ফটাঢোল

বৰমাৰ আলেখলেখ-শ্ৰুতিমালা মিশ্ৰ

বৰমা আমাৰ পিজি মানে পেয়িং গেষ্টটোৰ মালিকৰ মাক৷ চকুত পিন্ধা পাৱাৰী বিতচকুযোৰেৰে বৰমা একদম জগমগ ব্যক্তি৷ মাতটো বৰ টেঙটেঙীয়া। পুৱাই বিষ্ণু চেত্ৰীয়ে “মমী, গখীৰ অনিছোঁ” বুলি বাহিৰত কলিং বেলটোত আঙুলিৰে হেঁচি চাপ বহুৱাই দিয়াৰ লগে লগেই বৰমাৰ দিনটোলৈ ডিঙিৰ লাউডস্পীকাৰ বাজিবলৈ আৰম্ভ কৰে৷ গাখীৰৰ চচপেনটো হাতত লৈয়ে গাখীৰত মিহলোৱা পানীৰ পৰিমাণটো চশমাৰ কাষেৰে আগদিনাই অনুমান কৰি পিছদিনা বিষ্ণুক দিয়ে ব্ৰহ্ম গালি৷ গাখীৰ বাকি বাকি মুখত এমোকোৰা বিমল পাগুলি পাগুলি বিষ্ণু চেত্ৰীয়ে কাণত ঠিলা ভৰাই থোৱাৰ দৰে একো নুশুনা ভাও ধৰি

Read more

উৎপতীয়া ছোৱালীজনী-নীলাক্ষী ভট্টাচাৰ্য্য

প্ৰণামী বুলি ক’লে কদমতলি গাঁৱত চিনি নোপোৱা কোনো নাই। এজনী উৎপতীয়া ছোৱালী বুলি তাইৰ নামৰ পিছত বিশেষণ লগ লাগিছিল। তাইৰ কথাতে হওক কামতে হওক দৌৰা-দৌৰি নকৰিলে তাইৰ নহয়। ইয়াৰ বাবে মুখৰ কথাত তাই লাজ পাবলগীয়াও হয় মাজে মাজে। কামৰ নামত আকৌ যিহে দৌৰা-দৌৰি ঘৰৰ বাচন-বৰ্ত্তন ভাঙি অৱস্থা তথৈবচ হৈছে।  প্ৰণামী ডাঙৰ হোৱাতহে যে উৎপতীয়া অকল আছিল সেয়া ভুল ভাবিছে। তাই সৰুৰে পৰা উৎপতীয়া। মাকে তাইৰ বদমাচিবোৰত অতিষ্ঠ হৈ স্কুলত সোনকালে নামভৰ্তি কৰি দিলে। প্ৰথম দিনা স্কুলত পঠিয়াবলৈ মাকে গৰম গৰম

Read more

লোককথা- জয় বৰা

(১) বাইবেলৰ পৰা মোহাৰি দিয়া লিলিথৰ কথাৰে:- আমি সকলোৱে জানো যে বাইবেলৰ মতে ঈশ্বৰে পৃথিৱীৰ মাটিৰে প্ৰথম আদমক সৃষ্টি কৰিছিল৷ তাৰ পিছত আদমৰ কামিহাড়ৰ পৰা সৃষ্টি কৰে ইভক।   কিন্তু তাৰ মাজত আৰু এটা সৰু ঘটনা আছিল৷ সেইটো পৰৱৰ্তী কালত কেথলিক চাৰ্চবোৰৰ প্ৰতিবাদত বাইবেলৰ পৰা আঁতৰাই পেলোৱা হৈছিল! ঈশ্বৰে প্ৰথমে কেৱল আদমকে সৃষ্টি কৰা নাছিল৷ একেই সময়তে পৃথিৱীৰ মাটিৰে সৃষ্টি কৰিছিল এগৰাকী নাৰীকো৷ তাইৰ নাম লিলিথ৷ তায়েই আদমৰ প্ৰথম পত্নী৷ লিলিথ আছিল একেবাৰে স্বাধীনচেতীয়া নাৰী৷ তাইৰ বুদ্ধি আৰু শক্তি দুয়োটাই আছিল

