ফটাঢোল

ডিগ্নিটী অৱ লেবাৰ – পাৰ্থ প্ৰতিম বৰকটকী

অৰ্ণৱ, তোমাক ছাৰে মাতিছে৷ কিয়? কিয়, মই কেনেকৈ জানিম! মোৰ কাম আছে, মই যাওঁ৷ হ’ল আৰু৷ অৰ্ণৱৰ মূৰটো এনেই গৰম হৈ থাকে, তাতে এই ছাৰৰ নিমন্ত্ৰণ পালে উতলি উঠে৷ ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি৷ কণা বিধিৰো যদি হৃদয় বোলা অংশবিধ কেনেবাকৈ ক’ৰবাত আছে, এই ছাৰৰ নাই৷ ছাৰ, সোমাইছোঁ৷ আৰে, অৰ্ণৱ৷ আহা, আহা৷ এই কেবিনৰ হাস্যবদন আৰু প্ৰফুল্লচিত্তৰ আদৰণি আৰু সিহঁতৰ ঘৰৰ কাষৰ থানখনত বলি দিবলৈ অনা ছাগলীটোক মানুহে কৰা শুশ্ৰূষাৰ মাজত অৰ্ণৱে কোনো পাৰ্থক্য বিচাৰি নাপায়৷ ছাৰ,

Read more

ভুল-ভুলইয়া – অভিজিত কলিতা

মূল অসমীয়া লিখনি- ডেৱিড্ ডেটচ্ বজৰুৱা, নষ্টযোৱা অসমীয়া ভাষালৈ অনুবাদ- নিম্ন-স্বাক্ষৰকাৰী জ্ঞান-বুদ্ধিবিহীন অসমবাসী ৰাইজ! আপোনালোকে জানেই যে, মোৰ দৰে বুদ্ধিমান, সৰ্বগুণাকৰ, সৰ্বজ্ঞানী, ত্ৰিকালজ্ঞ, আৰু সচেতন লোক এই অসমতে নেলাগে, এই ভূ-ভাৰস্ততে নাই৷ আপোনালোকে আৰু জনা উচিৎ যে, অসম তথা সমগ্ৰ মানৱজাতিৰ বাবে, কি ভাল, কি বেয়া, কোন শুদ্ধ, কোন অশুদ্ধ, এইবিলাক নিৰ্ণয় কৰাৰ সমগ্ৰ দ্বায়িত্ব মই Usurp (ইউজাৰ্‌প্; আজিকালি “জহনীত যোৱা, মাউৰত মৰা“ সংবাদ মাধ্যমে লিখাৰ দৰে আচাৰ্প নহয়) কৰিছো আৰু সেইমতে সকলোকে দিক্ (ডিক নহয়, সেইটোৱে বেলেগ অৰ্থ বুজাব)

Read more

হলকান্ত অভিধানৰ আঁত ধৰি – পল্লৱী হাজৰিকা

হলকান্ত অভিধানৰ নাম শুনিছেনে…? যদি শুনা নাই আজি মই হলকান্ত অভিধানৰ কথা ক’ম শুনিব… হলকান্ত সভাপণ্ডিতৰ “ হলকান্ত অভিধান “ ৰ প্ৰেমত মই ভালকৈয়ে পৰিলো৷ আচলতে মই ইমান সহজে কাকো ভাল বুলি নকওঁ আৰু কাৰো প্ৰেমত সহজে নপৰো৷ কিন্তু ”হলকান্ত অভিধানৰ “ প্ৰেমতনো পৰিলো কেনেকৈ? ইয়ো এটা ডাঙৰ কাহিনী৷ প্ৰথমতে সেইটো কথা কৈ লওঁ৷ মই ব্যাকৰণত বৰ গাধা৷ বিশেষ্য কি…বিশেষণ কি…তাৰ উত্তৰ যদি কোনোবাই বিচাৰে মই উলোটাই প্ৰশ্ন কৰো খৱৰ ভালনে? বাক্য ৰচনা কৰা…জটুৱা ঠাঁচ এইবোৰ মোৰ বাবে একোটা বিয়াগোম

Read more

বৰলা কাই – বন্দিতা গগৈ বৰা

এই পৃথিৱীত বহুত মানুহ আছে যি সকল ৰসৰ ভঁৰাল। কেতিয়াবা নিজৰ কথাকে লৈ ইমান ধুনীয়াকৈ ব্যংগ কৰে যে নাহাঁহি নোৱাৰি। তেনে এজন দাদাৰ কথাই কবলৈ লৈছো। দাদাজন এতিয়াও বৰলা হৈ আছে বাবে সকলোৱে বৰলাদা বুলিয়েই মাত লগায়।বিয়াই-সভাহে সকলোৱে বেৰিকুৰি দাদাৰ লগত কথাপাতে।ৰসৰ ভাণ্ডাৰ দাদাই নিজৰ কথাকে বৰ ৰস লগাকৈ কয়। এবাৰ এখন বিয়াত এজনে সুধিলে, :বৰলা, ছোৱালী চাবলৈ গৈছিলা নহয় কি হ’লগৈ? :ঠিক হওঁ হওঁ হৈয়ো নহ’ল আৰু দাদা। :কিয় বা? :এহ আপুনিতো জানেই মই মিছা মাতিব নোৱাৰো।ছোৱালী চাই অহাৰ

