ফটাঢোল

সম্পাদকীয় – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

হাঁহি! তেতিয়াৰ আৰু এতিয়াৰ: বিশ্ববিখ্যাত অভিনেতা চাৰ্লি চ্যাপলিনৰ ভাষাত দুখ উপশমৰ মহৌষধ হৈছে হাঁহি (Laughter is the tonic, the relief, the surcease for pain. – Charlie Chaplin)৷ হাঁহিয়েই জীপাল কৰিব পাৰে জীৱন, ঘূৰাই দিব পাৰে হেৰাই যাব ধৰা জীৱনৰ ৰং, জীৱনৰ মাদকতা৷ শ্বেক্সপীয়েৰৰ ভাষাত যি হাঁহিব নোৱাৰে বা নাজানে সি চয়তান৷ কৃপাবৰ বৰবৰুৱাই কৈছিল, “মোৰ বোপাইহঁত! তহঁতে হাঁহ৷ ভয় নকৰিবি৷ পূব, পশ্চিম, উত্তৰ, দক্ষিণ, য’ত যি আছহঁক হাঁহ৷ হাঁহ আৰু হাঁহ৷ ল’ৰাই হাঁহ, বুঢ়াই হাঁহ, আদহীয়াই হাঁহ! আনকি দাঁত নাইকিয়া

Read more

 সলিউশন এক্স (একাংকিকা নাটক) (২য় খণ্ড) – মূল: বাদল সৰকাৰ, অনুবাদ- ডঃ প্ৰণৱ ঢেকিয়াল ফুকন

শম্ভুনাথঃ এইয়া ,বি-ফোৰ আহি গ’ল? ফিফটি চি.চি.টকৈ অলপ কম যেন লাগিছে৷ হ’ব এয়াই চলি যাব৷ (সোমেনৰ প্ৰৱেশ) সোমেনঃ আহিলে ছাৰ৷ শম্ভুনাথঃ হয়, বৰ পলম হৈ গ’ল৷ চশমাখন বিচাৰি পোৱা নাছিলোঁ৷ সোমেনঃ চশমাখন দেখোন আপোনাৰ চকুতে অনবৰত লাগি থাকে৷ শম্ভুনাথঃ পাঞ্জাবীটো খোলাৰ সময়ত ক’ত ৰাখিছিলো জানো? (হৰিৰ প্ৰৱেশ৷ কান্ধত একলহ পানী, হাতত এটি এপ্ৰন৷ সোমেনক এপ্ৰনটি দিয়ে৷ ) হৰিঃ মাজীয়ে আপোনাক দিবলৈ দিছে৷ শম্ভুনাথঃ সেই কলহটো কিহৰ? হৰিঃ মাজীয়ে কৈছে টেঙ্কীত পানী নাই কিজানি, সেইবাবে (হৰিয়ে টেঙ্কীৰ ঢাকনি খুলি কলহৰ পানীখিনি

Read more

মাই ৱাইফ ইজ এ চুপাৰষ্টাৰ – ঈশানজ্যোতি বৰা

“ইমান পৰ লাগেনে ! সামান্য হৰিণ এটা ধৰি আনোতে ইমান পৰ লাগেনে ! হাই বিধি ! বোলো পূবৰ বেলি কোন কেতিয়াবাই গৈ মূৰৰ ওপৰত উঠিল ৷ বাহিৰত মোকলাই দিয়া সমস্ত কাপোৰ-কানি শুকাই শিলহেন টান হৈ পৰিল৷ অথচ এতিয়ালৈকে এটাৰো দেখা-দেখি নাই৷ ক’ত যে কি কৰি ফুৰিছেগৈ !” ছীতাৰ প্ৰচণ্ড খং উঠিছে৷ এনেকৈ আৰু কাম হয় নেকি ! শত্ৰু-সন্ধানত সহায়ক হ’ব বুলি দুয়োটাৰে ধনু-কাঁড়ত জিপিএছ-টিপিএছ ইনষ্টল কৰি দিলো;তথাপিও এইকেইটাৰ স্কিলৰ বিকাশ হোৱায়েই নাই৷ চৰ্বানন্দই স্কিল ডেভেল’পমেণ্টৰ চাকৰিটো বাদ দিয়াৰ পিছত দেশখন

