ফটাঢোল

প্ৰেম-চক্ৰ – তৃপ্তি বৰা

প্ৰেমৰ কথাতো আৰু আনক ক’ব নোৱাৰি..! কেনেকৈ ক’ম ! বাৰে বাৰে বিফল হোৱাৰ পাছত নিজৰোতো এটা সন্মান আছে দিয়কচোন৷ অন্ততঃ নিজৰ বুলিবলৈ আত্মসন্মানকণেই আছে,তাকেই অমুকিয়ে আঁচলত বান্ধি ফুৰিছোঁ৷ জীৱনত ‘প্ৰেম’ নামৰ বিলাসিতাভাগ উপভোগ কৰিবলৈ নাপালোঁৱেই৷ ভাবিছিলোঁ;বিয়াৰ পাছত হেঁপাহ পলুৱাই কৰিম৷ পিছে ডাইপাৰ আৰু বেবী ফুডৰ হিচাপ ৰাখোঁতেই প্ৰেম পিছ-দুৱাৰেদি পলাল৷ আজি পিছে নিজৰ বুলি আপোনাসৱৰ আগত মোৰ বিফল প্ৰেমৰ অগাধ কাহিনীৰ এটুপি ৰসাস্বাদন(মোৰ বাবে দুখৰ মালিতাহে দেই)কৰাওঁ বুলি মনস্থ কৰিয়েই কলম লৈ বহিলোঁ৷ নগাঁও কলেজত তেতিয়া নতুনকৈ এড্মিছন লৈছোঁ৷ ডিগ্ৰী

Read more

“ডাঙৰ হ’লে মই….” – দিগন্ত কুমাৰ ভট্টাচাৰ্য

যোৱাবছৰ বৰুৱাহঁত মুম্বাইলৈ আহিছিল ফুৰিবলৈ ৷ দুদিনৰ কাৰণে৷ এদিন বাছত উঠি মুম্বাই দৰ্শনো কৰিলে ৷ গাইডজনে মেৰিন ড্ৰাইভৰ পৰা আৰম্ভ কৰি অমিতাভ-শ্বাহৰূখ খানৰ ঘৰো দেখুৱালে ৷ মুকেশ আম্বানীৰ ঘৰটো দেখি চকু থৰ হৈ ৰৈছিল আটাইৰে। শেষত শচীন তেণ্ডুলকাৰে পঢ়া স্কুলখনো দেখুৱালে ৷ “এইখন হ’ল শাৰদাশ্ৰম বিদ্যামন্দিৰৰ খেলপথাৰ..! তোমাৰ বয়সত এদিন তেণ্ডুলকাৰে এইখন পথাৰতে ক্ৰিকেট আৰম্ভ কৰিছিল..তাৰ পিছত শিৱাজী পাৰ্ক…তাৰ পিছত ৱানখেড়ে ষ্টেডিয়াম…আৰু লাহে লাহে গোটেই বিশ্বৰে ফিল্ড কঁপাইছিল তেওঁ….৷” – বৰুৱাই সাতবছৰীয়া পুতেক বুবুৰ মুখলৈ চালে। খেলপথাৰখন আগুৰি থকা ৱালখনৰ

Read more

লিমাৰিক – হেমেন ডেকা

(১) তামাম উদাসীন চলন-ফুৰণ আচৰিত দেখোঁ কথন-মথন যান্ত্ৰিক ব্যস্ততা আত্মিক শূন্যতা সুখৰ পাছত দৌৰ আমৰণ৷ (২) আকাশ-কুসুম কল্পনা আজৱ-উদ্ভট কামনা গৈছে উটি জীৰ্ণ ভেটি হেৰায় সময়-চেতনা৷ (৩) প্ৰাণত আশাৰ অণু উৰে হেঁপাহৰ ৰেণু ক্ষয়িষ্ণু শৰীৰ নিৰ্বাক-বধিৰ তথাপি বজায় বেণু৷ (৪) আহক কৰোঁ অদ্ভুত মতবাদৰ প্ৰচাৰ আভুৱা ভাৰি কৰোঁ ৰাজনৈতিক কাৰবাৰ সুবিধা পালেই লুটি-পুটি ল’ম হজুগৰ বাবে খাপ পাতি ৰ’ম আপদীয়ামখাক আহক দিওঁ মাধমাৰ৷ ☆★☆★☆