Read more

অসমীয়া লোকসাহিত্যত হাস্যৰসৰ ফল্গুধাৰা: এক অৱলোকন – জীমণি গগৈ

লোকসাহিত্য লোকমনৰ প্ৰকাশ। লোকসাহিত্যত প্ৰতিফলিত হয় লোকমনৰ হাঁহি-কান্দোন, প্ৰেম-বিৰহ, জ্ঞান-অভিজ্ঞতা। সামূহিক আৱেগৰ সাহিত্যিক ৰূপেই হৈছে লোকসাহিত্য। আদিম কালৰ লোকসাহিত্যৰ স্রষ্টাসকল আক্ষৰিকভাবে শিক্ষিত নাছিল বাবেই লোকসাহিত্যৰ অন্যতম বাহন আছিল মুখ। যুগ যুগ ধৰি মানুহৰ মুখে মুখে চলি অহাৰ বাবেই লোকসাহিত্যই স্থান-কাল সমাজভেদে ৰূপ সলায়। সেয়ে হ’লেও আদিম জঁকাটো কিন্তু একে থাকে। লোকসাহিত্য কোনো ব্যক্তিবিশেষৰ সৃষ্টি নহয়। ই যুগৰ সীমা অতিক্ৰমি লোকমনত সৃষ্ট আৱেগ-অনুভূতি, প্ৰচলিত জীৱনচৰ্য্য, জাতিৰ মনস্তত্বৰ বৰ্ণময় প্ৰকাশ। লোকসাহিত্যৰ বিষয়বস্তু, ৰূপবস্তু আৰু ভাৱবস্তুলৈ লক্ষ্য কৰিলে দেখা যায় সকলো প্ৰকাৰৰ লোকগীতৰ

Read more

লিমাৰিক -ধৰ্মজ্যোতি ভট্টাচাৰ্য

(১) মনত এটা আশা আছিল হোৱা নাট্যকাৰ সুন্দৰ সুন্দৰ নাটক লিখি লগাম তোলপাৰ নাটক লিখি মৌলিক সদায় থাকিম নিৰ্ভীক পিছে দাদাই কৰিলে চোন সকলো ছাৰখাৰ। (২) দেখিছানে বাৰু দুশখন নাটকৰ ৰচক নাটক দেখি তুমি মাৰিবা তভক নিজেই হয় পৰিচালক বাকী নাট্যকাৰ বালক কাহিনী এটা ঘোলা ডিমা মাথো জাক জমক। (৩) শিল্পী বুদ্ধিজীৱী সাহিত্যিক লিখক সাংবাদিক নাট্যকাৰ পৰিচালকেও হেৰাইছে দিক্ বিদিক ভাল নালাগে হেনো নহ’লে ককটেইল তেতিয়াহে হয় নাটক বেছিকৈ চেইল নিজৰ গাতে চোন গোন্ধ কিয় কৰা চিক চিক। *****

Read more

ভূগোল–প্ৰণীতা গোস্বামী বৰঠাকুৰ।

“ভূ”মানে হেনো পৃথিবী, “গোল” মানে গোলাকাৰ। ঘূৰণীয়া পৃথিবীখনৰ কথাই আছে ভূগোলত সোমায়। নদ-নদী, সাগৰ-বিল, দেশ-মহাদেশে পৃথিবীখনি শুৱনি কৰি ৰাখিছে অতিকে। তাকে পঢ়ি যাবলৈ চাৰে দিছে সকিয়নী নোৱাৰিলে বাচিব পিঠিত ফুলৰ বাগিছাখনি। পঢ়া টেবুলত থম-থমকৈ বহি ভাবি আছো মই এটা প্ৰশ্নৰো উত্তৰ নোৱাৰিম কাইলৈ শ্ৰেণীত গৈ– সাতে-পাঁচে চিন্তা কৰি মেলি ল’লো ভূগোলখন অংক-চংক পাছত কৰিম জানি লও পৃথিবীখন। সাত বৃহৎ মহাদেশ আৰু পাঁচখন মহাসাগৰ একেলগে মিলি গঢ়িছে আমাৰ ধৰণী সুন্দৰ বায়ু, পানী, মাটি আৰু সাগৰৰ তলিখন কেনেকৈনো গঠন হৈছে জানো আমি

