ফটাঢোল

অসমীয়া আত্মজীৱনী সাহিত্য : এটি চমু আলোকপাত-ড° চাহিন জাফ্ৰি 

আত্মজীৱনী কি আৰু ইয়াৰ সংজ্ঞা বিচাৰিলে হয়তো বহুজনে একেআষাৰে উত্তৰ দিব পাৰিব। কিন্তু এই আত্মজীৱনীৰ গুৰুত্ব কি আৰু সাহিত্যৰ ক্ষেত্ৰখনত ইয়াৰ প্ৰয়োজনীয়তা কিমান সেই সম্পৰ্কে হয়তো বহুজনৰ মাজতেই সন্দেহৰ অৱকাশ থাকি যাব। অৱশ্যে আনৰ মতে যিয়েই নহওক, ব্যক্তিগত ভাৱে মই এটা কথা বিশ্বাস কৰোঁ যে – এই আত্মজীৱনীসমূহ এনে এবিধ জীৱনদায়িনী শক্তি, যিয়ে যিকোনো মানুহকে জীৱন জিনাৰ শক্তি দিব পাৰে, বাট দেখুৱাব পাৰে, আনকি সফলতাৰ শীৰ্ষত অৱনীত কৰাবলৈও বাট দেখুৱাব পাৰে। বিখ্যাত বা মহৎ লোকসকলৰ জীৱনৰ বিচিত্ৰ অভিজ্ঞতা অথবা তেওঁলোকৰ

Read more

মীৰাবাঈ চানু: গ্লাছগ’ৰ পৰা টকিঅ’লৈ-ৰাকেশ শৰ্মা

মীৰাবাঈ চানু, ভাৰতৰ ৰূপালী কন্যা, যি গৰাকীৰ জৰিয়তে ভাৰতে চলিত টকিঅ’ অলিম্পিকত প্ৰথমটো পদক বুটলিবলৈ সক্ষম হ’ল। মীৰাবাঈ চানুৱে মহিলাৰ ৪৯ কেজিৰ ভাৰোত্তোলনত মুঠ ২০২ কিলোগ্ৰাম (স্নেট্চ-৮৭ কিলোগ্ৰাম আৰু ক্লিণ এণ্ড জাৰ্ক-১১৫ কিলোগ্ৰাম) ভাৰোত্তোলন কৰি ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়। ভাৰতৰ হৈ অলিম্পিকত ভাৰোত্তোলনত পদক বুটলিবলৈ সক্ষম হোৱা দ্বিতীয় গৰাকী মহিলা ভাৰোত্তোলক। ইয়াৰ পূৰ্বে ২০০০ চনত চিডনী অলিম্পিকত কৰ্ণম মালেশ্বৰীয়ে ব্ৰঞ্জৰ পদক বুটলিবলৈ সক্ষম হৈছিল। অৱশ্যে অলিম্পিকত ভাৰোত্তোলনত ৰূপৰ পদক বিজয়ী প্ৰথম মহিলা হিচাপে ইতিহাস ৰচিলে মীৰাবাঈ চানুৱে। উত্থান

Read more

সততাৰ অন্য এক দৃষ্টিকোণ- হৰ্ষজিৎ কলিতা

কেইটামান পষেক পূৰ্বে বৰসিং বে নামৰ আৰক্ষীৰ গৃহৰক্ষী বাহিনীৰ জোৱানজনে যথেষ্ট সাহসিকতাৰে ভয়াবহ ড্ৰাগছ মাফিয়াৰ পৰা বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য উদ্ধাৰ কৰাৰ বাতৰিয়ে শিৰোনামা দখল কৰা পৰিলক্ষিত হ’ল।স্বাভাৱিকভাৱেই বৰসিং বে নামৰ জোৱানজনে ড্ৰাগছ মাফিয়াৰ প্ৰলোভন পৰিহাৰ কৰি ড্ৰাগছ উদ্ধাৰ কৰা ঘটনাটোৱে আমাৰ মাজৰ পৰা বিলুপ্তপ্ৰায় হোৱা ‘সততা’ নামৰ শব্দটোৰ আক্ষৰিক অৰ্থকেই যেন আমাৰ আগত প্ৰতীয়মান কৰিলে। একেদৰে প্ৰশাসনৰ ‘ড্ৰাগছবিৰোধী আন্দোলন’ৰ অংশ হিচাপে প্ৰায়েই টেলিভিচনত এইকেইদিন ড্ৰাগছ বা নিচাযুক্ত দ্ৰব্যৰে জড়িত অনেক ব্যক্তি কৰায়ত্ব কৰাৰ খবৰো আমি বিভিন্ন মহলত আমি পাই