Read more

কৃষি-কৰ্মত ডাকৰ বচন – ইলি তালুকদাৰ

প্ৰবাদ-প্ৰতিম ডাক পুৰুষৰ জন্ম কেতিয়া বা তেওঁৰ কেনেদৰে মৃত্যু হৈছিল এই বিষয়ে কোনো তথ্য নাই । এইজনা ডাক পুৰুষৰ বচন সমগ্ৰ পূৱ ভাৰততে বিখ্যাত। অসমীয়া, বঙালী, বিহাৰী, উৰিয়া এই আটাইবোৰে তেওঁক নিজৰ নিজৰ ঠাইৰ পণ্ডিত বুলি দাবী কৰি আহিছে। অসমতে ওপজক বা বংগ বিহাৰতে ওপজক,ডাকৰ বচনৰ প্ৰয়োগ বহুল আৰু ব্যাপক। গতিকে ক’ব পাৰি এসময়ত অসম,বংগ, বিহাৰ আৰু উৰিষ্যাৰ কলা-সংস্কৃতিৰ লগত ভাষাৰ সমন্বয় ঘটিছিল। বহুতৰ মতে আকৌ ডাক নামৰ ব্যক্তিয়েই নাছিল। তেওঁলোকৰ মতে বহু কালৰ পৰা চলি অহা অৰ্থপূৰ্ণ প্ৰবচনবোৰ এগৰাকী

Read more

বুৰঞ্জীৰ প্ৰশ্নকাকত – অভিজিৎ কলিতা

॥ প্ৰশ্নকাকত ফাদিল ॥ সংশ্লিষ্ট সকলোকে জনোৱা হয় যে,বহু কষ্টৰ মূৰত আমি ২২১৩ চনৰ মাৰ্চ মাহত অনুষ্ঠিত হ’বলগীয়া বুৰঞ্জীৰ প্ৰশ্নকাকতখন ফাদিল কৰিবলৈ সক্ষম হৈছোঁ,লগত উত্তৰবিলাকো লিখি উলিয়াইছোঁ ৷ আমাৰ এই প্ৰচেষ্টাই পৰীক্ষাৰ্থীসকলক সহায় কৰিব বুলি আমি নিশ্চিত ৷ কেৱল কথাটো লুকুৱাই ৰখা হয় যেন৷ পুলিচ,চিআইডিয়ে গম পালে আমাৰ এই মহান উদ্দেশ্য বিফল হ’ব৷ বিষয়ঃ- বুৰঞ্জী আৰু সাধাৰণ জ্ঞান প্ৰশ্ন ১:- ১৯৫০ চনৰ পৰা ২০৫০ চনলৈ এই শতিকাটো অসম বুৰঞ্জীত কি বুলি কোৱা হয়, আৰু কিয়? বহলাই লিখা। উত্তৰঃ- অসম বুৰঞ্জীত

Read more

নীলা খামৰ চিঠি – ববীতা কোঁৱৰ

মৰমৰ “জানমণি” এবুকু মৰম ল’বা। তোমাক “ভালপাব নাজানিলো” বুলিয়েই তুমি নাভাবিবা । তোমাক মই “ত্যাগ” কৰিম। ১৬ বছৰ বয়সতে প্ৰথম “যৌৱনে আমনি কৰে”; তাৰ পাছত ক্ৰমান্বয়ে “ছয়গাঁৱৰ চম্পা” আৰু “কাদম্বৰী”ৰ স’তে “হিয়া-দিয়া–নিয়া” কৰি আহিছোঁ। তোমালৈ মোৰ মৰম “জেতুকা পাতৰ দৰে” সেউজীয়া যদিও “কেঁচা সোণ”ৰ পানী ছটিয়ালে “ৰামধেনু”ৰ দৰে সাতোৰঙী হৈ পৰে। সিদিনা ৰাতি “চুৰেন চুৰৰ পুতেক”ৰ লগ লাগি তোমাৰ ঘৰৰ “ইটো সিটো বহুতো” চুৰ কৰি আনিলোঁ। কিন্তু পাছদিনা ৰাতিপুৱা “দীনবন্ধু” দোকানীয়ে তোমাৰ “ভাইটি”ক কথাষাৰ লগাই দিয়াত কমখন “লটিঘটি” কৰিলেনে সি

Read more

হীৰুদা-কবিতাবোৰৰ দৰেই একক আৰু অনন্য যাৰ কৌতুকবোধ – মঞ্জুলী ৰাহাঙ

“নৈৰো আছে নিজৰ জীৱন ধান-মৰাপাট থাকক পানীৰ তলত,মেটেকাই ভাঙক দলং৷ আমাৰ গাত নৈৰ ঘোলা পানীৰ গোন্ধ, উচপিচ বোঁৱতী সোঁত৷ জীৱন বিষয়ক এটা গল্পৰ আঁত ধৰি নৈৰ সৈতে মই গৈ আছিলোঁ হঠাতে মোহ ছিঙি গুচি গ’ল মোৰ নৈ দুখন,কপিলী কলং৷ য’ৰে মানুহ ত’তে থাকিল,ঘৰৰ চালে-বেৰে নৈৰ চকু৷ পানীয়ে বেৰি ধৰিলে গাঁও-ভূঁই,থানবান মানুহ যেন তেজৰ পদুম৷ বোকাত পানীত ফুলি উঠে…..” হয়,নৈৰো আছে নিজৰ জীৱন৷ এক স্বতন্ত্ৰ সত্তা৷ বৈচিত্ৰ্যময় ৰূপেৰে উদ্ভাসিত হৈ উঠে নৈ সময়ে-সময়ে৷ শান্ত-গভীৰ অথবা উন্মাদ কেতিয়াবা৷ তেওঁৰ বুকুৰ শিপাডাল চুই-চুই

