ফটাঢোল

মোৰ শৈশৱৰ লগৰী – ধৰিত্ৰী শৰণীয়া

আতা(ককা)মোৰ শৈশৱৰ লগৰী। মোৰ জীৱন-বাটত প্ৰভাৱ পেলোৱা এক জীৱন্ত দলিল। মই প্ৰায় দেৰ বছৰ বয়সৰ পৰা আতাহঁতৰ লগত মানে মাৰ মাকৰ ঘৰত আছিলোঁ। দেউতাৰ ভাগৰ  আইতা-আতাক দেখাৰ সৌভাগ্য নহ’ল। মই বোলে সৰুতে মাৰ মাক আইতাক মা আৰু দেউতাক আতাক পিতা বুলি মাতিছিলোঁ। মোৰ শৈশৱ তেওঁলোকৰ লগতে সংপৃক্ত। বুঢ়ী আইৰ সাধুৰ প্ৰতিটো সাধুই নিৰক্ষৰ আতাৰ কণ্ঠস্থ  আছিল। দুটা সাধুক লগ লগাই এটা কৰি সুন্দৰকৈ উপস্থাপন কৰিব জানিছিল তেওঁ। কথাই কথাই ফকৰা-যোজনা কোৱা আতাৰ প্ৰতিটো কথাই আছিল ৰসাল। সৰুতে মোক পিঠিত লৈ

Read more

সূত্ৰপাত – বিকাশ শইকীয়া

আমি সকলোৱে জানোঁ,আমাৰ নগেন এজন জাতীয়তাবাদী নেতা। তেওঁ কোনো মতে মেট্ৰিকটো পাছ কৰি আৰু আগবাঢ়িব নোৱাৰিলে। গাওঁ-অঞ্চলৰ বিয়া সকামত মনোনিৱেশ কৰি এজন সুদক্ষ ‘বিয়া-সকাম খোৱা যুৱক’ হিচাপে বহু আগতেই খ্যাতি অৰ্জন কৰি থৈছে। বিয়া-সকাম খোৱাৰ যদি কিবা বঁটা এটা থাকিলহেঁতেন!অৱশ্যে জাতীয়তাবাদ তেওঁ কৰিহে আছে। এতিয়াও নেতা হ’ব পৰা নাই। চৰকাৰে মাজুলী ৰক্ষা কৰিবলৈ চেষ্টা কৰি থকাৰ দৰে নগেনেও নেতা হ’বলৈ চেষ্টা কৰি আছে। হ’ব নে নহ’ব-সেইয়া সময়হে ক’ব৷ সুৰা-বহিষ্কাৰৰ বাবে মাত মাতি সমাজ-সচেতন লোক হিচাপেও নগেন চিহ্নিত হৈছে৷ সকলোৱে ভাল

Read more

আশাবাদী গাধ – হেমন্ত ভট্টাচাৰ্য

বহুদিনৰ পাছত অন্য এখন ঠাইত চাৰ্কাচ দেখুৱাবলৈ গৈ এটা গাধই তাৰ বন্ধু,আনটো গাধক লগ পালে । মুকলি মনেৰে জংগলৰ ঘাঁহ খাই,মুক্ত জীৱনৰ সোৱাদ পাই প্ৰথমটো গাধ তেতিয়ালৈকে বেচ নোদোকা হৈ পৰিছিল । তাৰ আগৰ চেহেৰাই সলনি হৈ ডেকা গাধৰ দৰে হৈছিল । সেই কাৰণে দুই নম্বৰ গাধই প্ৰথমে তাক চিনিবই পৰা নাছিল । কিছু কথা-বতৰা হোৱাৰ পাছতহে দুই নম্বৰ গাধই এক নম্বৰ গাধক চিনি পালে । প্ৰাৰম্ভিক কথা-বতৰাৰ পাছত এক নম্বৰে দুই নম্বৰৰ স্বাস্থ্যৰ এই অৱনতিৰ কাৰণ সুধিলে । কাৰণ

Read more

ৰেডুৱা – হেমন্ত ভট্টাচাৰ্য

মই তেতিয়া নিচেই সৰু ৷ থাকোঁ নলবাৰীৰ গাঁৱৰ ঘৰত ৷ সেইসময়ত টিভিতো বেলেগ কথা,গাঁৱৰ কোনো ঘৰতে ৰেডিঅ’ও নাছিল৷ দেউতাই ৰে’লৱেত চাকৰি কৰিছিল বাবেই ৰেডিঅ’ এটা কিনিলে৷ ৰেডিঅ’টো কিনাৰ দিনাৰ পৰা আমাৰ যে কি ফূৰ্তি ! স্কুললৈ যোৱা বন্ধ হৈ গ’ল ৷ কেৱল মোৰ বা আমাৰ ঘৰৰ ল’ৰা-ছোৱালীবোৰৰে নহয়,গাঁৱৰ সকলো ল’ৰা-ছোৱালীৰে স্কুললৈ যোৱা বন্ধ হৈ গ’ল ৷ আমাৰ নলবৰীয়া ভাষাত ৰেডিঅ’ক ৰেডুৱা বুলিছিলোঁ৷ ৰেডুৱাটো অনাৰ পিছতো আন এটা লেঠা থাকি গ’ল-তাক ‘ফিট্’ কৰা । তেতিয়া গাঁৱত বিজুলী-বাঁতি নাছিল ৷ আৰু সেই

