ফটাঢোল

ওৱান ফৰ বেড্ টু ফৰ গুড্ থ্ৰি ফৰ বেটাৰ,ফ'ৰ ফৰ লভাৰ – জীতামণি দত্ত

বুঢ়া আঙুলিৰ কাষৰ সোঁহাতৰ লিহিৰি আঙুলিটো আৰু অনামিকা আঙুলিৰ কাষৰ মধ্যমা আঙুলিটো একেলগ কৰি চকুৰ আগত বা ক’ৰবাত হ’লেও দুটা বা চাৰিটা শালিকা দেখিলে ওঠৰ ওপৰত বিশেষ সুখী ভংগীমাত যিটো চুমা বতাহত এৰি দিয়া হয় , নিশ্চয় অতীতৰ সেই ছৱিখন প্ৰতিজনী ছোৱালী বা ছোৱালীকাল এৰি সাংসাৰিক মায়াত বন্দী বহুগৰাকী নাৰীৰ মনত সজীৱ হৈ আছে বা স্মৃতি হৈ কেতিয়াবা আমনি কৰে । ” আজি তোৰ যে মন বেয়া কি হ’ল ?” ইজনীয়ে সিজনীক সোধো ,লাগিলে ঘৰত বা জীৱনত সুখে চপচপাই থাকক

Read more

আলহীয়ে এৰা পিঠা – জীনা বৰদলৈ

ধনঞ্জয়, কুলদীপ আৰু ৰূপক নলে গলে বন্ধু। য’লৈ যাই একেলগে যায়, একেলগে খায়। পাচঁ বছৰমানৰ আগৰকথা। গাত কথা নলগা বয়স। ৰূপকৰ বায়েক মানে বৰদেউতাকৰ জীয়েকৰ বিয়া ঠিক হ’ল। বৰদেউতাকৰ আকৌ ল’ৰা সন্তান নাই। সেয়ে ঘৰৰ সকলোয়ে ৰূপকক এবাৰ বায়েকৰ হ’বলগীয়া ঘৰখন চাই আহিবলৈ ক’লে। এসপ্তাহ পাৰ হ’ল, দুসপ্তাহত ভৰি দিলে। ৰূপকে সময় উলিয়াব পৰা নাই। এদিন মুকুট শৰ্মা চাৰিআালিত বহি তিনিও বন্ধুয়ে কিবা কিবি গম্ভীৰ আলোচনা কৰি আছিল। তেতিয়া গাৰ্লছ কলেজৰ ছোৱালীয়ে আগবেলা পৰীক্ষা দি আহি মুকুট শৰ্মা চাৰিআালিত ৰৈ

Read more

জয়-বীৰু আখ্যান – কন্দৰ্প কুমাৰ নাথ

জয়-বীৰুক কোনে চিনি নাপায় ! প্ৰতিজন ভাৰতীয়ই জানে । শ্বোলে চিনেমাৰ সেই অমিতাভ বচ্চন আৰু ধৰ্মেন্দ্ৰৰ যুতিটোৱে চিনেমাখন চোৱা প্ৰতিজনৰে মনত সাঁচ বহুৱাই থৈ গৈছে । পিছে মই আন দুজন জয়-বীৰুৰ কথাহে ক’বলৈ ওলাইছোঁ । এই দুজন জয়-বীৰু ৰিল লাইফৰ নহয় , আমাৰ অঞ্চলৰে ৰিয়েল লাইফৰ । দুজন বা ততোধিক ব্যক্তিৰ মাজত বন্ধুত্ব কেতিয়া গঢ়ি উঠে ? ‘One heart in two bodies’ সূত্ৰ অনুসৰি যেতিয়া মনবোৰ একে হয় তেতিয়াই দুই বা ততোধিক ব্যক্তিৰ মাজত বন্ধুত্ব সম্ভৱ হ’ব পাৰে । মনে

