ফটাঢোল

সুখ -ৰঞ্জন বৰুৱা

এসময়ত এজন বৰ ন্যায়প্ৰিয় ৰজা আছিল। এদিন পৰুৱাৰ এক বৃহৎ দল অভিযোগ পত্ৰ লৈ তেওঁৰ ৰাজসভাত উপস্থিত হ’ল। “মহাৰাজ, ন্যায় কৰক। আমাৰ প্ৰজাতি লুপ্তপ্ৰায় হৈ আহিছে। লাখৰ সংখ্যাত দৈনিক মৃত্যুৰ মুখলৈ গতি কৰিছে। মানুহে আজিকালি ‘পৰুৱা মোহৰাদি মোহাৰি পেলাম’ বুলি আমাৰ প্ৰজাতিৰ সন্মান ধূলিৰ লগত মিলাই দিছে।  আমাৰ প্ৰতি ন্যায় কৰক মহাৰাজ।” ৰজা বিবুধিত পৰিল। সমস্যা সমাধানৰ বাবে লগে লগে মন্ত্ৰীসকলৰ মাজত এক উচ্চস্তৰীয় সমিতি গঠন হ’ল। এসপ্তাহৰ ভিতৰত সমাধানৰ ৰাস্তা উলিয়াবলৈ ৰজাই নিৰ্দেশ দিলে।  এসপ্তাহৰ পাছত ৰাজসভা পুনৰ বহিল। 

Read more

মেলা আৰু যাত্ৰাৰ ৰং-ৰঞ্জিত কুমাৰ শৰ্মা

আমাৰ গাঁৱত দুখন ৰাজহুৱা পূজা বহু বছৰৰ পৰা চলি আছে৷ ইয়াৰে এখন হ’ল লক্ষ্মীপূজা আৰু আনখন কালীপূজা৷ লক্ষ্মীপূজাখন শাৰদীয় বতৰতে হয় যদিও কালীপূজাখন পুহ মাহত হয়৷ এই মেলাত নিশা যাত্ৰাদলৰ নাটক হৈছিল, এতিয়াও হয়৷ এতিয়া অৱশ্যে আগৰ যাত্ৰাদল নাই, উন্নত হ’ল৷ আমাৰ গাঁৱতে দুটা যাত্ৰাদল আছিল৷ সেই সময়ত পশ্চিম অসমত বহু যাত্ৰাদল আছিল আৰু যিকোনো ৰাজহুৱা বা সাৰ্বজনীন পূজাৰ মেলাৰ মুখ্য আকৰ্ষণ আছিল যাত্ৰাদলৰ নাটক৷ আমাৰ গাঁৱৰ দুয়োখন ৰাজহুৱা পূজাতেই দুই-তিনিদিন মেলাও বহে৷ আজিকালি নিশাৰ ভাগত সাংস্কৃতিক অনুষ্ঠান আদিও হয়

Read more

ভাড়াতীয়াৰ সন্ধানত-পংকজ কুমাৰ নেওগ

দুলীয়াজানৰ চাকৰি এৰি যেতিয়া ওমানলৈ আহিবলৈ ওলালোঁ, কোম্পানীয়ে মোক ১৬ বছৰীয়া সেৱাৰ বাবদ ১৫ লাখ টকা হাতত গতালে। গাড়ী কিনা ল’ন বাকী আছিল, গতিকে তাৰে আঢ়ৈ লাখমান টকা কাটি থ’লে। ভাগ্যক্ৰমে আন কোনো ল’ন নাছিল। গুৱাহাটীলৈ আহি বাকীখিনি টকা মোৰ ফ্লেটৰ বিল্ডাৰক সপিলোঁ। ইয়াৰ দুবছৰমানৰ আগতে গুৱাহাটীৰ গণেশগুৰিত ফ্লেট এটা লওঁ বুলি কিছু অগ্ৰিম ধন দি থৈছিলোঁ। ভাবিলোঁ পইচাখিনি হাতত পৰোঁতেই ফ্লেটৰ লেঠাটো মাৰি থওঁ। গতিকে প্ৰায় কপৰ্দকশূণ্য হৈ ওমান পালোঁগৈ। মাস্কাটলৈ যাবলৈ উৰাজাহাজৰ টিকেট ওমানৰ কোম্পানীয়ে পঠাইছিল। নতুন কোম্পানীত

