চুপ! হৈ-হাল্লা একো নকৰিব! ৰজা শুইছে৷ অমাত্যবৰ্গও ঘোৰ নিদ্ৰাত৷ ৰাজন্যবৰ্গ, সভাসদসকল, পাৰিষদসকল, পালি-পহৰীয়া সকলো গভীৰ নিদ্ৰাত৷ আনকি আনটো ফৈদৰ ৰজাৰ বিৰোধী বীৰসকলেও এঘুমটি মাৰিছে৷ ৰজাকে ধৰি ৰাজন্যবৰ্গয়ো সুউচ্চ দেৱালেৰে ঘেৰা হাউলীত শান্তিৰে শুইছে৷বৰ্তমানৰ ৰজাই ৰাজধানীৰ…

আগৰেপৰা বোলে জেঠুৱে জেঠাইক কৈ আছিল “এইবাৰ আমাৰ এনিভাৰ্চেৰীত তোমাক ডাঙৰ, আঙুলিৰে চলাব পৰা মোবাইল এটা দিম। লগতে ফেচবুক আৰু 'হোৱাটচ্এপ' এটাও দিম।” দুমাহমান আগতে দিল্লীৰ পৰা অহা মাইনুৰ খবৰ এটা লওঁ বুলি সোমাওঁতে জেঠাইয়ে…

ঢকঢকীয়া বগা বিচনা চাদৰ পাৰি থোৱা মাংগীলাল আগৰৱালৰ ডাঙৰ কাপোৰৰ দোকানখনৰ আগত হঠাতে এখন স্ক’ৰপিঅ’ ৰ’লহি! স্পীডত আহি হঠাতে ব্ৰেক মৰাৰ ফলত ঠাইখিনিত এক প্ৰকাৰৰ গোঁজৰণিৰ দৰে শুনা গ’ল। গোঁজৰণিত উৰি যোৱা ধূলিৰ মাজতেই গাড়ীখনৰ…

:মা,ইমান হাঁহিছে কিয় ইহঁতি-?? সৰুপোণা দমদমে মোৰ মুখলৈ চাই সুধিলে৷ :নাজানো অ’ বোপাই, এওঁলোকৰ ফূৰ্তি লাগিলেই মোৰ ভয় লাগে। :কিয় মা ? :দেখা নাই জানো, ইহঁতি ফূৰ্তি কৰি কেনেকৈ তোৰ ডাঙৰ বায়েৰক সাউতকৈ ধৰি লৈ…

পিন্ধি থকা ফ্ৰকটোৰ ঠিক কঁকালৰ ওচৰতে মায়ে ৰছী এডাল বান্ধি দিয়ে ৷ মাৰ মেখেলাখনকে দুমোকোট কৰি পিন্ধাই দিয়ে এক বিশেষ কায়দাত ৷ চাদৰখন পকাই পকাই পিন্ধাই দিয়ে ৷ পেটুলি এজনী হৈ পৰোঁ৷ ইমানবোৰ কাপোৰ সোমাই…

‘তুমি চুলি, মই কিলিপ তুমি গাৰু, মই গিলিপ মই তোমাক নিমখৰ সমান ভালপাওঁ’ নিমখৰ মহঙাদিনত কোনোবা প্ৰেমিকে প্ৰেমিকালৈ লিখা এই প্ৰেমপত্ৰখনি কিন্তু আজিৰ জেটযুগতো সম্পূৰ্ণ প্ৰাসঙ্গিক। আটাইতকৈ আটকীয়া বস্তুটোৰ সমানেই ভালপায় মানুহে প্ৰেমিকাক। ইয়াত কোনো…

বজৌ কেৰেক্টাৰটো অলপ ডেন্‌জাৰাছ ৷ অলপ নহয়,সাংঘাতিক ডেন্‌জাৰাছ ৷ বিহু পাতিছিল এইবাৰ৷ গাঁৱৰ ওচৰৰ ল’ৰাবোৰে তাৰ কথা জানে৷ সেয়ে তাৰ বিহুত গাঁৱৰ ল’ৰা-ছোৱালীবোৰ নাই৷ অলপ আঁতৰৰ দহ-বাৰটামান ল’ৰা-ছোৱালী গোটাই বজৌৱে বিহু দল এটা আৰম্ভ কৰি…

পঢ়িবৰ বাবেই বহুতে ঘৰৰ পৰা দূৰত মেছ,হোষ্টেল নাইবা ভাড়াঘৰত থাকিবলগীয়া হয়। সেইসময়ত আপুনি যিমানেই ধনী ঘৰৰ নহওক কিয়,সদায় ‘ডেফিচিট’ বাজেটতেই চলিব লাগে। প্ৰতিটো মাহৰ শেষৰ দিনবোৰ বৰ দুখজনক হয়গৈ। এনে অৱস্থাত “আনৰ মূৰত কঁঠাল ভাঙি…

সৰুৰে পৰা ভূতৰ চিনেমা চাবলৈ ভয় ৷ মেট্ৰিক পাছ কৰালৈকে ৰাতি প্ৰস্ৰাৱ কৰিব লাগিলেও লগত মা বা দেউতাক লৈ যাওঁ,কাৰণ-এই ভূত ৷ মায়ে বুজাইছিল-“তোৰ সিংহ ৰাশি৷ ভূত নাহে তোৰ ওচৰলৈ৷” মই নাজানো-কিয় সিংহ ৰাশিৰ ল’ৰাটোৰ…

মই তেতিয়া নিচেই সৰু ৷ থাকোঁ নলবাৰীৰ গাঁৱৰ ঘৰত ৷ সেইসময়ত টিভিতো বেলেগ কথা,গাঁৱৰ কোনো ঘৰতে ৰেডিঅ’ও নাছিল৷ দেউতাই ৰে’লৱেত চাকৰি কৰিছিল বাবেই ৰেডিঅ’ এটা কিনিলে৷ ৰেডিঅ’টো কিনাৰ দিনাৰ পৰা আমাৰ যে কি ফূৰ্তি !…