Read more

অট্টহাস্য – প্ৰণীতা গোস্বামী বৰঠাকুৰ

:মা,ইমান হাঁহিছে কিয় ইহঁতি-?? সৰুপোণা দমদমে মোৰ মুখলৈ চাই সুধিলে৷ :নাজানো অ’ বোপাই, এওঁলোকৰ ফূৰ্তি লাগিলেই মোৰ ভয় লাগে। :কিয় মা ? :দেখা নাই জানো, ইহঁতি ফূৰ্তি কৰি কেনেকৈ তোৰ ডাঙৰ বায়েৰক সাউতকৈ ধৰি লৈ গ’ল ৷ উফ্! বুকুখন বিষাই গ’ল। তোক আৱৰি ধৰি থকা বাবে মোলৈ হাত নপৰিল সিহঁতৰ৷ :সৰু বাই ক’ত গ’ল মা?– দমদমে অলপ ৰৈ পুনৰ সুধিলে মোক৷ :আছে চাগৈ সেই নাটেশাৰীকেইজনীৰ লগত উমলি৷ ডাঙৰ হৈ আহিছে,পিছে তাইৰ গাত কথা লগাই নাই৷-খং আৰু দুখভৰা মনেৰে মই ভোৰভোৰাই

Read more

চোৰৰ ইতিবৃত্ত – মণিষা কাকতী

আগকথাঃ নমস্কাৰ। মোৰ নাম চোৰ। হয়, মোৰ নামটোৱেই চোৰ। ‘চোৰক চোৰে পাই’ বুলি মই মোৰ নামটোৱেই ‘চোৰ’ ৰাখিছোঁ । ক’বতো নোৱাৰি! কি ঠিক! নামটোও যদি চুৰি হৈ যায়। চোৰৰ যিহে উপদ্ৰৱ আজিকালি।  আগে-পিছে, সোঁৱে-বাঁৱে, ওপৰে-তলে-চাৰিওফালে সুন্দৰ, সুন্দৰ একোটা নাম লৈ মোৰ আজোককাৰ দিনৰে বৃত্তিটোক চুৰ কৰি বহি আছে প্ৰায়ভাগে। অৱশ্যে স্পেচিফিকেলি মোৰ পৰিচয় দিবলৈ গ’লে মই হ’লোঁ ‘ফে’চবুকৰ চোৰ’। আজি আপোনালোকৰ সমুখত মই মোৰ নিজৰ কিছু কথা ব্যক্ত কৰিব ওলাইছোঁ। ইয়াৰ মূলতে হৈছে দুৰ্নাম। আজি কিছুদিন ধৰি একাংশই মোৰ নাম

Read more

দম – গীতিকা শইকীয়া

ধক্‌ধকীয়া বগা বিচনা চাদৰ পাৰি থোৱা মাংগীলাল আগৰৱালৰ ডাঙৰ কাপোৰৰ দোকানখনৰ আগত হঠাতে এখন স্ক’ৰপিঅ’ ৰ’লহি! স্পীডত আহি হঠাতে ব্ৰেক মৰাৰ ফলত ঠাইখিনিত এক প্ৰকাৰৰ গোঁজৰণিৰ দৰে শুনা গ’ল। গোঁজৰণিত উৰি যোৱা ধূলিৰ মাজতেই গাড়ীখনৰ পিছে পিছে ছন্দোবদ্ধভাৱে আহি থকা এজাক যুৱকৰ বাইকবোৰ হঠাতে ব্ৰেক মাৰি ৰখাই দিয়াত ঠাইখিনি গুমগুমাই উঠিল। যেন দক্ষিণ ভাৰতীয় চিনেমা এখনৰহে ট্ৰেইলাৰ ! প্ৰথমে বাইক এখনৰ পৰা এজন সাউতকৈ নামি আহি ভব্য-গব্যভাৱে স্ক’ৰপিঅ’ৰ দুৱাৰখন খুলি দিলে-লগুৱাই মালিকৰ গাড়ীৰ দুৱাৰ খুলি দিয়াৰ লেখীয়াকৈ! চ্যুট-টাই পিন্ধা এজন

Read more
1 2 3 4 9