Read more

বাঁহৰ তলৰ যখিনী – মৃগাংক শইকীয়া

কঠালগুৰি গাঁৱৰ পূজা-পাতল বুলিলে এজনেই মানুহ-হৰিপদ শৰ্মা। আলিমূৰৰ মুকুন্দ দোকানীৰ ঘৰৰ সত্যনাৰায়ণ পূজাভাগ অঁতাই পূজাৰী ঘৰমুৱা হয় মানে ৰাতি প্ৰায় দুপৰেই হ’ল। হওতে দোকানীৰ পুতেক ৰাজেনে বাইকত উঠাই একেবাৰে ঘৰতে থৈ অহাৰ কথাষাৰ কৈছিল পূজাৰীক। “নালাগে দে অ’ বোপাই,ঈশ্বৰে ভৰি দুখন দিছে যেতিয়া খোজৰেই যাম৷ বাঁহনি-তলেৰে পোনাই দিলে এখন তামোলৰহে বাট৷” ঘৰলৈ বুলি লোৱা মাহ-প্ৰসাদৰ টোপোলাটোৰ গাঁঠিটো মাৰি মাৰিয়েই পূজাৰীয়ে কথাষাৰ ক’লে। চিপচিপকৈ বৰষুণ এজাকো আৰম্ভ হৈছে। নামঘৰটোৰ ওচৰৰ আঘোনী পেহীৰ ভড়াঁলৰ তলত থকা কুকুৰকেইটা বৰ চোকা, দিনতেই মানুহ বাঘে

Read more

এটা বাছযাত্ৰাৰ কাহিনী – দিগন্ত বৰা

কেইবছৰমানৰ আগতে ফেচবুকৰ কবিতা গোট এটাৰ মিট্ এখনলৈ গৈছিলোঁ। হৈছিল কাজিৰঙাত। যোৰহাটৰ পৰা কাজিৰঙালৈ যাবলৈ এওঁ দিলে টকা দহটা। মই বোলোঁ-“তুমি পাগল হ’লা নেকি? যোৰহাটৰ পৰা কাজিৰঙালৈ কিমান দূৰ জানানে?” এওঁ বোলে-“জানো। এইটো এটা পৰীক্ষা বুলি ধৰি লোৱাচোন। সামান্য পৰীক্ষাটোত পাছ কৰিব নোৱাৰিলে জীৱনৰ কঠিন পৰীক্ষাত কিদৰে পাছ কৰিবা?” কথাষাৰ মোৰ ইজ্জতত লাগিল। দহ টকাটো এওঁক গতাই কাজিৰঙালৈ বুলি ওলাই আহিলোঁ। আহি আহি বাছ এখনৰ ছিট এটাত আৰামত বহি ল’লোঁ। মনত বহুত চিন্তা,লগতে উৎকণ্ঠা। কাষৰ ছিটটোত খুউব সুন্দৰী যুৱতী এগৰাকী।

Read more

কলকাতাত লটিঘটি – প্ৰাঞ্জল বল্লভ গোস্বামী

বোধহয় ১৯৯৮ চন। জীৱনত প্ৰথমবাৰৰ বাবে কলকাতালৈ গৈছিলোঁ। ইতিমধ্যে চাকৰি আৰম্ভ হৈছে।মই হিন্দী আৰু ইংৰাজী অলপ-অচৰপ ক’ব পাৰিছিলোঁ যদিও বাংলা আগতে একেবাৰে নাজনিছিলোঁ। কিন্তু ১৯৯৩ চন মানৰপৰা চখতে বাংলা ক’বলৈ আৰু পঢ়িবলৈ অভ্যাস কৰিছিলোঁ। সেয়ে য’তে সুবিধা পাওঁ বাংলা কোৱা আৰম্ভ কৰিছিলোঁ। এনেকৈ কওঁতে মোৰ সকলো চিনাকী মানুহে বাংলা ক’ব পাৰিছোঁ বুলি শলাগিবলৈ ধৰাত অচিনাকি মানুহৰ আগতো বাংলা ক’বলৈ আৰম্ভ কৰিছিলোঁ । প্ৰায়ে কথা পতাৰ পিছত মই বাংলা ঠিকেই ক’ব পাৰিছোঁনে নাই -সোধাটো অভ্যাসত পৰিণত হৈছিল। সকলোৱে মোক বাংলা ক’ব

Read more
1 7 8 9