ফটাঢোল

প্ৰস্তাৱনা সংখ্যাৰ আঁৰৰ কথা

অতি কম সময়ৰ ভিতৰতে বিশেষ জনপ্ৰিয়তা লাভ কৰা ফেচবুকৰ অন্যতম হাস্য ব্যংগ গোট ‘ফটাঢোল’ ৰ প্ৰথম প্ৰয়াস, ই-আলোচনীখনৰ প্ৰস্তাৱনা সংখ্যাটোৰ সম্পাদনাৰ গুৰুদায়িত্ব লবলৈ পাই মই অতিকে আনন্দিত আৰু গৌৰৱান্বিত। এই দায়িত্বভাৰ অৰ্পণ কৰাৰ বাবে ফটাঢোলৰ প্ৰশাসকমণ্ডলীক ধন্যবাদ জ্ঞাপন কৰিছো। প্ৰস্তাৱনা সংখ্যাটোৰ সম্পাদনাৰ ক্ষেত্ৰত সম্পাদনা সমিতিৰ সহায় সহযোগিতাৰ অবিহনে হয়তো আমাৰ এই প্ৰয়াস সম্ভৱপৰ নহ’লহেঁতেন। সংখ্যাটোৰ আৰম্ভণিৰেপৰা কাৰিকৰী দিশসমূহৰ উপৰি অন্যান্য খুঁটি নাটিবোৰ সামৰি লৈ বিশেষভাৱে সহায় আগবঢ়োৱা জ্যোতিৰূপম দত্ত আৰু মৃদুল কুমাৰ শৰ্মাৰ ওচৰত আমি চিৰ কৃতজ্ঞ। বেটুপাত, শুভংকৰ ইত্যাদিৰ

Read more

ৰাতিৰ ৰজা – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য

ঘটনাটো আৰম্ভ কৰাৰ আগতে ৰজাকেইজনৰ চিনাকিটো দি লও। ৰাতুল ৰাজবংশী, ঘৰ মঙ্গলদৈৰ ফালে,পেচাত এটা মাল্টিনেচনেল ডিজি কোম্পানীৰ চাৰ্ভিচ ইঞ্জিনিয়াৰ।অমৰ গগৈ,ঘৰ শিৱসাগৰত,পেচাত এটা ভাৰতীয় টেলিকম কোম্পানীৰ গ্ৰাহক সেৱা বিষয়া। আমিনুৰ ৰচুল,ঘৰ নলবাৰীত,পেচাত বিদ্যুৎ বিভাগৰ এজন অভিযন্তা। অনুজ গোস্বামী,ঘৰ গুৱাহাটীৰ গান্ধীবস্তিত,পেচাত এজন চৰকাৰী কৃষি বিভাগৰ ৰাজপত্ৰিত বিষয়া আৰু ওপৰোক্ত ৰজা তিনিজন থকা ভাড়াঘৰটোৰ মালিক। ৰাতি ১০ বজাৰ পৰা ১২ বজালৈ শক্তিপানী টুপি গলধকৰণ কৰাৰ পিচত তিনিওজন একো একোজন ৰজা।ৰাতিপুৱা শুই উঠি নেমু চৰ্বত এগিলাচ খোৱাৰ পিছতহে ৰাতিৰ ৰাজসিংহাসনৰ কথাটো পাহৰি নিজৰ নিজৰ কামত ওলাই

Read more
1 5 6 7