Read more

মাটিৰ তলৰ তাবিজ – সঞ্জীৱ মজুমদাৰ

আত্মীয় স্বজন, পৰিয়ালৰ পৰা আঁতৰি থকাৰ যে কি বেদনা সেইয়া মাথো ভুক্তভোগীয়েহে জানে৷ আৰু যদিহে ভুক্তভোগীজন আমাৰ দৰে ডঙুৱা হয় তেতিয়া হলেতো কথাই নাই, ঘৰখনলৈ অন্তত খোৱাৰ সময়ত মনত পৰিবই পৰিব৷ গুৱাহাটীৰ পৰা শিৱসাগৰৰ দুৰত্ব আজিৰ দিনত হয়তো বেছি যেন নালাগিব পাৰে কিন্তু আজিৰ পৰা পঁচিশ বছৰ আগতে যেতিয়া চুবুৰীত এটা মাথো লেণ্ডলাইন ফোন, পিচিঅ’ত দীঘল দীঘল লাইন অথবা পত্ৰৰ মাধ্যমেৰে যোগাযোগ কৰাৰ প্ৰথা তেতিয়াও একেবাৰে শেষ হোৱা নাছিল, সেই সময়ত বৰ দূৰ যেন লাগিছিল৷ সময় কটাবলৈ আজিৰ দৰে স্মাৰ্ট

Read more

পণ্ডিত বনাম কবি, মূলঃ খলিল জিব্ৰান – অনুবাদঃ নৱজিৎ বৈশ্য

সৰ্পৰাজে ভৰতপক্ষীক ক’লে,“তুমি উৰি ফুৰিব পাৰা; কিন্তু,পৃথিৱীৰ নিভৃত গভীৰত, প্ৰানৰ সঞ্জীৱনী সুধা য’ত নীৰৱে প্ৰৱাহমান, তালৈ তুমি কাহনিও যাব নোৱাৰা৷” ভৰতপক্ষীয়ে উত্তৰ দিলে,“আপুনি নিসন্দেহে অগাধ পাণ্ডিত্যৰ অধিকাৰী, আপুনি প্ৰাজ্ঞ সকলৰ ভিতৰত উত্তম৷ কিন্তু পুতৌজনক কথাটো হ’ল,তথাপি আপুনি উৰিব নোৱাৰে৷” ভৰতপক্ষীৰ কথাক আওকান কৰি সৰ্পৰাজে পুণৰ ক’লে,“তুমি গভীৰত থকা পৰম গোপনীয়তাৰ সম্ভেদ কাহানিও নাপাবা অথবা পৰম গুপুত সেই সাম্ৰাজ্যৰ সম্পদৰ ভঁৰালত ঘূৰি ফুৰিব নোৱাৰিবা৷ কিন্ত কালিহে মাত্ৰ মই এটা হীৰাৰ গুহাত শুইছিলো৷ সি আছিল এটা পকা ডালিমৰ অন্তৰ্ভাগৰ দৰে, য’ত পোহৰৰ

Read more

বিজতৰীয়া বাবাজী – উত্তৰা শৰ্মা বৰু্ৱা

ৰাতিপুৱা টো আমাৰ মহিলা সকলৰ বাবে ধুমুহা ।তাতে যদি আকৌ কণ জলকীয়া ,ভোট জলকীয়াৰ সঁচ দুটা থাকে তেন্তেতো কথাই নাই । এটা ধুমুহা পাৰ কৰি দ্বিতীয় ধুমুহাটোৰ আয়োজন কৰো বুলি আটা কেইটাত পানীকণ ঢালিছোহো, লগে লগে গে’টখনত ধুনীয়া মাত এটাৰে খেটেং খেটেং বাজিল – “মদ ,মদ ওপৰৱালা আপকি ভলা কৰেগা ।” ওৱা হেলাই হেপাই সাৰি মুচি গেটলৈকে পানী ঢালি গোটেইখন এজমেটিক বেমাৰীক খুন্দা মাৰি ধৰাকৈ ধূপেৰে ধুম্ৰায়ণ কৰি থৈছো কোন নষ্টযোৱা অ’ এইটো মোক মদ বিচাৰি অহা । আকৌ, মদ

Read more

আপদীয়া পদ্য – ধৰ্মজ্যোতি ভট্টাচাৰ্য

১. ৰসানন্দ শইকীয়া ৰসৰ ভঁড়াল থকা ঘৰ খন যেন মূৰ্গীৰ গঁড়াল চোতালত চৰে হাঁহ পাকঘৰত মৌবাহ এভিকচনৰ বাৰ্তাত থৰকাছুটি হেৰাল। ২. হ’ম বুলি ব্ৰাজিলিয়ান ফুটবলাৰ পেলে বুকুত আশা লৈ দিনটো পথাৰত খেলে ৰবাব টেঙা কিম্বা বল বলতেই বিচাৰে থল এশ কোটি থাকিও ৱৰ্ল্ডত ছিট নাপায় কেলে! ৩. মন্ত্ৰী হৈ কি লাভ যিজন থাকে জঠৰ কাজে কৰ্মে দেখা যায় অতিকৈ নিথৰ নীৰৱতা তেওঁৰ ধৰ্ম গাত আছে শিলাবৰ্ম বিত পিন্ধি চাই থাকে বৰ্ধিত মূল্যস্তৰ। ৪. বিয়াগোম মন্ত্ৰী বিধায়ক আৰু বিয়াগোম জাতীয়তাবাদী ব্যক্তিবাদী,