Read more

শেষ ইচ্ছা- মৃন্ময় কুমাৰ নাথ

সিদিনা এক বন্ধুৱে সুধিছিল, : ধৰা হ’ল আৰু মাত্ৰ দহটা মিনিট পিছতেই তোমাৰ মৃত্যু হ’ব আৰু তুমিও জানা যে তোমাৰ আয়ুস কাল মাথোঁ কেইটামান ক্ষণৰহে! তেনে সময়ত তোমাৰ শেষ ইচ্ছা কি হ’ব? বন্ধুৰ প্ৰশ্নটো বেছ চিন্তা উদ্দ্বীপক। কিছুপৰ ৰৈ গ’লোঁ। ভাবিলোঁ- এটা আদর্শ শেষ ইচ্ছা কেনেধৰণৰ হ’ব পাৰে?এটা আদর্শ শেষ ইচ্ছাৰ কি কি চাৰিত্রিক বৈশিষ্ট থাকিব পাৰে অথবা থকাটো যুগুত! শেষ ইচ্ছা সম্পৰ্কীয় এই প্রশ্নটো বহুতকেই সাক্ষাৎকাৰ, অন্তৰংগ আলাপ আদি জাতীয় অনুষ্ঠানসমূহত সোধা শুনো। প্রত্যেকেই সাধাৰণতে একোটা আদর্শ উত্তৰেই দিয়ে।

Read more

বিলসমূহ  জৈৱবৈচিত্ৰ্যৰ ভঁড়াল- ধীৰেন শইকীয়া

সৰল অৰ্থত বিল তথা জলাশয়সমূহ হ’ল আৰ্দ্ৰভূমি। এই আৰ্দ্ৰভূমি জৈৱ বৈচিত্ৰতাৰ প্ৰধান আধাৰ। সাধাৰণতে বিল হৈছে চাৰিওফালে স্থলভাগে আৱৰি থকা দ’ আৰু বহল স্বাভাৱিক জলভাগ। বিভিন্ন প্ৰাকৃতিক ঘটনা পৰিঘটনাৰে বিলৰ সৃষ্টি হয়। চানডুবি বিলৰ সৃষ্টি হৈছিল ভূমিকম্পৰ ফলত, মতাপুং মাগুৰী বিলৰ সৃষ্টি হৈছিল নিমখৰ পুং এটাৰ পৰা। বহুসময়ত নদীৰ পৰা ওলাই অহা সুঁতি বৈ আহিও বিলৰ ৰূপ লয়, কেতিয়াবা আকৌ পাহাৰৰ পৰা নামি অহা পানীভাগ দ’ পথাৰ সদৃশ স্থানত জমা হৈয়ো বিলৰ সৃষ্টি হোৱা দেখা যায়। জলাহভূমি বা বিলসমূহ জৈৱবৈচিত্ৰ্যৰ

Read more

চেডেণ্ট্ৰী লাইফ-ষ্টাইল- নবজিৎ বৈশ্য

আমি সৰু থাকোঁতে আমাৰ ওচৰৰ দুখন গাঁৱত দুজন ‘বহি-খ’ নামৰ মানুহ আছিল৷ অৱশ্যে দুয়োজনৰ ক্ষেত্ৰত নামটোৱে দুটা পৃথক অৰ্থ বহন কৰিছিল৷ এজনৰ ক্ষেত্ৰত নামটোৱে মূলতঃ ব্যক্তিগৰাকীৰ এলেহুৱা স্বভাৱটোক আৰু আনজনৰ ক্ষেত্ৰত পূৰ্বপুৰুষৰ পৰা উত্তৰাধিকাৰ সূত্ৰে লাভ কৰা ভূই-সম্পত্তিৰ বলত কাম নকৰাকৈ খাবলৈ পোৱাৰ অৱস্থাটোক নিৰ্দেশ কৰিছিল৷ প্ৰথমজন ‘বহি-খ’ক মানুহে অৱজ্ঞাৰ দৃষ্টিৰে চাইছিল যদিও দ্বিতীয়জন ‘বহি-খ’ক মানুহে সমীহ কৰিছিল৷ কোনেও তেওঁক ‘বহি-খ’ নামটোৰে সমুখত নামাতিছিল৷ অৱশ্যে তেওঁৰ পোহনীয়া গাইজনীক “বহি-খ থেৰ গাইটু” খেতিডৰাক “বহি-খ থেৰ খেতি” আদি বুলিহে উল্লেখ কৰিছিল৷ আকৌ

Read more

লুুপ্তপ্ৰায় সামাজিক পৰম্পৰা আৰু ৰং ধেমালি -দ্বিজেন তামুলী

আমাৰ সমাজত এনে কিছুমান উৎসৱ-পাৰ্বন আৰু সামাজিক পৰম্পৰা আছিল (হয়তো চেগাচোৰোকাকৈ ঠাই বিশেষে দুই এটা চলি আছে) এই উৎসৱ-পাৰ্বনসমূহ লুপ্তপ্ৰায় অৱস্থা হ’বলৈ ধৰিছে৷ উৎসৱ-পাৰ্বন সামাজিক পৰম্পৰা ৰীতি-নীতিৰে চহকী আমাৰ এই সমাজখন ক’ৰবাত যেন দুখীয়া হৈ যোৱাৰ অনুভৱ এটা হয়৷  এনে কিছুমান উৎসৱ আৰু সামাজিক পৰম্পৰা গাঁওবোৰত প্ৰচলিত আছিল যিবোৰত গাঁৱৰ মহিলাবোৰ লগ হৈ হাঁহি-ধেমালিৰে পালন কৰা পৰিলক্ষিত হৈছিল৷ এই অনুষ্ঠানবোৰত এনে এগৰাকী মহিলা আছিল তেওঁৰ ধেমেলীয়া কাম-কাজে অনুষ্ঠানটি আৰু আকৰ্ষণীয় কৰি তুলিছিল৷ আমাৰ গাঁওখনৰ মহিলাবোৰে অনুষ্ঠিত কৰা এটা অনুষ্ঠান আছিল

