ফটাঢোল

মাথোঁ আধা ঘণ্টা! -জুৰী বৰা বৰগোহাঞি

ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, বিজ্ঞানী এ পি জে আব্দুল কালামে উত্তৰ-পূৰ্বাঞ্চললৈ আহি বৰ গুৰুত্বপূৰ্ণ কথা এটা কৈছিল৷ ‘শিক্ষকসকলে আধা ঘণ্টাকৈ পঢ়ক!’ তাৰ অৰ্থ এইটো– আমাৰ শিক্ষক সকলে আধাঘণ্টাও নপঢ়ে৷ শিক্ষকতাৰ দৰে বৃত্তিত জড়িত লোকক দিয়া এই উপদেশে বহুতকে ভবাই তুলিছিল, চৌদিশে আলোচিত হৈছিল৷ এ পি জে কালাম এজন অত্যন্ত মেধাসম্পন্ন ব্যক্তি, উচ্চমানৰ চিন্তাবিদ আছিল৷ সেয়ে তেওঁৰ কথাৰ তাৎপৰ্য্য মন কৰিবলগীয়া৷ ‘শিক্ষকসকলে আধা ঘণ্টাকৈ পঢ়ক৷’ শিক্ষকতা বৃত্তিত জড়িত বহুতৰ বাবে এই উপদেশ লজ্জাজনক বুলিও বিবেচিত হ’ব যদিহে তেওঁলোকে গভীৰতাৰে এইবিষয়ে চিন্তা কৰে৷

Read more

গল্পৰ দৰে – বৈদুৰ্য্য বৰুৱা

: পাণ এখন বনাচোন যাদৱ। মিঠা পাত্তি এশ ষাঠি মাৰিবি। কাঠা, চেখা-চুপাৰি। পাতলা চুপাৰিটো দিবি। আৰু এটা ফিল্টাৰ দে। খাই দিছে বে… ! থানাৰ কাষতে দিন দুপৰতে ডকাইতি! এইটো কি নিউজ হ’ল! আৰে থানাত যে ডকাইতি হোৱা নাই সেইটোৱেই ডাঙৰ কথা! … এশটা পুলিচে দুইলাখ মানুহক কিদৰে চোৰ ডকাইতৰ পৰা বচাব? এশটাৰ আশীটাই মিনিষ্টাৰৰ পিছে পিছে ঘূৰি ফুৰিব লাগে! সেইবোৰ লিখ চাল্লা… । হুঃ! থানাৰ কাষতে ডকাইতি! মাথা গৰম হৈ যায় … । : ছাৰৰ আজি মূৰটো উতলি আছে যেন

Read more

উন্নত – ড: বিকাশ বৰুৱা

আন কিবা গুণ থাকক বা নাথাকক, খোজকঢ়াত কিন্তু মই চেম্পিয়নৰো বাপেক৷ তেনেই সৰু কালতেই এবাৰ ফৰকাটিঙৰ পৰা গোলাঘাটলৈ খোজ কাঢ়ি গৈছিলো৷ তাৰ সাক্ষী-প্ৰমাণ এতিয়াও আছে৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা মেডিকেল কলেজ, নতুন দিল্লীত চফদৰজং এৰিয়াৰ পৰা কনাট প্লে’ছ, বম্বেত ভিক্ত’ৰিয়া টাৰ্মিনাছৰ পৰা নৰিমান পইণ্ট.. এইবিলাক মোৰ কাৰণে তেনেই সাধাৰণ কথা হৈ পৰিল৷ গুৱাহাটীত পুৱা বাছৰ পৰা নামি চিৰিডাল বগাই ৰে’ল-ষ্টেছনৰ দলংখনত উঠো, ইপাৰ হওঁ, তাৰ পৰা উজান বজাৰলৈকে পিঠিতে বেগটো পেলাই লৈ গিৰিপ-গাৰাপ আহি থাকো৷ গোটেই ৰাস্তাটোত খোজ কাঢ়িবলৈ ওলাই অহা