Read more

মণিকুন্তল- গীতাশ্ৰী কলিতা

অন্তিম খণ্ড আগৰ খণ্ডত মাহ-হালধিৰে নোৱাই-ধুৱাই মণি, কুন্তলৰ কইনা হ’ল। সকলো নিয়ম নীতিৰে বিয়া হৈ আহি মণিয়ে কুন্তলৰ পদূলি গচকিলেহি। কুন্তলৰ ঘৰৰ সকলোৱে মৰম-সাদৰে মণিক আদৰি ল’লে। মণিয়েও কুন্তলৰ ঘৰখনক অতি সোনকালে নিজৰ কৰি ল’লে। লগতে সৰু-সুৰা দায়িত্ব কিছুমান লাহে লাহে মূৰ পাতি লৈ সাংসাৰিক জীৱনত আগবাঢ়ি গ’ল। কিন্তু মণিৰ শাহুৱেকে মণিক এদিনো শান্তি নিদিলে৷ আওঁ পুৰনি নীতি নিয়ম আৰু সৰু সৰু কথাৰে মণিৰ জীৱন দুৰ্বিসহ কৰি তুলিলে৷ শহুৰেক, ননদ আৰু গিৰিয়েক কুণ্টলে অৱশ্যে মণিক মানসিক ভাবে কিছু সান্ত্বনা দি

Read more

ফেয়াৰ এণ্ড লভলি – অসীম বৰা

কাহিনীটো কোৱাৰ আগতে ৰাইজক নিজৰ পৰিচয় অলপ দি লওঁ৷ মই মানুহটো সৰুৰেপৰাই অলপ জধলা টাইপৰ৷ সৰুৰেপৰাই বন্ধুসকলৰ পৰা জধলা, খেচৰ ইত্যাদি ইত্যাদি মন্তব্য উপহাৰ পোৱাটো মোৰ বাবে নিত্য নৈমিত্তিক কথা৷ তথাপি এইবোৰ কথাত লাজ লাগিবলগীয়া কিবা আছে বুলি মই নাভাবো৷ “ৰূপেনো কি কৰে গুণেহে সংসাৰ তৰে” বোলা আপ্তবাক্যশাৰী মই একদম মানি চলো৷ বিয়াৰ এমাহ নহওঁতেই ঘৰৰপৰা 480 কিঃ মিঃমান দূৰত থকা শহুৰৰ ঘৰলৈ হাফপেণ্ট, গেঞ্জী আৰু হাৱাই চেন্দেল পিন্ধি যোৱা “গিনীজ” ৰেকৰ্ডটো মোৰ নামতেই আছে৷ ইয়াৰোপৰি জিনচ্ ধুবলৈ বুলি ডিটাৰজেণ্টত

Read more

ফটা আপদীয়া পদ্য – হেমেন ডেকা

(এক) পৰিকল্পনা কৰোতে দিনবোৰ যায় কাম বিচাৰি বিচাৰি হায়ৰাণ হায় খেতিৰ আপদ বান ব্যৱসায়ো থানবান ৰাজনীতিৰ বাহিৰে অন্য পথ নাই| (দুই) সঁচাকৈয়ে হৈছে দেখোন তামাম অগ্ৰগতি ওখ ওখ অট্টালিকাই সূচায় উন্নতি ভঙা ৰাজপথৰ বিলাসী গাড়ী খালে-দোঙে ঐশ্বৰ্যৰ ফিচকাৰী কোনে কয় দেশৰ হোৱা নাই প্ৰগতি| (তিনি) সামুহিক স্বাৰ্থতো দিব নোৱৰি সমস্বৰে মাত একেবাৰেই নিমিলে যিহেতু আমাৰ জাতপাত যদিও আমি খিলঞ্জীয়া মিলাপ্ৰীতিও যুগমীয়া সংকটকালত এৰো সেয়ে পৰস্পৰৰ হাত| ☆★☆★☆

Read more
1 2 3 4 6