ফটাঢোল

ডাক্তৰ – ডা° পাৰ্থ সাৰথি ভূঞা

“আপুনি ডাক্তৰনে কি হে? ইমান জমনি লিখে।” “আপুনি ডাক্তৰ হ’ব নালাগিছিল দেই”। “দাদা, প্ৰফেশ্যন সলালে নেকি?” …এনেধৰণৰ মন্তব্য আজিকালি প্ৰায়ে পাওঁ। মই ভাবোঁ‌, ইয়াৰ কাৰণ হ’ল, ডাক্তৰসকলক ৰাইজে আনতকৈ অলপ বেলেগ বুলি ভাবে। সাধাৰণ মানুহৰ দৰে আমিও যে আবেগ, অনুভূতি, বন্ধু, বান্ধৱ, পৰিয়াল থকা একো একোজন লোক সেই কথা বহুতৰ মনলৈ নাহে। পিছে প্ৰান্তিকৰ পাতত দৈনন্দিন লিখা ৰসৰ ভঁৰাল ডাঃ বিকাশ বৰুৱাৰ পৰা লৈ আজিৰ তাৰিখতো বহু চিকিৎসকে ৰসাল আৰু তত্ত্বগধূৰ বিভিন্ন ৰচনা পেপাৰে পত্ৰই লিখিয়ে আছে। মই ভাবোঁ‌ ডাক্তৰ

Read more

বিহু হেনো নেনো' – কুল শইকীয়া

গাড়ীৰ দুৱাৰৰ ক’লা আইনাখন তললৈ নমাই বাহিৰলৈ মূৰ উলিয়াই চোৱাৰ বৃথা আশা বাদ দিয়া হ’ল, কাৰণ ইতিমধ্যে কাষৰ বাছ-ট্ৰাক-অটোৰ আধাপোৰা ডিজেলৰ ধোঁৱা, ৰাস্তাৰ ধূলি, গাড়ী-মটৰৰ ভেঁ-পুঁ শব্দৰ মাজত জিতেনৰ মুখত আহি পৰা বিৰক্তি, বিতৃষ্ণাৰ চাপে আমাক বুজাই দিছে যে, না: আৰু নোৱাৰি, বাম্পাৰে বাম্পাৰে লাগি ধৰা গাড়ীবোৰ এতিয়া এক ইঞ্চিও আগলৈ চলাৰ সম্ভাৱনা নাই, অতএব, এনেদৰে, ঠিক এনেদৰে চৌপাশৰ ইঞ্জিনবোৰৰ আৱাজৰ সৈতে মোকাবিলা কৰি বহি থকা ভাল! ‘মোনাখনকে দে! ‘ মই বজাৰ কৰি অনা চব্জি-তৰকাৰীৰ ধূপৰ কোম্পানীৰ চাব মৰা মোনাখন

Read more

অসমীয়া ভাষা, ব্যাকৰণ ইত্যাদি – খগেশ সেন ডেকা

সাধাৰণতে অসমীয়া ভাষাৰ বানান, বাক্য-গাঁথনি, ব্যাকৰণগত ব্যৱহাৰ আদিৰ বিষয়ে আলোচনা কৰিলে; অথবা কাৰোবাৰ ভুল-প্ৰয়োগ আদি দেখুৱাই দিলে প্ৰায়ে কটু কথাহে শুনা যায়। এই ক্ষেত্ৰত এষাৰ মন্তব্য বৰকৈ চলে৷ সেয়া হ’ল এইবোৰেই দেখোন চলি আছে৷ কিনো ভুল হ’ল! কাৰো কাৰো মত আৰু এখোপ ওপৰত৷ তেওঁলোকৰ মতে, লিখা কথাখিনি বুজি পালেই হ’ল৷ সেয়ে যদি হয়, তেন্তে ভাষা, ব্যাকৰণ আদিৰ আলোচনাৰ প্ৰয়োজনেই বা কি? অধুনা পৰ্যন্ত পৃথিৱীৰ বুকুত ভাষা-বিষয়ক যিমানবোৰ তত্ত্বৰ আৱিষ্কাৰ হৈছে, সেইবোৰৰ আৱশ্যকতাই বা ক’ত? প্ৰাচীন ভাৰতীয় ভাষা-চিন্তাৰ নায়ক য়াস্ক, পাণিনি,