Read more

ফৰিং চিটিকা-বিবেকানন্দ চৌধুৰী

তলত লিখা কথাখিনি মোৰ এজন বন্ধুৱে মোক বহু বছৰ পাছত কৈছিল। ঘটনাটো সঠিককৈ ঘটিছিলনে নাই সত্যাসত্য বিচাৰ মই কৰা নাই। আপোনালোকে কল্পকাহিনী বুলিয়েই পঢ়কচোন- অলপ মনটো পাতল লাগিব। ১৯৭৯ চনৰ কথা। আমি তেতিয়া কটনৰ প্ৰাক-বিশ্ববিদ্যালয় শ্ৰেণীৰ দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ। তেতিয়ালৈকে অসম আন্দোলনৰ ছাঁ আহি পৰা নাই। আৰু বৰ্তমান প্ৰজন্মৰ বাবে কওঁ, এতিয়াৰ উচ্চতৰ মাধ্যমিক শ্ৰেণীটো তেতিয়াও আছিল- সেয়া অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনত উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত নামভৰ্তি কৰা বিদ্যাৰ্থীসকলে সেয়া পাঠ্যক্ৰমত পঢ়িছিল। মহাবিদ্যালয়ত নামভৰ্তি কৰা বিদ্যাৰ্থীসকলে প্ৰাক-বিশ্ববিদ্যালয় শ্ৰেণীত পঢ়া

Read more

উৰুকাৰ লেবেল-সদানন্দ ভূঞা

মাঘৰ বিহুৰ উৰুকা। অসমীয়াৰ বাপতি সাহোন ভোগালী বিহুৰ উৰুকাৰ দিনাখন কোনোবাই লগে ভাগে এসাঁজ খোৱাৰ মন। কোনোবাই আকৌ ঘৰতে মাছে-মঙহে  সপৰিয়ালে উৰুকা পালন কৰাৰ আয়োজন চলাইছে। অসমৰ চৌদিশে এক উখল-মাখল পৰিবেশ। অমুকায়ো বিহু বুলি ভালদৰে এসাঁজ খাওঁ বুলি বজাৰ-সমাৰ কৰি পোনেই গৃহপ্ৰবেশ কৰিছোঁহে, শ্ৰীমতীয়ে যতনাই থোৱা চাহ-জলপান খাবলৈ ৰিঙিয়ালেই। উৰুকা বুলি মনত ভালদৰে উচাহ এটাও আনিব পৰা নাই। বৰ ভয় এটাই দেখোন মোক দিনে-নিশাই খেদি ফুৰিছে। আপোনালোকে হয়তো সুধিব… এইহেন ভোগালী বিহুৰ উৰুকাত আপোনাৰ বুকুত কিহৰ ভয়দালে থিতাপি ল’লে। হেৰি,

Read more

ছ’ৰী-জয়ন্ত কুমাৰ ডেকা

“আধুনিক শিক্ষাই ভাৰতবৰ্ষৰ সমাজক দিয়া সবাতোকৈ ক্ষতিকাৰক অস্ত্ৰবিধ এয়ে যে যিকোনো বিষয়তে মানুহে এতিয়া জানি বা অজানিতে ভুল কৰি ক্ষমা প্ৰাৰ্থনা কৰাতকৈ বা ভুলটো মানি লোৱাতকৈ আত্মৰক্ষাৰ বাবে নাভূত-নাশ্ৰুত যুক্তিৰ আশ্ৰয় বেছিকৈ গ্ৰহণ কৰে।” উপৰিউক্ত কথাখিনি মোক জীৱনৰ যাত্ৰাই শিকাইছে। সেয়ে ডায়েৰীত ডাঙৰ ডাঙৰ আখৰেৰে কথাখিনি লিখি ৰাখিছোঁ। এই জ্ঞান কেতিয়া কেনেদৰে পালোঁ নিজেই নাজানো।‌ কিন্তু এটা কথা ঠিক, এদিনতে পোৱাও নাছিলোঁ আৰু প্ৰথমবাৰলৈ সংঘটিত হোৱা ঘটনাৰেই কথাটো সত্য বুলি মনাও নাছিলোঁ। বাৰে বাৰে একেধৰণৰ ঘটনাৰ সন্মুখীন হৈহে অনুভৱ কৰিছিলোঁ

Read more

বগা লিপষ্টিক আৰু তিতা কেৰেলাৰ জুচ্ খাবলৈ ৰাজি হোৱা ছোৱালীজনী-জয়ন্ত গগৈ

টেবুলৰ ওপৰত থৈ দিয়া ম’বাইলটো দুই – তিনিবাৰমান ৰিং হৈ আছিল। ঘোৰ টোপনিত আছিলোঁ যদিও ৰিংটনৰ শব্দত যেন-তেনকৈ টেবুলৰ পৰা ম’বাইলটো হাতত ল’লোঁ, নম্বৰটো অচিনাকি দেখি ধৰিবলৈ ইচ্ছা নাছিল। নাইট চিফ্ট ডিউটি কৰি দিনত শুলে এবাৰ টোপনি ভাগিল বুলিলে আৰু পিছত টোপনি যাবলৈ বৰ কষ্ট হয়। তিনিবাৰমান ফোনটো বাজিল বাবে শেষত ৰিচিভ কৰিবলৈ বাধ্য হ’লোঁ। সিফালৰ পৰা ছোৱালী এগৰাকীৰ শুৱলা কণ্ঠস্বৰ ভাঁহি আহিল, : হেল্ল’, আপুনি অৰিয়ণ বৰুৱা নেকি বাৰু? : হয়, কওক। : মই আপোনাৰ নম্বৰটো দেৱাশীভদাৰ পৰা পালোঁ।

