দদায়ে মিছা নকয়-বিশ্বজিৎ বৰুৱা
বেঞ্চখনত যেনতেন বহি আমি ছয় জনে আড্ডা চলাই থাকোঁতেই পাছফালৰ পৰা ভাহি আহিল আমাৰ সকলোৰে চিনাকি মাতটি….. “সোণহঁত বহিছনে ?” লগে লগে… -উ ঔ দদাই আহিল বুলি খৰখেদাকৈ বেঞ্চ খালী কৰি ইফালে সিফালে চেণ্ডেল ইত্যাদি পাৰি কাষৰীয়া স্থানসমূহ ল’লোগৈ। এই বহচোন বহ, তহঁতেই বহ বুলি দদাই বেঞ্চখনতে এমূৰে বহিল। এটাই মাত লগালে…. -কি দদাই বহুত দিন নাই; গা বেয়া হৈছিল নেকি? স্বভাৱজাত ভংগীমাৰে দদায়ে ক’লে- -কিনো গা বেয়া হ’ব ঔ সোণ! এই কেইদিন অলপ গাঁৱতে লাগি আছো। এৰাব নোৱাৰা কাম
Read more