ফটাঢোল

অভিনেতা জয়ন্ত দাসৰ সৈতে এটি সন্ধিয়া

অসমৰ অভিনয় জগতৰ এক চিনাকী আৰু জনপ্ৰিয় নাম, কৰ্মই যাৰ পৰিচয় তেঁৱেই হৈছে অভিনেতা জয়ন্ত দাস৷ অভিনয় জগতত তেওঁৰ কৰ্মৰাজিয়ে তেওঁৰ ব্যক্তিত্বৰ সুন্দৰ ব্যাখ্যা দাঙি ধৰিছে৷ কৰ্মনিষ্ঠা আৰু প্ৰচেষ্টাৰ ওপৰত বিশ্বাস ৰাখি জীৱনৰ বাটত অগ্ৰসৰ হোৱা জয়ন্ত দাস কেৱল এজন অভিনেতাই নহয়, তেওঁ এজন ৰঙিয়াল আৰু অমায়িক ব্যক্তি৷ “মুকুতা” চলচিত্ৰত শিশু অভিনেতা হিচাপে অভিনয় জীৱনৰ পাতনি মেলা এইজনা ব্যক্তিয়ে তেওঁৰ অভিনয়ৰ যাত্ৰা পূৰ্ণ ৰূপত আৰম্ভ কৰে কলেজীয়া জীৱনতহে। তেওঁৰ কৰ্মজীৱনৰ বিষয়ে পাঠকক কিছু কথা জনোৱাৰ উদ্দেশ্যৰে ই-আলোচনী “ফটাঢোলৰ” তৰফৰ পৰা

Read more

সম্পাদকীয় – চবিনা ইয়াচমিন

  “যি জীৱনত বজ্ৰ কঠোৰ দুখ-বেদনা নিৰ্য্যাতনৰ ঘোৰ বৰ্ষণ লাগি মত্ত মহৎ কাল বিজয়ী ৰুদ্ৰ লীলাৰ ভমক ভেদি অনল উঠে জাগি,….” “সেই জীৱনে কৰে কেৱল উৎপীড়নৰ অঙ্গ ছেদি জগত নিৰ৷” সময় আৰু কৰ্মৰেহে মানৱ জীৱনক জুখিব পাৰি৷ কোনো লোকৰ বাবে কাম্য সুখ সম্পদেৰে পৰিপূৰ্ণ এটি দীর্ঘ জীৱন। কিন্তু কেৱল উপভোগৰ বাবেই জীৱন নহয়। কৰ্মময় জীৱনহে প্ৰকৃত আৰু কাম্য জীৱন। তেনে জীৱনৰ ওজন সময়ৰ জোখৰ জীৱনতকৈ বহু বেছি। জগতত দীৰ্ঘায়ু লোকসকলেই খ্যাত নহয়। মৃত্যুৱেই তেওঁলোকৰ জীৱনৰ সীমা। যিসকলে সময় বালিত এটি

Read more

বোন্দা– হৰেকৃষ্ণ ডেকা

তাৰ শেষ বিজয়ৰ হাঁহি মই যে এটা বোন্দা জনা নাছিলোঁ ৷ মই নিজকে এজন লোক বুলি ভাবিছিলোঁ ৷ গিৰিহঁতনীৰ আৰামী চকীত মই বহিছিলোঁহে, গিৰিহঁতে গেঙেৰি মাৰি ক’লে, ক’ৰ এইটো লেতেৰা বোন্দা ! মই ক’লোঁ, মিয়াও, মানে মই এজন লোক ৷ তেওঁ ভাবিলে মই ভয় খাইছোঁ, আৰু তেওঁৰ লেতেৰা এখন ঠেঙেৰে (যাক তেওঁ ভৰি বুলি কয়) গুৰিয়াই দিলে মোক ৷ কিন্তু সঁচাকৈয়ে কৈছোঁ, তেওঁৰ ঠেঙ দুখন লেতেৰাই ৷ মই ক’লোঁ, নমস্কাৰ, মই এজন লোক ৷ তেওঁ শুনিলে মিয়াও আৰু চোঁচা লৈ