Read more

জন্মৰ ইতিহাস – ৰঞ্জিত কুমাৰ শৰ্মা

ঘৰৰ কলিং বেলটো বাজি উঠাত আদিত্যই দুৱাৰ খুলি দিলে৷ বাৰাণ্ডাত উঠা চিৰিৰ কাষত চাৰিজন লোক থিয় হৈ আছিল৷ তেওঁলোকৰ তিনিজনৰ মুখকেইখন আদিত্যই আগতে দেখিছে৷ এজনক দেখা মনত নপৰে৷ কিন্তু এজনক ভালকৈ জানে আদিত্যই৷ তেওঁৰ নাম চিদানন্দ৷ অৱশ্যে চিদা বুলিহে তেওঁ অধিক পৰিচিত৷ আদিত্যই তেওঁক চিদাদা বুলি মাতিছিল আৰু এতিয়াও ঘৰলৈ আহিলে তেওঁক লগ পালে চিদাদা বুলিয়েই মাতে৷ আজিও আদিত্যই তেনেদৰে মাতিলে৷ : অ’ চিদাদা দেখোন? আহক আহক৷ চিদানন্দৰ সৈতে কেউজনেই আদিত্যৰ ড্ৰয়িং ৰূমত আসন গ্ৰহণ কৰিলে৷ আদিত্যই লক্ষ্য কৰিলে— আটাইকেইজনৰে

Read more

অমাইক্ৰনৰ সময়ত বিবাহবিলাসী সকললৈ আহ্বান-ডা: প্রাঞ্জল জ্যোতি দত্ত 

প্ৰাক-বৈবাহিক সম্ভাষণ,  সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ স্বাৰ্থত বিবাহপ্রত্যাশীসকল আৰু তেখেতৰ পৰিয়াললৈ কিছুমান নীতি নির্দেশনা আগবঢ়োৱা হৈছে। আশা কৰোঁ সহযোগ কৰিব।  *ইয়াৰ দ্বাৰা কইনাৰ ঘৰৰ পদূলিত থিয় দিয়াৰ লগে লগে দৰাই মুখত ৰুমাল লোৱাটো একেবাৰে নিষিদ্ধ কৰা হৈছে। মুখত পিন্ধা মাস্কেই ৰুমালৰ কাম কৰিব। দৰাৰ দুইহাত অনবৰতে কুৰ্ত্তাৰ পকেটত থাকিব।  *দৰা আহি কইনাৰ পদূলিত ৰোৱাৰ পিছত আদৰাৰ নিয়মৰ ক্ষেত্ৰত অলপ নির্দেশনা আছে । কইনাৰ দেউতাক, ককায়েক, বা মহাক আদিয়ে ন -দৰাক দুহাতেৰে সাবতি দাঙি দিয়াটো আইনবিৰুদ্ধ হ’ব।তাৰ সলনি তেখেতসকলে ছয়ফুট দূৰৰ

Read more

ড’লষ্টম যাত্ৰা -অগ্নিভ দত্ত 

ড’লষ্টম!! তেনেই সৰু টাউন এখন, কিন্তু খুবেই মৰম লগা আটোমটোকাৰীকৈ সজাই ৰখা টাউনখন!  দুবছৰমান আগতেই ভাবিছিলোঁ এবাৰ এটা পাক মাৰিব লাগিব! বিভিন্ন কাৰণত কামটো হৈ উঠা নাছিল! তিনিদিনীয়া বন্ধ এটা থকাত ভাবিলোঁ সেই কেইদিনতেই এপাক মাৰি আহিব পাৰিলে ভাল হয়!  ভবামতেই কাম, লগা লগ তাত থকাৰ ব্যৱস্থা থকা ঠাইবোৰ চোৱা আৰম্ভ কৰিলোঁ! দক্ষিণ আফ্ৰিকাৰ মানুহবোৰ ফুৰি খুব ভাল পায়, গতিকে এনেকুৱা দীঘলীয়া বন্ধৰ সময়ত থকাৰ ব্যৱস্থা বিচাৰি উলিওৱাটো অলপ কষ্টকৰ! গতিকে ড’লষ্টমৰ লগতে তাৰ ওচৰে-পাজৰে থকা ঠাইবোৰতো চকু ফুৰাব লাগিলোঁ! 

Read more
1 4 5 6 7 8 84