Read more

জধং মধং ডাক্টৰ– দেৱজিত হাজৰিকা

একালত মোৰ এজন নলে-গলে লগা বন্ধু আছিল। তেওঁ আছিল এখন ভিতৰুৱা গাঁৱৰ ল’ৰা। আমি দুয়ো চহৰত একেলগে পঢ়া-শুনা কৰিছিলোঁ‌। তেওঁলোকৰ ঘৰৰ ওচৰৰে এখন বাগানত চাকৰি কৰা ‘জধংমধং’ নামেৰে খ্যাত এজন ডাক্তৰ আৰু এটা চেলাইনৰ এক ৰসাল কাহিনী তেওঁ আমাক কৈছিল। সেই কাহিনীটো আছিল আজিৰপৰা কমেও ২৬/২৭ বছৰৰ আগৰ। সেই সময়ত তেওঁ আছিল ১১/১২ বছৰীয়া ল’ৰা। এবাৰ তেওঁৰ দেউতাকৰ কাহ হৈছিল। সেয়ে তেওঁ কাহৰ ঔষধ খাইছিল। এদিন ৰাতি ভাত খাই উঠি তেওঁ বিচনাত পৰিছে, তেনেতে তেওঁৰ মনত পৰিল যে তেওঁৰ কাহৰ

Read more

কৌতুক – হেমন্ত মাধব নাথ

শইকীয়ানী বাইদেউৰ ড্ৰয়িংৰুমৰ আড্ডাৰ কিয়দাংশ ———- শইকীয়ানী — বাইদেউ , আপোনালোকৰ প্ৰিন্সৰ পঢ়া শুনা কেনে চলিছে ? বৰুৱানী — ভালেই , আচামিচত্ হে একেবাৰে বেয়া। শইকীয়ানী ( গৌৰৱেৰে ) — আমাৰ এঞ্জেলীনাৰ কথা ক’বই নালাগে, এইবাৰ ফেলেই কৰিম বুলি কৈছে হাঃ হাঃ হাঃ। গগৈনী — আচামিছ নেওঁতা বোৰত কিছুমান ভুল আছে যেন লাগিছে? বৰুৱানী — কিয় ক’লে? গগৈনী — চাব দেই, এঘাৰ, বাৰ, তেৰ ঠিকেই আছে। তাৰ পাছত চৈধ্যেৰহে হ’ব লাগিছিল, দিলে চৈধ্য। ঠিক তেনেকৈ পোন্ধৰ, সোতৰ, ওঠৰ ঠিকেই আছে,

Read more

বৰ্তমানৰ পৰিৱৰ্তিত শিশুকাল – চবিনা ইয়াচমিন

মানৱ জীৱনৰ আটাইতকৈ মধুৰ সময়খিনিয়েই হৈছে শিশুকাল৷ এজন ব্যক্তিৰ শিশুকালটোৱেই হৈছে জীৱনটোৰ প্ৰিয় সময়৷ এই সময়চোৱাই হৈছে কৈশোৰ কালৰ দুৱাৰডলি৷ বৰ্তমান যান্ত্ৰিক যুগৰ হেঁচাত শিশুকালৰ ৰসাল জীৱন ম্লান হৈ পৰিবলৈ আৰম্ভ কৰিছে৷ শিশুৰ মন কল্পনাৰে ভৰপূৰ৷ শিশু এটিক, এটি ফুটিবলৈ লোৱা কলিৰ লগত তুলনা কৰা হয়৷ কল্পনাৰ সাগৰত সাঁতুৰি-নাদুৰি থকা এটি শিশুক বাস্তৱৰ সৈতে চিনাকি কৰোঁতে কেৱল অভিভাৱকেই নহয় প্ৰতিজন প্ৰাপ্তবয়স্কই সাৱধান হোৱাটো বাঞ্চনীয়৷ সকলো শিশুকে আমি সমপৰ্যায়ৰ বুলি জ্ঞান কৰিলে হয়তো কিছু ত্ৰুটি ৰৈ যাব পাৰে৷ শিশুৰ মানসিক স্তৰবোৰৰ