Read more

লটি-ঘটি – মানবেন্দ্ৰ কুমাৰ শৰ্মা

ৰাসৰ বতৰ৷ কাষৰ ল’ৰা এজনে টেম্পো এখন কিনা দেখি প্ৰমিলাবাহিনীৰ গা উঠিল-‘বোলো কিমান আৰু টিহুতেই ৰাস চাই থাকিম! ব’ল, ইয়াৰ টেম্পোত উঠি এইবাৰ পাঠশালা আৰু হাউলিৰ ৰাস চাই আহু৷’ তেওঁলোকৰ কথা শুনি থকা ষাঠীৰ উৰ্দ্ধৰ আইতাগৰাকীৰো গা উঠিল-‘আই নিবিনা মোকো তুহাৰ লগত?’ ‘এ হ’ব দিয়কহে আই৷ আমি চৈধ্যজনহে আছু, টেম্পু এখানত হেঁচা-ঠেলা কৰি পোন্ধৰ জন যাবা পাৰি৷’ আইতাই আৰু নাতিনীয়েকক এৰি যাব টান পালে৷ এনেয়ো নাতিনীয়েকে কুতুৰি থকাৰ পিছতো পইচাৰ অভাৱত দেউতাকে তাইক ৰাস দেখুৱাবলৈ নিব পৰা নাছিল৷ গতিকে নিৰ্দিষ্ট

Read more

কৌতুক – সুজাতা বৰুৱা

” থুলুক আৰু এটা ৰাসায়নিক গাজা ” প্ৰশাসনৰ তৰফৰপৰা মাজে সময়ে এই পলিথিনৰ মোনাসোপা বন্ধ কৰাৰ একোটাহঁত ধুম উঠে , কথাটো বাৰু মন কৰিছেনে ? ই এক বছেৰেকীয়া উৎসৱৰ দৰে ।মাজে মাজে জক উঠে আৰু দুদিনমানৰ পাছতে পাম্প যোৱা বেলুনটোৰ দৰে হয়গৈ । এই কামটো বা চেষ্টাতো আছলতে প্ৰশাসনৰ তৰফৰ পৰা নহৈ আমাৰ ফালৰপৰাহে হব লাগে । মানে এইযে পলিথিনৰ মোনাৰ প্ৰচলন বন্ধ কৰাটো , তাৰ কথাই কৈছোঁ । কাৰণ আমি নিজেও জানো যে পলিথিনৰ মোনাবোৰ পৰিবেশৰ বাবে কিমান ক্ষতিকাৰক

Read more

দণ্ডীনাথ কলিতাৰ ব্যঙ্গ ৰচনাত সমাজ সচেতনতা (কবিতাৰ বিশেষ উল্লিখনেৰে) – চাহিন জাফ্ৰি

কোনো সমাজ, শ্ৰেণী, মতবাদ, ৰীতি-নীতিক লৈ যি নৈবক্তিক বিদ্ৰুপাত্মক ৰচনাৰ সৃষ্টি হয় আৰু তাৰ বুকুত যি হাস্যৰস সোমাই থাকে, তাকে satire বা ব্যঙ্গ হাস্যৰস বোলে। …সমাজৰ কোনো সমূহীয়া সমস্যা বা বিষয় লৈ ব্যঙ্গ হাস্যৰসিকে হাস্যৰস সৃষ্টি কৰে।(লীলা গগৈ,’সাহিত্য দুটিমান আলোচনা, পৃ.৫) ব্যঙ্গ সম্পৰ্কে বিভিন্ন সময়ত বিভিন্নজনে বিভিন্ন মতবাদ আগবঢ়াই থৈ গৈছে। চেমুৱেল জনচনৰ মতে – ব্যঙ্গ হৈছে অপৰাধ আৰু ধূর্তলিক ভৎসনা কৰি লেখা এবিধ পদ্য। আনহাতে আমেৰিকান সমালোচক এম. এইচ.আব্ৰাহমছৰ মতে – ‘ব্যঙ্গ ৰচনাই পঢ়ুৱৈক আমোদ দিব পাৰিব লাগিব। পাত্ৰ

Read more

কুমলীয়া কইনা – ডাঃ কুমাৰ পাৰ্থ প্ৰতিম

দাদাজনৰ মনত বৰ দুখ৷ ৰ’ব, দুখৰ কাৰণ বুজাবলৈ অলপ পাতনিৰ প্ৰয়োজন আছে৷ মানে তেখেতৰ এটা ফে’চবুক একাউণ্ট আছে৷ মাজে মাজে সময় উলিয়াই ফে’চবুক কৰে৷ লগৰ ল’ৰাবোৰে (মানুহবোৰে!) নিজৰ শ্ৰীমতীৰ লগত ফটো দি থকা দেখি দাদাৰো গা উঠিল৷ দাদাই মন কৰিছে, শ্ৰীমতীৰ লগত ফটো দিলে এসোপা ‘লাইক’ পোৱা যায়৷ লগৰ কোনোবা কোনোবাই চাৰি পাঁচশ মান ‘লাইক’ পোৱাও দেখিছে দাদাই৷ মনটো আবেগিক হৈ উঠে৷ লগতে ক’মেণ্টবোৰ পঢ়িয়েই দেখোন কিবা ভাল লাগি যায়৷ ‘পাভযোৰা’, ‘মেড ফৰ ইচ্চ আডাৰ’, ‘ভগৱানে বনোৱা যোৰা’,’সংসাৰ সুখৰ হৈ

