ফটাঢোল

অথঃশইকীয়া সংবাদ-লক্ষ্যদীপ গগৈ

এখন পুৰণি দোকানত এই ফটো দেখি আমাৰ শইকীয়াৰ খুব পছন্দ হ’ল। নহ’বনো কিয়? ঘন ক’লা দাড়িৰে সৈতে হাতত বন্দুক লৈ চিকাৰ কৰা বাঘত ভৰি থৈ ৰৈ থকা এজন পুৰুষ। শইকীয়াই দোকানীজনক ফটোখনৰ দাম সোধাত দোকানীজনে ক’লে “দহ হাজাৰ”। শইকীয়া: কি দহ হাজাৰ! অলপ কম কৰা ভাই? দোকানী: এইখন বহুত ৰেয়াৰ ফটো। দাম কম নহ’ব। তাৰপাছত শইকীয়াই পকেটৰ পৰা পাৰ্চ উলিয়াই চালে আৰু দেখিলে যে তেওঁৰ পাৰ্চত অকল আঠ হাজাৰহে আছে আৰু নিৰাশ হৈ তেওঁ গুচি গ’ল। পিছদিনা শইকীয়াই পূৰা দহহাজাৰ

Read more

কথোপকথন-ৰিদ্বীপ যাযাবৰ

(১) বন্ধু ১:  হেৰ’! কিছুদিনৰ পৰা লক্ষ্য কৰিছোঁ, ত‌ই বহুখিনি পৰিৱৰ্তন হৈছ’। পিচে তোৰ এই পৰিৱৰ্তনৰ আচল ৰহস্যনো কি? বন্ধু ২: গীতা অ’। পুৱা শুই উঠাৰে পৰা ৰাতি টোপনি যোৱালৈকে কেৱল গীতাৰ বাণী। বন্ধু ১:- বাপৰে, তেন্তে ময়ো এইবেলিৰ গ্ৰন্থমেলাত ‘গীতা’-খনকে কিনিম দেই। আমি দুয়ো মিলি থাকিব পাৰিম। বন্ধু:- হুইট্ খেকাৰ খোৱা, গীতা মোৰ মানুহজনীৰ নাম, ত‌ই ভাবি থকা পুৰাণখন নহয়‌।  (২) মাতৃভাষাৰ পাঠদানত শিক্ষক মহোদয়ে কৃষ্ণফলকত বাক্য এটি লিখিলে, “আজি প্ৰচণ্ড শীত নামিছে।” আৰু এইটো লিখি দিয়াৰ পিছত প্ৰশ্ন

Read more

কৌতুক-আদিত্য জ্যোতি বৰঠাকুৰ

জেইলাৰ – কি হ’ল, ইমান কি চিন্তা কৰি আছা ?? কনিষ্টবল – চাৰ কয়দীবিলাকে জেলত ৰামায়ণ নাটকখন কৰা নাছিল জানো !!  জেইলাৰ – অ…. কৰিছিল। সেইটো ভাল কথাহে, তাতে ইমান চিন্তা কৰিবলৈ কি আছে ?? কনিষ্টবল – কিন্তু চাৰ হনুমানৰ ভাও লোৱা কয়দীজন  যে সঞ্জীৱনী আনিবলৈ গৈ এতিয়াও ঘূৰি অহা নাই, সেইটো গম পাইছেনে নাই?? ☆ ★ ☆ ★ ☆

Read more

কৌতুক-ৰিণ্টুমণি দত্ত

ক্লাছ চলি থকাৰ সময়ত শিক্ষয়িত্ৰীয়ে প্ৰশ্ন কৰিলে,  : বাৰু তোমালোকে কোৱাচোন তাজমহল ক’ত আছে? ছাত্ৰ-ছাত্ৰী : বাইদেউ আগ্ৰাত৷ শিক্ষয়িত্ৰী : নহয়, ভুল উত্তৰ৷ তাজমহল তামিলনাডুত আছে৷ শিক্ষয়িত্ৰীৰ উত্তৰ শুনি সকলো ল’ৰা-ছোৱালী আচৰিত হ’ল৷ আৰু এই কথাটো ঘৰলৈ সিহঁতে মাক দেউতাকক কৈ দিলে৷ পাছদিনা সকলো অভিভাৱক স্কুলত উপস্থিত হৈ হেডমাষ্টৰক কমপ্লেইন কৰিলে যে স্কুলত ভুলকৈ কিয় শিকোৱা হৈছে?  হেডমাষ্টৰ : প্ৰথমে আপোনালোকে ল’ৰা ছোৱালীৰ ফিজবোৰ দি লওক৷ যোৱা পাঁচ মাহে আপোনালোক কোনেও ফিজ দিয়া নাই, স্কুললৈ মাতিলেও আপোনালোক নাহে৷ যেতিয়ালৈকে আপোনালোকে

Read more

ছাত্ৰ-ছাত্ৰীৰ ভয়ানক প্ৰশ্নোত্তৰ আৰু দুষ্টালি – কুমকুম শৰ্মাবৰুৱা

এদিন মই ব’ৰ্ডত অংক কৰি দি চকীত বহিছোঁহি। ক্লাছ ছেভেনৰ ল’ৰা এজন উঠি আহি মোক কলমটো খুজিলে। মই তাৰ কলম বেয়া হৈছে বুলি ভাবি অংক পাতি ল’বলৈ দি দিলোঁ। অলপ পিছত বে’ল পৰিল আৰু মই কলমটো তাক খুজিলোঁ। সি বোলে সেইটো তাৰ কলম কেলেই দিব মোক। পিছদিনা সি অংক কৰা নাই। বহি আছে এনেয়ে। মই ওচৰলৈ মাতি লাহেকৈ এচাত স্কেলেৰে দিলোঁ। আৰে টংকৈ বাজি উঠিল। মই বোলো কি আছে জেপত উলিওৱা। সি ক’লে যাদু যাদু। মই বোলো দেখুওৱা যাদু তোৰ। 