Read more

ধুমুহাৰ সৈতে মোৰ পৰিচয়-বন্দিতা জৈন

ধুমুহাৰ সৈতে মোৰ পৰিচয় বহুদিনৰে। জন্মৰ পৰাই বুলি ক’ব পাৰি। জন্মও আছিল চ’তৰ মাহৰ শেষলৈ বৰদৈচিলা অহা সময়তে। আনকি জন্মৰ দিনাও প‌্ৰচণ্ড বৰষুণ আছিল হেনো। তেতিয়াই দেউতাই নাম চোৱাওঁতে কৈছিল “ছোৱালী এসাঁজ খাব। ডাঙৰ কপাল লৈ আহিছে। এই থকালৈকে ভঁড়ালত আকাল নাহে।”  কৈছোঁহেনে শুনিয়েই দেউতাই নাম দিলে বনলক্ষী। বৰ্ষা দেৱীৰ কৃপাত বনলক্ষী হৈ ডাঙৰ হ’লোঁ। ডাঙৰ হৈ অহাৰ লগে লগে আইনাত নিজৰ কপালখনৰ জোখ-মাখ ল’বলৈ নাপাহৰিলোঁ। এসাঁজ খোৱাৰ কথা। ধেমালি কথাটো নহয়। সেই বাবে এতিয়া সেইখন কপাল নহয় চোতাললৈ পৰিৱৰ্তন

Read more

কমপ্লেইন ব্ৰাঞ্চ- অজিত ৰাজবংশী

মানুহজনে অফিচটোৰ ১নং কাউণ্টাৰত থিয় হৈ কাউণ্টাৰৰ বিষয়াজনক ক’লে,  :  কমপ্লেইন এটা আছে ছাৰ৷ ‌: হয়৷ ৬নং কাউণ্টাৰলৈ যাওক৷  ‌: নহয় ছাৰ, শুনকচোন, ‌: No no, কমপ্লেইন ব্ৰাঞ্চ ৬নং কাউণ্টাৰত৷ প্লিজ ড’ণ্ট ডিষ্টাৰ্ব, নেক্সড প্লিজ৷ ‌মানুহজন এইবাৰ দ্বিতীয় কাউণ্টাৰত থিয় হ’ল৷ দ্বিতীয় কাউণ্টাৰৰ বিষয়াই তেওঁক দেখিয়েই ক’লে,  : ডাঙৰীয়া, শুনিছোঁ আপোনাৰ কথা৷ ওপৰ মহলাৰ ৬নং কাউণ্টাৰলৈ যাওক৷ কমপ্লেইন ব্ৰাঞ্চ৷  কেইখোজমান পিছুৱাই আহি এখন্তেক তভক মাৰি থিয় হৈ ৰ’ল মানুহজন৷ হয়তো ৩নং কাউণ্টাৰৰ মানুহজনেও শুনিছে তেওঁৰ কথা৷ সেয়ে ৩নং বাদ দি

Read more

লকডাউন – ২০৪৫-সত্যেন্দ্র শর্মা

চন ২০৪৫। গুৱাহাটীৰ উপকণ্ঠৰ তাহানিৰ পামহী অঞ্চল, য’ত আছিল কেৱল সেউজীয়া। তাৰেই এক বৃহৎ পাহাৰ খহাই গঢ়ি তােলা হৈছে এক আবাসিক এলেকা। বাসিন্দাসকলৰ বেছিভাগেই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি থিতাপি লােৱা। মহানগৰীত বাস কৰাৰ তীব্ৰ হাবিয়াসৰ ফলশ্ৰুতি। জীৱন যাপন যি ভাবেই নহওক কিয়। কলিতা, শর্মা, বৰুৱা, হাজৰিকা, গগৈ, শইকীয়া…। তাৰ ভিতৰতেই কলিতানী আৰু বৰুৱানীৰ অকমান লেভেল বেছি। কাৰণ দুয়োগৰাকী লােকেল, গুৱাহাটীৰ। এগৰাকী মালবাৰীৰ আনগৰাকী ধাৰাপুৰৰ। সেই এলেকাৰেই ৰাজহুৱা সভাঘৰত এদিন আবেলি পৰত গােট খাইছিলেহি মহিলাসকল। সেইদিনটো আছিল কোনােবা সংগঠনৰ আহ্বান

Read more

মেন ৱিল বি মেন- নীলাক্ষি কাকতি

ছেঃ দেৰিয়েই হ’ল৷ গিতালীৰ চাগে খঙেই উঠিব! তাই দুপৰীয়া এক বজাত চানফ্লাৱাৰ ৰেষ্টুৰেণ্টত মোক লগ কৰিবলৈ মাতিছিল৷ আজি বোলে তাই মোক পাৰ্টি দিব নতুন এটা ম’বাইল লোৱাৰ বাবে৷ আচলতে আমাক দুয়োজনীকে কিবা খোৱাৰ বাবে মাত্ৰ এটা অজুহাতৰ প্ৰয়োজন৷ ‘পাৰ্টি’-বোলা শব্দটো আচলতে আমাৰ বাবে বাহানাহে৷ এই ক্ষেত্ৰত আমি দুয়ো একেবাৰে হাল বাবৰ বাবে ব্যৱহাৰ হোৱা গৰুহালৰ দৰে৷ এটা কুৰ্টি কেইমাহমান পিন্ধাৰ পিছত চিলনিবোৰ ফাটিবলৈ আৰম্ভ কৰেই৷ যিটো অনুপাতত আমি দুয়ো বাঢ়ি গৈ আছোঁ সেই হিচাপত চক্ৰবৃদ্ধি সূতো নাবাঢ়ে৷ হোষ্টেলৰ অন্য ছোৱালীবিলাকে