Read more

প্ৰেম ফটিকাৰ এইকণ ৰাগি, কোনে ক'ৰপৰা খাইছিলে মাগি – সোমেশ্বৰ বৰা

প্রেম এক স্বর্গীয় অনুভূতি।প্রেমৰ কোনো ৰীতি- নীতি নাই।কোনো জাতি- ধর্ম,ধনী-দুখীয়াৰ ভেদাভেদ নেমানে প্রেমে।হিয়া দিয়া-নিয়া মানে কাৰোবাৰ হৃদয়ৰ নিভৃত কোনত দংশন কৰি হৃদয়ৰ গভীৰতম গোপনীয়তাক চুৰকৰি নিয়া কার্যকে যথার্থতে প্রেমৰ আখ্যা দিয়া হয়। প্রেম দিল্লীৰ লাডু, খালেও পস্তাই নেখালেও পস্তাব লাগে। মথুৰাত মুৰুলী মোহনৰ প্ৰেম,কলিত মোবাইল-মোহনৰ প্ৰেম। মহাভাৰতত এক ফুল পঞ্চ মালি, আজি এক ফুল বহুমালি ভাইছি-ভাৰচা। আপোনাৰো যদি প্রেম গজিছে তেনেহ’লে মনৰ অব্যক্ত ,স্বতঃস্ফূৰ্ত অনুভূতি আৰু মনৰ দুদোল্যমান অৱস্থাটোক ভালকৈয়ে উপলব্ধি কৰিছে। মিছা ক’লেনো কিডাল হ’ব,এই প্রেমৰ ৰহঘৰাটোত সবায়ে চুমুক

Read more

কৌতুক – উৎপল জোনাক হাজৰিকা

চূণখোৱা পজিটিভ মাইণ্ডৰ মানুহ৷ কয়, হওক হওক, ভাললৈকে হৈছে; ভাল ভাল বুইছে, পাব লাগে পাবলাগে৷ সিদিনা ইচকুটিখন লৈ বাটৰ কাষত ৰৰৈয়ানিমূৰে কপালে হাত দি বহি আছে৷ চূণখোৱাঃ হেৰি, কি হ’ল আপোনাৰ? ৰৰৈয়ানীঃ দেখা নাই, এক্সিডেন্ট৷ চূণখোৱাঃ হওক হওক ভাললৈকে হৈছে৷ ৰৰৈয়ানীঃ কি? ইমান দুখ পাইছো উঠিবকে পৰা পৰানাই৷ চূণখোৱাঃ ভাল ভাল বুইছে, পাব লাগে পাব লাগে৷ ৰৰৈয়ানীঃ কটা নিধক! ☆★☆★☆  

Read more

বাঃ কি এক আৰাম ডা মামলা – কুল শইকীয়া

তাৰ ওফোন্দা মুখ, চলচলীয়া চকু, নাকৰ তললৈ বৈ অহা শেঙুনৰ টোপাল, হাতত লাগি থকা ড্ৰয়িঙৰ দীঘল বহীটো, চকুৱে-মুখে বিয়পি পৰা ক্ষোভৰ প্ৰলেপ – এইবোৰ অনুধাৱন কৰি গম পালো সি মোক নিশ্চিতভাৱে অভিযোগ দিছেহি যে মই এইমাত্ৰ তাক দোকানৰ পৰা ইৰেজাৰ আনি দিব নোৱাৰিলে সি স্কুল নাযায়। অতএব, পিন্ধি থকা হাৱাই চেণ্ডেল চোচৰাই মই আবিৰ্ভাৱ হ’লো নবীনৰ মণিহাৰী দোকানত, ক’লো – ‘ইৰেজাৰ –এই যে পেঞ্চিলেৰে লিখা ভুল-চুলবোৰ মচি পেলাব পাৰি, যাক আমি সৰুতে পঢ়াশালিত ৰবৰ বুলিয়েই কৈছিলো।’ মই ইমানবোৰ ব্যাখ্যা শেষ

Read more
1 2 3 4 9