Read more

যি কম মিছা কম মিছাৰ বাহিৰে একো নকওঁ – দেৱজিৎ শইকীয়া

মানুহে কয়, “মিছা কথাৰ ঠেং চুটি” সেইটোও এটা গোকাট মিছা। আপুনিয়েই কওকচোন মানুহৰ ঠেং থাকে নে ভৰি? আৰু এনে এজন মানুহ মোক দেখুৱাই দিয়ক যাৰ মিছা কথা কোৱাৰ বাবে ঠেং চুটি হৈছে? আচলতে মিছাৰ লগত আমাৰ সম্বন্ধ জন্মৰ আগৰ পৰাই। মোৰ জীৱনত শুনা প্ৰথম মিছা কথাটো আছিল, মই জন্ম পোৱা নাৰ্চিংহোমৰ ডাক্তৰজনৰ। “নৰ্মেল নহয় ছিজাৰিন কৰিব লাগিব” বুলি মিছাকৈয়ে মাৰ পেটটো ফালি মোক উলিয়াই আনিলে। নাৰ্চিংহোমত মোৰ জণ্ডিজ হৈছে বুলি মিছাকৈয়ে এসোপামান মোক চেলাইন খুৱালে। খুৰা এজনে হস্পিতালত দেউতাক সুধিলে

Read more

ভাটৌ–অনুৰূপ মহন্ত

মই প্ৰথম শ্ৰেণীত পঢ়ি থকা সময়ৰ কথা। গাঁৱৰ ৰজহুৱা নামঘৰত ভাওনাৰ আখৰা চলিছে। আমিবোৰে আখৰা চাবলৈ নামঘৰত ভিৰ কৰিছোগৈহক। লগতে আমাকো কিবা কিবি এটা ভাও দিবলৈ কণ ককাইদেউক খাতিৰ কৰিছো। উপায় নাপাই কণ ককাইদেৱে আমাক ক’লে, – “ভাও দিবলৈ নাপালেও তহঁতক ভাওনাত ভাল কাম এটা দিম, আৰু ভালকৈ কৰিলে অহা বছৰ তহঁতক ভাও দিম।” আমাৰো মনত তামাম ফূৰ্তি। মই মনতে ভাবিলো যিয়েই কৰিবলৈ নিদিয়ক লাগে মই সকলোতকৈ বেলেগ কৰিম (ভাল ভাও পোৱাৰ আশাত)। যথাসময়ত ভাওনা আৰম্ভ হ’ল। আমাৰ পোৱালি কেইটাক

Read more

পাটৰ পাক – অমিতাভ মহন্ত

ৰবিবাৰৰ এটা অলস সন্ধিয়া৷ শ্ৰীমতীৰ চেফটী পিন এটাৰে কাণখন চাফা কৰি আছিল কলিতাবাবুৱে৷ টেবুলত এটা লাৰ্জ পেগ আৰু এবাটি বাদাম, মৃদু স্বৰত জয়ন্ত হাজৰিকাৰ গান বাজি আছে৷ এটা মন ভাল লগা পৰিৱেশ৷ হঠাৎ সন্মুখত এক নাৰীমূৰ্তিৰ আৱিৰ্ভাৱ৷ সচকিত হৈ বহিল কলিতা৷ -“কোনপাট ভাল লাগিছে?” কি “পাট”ৰ কথা বা সুধিলে৷ আহিয়েই বাউঞ্চাৰ৷ ডাক কৰিবলৈওঁ সুবিধা নাপালে কলিতাই৷ -“অ’…… মানে মানে!” -“কাণফুলিৰ কথা কৈছো৷ এইখন কাণৰপাট ভাল লাগিছে নে এইখনৰ পাট?” সন্ধিয়াৰ আমেজটোত কোনোবাই যেন পাঁচটামান ভোট জলকীয়া সানি দিলে৷ চন্দ্ৰত নামিয়েই

Read more

কেইখনমান ইংৰাজী ব্যংগ গ্ৰন্থৰ চমু আলোচনা- মৌচুমী বৰুৱা

ব্যংগ সাহিত্যত অতি চহকী ইংৰাজী সাহিত্যৰ দুখনমান বিখ্যাত আৰু কালজয়ী গ্ৰন্থৰ বিষয়ে সাহিত্যৰ সাধাৰণ পাঠক হিচাপে এই প্ৰবন্ধটিত চমুকৈ আলোচনা কৰিবলৈ বিচৰা হৈছে৷ ব্যংগৰ ব্যৱহাৰ সাহিত্যত ঘাইকৈ হাস্যৰসৰ চলেৰে লেখকে প্ৰচলিত সামাজিক, ৰাজনৈতিক ভণ্ডামী , দুৰ্নীতি, গোড়ামী আদিবোৰ উদঙাবৰ বাবে কৰে৷ কেৱল পাঠকক হহুঁৱাটোৱেই ব্যংগ লেখকৰ উদ্দেশ্য নহয়৷ বুদ্ধিদীপ্ত হাস্যৰস (Irony), বিদ্ৰোপাত্মক হাস্যৰস (humour), বক্ৰ হাস্যৰস (irony ), শব্দৰ কৌশলপূৰ্ণ প্ৰয়োগ আদিৰে লেখকে পাঠকক সমাজৰ দোষ ক্ৰুতিবোৰৰ বিষয়ে সজাগ কৰে আৰু সমাজৰ সকাৰাত্মক পৰিৱৰ্তনত অৰিহণাও যোগায়৷ তেনেদুখনমান ব্যংগ গ্ৰন্থৰ বিষয়েই

