ফটাঢোল

ভাগ্যৱান – জ্যোতিৰূপম দত্ত

ল’ৰা-ছোৱালীহালেই মোৰ জীৱনৰ সাৰথি৷ ইহঁত দুয়োকে বৰ আতোলতোলকৈ ডাঙৰ দীঘল কৰিছো৷ আজিকালি আৰু আগৰ দিনৰ দৰে ভাগ্যক ধিয়াই থকা সময় নাই৷ নিজৰ ভাগ্য নিজেই ৰচিব জনা লোকজনহে ভাগ্যৱান৷ মোৰ ল’ৰা-ছোৱালী দুয়োটাকে ভাগ্যৱান কৰিবলৈ মই নিজেই চেষ্টা কৰিছো৷ শ্ৰীমতীৰ প্ৰসৱ বেদনা অহালৈ নৰৈ মই নিজেই আগ-ভাগ লৈ নাৰ্ছিংহোমত ভৰ্তি কৰাই দিছিলো৷ তাৰ পাছত মই নিজেই পঞ্জিকা চাই কেচুৱা জন্মৰ শুভদিন, শুভমুহুৰ্ত উলিয়াই ডাক্তৰক দিছিলো৷ ডাক্তৰক নৰ্মেল ডেলিভাৰিলৈ ৰৈ নাথাকি মই ধৰি দিয়া নিৰ্ঘণ্টমতে ‘চিজাৰিয়ান’ কৰিবলৈ কৈছিলো৷ জন্মৰ সময়টোৰ যাতে চুলিমানো হেৰ-ফেৰ

Read more
1 6 7 8