Read more

পৰিত্ৰাণায়ং সাধুনাং – জয়ন্ত আকাশ বৰ্মন

পৰিত্ৰাণায়ং সাধুনাং সত্যেন্দ্ৰস্য পায়জামাং: এই যে আমাৰ সত্যেন্দ্ৰ দা, ওৰফে সতীদা, মানুহটো বহুত বহুত বাগ্মীবৰ। কথাৰ লাচত কথা কয়, কথাৰ লাচেৰেই কাটি থয়। কথাবোৰ কিন্তু সাংঘাতিক ‘পোষ্ট মডাৰ্ণ’! অসংলগ্ন, কিন্তু সংগতিবিহীন নহয় । সিদিনা আহিল নহয় মোৰ কোঠালৈ! আহিয়েই ক’ব ধৰিলে, “ডেকা ল’ৰা। কিনো দিনৰ দিনটো শুই মৰা!? যাওঁ‌ ব’লা ৰাজাবাৰী, ব্ৰহ্মপুত্ৰ নদী পাৰ কৰি৷” সতীদাই মোক টানি-আজুৰি উঠাই ৰাজাবাৰীলৈ লৈ গ’ল। ফেন্সীবাজাৰতেই জাহাজঘাটটো। ভট্-ভটী নাৱত উঠি আমি নদীৰ সিপাৰলৈ যাত্ৰা কৰিলোঁ। পানীজাহাজখনত দুজনী ফৰেইনাৰ ছোৱালীও উঠিছে। সতীদা উঠি গৈ

Read more

ব্যংগ সাহিত্যত হাস্যৰসৰ প্ৰভাৱ – মিতালী ভট্টাচাৰ্য

মানৱ সভ্যতাৰ বিকাশত সৰ্বাধিক অৰিহণা যোগোৱা উপাদান হৈছে সাহিত্য ৷ এই সাহিত্যৰ অধিকাংশই গল্প উপন্যাস আদিয়ে আগুৰি ৰাখিছে৷ গল্প আৰু উপন্যাসৰ যোগেদি সমকালীন সময় আৰু সমাজ ব্যৱস্থাৰ প্ৰকৃত স্বৰূপ প্ৰদৰ্শিত হয়৷ সাধাৰণ মানৱ জীৱন হাঁহি-কান্দোন, দুখ-সুখ, সমস্যা-প্ৰতিকাৰ, সফলতা-বিফলতা আদিতেই সীমাবদ্ধ থাকে৷ আধুনিক সাহিত্যয়ো জীৱনৰ এই সকলোবোৰ দিশ একত্ৰিত কৰি গভীৰ ভাৱবোধেৰে সাৱলীল আৰু পৰিশীলিতভাৱে প্ৰকাশ কৰাৰ চেষ্টাত প্ৰতিনিয়ত চেষ্টা কৰে৷ সাহিত্যৰ নবৰসৰ ভিতৰত এক উল্লেখযোগ্য ৰস হ’ল হাস্যৰস৷ বাস্তৱ জীৱনৰ দুখ যন্ত্ৰণা আঁতৰাই সফল আৰু সুখী হোৱাৰ জোখেৰে ৰস বা

Read more

শনিপাত- পূৰ্ণাক্ষী ভট্টাচাৰ্য্য

এইবাৰৰ শনি এক্কেবাৰে পঢ়াকু শনি৷ দিনৰ দিনটো লাইব্ৰেৰীত বহি থাকে৷ প্ৰতি দুঘণ্টাৰ মূৰে মূৰে এবাৰকৈ উঠি আহে৷ কাৰণটো চাহ৷ শনি চাহপ্ৰেমী৷ পঢ়া আৰু চাহ নহ’লে শনিৰ জীৱন বৃথা৷ এপ্ৰিল মাহৰ কথা৷ লেবাৰ ৰুমত ডিউটি চলি আছে৷ শনি, মই আৰু আন তেৰজনৰ ডিউটি পৰিছে গোটেই এপ্ৰিল মাহটোত৷ পোন্ধৰজনৰ পাঁচজনকৈ তিনিটা সৰু সৰু গ্ৰুপত ভাগহৈ ইভিনিং আৰু নাইট ছিফটৰ ডিউটি কৰি আছিলোঁ‌৷ দুদিনৰ মূৰে মূৰে এদিন অফ্৷ প্ৰথম কেইদিনমান ঠিক ঠাকে গ’ল৷ কিন্তু যিমানেই বিহু ওচৰ চাপি আহিল, সিমানেই গ্ৰুপৰ মাজত এটা

Read more
1 2 3 4 7