Read more

নলেজ এণ্ড হাফ-নলেজ – মূল: খলিল জিব্ৰান: ফ’ৰৰাণাৰ (অনুবাদ- নৱজিৎ বৈশ্য)

এটা নদীৰ পানী-যুৱঁলিত কাঠৰ কুণ্ডা এটাত চাৰিটা ভেকুলী বহি আছিল৷ হঠাৎ নদীৰ সোঁতত পৰি কাঠৰ কুণ্ডাটো উটি যাবলৈ ধৰিলে৷ ভেকুলীকেইটাৰ আনন্দত আত্মবিস্মৃত অৱস্থা৷ কিছু সময় পিছত সম্বিত ঘূৰাই পাই ১ম ভেকুলীটোৱে ক’লে- আবে…এইটো লগ অৰডিনাৰী লগ নহয় বে! ই জীৱিত বস্তুৰ দৰেই মুভ কৰিছে বে! এনেকা লগ পেহলে কিচিকো ভি নচিব নেহী হুৱা ৰে! দ্বিতীয় ভেকুলীটোৱে নিৰৱতা ভঙ্গ কৰি ক’লে- নৌ মাহ ফ্ৰেণ্ড! এইটো একো স্পেচিয়েল লগ নহয় বে! আমাৰ যে এটা ওল্ড আচামিজ চং আছে শুনিবি না কেতিয়াবা…“নদী মাথোঁ

Read more

আই হেভ নাথিং টু ৱেৰ (মোৰ পিন্ধিবলৈ একোৱেই নাই) – মূল: ৰশ্মি ত্ৰিৱেদী (অনুবাদ: অভিজিৎ কলিতা)

বন্ধুৰ ঘৰত পাৰ্টি আছে যাব লাগে লৰালৰিকৈ, পিছে শ্বপিং যে কৰাই নহ’ল, এতিয়া কি কৰো মই? আইনাৰ আগত ৰৈ আছো, হাবাথুৰি খাই; হে ভগৱান! মোৰ যে পিন্ধিবলৈ একোৱেই নাই। ৱাৰড্ৰৱ খোলোতেই নতুনকৈ লোৱা ছ্যুটযোৰ পৰিল মাটিত, আকৌ হেঁচি ভৰাই থ’লো, নধৰিছে আৰু আলমাৰিত, এইজোৰ অলপ চিলাব লাগিব, (আৰু) হাত দুখন লগোৱাই নাই মাই গড! মোৰ যে আজি পিন্ধিবলৈ একো নাই। যোৱা মাহত কিনা ৰঙা গাউনটোকে পাৰি চোন পিন্ধি যাব; পিছে সেইটো পিন্ধি গ’লে জানো মানুহে নাহাঁহিব? ‘লালপৰী’ বুলি ‘ইনচাল্ট’ খাবলৈ

Read more

প্ৰিক'চনচ্‌ বিফ'ৰ ভেকুৱাম ক্লিনিং– প্ৰতিভূ দত্ত

(১) মই ঘৰত ইটো সিটো বহুতো কাম কৰোঁ৷ আজি দেওবাৰে ঘৰত ভেকুৱাম ক্লিলিং কৰিলো৷ জীৱনত প্ৰথম বাৰৰ বাবে কামটো কৰিলো৷ গোটেই ঘৰটো ভেকুৱাম ক্লিনাৰ টানি টানি ঘূৰি ফুৰিলো৷ বিচনাৰ তল, ডাইনিং টেবুলৰ তল, গডৰেজৰ পিছফাল, চিলিং, একো বাদ দিয়া নাই৷ প্ৰায় দুই ঘন্টা মানৰ পিছত শ্ৰীমতীয়ে মোক ক’লে, -“হেৰা ভেকুৱাম ক্লিলাৰটো লৈ যেতিয়া গোটেই ঘৰটো ঘূৰিলাই সেইটো অন (ON) কৰি নোলোৱানো কিয়? অন্ততঃ তোমাৰ খেল ধেমালীৰ মাজতে ঘৰৰ ধূলি মকৰাজালখিনিও চফা হ’ল হয়!” মই তেতিয়াহে বুজিলো আচল কথাটো, ভেকুৱাম ক্লিনাৰ

Read more
1 2 3 4 7