Read more

অনলাইন লাৰ্ণিং- আনিমা দাস

অনলাইন লাৰ্ণিং বা অনলাইন শিক্ষা বৰ্তমান সময়ত ব্যাপকভাৱে ব্যৱহাৰ হয়। বিশেষকৈ কোভিড-19 মহামাৰীৰ সময়ত বিদ্যালয় মহাবিদ্যালয় আদিৰ লকডাউন দিব লগা হোৱাত ইয়াৰ জনপ্রিয়তা  বৃদ্ধি পায়। ইলেকট্ৰনিক ডিভাইচ ব্যৱহাৰ কৰি ইণ্টাৰনেটৰ জৰিয়তে জ্ঞান আহৰণ কৰিব পৰা মাধ্যমক অনলাইন লাৰ্ণিং বা ই-লাৰ্ণিং বুলি কোৱা হয়। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ব্যাপক উন্নতিৰ ফলত আৰু শিক্ষা ব্যৱস্থাৰ মান উন্নত কৰিবৰ বাবে মানুহে ই-লাৰ্ণিং ব্যৱস্থাটো গ্ৰহণ কৰিছে। ই-লাৰ্ণিং শব্দটো এলিয়ট মাইচিয়ে 1999 চনত প্ৰথমে ব্যৱহাৰ কৰিছিল। পিছত স্মাৰ্ট ফোন, টেবলেট, কম্পিউটাৰ আদিৰ ব্যৱহাৰ সহজলভ্য হোৱাত বিষয়টো

Read more

বিহু- ভাস্কৰজ্যোতি শৰ্মা

” বিহু আনন্দীয়া      বিহু বিনন্দীয়া          বিহুৰে মৌ-মিঠা মাত, বিহু থাকে মানে        বিহুকে বিনাবা          বিহু গ’লে বিনাবা কাক। “ বিভিন্ন জাতি-জনগোষ্ঠীৰ সংমিশ্ৰণত গঢ়ি উঠা বৃহত্তৰ অসমীয়া জাতিৰ সাংস্কৃতিক উৎসৱ, বিহু৷ সময়ৰ বা-মাৰলিত পৰি বিহুৱে স্বকীয়তা হেৰুৱালেও চটাই পৰ্বতৰ পৰা উজাই আহি বুঢ়া লুইতৰ পাৰত বাহ বন্ধা বিহুৰ আদিম আবেদন এতিয়াও একেই আছে। বিহু অসমীয়া কৃষিজীৱী ৰাইজৰ বাবে এক আনন্দৰ উৎসৱ৷ বিহু মানেই বিহুৱা ডেকাৰ সিৰে সিৰে বোৱা তপত

Read more

ভূপেনদাৰ গীতত শ্ৰেণীবৈষম্যহীন সমাজৰ সপোন (‘দোলা হে দোলা’ গীতৰ বিশেষ উল্লিখনসহ)- ড° চাহিন জাফ্ৰি

বিশ্ববিশ্রুত শিল্পী ড° ভূপেন হাজৰিকা একাধাৰে গীতিকাৰ, সুৰকাৰ, গায়ক, কথাছবি নির্মাতা, কবি, সংস্কৃতিৰ পূজাৰী, মানৱদৰদী, সমন্বয়ৰ বাহক আৰু অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী আছিল৷ তেওঁৰ বহুমূলীয়া সৃষ্টিৰাজি অসমবাসীৰ বাবে এক অমূল্য সম্পদ। বিশেষকৈ সংগীত জগতত ড° ভূপেন হাজৰিকাৰ অৰিহণা অপৰিসীম৷ তেওঁ প্ৰথমৰ পৰাই সংগীতৰ দ্বাৰা সমাজৰ উন্নতি কৰিবলৈ যত্ন কৰিছিল। তেওঁ জাতি-ধর্ম-ভাষাৰ বিভেদক পাহৰি সকলােৰে মনত ভ্রাতৃত্ববােধ জগাই তুলিবলৈ চেষ্টা কৰিছিল। গীতক মাধ্যম হিচাবে লৈ তেওঁ শোষক-শোষিতৰ মাজৰ প্রাচীৰ ভাঙি সাম্যবাদ প্রতিষ্ঠা কৰিবলৈ প্ৰয়াস কৰিছিল। দুখীয়া- নিপীড়িত মানুহৰ মুক্তিৰ সপোনক বাস্তৱৰূপ দিবলৈ

Read more
1 2 3 4 5 6 27