Read more

আপদীয়া পদ্য – হেমেন ডেকা

(১) জীৱন হ’ল যেন আলুৰ বস্তা সপোনবোৰ আলুৰ দৰে সস্তা সুদূৰত হিমঘৰ গৰমত গেলি মৰ গেলিলে শেষ ঠিকনা হয় ৰাস্তা। (২) মানুহে খালে মানুহৰ লগত ভাত নষ্ট হয় ধৰ্ম-ভ্ৰষ্ট হয় নেকি জাত সাজ-পোছাক অৰ্বাচীন বজালেও ঐক্যৰ বীণ কৌটিকলীয়া এলান্ধু স্পষ্ট দেখোঁ গাত। (৩) জাতি গঠনৰ দেখোঁ আবাহন অভ্যন্তৰত চলে কপট আয়োজন সংলাপৰ চমক সাজ-ৰমক-জমক বৌদ্ধিক ভেল্কীৰ কিবা প্ৰয়োজন। (৪) নিজৰ মাজতে কৰোঁ‌ খৰিয়াল খাল খান্দি মাতি আনোঁ ঘঁৰিয়াল চকু চৰহা বহুজন চুবুৰীয়াক শত্ৰুজ্ঞান দূৰণিত বিচাৰো স্বপৰিয়াল। (৫) লবী কৰি হ’ল

Read more

শনি – পূৰ্ণাক্ষী ভট্টাচাৰ্য্য

এইবাৰৰ শনি একদম ষ্টাইলিচ্ শনি। সৰুৰে পৰা দেখা বহু সপোনৰ মাজত অন্যতম আছিল একোছা দীঘল, ঘন চুলিৰ অধিকাৰী হোৱা। সৰুতে টিভিত চুপাৰ ভাচমলৰ এড দেখি ভাবিছিলোঁ যে এদিন হ’লেও চুপাৰ ভাচমল লগাই তেনেকুৱা দীঘল চিধা চুলি পাম। কিন্তু বছৰৰ পাছত বছৰ গৈ থাকিল আৰু সপোনটো লাহে লাহে ধোঁৱাচাঙত উঠিল। বাস্তৱত পালোঁ‌ মৰাপাটৰ লেখীয়া, ৰঙা -মটীয়া বৰণৰ কেইডালমান চুলি। চুলিকোছা বুলি ক’বলৈ হাতৰ মুঠিত কেতিয়াও চুলি নোসোমাইছিলেই। দুটা আঙুলিৰেও চুলিকেইডাল ধৰিব পৰা গৈছিল। চুলিতো চুলিয়েই। তাৰ ওপৰত আছিল চুলিৰ ‘কাট্’। হিষ্ট্ৰী

Read more

অপহৰণ – দিগন্ত কুমাৰ ভট্টাচাৰ্য

ৰাতি এঘাৰমান বজাত মাকে দেখিলে ৰিকি তাৰ কোঠাত নাই। চিঞৰ-বাখৰ আৰম্ভ হ’ল। ওচৰ-চুবুৰীয়াৰ সৰহ সংখ্যক আহি গোট খালে ৰিকিহঁতৰ চোতাল-পদূলিত। “কিডনেপ হ’ব পাৰে” “পৰীক্ষা আহি আছে নহয়, প্ৰস্তুতি ভাল হোৱা নাই কিজানি! পলাই গ’ল, পৰীক্ষা শেষ হোৱাৰ পিচত ঘূৰি আহিব” “প্ৰেমজড়িত ঘটনাও হ’ব পাৰে। আজিকালি এই মোবাইল টিপি প্ৰেমালাপতেই মগন দেখোন ল’ৰা-ছোৱালীবোৰ!” -ভিন্নজনৰ চেঁপা অনুমানবোৰ বতাহত উৰি ফুৰিছে। ৰিকিৰ দেউতাকৰ পুৱাৰ ঘটনাটোলৈ মনত পৰিল। আজি পুৱা ৰিকিৰ কোঠাত যাওঁতে দেখিছিল গাৰুটো সাৱটি ৰিকিয়ে চকু মুদি হাঁহি আছে। এই বয়সৰ ল’ৰাই

Read more
1 2 3 4 8