সংখ্যাটোৰ আঁৰৰ কথা
২০২০ চনৰ এক অক্টোবৰ৷ নিশা তেতিয়া দহ বাজিছে৷ হঠাৎ মোবাইল ফোনটোত টিংকৈ এটা শব্দ হ’ল৷ মানে মেছেঞ্জাৰে বাৰ্তা অহাৰ সংকেত দিলে৷ কোনোবাই ‘গুড নাইট’ জনালে কিজানি! ‘হাই কি ক্ৰিছা’ও হ’ব পাৰে! মেছেঞ্জাৰত সোমালোঁ৷ দেখিলোঁ ৰিণ্টুমণি দত্তৰ মেছেজ— ‘দাদা, নমস্কাৰ৷’ ৰিণ্টুমণিৰ মেছেজ? মুহূৰ্তৰ ভিতৰতে মনত কিবা এটা আশংকা হ’ল৷ ‘ভালেই’ বুলি উত্তৰ দিলোঁ৷ কিন্তু মই আশংকা কৰাটোৱেই হ’ল৷ মানে, ৰিণ্টুমণিয়ে ক’লে মই হেনো এবাৰ মেগাজিনখনৰ মানে ‘ফটাঢোল’ৰ সম্পাদক হ’ব লাগে— জানুৱাৰী মাহ মানত৷ মই সহায় বিচাৰিলোঁ৷ তেওঁ বোলে, সকলো হৈ যাব,
Read more