Read more

লাভ ৰিয়েক্ট- যোগেশ ভট্টাচাৰ্য

আবেলি উঠা ফুল চাইজ ফটোখন অলপ এডিট কৰি বেকগ্ৰাউণ্ডটো অলপ ব্লাৰ কৰি মৃন্ময়ে ফেচবুকত আপলোড কৰি দিলে। বেকগ্ৰাউণ্ডটো ব্লাৰ নকৰিলে অবাঞ্চিত কমেণ্ট আহি যায় কিছুমান অসৎ বন্ধুৰ পৰা। এবাৰ সৰিয়হ তলিৰ মাজত শ্বাহৰুখ খানৰ দৰে প’জ দিছিল। বিজয় বোলা স্কুলৰ দিনৰ বন্ধুজনে তাক ‘কাউৰী খেদা চো’ যেন লগা বুলি কমেণ্ট দিছিল। এবাৰ চানগ্লাছ পিন্ধি গিটাৰ এখন লৈ চানমাৰি ফ্লাইঅভাৰৰ ওপৰত ঠিয় হৈ প’জ দিয়া ফটো এখন আপলোড দিওঁতে ‘খুচুৰা কইন কেইটা উঠিছে?’ বুলি দেৱজিতে কমেণ্ট দিছিল। আনকি নিজৰ ঘৰৰ কুকুৰটোৰ

Read more

কুকুৰৰ নেজ- সোনটো ৰঞ্জন বৰুৱা

“দাদা…. আহিছোঁ৷” ….কাৰোবাৰ মাত শুনি খকা-মকাকৈ সাৰ পালোঁ৷ পুৱতি নিশাৰ অৰ্ধ-নিৰ্মিলিত চকুৰে দেখিলোঁ মোৰ সহযাত্ৰীজন হাতত ধৰি কৈ আছে৷  “গোটেই যাত্ৰাটো ৰসাল কৰি তোলাৰ বাবে ধন্যবাদ দাদা৷”  কথাষাৰ কৈ, মই কিবা কোৱাৰ আগতেই লৰালৰিকৈ নামি গ’ল৷  তেখেত নামি যোৱাৰ পাছত ময়ো ইউৰিণেললৈ গৈ পুনৰ নিজৰ বাৰ্থলৈ উঠোঁতেই তেখেতে এৰি যোৱা বাৰ্থত চকু থৰ লাগিল৷ কালি নিজৰ গৱেষণাৰ বিষয়ে ক’বলৈ সেই সম্ভাৱনাপূৰ্ণ বিজ্ঞানীজনে যিটো ফাইল দেখুৱাইছিল, সেইটো চিটতে এৰি গ’ল৷  কি কৰোঁ এতিয়া? ইতিমধ্যে বহু পলম হৈ গ’ল৷ নাম ঠিকনা বিচাৰি

Read more

দিল্লীত সকাম খাবলৈ নামাতিলে -কমলা দাস

আগৰ ক্যাটব্যৰিয়া চৰায়ৰ ভাড়াঘৰটো সলনি কৰি নৰ্থ দিল্লীৰ ফালে ভাৰাঘৰ এটা ল’লোঁ আমি। এইখিনি ঠাই ঘন জনবসতি প্ৰধান অঞ্চল। এশ শতাংশ হিন্দু মানুহৰ বসতিস্থল। এই অঞ্চলটোৰমানুহ বোৰ হেনো ভাৰত-পাকিস্তান ভাগ হওঁতে, পাকিস্তানত থকা পাঞ্জাৱী হিন্দু মানুহখিনি ভাৰতলৈ অহা। তেতিয়াৰ চৰকাৰে সেই মানুহবোৰক হেনো ইয়াতে থাপিছিল! সেয়ে খুব পৰিকল্পনা কৰি, এক আঙুল মাটিও এনেয়ে নোযোৱাকৈ ঘৰবোৰ সজা হৈছিল। বাৰী বুলিবলৈ একো নাই। আগফালে ৰাস্তা আৰু বাকী তিনিওফালে সীমা বুলিবলৈ দুঘৰৰ মাজৰ পকী দেৱালখনেই আছে। তাতেই মানুহবোৰে দুই এজোপা আম গছ, মধুৰী

Read more
1 10 11 12 13 14 84