Read more

লটিঘটি – উৎপলা কৌৰ

জীৱনত ঘটা কিছুমান ঘটনা পাহৰো বুলিও পাহৰিব নোৱাৰি। সেইবোৰ য’তেই মনত পৰে ত’তেই স্বতঃস্ফুৰ্ত হাঁহি এটি ওঁঠেৰে বাগৰি যায়। তেতিয়া মই হাইস্কুলৰ ওপৰৰ শ্ৰেণীত আৰু সৰু বাইদেউ কলেজত। আমাৰ ঘৰৰ পৰা নগাওঁ টাউনখনলৈ প্ৰায় পঁচিশ কিলোমিটাৰ দূৰ। নিজৰ গাড়ী নিনিলে লাইন বাছ নহ’লে ‘ফ’ৰ জিৰ’ চেভেন’ বা ‘চেভেন জিৰো নাইন’ আদি ব্যক্তিগত বাছবোৰত অহা-যোৱা কৰিব লাগে। আমাৰ ঘৰৰ সন্মুখতে উঠিব পাৰি, নামিবও পাৰি ঘূৰি আহি। এবাৰ মই আৰু বাইদেউ দেউতাৰ সৈতে পুৱাই বাছতে টাউনলৈ কোনোবা সম্পৰ্কীয় মানুহৰ বিয়া খাবলৈ গ’লোঁ।

Read more

খাৰখোৱা – বিকাশ শইকীয়া

ডিচেম্বৰ মাহৰ কথা। ঠাণ্ডা দিন নিদ্ৰাদেৱী আহোতে পলম কৰে। কিয় নাজানো। ট্ৰেফিকত ফচি থাকে নে বিশৃংখল ৰুমটোত সোমাবলৈ বেয়া পায় নাজানো কিন্তু পিছদিনা পুৱা সেই বিশৃংখল বিছনাখনৰ কি প্ৰেমত তেওঁ পৰে নাজানো, এলাৰ্মটোৱে বা মই যিমানে খেদি পঠিয়াও ব্লেংকেটখন এৰি যাবই নোখোজে। ফলস্বৰূপে মোৰ অফিচলৈ যোৱা পলম হয়। ন-বজাতে অফিচ, গৈ পাওঁতে বাৰ বাজি যায়। ডিচেম্বৰ মাহ, অফিচত কামো নাই, মেনেজাৰো অফিচৰ এটা কামত আমেৰিকাত গৈ আছেগৈ। সেই সুবিধাটো খাৰখোৱাই ভালকেই লৈ আছো।এক বজাতহে গৈ অফিচ সোমাইছো। সিদিনা এজন চিনিয়ৰে

Read more

মণিকুন্তল – গীতাশ্ৰী কলিতা

আগৰ খণ্ডত মাহ-হালধিৰে নোৱাই-ধুৱাই মণি, কুন্তলৰ কইনা হ’ল। সকলো নিয়ম নীতিৰে বিয়া হৈ আহি মণিয়ে কুন্তলৰ পদূলি গচকিলেহি। কুন্তলৰ ঘৰৰ সকলোৱে মৰম-সাদৰে মণিক আদৰি ল’লে। মণিয়েও কুন্তলৰ ঘৰখনক অতি সোনকালে নিজৰ কৰি ল’লে। লগতে সৰু-সুৰা দায়িত্ব কিছুমান লাহে লাহে মূৰ পাতি লৈ সাংসাৰিক জীৱনত আগবাঢ়ি গ’ল। পঞ্চদশ খণ্ড চাওঁতে চাওঁতে বিয়াৰ এমাহ পাৰ হৈ গ’ল। মাঘ মাহ সোমাবৰে হ’ল। অতিমাত্ৰা ঠাণ্ডা পৰিছে এইকেইদিন। দিনত ঘৰত কাম ওলায়। দুই এটা মৰণা মাৰিয়েই আছে। বিয়া বুলি বহুত কাম-বন পিছ পৰি গ’ল। আজিৰ

Read more

বানান পুৰাণ – অনুভৱ আকাশ

ভোলটোকে ভূল বুলি নকৰিবি ভুল। গোল-আকাৰ পৃথিৱীক নুবুলিবি গুল।। মাছৰ জোলত নাই এককৰ জুল। কন্দলীৰ টোলত বাৰু আছিলেনে টুল।। বাঁহৰ আগত সাজে বগলীয়ে বাহ। কাঁহৰ বাতিত টেঙা খালে হ’ব কাহ।। হাতীয়ে ভাঙিলে হেৰ’ ভকতৰ হাটী। মাটিৰ মালিক কোন আনগৈচোন মাতি।। বহি বহি পঢ়ি থাক বিজ্ঞানৰ বহী। ৰাতিপুৱা বাহি গাতে নবজাবি বাঁহী।। ভোট জলকীয়া দেখি ভূতে কৰে ভয়। চোক থকা দাখন চুকত কোনে থয়।। ক’লা হ’লেই কলা নহয় মনত ৰাখিবি।। অসমীয়া বানানৰ শ্ৰাদ্ধ নকৰিবি।। ☆★☆★☆

Read more
1 7 8 9