোৱা যুৱতীগৰাকীৰ

Read more

এলিয়েন সুন্দৰী – অমিতাভ মহন্ত

এলিয়েন সুন্দৰী প্ৰতিযোগিতাৰ ছেমি ফাইনেলিষ্ট ‘কিৰিন’ পৃথিৱীৰ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ধৰাতললৈ আহিল৷ এই প্ৰতিযোগিতা ক’ত হ’ব, কেনেকৈ ৰেজিষ্ট্ৰেচন হ’ব কিৰিনে একো নাজানে ৷ কেৱল এলিয়েন সুন্দৰী প্ৰতিযোগিতাত বিজয়ী হ’ব নোৱাৰাৰ পোতক তুলিবলৈ কিৰিনে পৃথিৱীলৈ ঢাপলি মেলিছে ৷ কিৰিনে এফনেটৰ ত্ৰুগুলত চাৰ্চ কৰি চালে নিশ্চয় গোটেই খবৰখিনি পালেহেঁতেন, কিন্তু লৰালৰিৰ কোবত তাইৰ সময়েই নহ’ল ৷ কিৰিন আহিছে টৰেণ্ট গ্ৰহৰ পৰা ৷ এই গ্ৰহৰ প্ৰাণী সাধাৰণতে অতি বুদ্ধিমান, তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত অতি আগবঢ়া ৷ কিন্তু কিৰিন অলপ ব্যতিক্ৰম, তাইৰ বুদ্ধি

Read more

ঠিকনাহীন বাৰ্তা – তুলিকা সোণোৱাল

ল’ৰাটোক ভাল লাগিছিল মোৰ৷ মিঠা বৰণৰ অল্পভাষী, অলপ ওখকৈ লৰাটোক প্ৰথম দেখোতেই একেবাৰেই প্ৰেমত পৰিলো। মানে লাভ ইন ফাৰ্ষ্ট ছাইট। তেতিয়া মই স্নাতক দ্বিতীয় বৰ্ষৰ ছাত্ৰী। হোষ্টেলত থাকিয়েই কলেজলৈ অহা-যোৱা কৰিছিলো। মায়ে ফোন কৰি জনালে পেহীদেউৰ ল’ৰাজন মানে আমাৰ বিতুদা আহিছে বন্ধু এজনৰ লগত। বন্ধুজন বোলে আমাৰ চাৰিওকাষে থকা বিলবোৰৰ কিবা পৰ্যবেক্ষণৰ কামত আহিছে, কেইদিনমান থাকিব আমাৰ ঘৰত। মই বিশেষ গুৰুত্ব নিদিলোঁ। ঘৰলৈ খুউব মনত পৰাৰ বাবে শনিবাৰ এটাত ঘৰলৈ আহিছিলোঁ সেইকেইদিনতে। কিতাপৰ বেগটো টেবুলত থ’ব খুজিও ৰৈ গ’লো। মোৰ

Read more

চাওঁ হাঁহি এটা দিয়কচোন – মৃদুল কুমাৰ শৰ্মা

সৰুতে ক’ৰবাত পঢ়িছিলো, বোধহয় ড° মহেন্দ্ৰ বৰাৰ আত্মজীৱনী ‘উপলা নদীৰ দৰে’খনত ৷ এইখন এখন সকলোৱে পঢ়িবলগীয়া কিতাপ ৷ সৰুতে খুব কিতাপ পঢ়িছিলো আৰু মন চুই যোৱা কথা কিছুমান সৰু বহী এটাত টুকি থৈছিলো ৷ এনেদৰে টুকি থোৱা কথাবোৰ ছমাহে বছৰেকে পঢ়ি প্ৰতিবাৰতে নতুন নতুন ধৰণেৰে চিন্তা কৰিছিলো ৷ বৰষুণৰ বতৰত সাধাৰণতে বেছিকৈ পঢ়া হৈছিল ৷ বাচি বাচি কিতাপ কেইখনমান উলিয়াই লওঁ আৰু কোনখন প্ৰথমে পঢ়িম আৰু তাৰপিছত কোনখন পঢ়িম, সেইখন পঢ়া শেষ হ’লে কোনখন পঢ়িম এনেকৈ এঘণ্টামান চিন্তা কৰি লৈ

Read more
1 2 3 4 6