ফটাঢোল

কৌতুকৰ পেৰা

বাৰ্গেইন (বিজয় মহন্ত) মণিষাই তাইৰ স্কুটিখন ঠেলি ঠেলি পেট্ৰ’ল ডিপোলৈ সোমাই গ’ল। : দাদা পেট্ৰলৰ লিটাৰ কিমান? : ৭২.৫০ টকা : চাওক দাদা আগৰ ডিপুত মোক ৬০ টকাত দিছিল৷ কিন্তু মই অপোনালোকৰ ৰেগুলাৰ গ্ৰাহক৷ সেয়ে তাত ন’লৈ ইয়াত লব আহিছো৷ ৫৫ টকাত দিবনে নাই কওক? : বাইদেউ আপুনি ঠেলি ঠেলি ঘৰৰ পৰা অহাৰ দৰে ঘূৰি যাওক৷ গৰমত মাথাটো নাখাব!!! ****** বিহু (উৎপল কলিতা) এই যোৱা বিহুত আমাৰ উজনিৰ বৰাক পালোঁ৷ বৰ ভাল ল’ৰা দেই! উজনিৰ ল’ৰা, চাকৰিসুত্ৰে তেজপুৰত থাকে। কথা-বতৰা

Read more

প্ৰবঞ্চনা – বৰ্ণালী ফুকন

আজি বন্ধৰ দিন, লেপটপটো বিছনাতে লৈ পেট পেলাই সুনীলে বহুদিনৰ পৰা ভাবি থকা প্লটটোৰ ওপৰত গল্প এটা লিখিবলৈ যিমানেই চেষ্টা কৰিছে হাজৰিকা-হাজৰিকানীৰ কাজিয়া সিমানেই তুংগত উঠিছে। বাৰে বাৰে শব্দৰ মালা গুঠিব গৈ মনোযোগ ভংগ হোৱাত জট-পট লাগি যায়। হাজৰিকা-হাজৰিকানী হৈছে সুনীলৰ ভাড়াঘৰৰ মালিক। ল’ৰা-ছোৱালী বাহিৰত পঢ়ি থকা দম্পতীহালে প্ৰকাণ্ড ঘৰটোৰ এটা অংশ যোৱাবছৰ বৰলা সুনীলক ভাড়াত দিছিল। সুনীলৰ বিয়া হোৱা ছয়মাহ পাৰ হ’ল, বিয়াৰ পিছতো ঘৰটো সলনি কৰাৰ কথা কিন্তু আজিলৈকে সি ভবা নাছিল। : এহ্….কিমাননো সদায় হুলস্থুল শুনি থাকিবাহে,

Read more

সম্পাদকৰ টোকা : অভিজিত মেধি

অলপ ব্যক্তিগত অভিজ্ঞতা আৰু অনুভৱৰ কথা লিখিম বুলি ভাবিলো। অকালতে চুলি পকাৰ চেগ বুজি গহীন কথা কবলৈ চেষ্টা কৰা যেন হ’লে আগতীয়াকৈ ক্ষমা বিচাৰিলো। ‘সময়ত নিসনি নিস্তাৰিত অন্ন, ৰূপে নিক্ষুভা’- গতিকে সৰু ঘটনা এটাৰ বৰ্ণনা দিবলৈ বাধ্য। জুলাই মাহৰ পাতনি মেলা দিনকেইটাৰ কথা…দিনটো অফিচত জিএছটি নামৰ ভূতৰ লগত কৰা অদ্ভুত টা-টা-ঠৈয়াৰ পৰা আজৰি হৈ সন্ধিয়াৰ সময়কণ মই অঘাইতং এটাৰ সৈতে যুঁজি-নাচি পাৰ কৰোঁ। এই অঘাইতংটো আন কোনো নহয়, মোৰেই চৈধ্যমহীয়া সন্তান। তাৰ ত্ৰাহি মধুসূদন দেখাই দিয়া দুষ্টামিবোৰতেই দেখোন দিনটোৰ দুখ-ভাগৰ

Read more
1 4 5 6