Read more

কৌতুক-মিলন চন্দ্ৰ দাস

শিক্ষক–সদায় আহাৰ খোৱাৰ আগেয়ে ভগবানক প্ৰাৰ্থনা কৰিব লাগে। ৰাজু , কোৱাচোন তুমি সদায় সেইটো কৰানে?  ৰাজু–ছাৰ সদায় নকৰোঁ।  শিক্ষক– সদায় কিয়  নকৰা?  ৰাজু–মায়ে ভাত বনালে সোৱাদ হয়।সেয়েহে ভগবানৰ নাম নোলোৱাকৈ খাব পাৰি। দেউতাই বনালে একো সোৱাদ নহয় বাবে ভগবানৰ নাম লৈ খাব লগা হয়! ☆ ★ ☆ ★ ☆

Read more

কৌতুক-পদ্মলোচন ভৰদ্বাজ

পত্নীয়ে বমি কৰা দেখি পতিয়ে সুধিলে,  : কি হ’ল? কিবা বেয়া বস্তু খালা নেকি, বমি হৈছে যে?  পত্নী : লাহেকৈ কওক হে, কোনোবাই শুনিব, মই মাক হ’বলৈ ওলাইছোঁ, সেই কাৰণেহে বমি হৈছে৷  ৰাতি পতিয়ে ডিঙিলৈকে মদ খাই আহি, ঘৰৰ মজিয়াতে ওক্ ওকাই বমি কৰি দিলে ৷ তাকে দেখি পত্নীয়ে খঙত একো নাই হৈ সুধিলে,  : এইবোৰ কি কৰিছা, কি খাই আহিছা হাঁ, কি খাই আহিছা?  পতিয়ে ঢলং ঢপংকৈ থিয় হৈ-  : মনে মনে কোৱাহে, কোনোবাই শুনিব, মই দেউতাক হ’বলৈ ওলাইছোঁ,

Read more

কৌতুক-পদ্মলোচন ভৰদ্বাজ

আইনাৰ মুখত থিয় হৈ পত্নীয়ে  স্বামীক সুধিলে…. ” মই বাৰু বৰ শকত হৈছো নেকি ..? “ স্বামীয়ে ৰাতিপুৱাই কাজিয়া এখন নহওক বুলি কলে … ” নাই নাই ….তুমি একেবাৰেই শকত হোৱা নাই ..” আনন্দত পত্নীয়ে ৰোমাণ্টিক হৈ কলে .. “মোক দাংকোলাকৈ ফ্ৰীজ টোৰ ওচৰলৈ লৈ যোৱানা,আইচক্ৰীম খাবলৈ মন গৈছে “ পৰিস্থিতি প্ৰতিকূল হোৱা দেখি স্বামীয়ে তৎক্ষণাত কলে…. ” ৰ’বা হে, মই ফ্ৰীজটোকেই ইয়ালৈ  দাঙি লৈ আহোঁ “ ☆ ★ ☆ ★ ☆

Read more

অথঃ শইকীয়া সংবাদ -লক্ষ্যদ্বীপ গগৈ

আমাৰ শইকীয়াই হাত-ভৰি ছেল খুৱাই এটা চকু উখহাই ঘৰ সোমালেহি। তাকে দেখি ভয় খাই শইকীয়ানীয়ে সুধিলে, : হেৰি কি হ’ল ক’ত কেনেকৈ দুখ পালা? শইকীয়া:- এঃ নক’বা আৰু… স্কুটী এখনে খুন্দিয়াই থৈ গ’ল। শইকীয়ানী:- কোন আছিল গম পালা নেকি? স্কুটীখনৰ নম্বৰ নোট কৰিলা নাই? শইকীয়া:- বিষত স্কুটীখনৰ ৰং আৰু নম্বৰ দেখাই নাপালো কিন্ত ছোৱালীজনী বগাকৈ ধুনীয়া আৰু চুলিখিনি দীঘল আছিল। তাই নীলা জিন্স আৰু বগা টি-ছাৰ্ট পিন্ধি আছিল। লাইট পিংক কালৰৰ লিপষ্টিক লগাইছিল লগতে দীঘল কাণফুলি এযোৰ পিন্ধিছিল। ইয়াৰ পাছত

Read more

কৌতুক-পদ্মলোচন ভৰদ্বাজ

ৰঘুৰ ঘৰৰ বাহিৰত এখন চাইনবোৰ্ড ওলমাই থোৱা আছে। তাত লিখা আছে, : ইয়াত ঘৈণীক বশ কৰা তাবিজ পোৱা যায়। দেখা গ’ল এই ঘৰৰ বাহিৰত প্ৰায় দুই কিলোমিটাৰ লাইন। এই লাইনত থিয় নোহোৱাকৈ কোনেও আগুৱাই যাব নোৱাৰে। লাইনৰ মাজত থিয় হৈ থকা দুজন মধ্য বয়স্কলোকৰ কথা-বাৰ্তা মোৰ কাণত পৰিল। ১ম ব্যক্তি: মোক দুই ঘণ্টা আগতে এজন বন্ধুৱে ফোন কৰি এই ঠাইখনৰ কথা কৈছিল। মই খবৰ পায়েই প্ৰায় ২৫ কিলোমিটাৰ দূৰৰ পৰা পাগলৰ দৰে আহিলোঁ। তথাপিও ইমান দীঘল লাইন। ২য় ব্যক্তি: ময়ো

Read more
1 2 3 4 5 32