ফটাঢোল

দদায়ে মিছা নকয়-বিশ্বজিৎ বৰুৱা

বেঞ্চখনত যেনতেন বহি আমি ছয় জনে আড্ডা চলাই থাকোঁতেই পাছফালৰ পৰা ভাহি আহিল আমাৰ সকলোৰে চিনাকি মাতটি….. “সোণহঁত বহিছনে ?” লগে লগে… -উ ঔ দদাই আহিল বুলি খৰখেদাকৈ বেঞ্চ খালী কৰি ইফালে সিফালে চেণ্ডেল ইত্যাদি পাৰি কাষৰীয়া স্থানসমূহ ল’লোগৈ। এই বহচোন বহ, তহঁতেই বহ বুলি দদাই বেঞ্চখনতে এমূৰে বহিল। এটাই মাত লগালে…. -কি দদাই বহুত দিন নাই; গা বেয়া হৈছিল নেকি?  স্বভাৱজাত ভংগীমাৰে দদায়ে ক’লে- -কিনো গা বেয়া হ’ব ঔ সোণ! এই কেইদিন অলপ গাঁৱতে লাগি আছো। এৰাব নোৱাৰা কাম

Read more

চুলিৰ মহিমা-ড০ মৃদুস্মিতা ফুকন

চুলিৰ কথা কৈ শেষ কৰিব নোৱাৰি।নামতহে নাওমান,কামত কিন্তু সাংঘাতিক।ডেকাক বুঢ়া নতুবা বুঢ়াক ডেকালৈ সলনি কৰি দিব পৰা ক্ষমতা আছে চুলিৰ।তদুপৰি কেতিয়াবা ই ঘৰে-পৰে,পৰিয়ালে- পৰিজনে কমবোৰ দুৰ্গতি-দুৰ্দশা কৰেনে? এতিয়া আমাৰ সৌ অমূল্য কাকতিলৈকে চাওকচোন।সৌ সিদিনালৈকে কেনে চিকচিকীয়া ফিটফিটীয়া হৈ আছিল মানুহজন।যোৱা সপ্তাহত তেখেতৰ মাক ঢুকুৱাত খবৰ ল’বলৈ গ’লোঁ।বৰতীয়া অৱস্থাত কাকতিক দেখিতো মই আচৰিত।মানুহজন আধা পকা চুলিয়ে-দাড়িয়ে ভোবোকাৰ হৈ চিনিবই নোৱৰা হৈ আছে।আকৌ এতিয়া চুলি-দাড়ি খুৰুৱাৰ পাছত ওলাওঁতে-সোমাওঁতে সদায় দেখা মানুহজনকো অচিনাকি,ক’ৰবাৰ কোনোবা যেনহে লাগিছে।সিদিনা আমাৰ ছোৱালীৰ বান্ধবী পৰী আহিছিল,লগতে তাইৰ মাক।মানুহ-গৰাকীক

Read more

বেঙেনা, আলু  আৰু শনিগ্ৰহৰ চাউল-দেবজিৎ দুৱৰা

আজি শনিবাৰ। উত্তৰাধুনিকতাবাদী যুগত যিদৰে মোৰ  মূল্য নাই সেইদৰে  লকডাউনৰ সময়ছোৱাত মোৰ মুৰ্গী ফাৰ্মৰ  কুকুৰা কেইটাৰো গ্ৰাহক নাই।  পিতায়ে ঠিকেই কয়, ” দৰিদ্ৰ মুকলি ফুৰিব গ’লেও  নল  গজালি সোমায়”। মুৰ্গী বেচি মাৰচিডিজ কিনাৰ বাসনা মোৰ নাই। সৰু সৰু সপোন। তথাপি লকডাউনে দি গ’ল আৰ্থিক মন্দাৱস্তাৰ বিষাক্ত  ইঞ্জেকছন । ইঞ্জেকছন আগতেও পাইছোঁ।  সহিছোঁ…..! জীৱনলৈ ধুমুহা বহুত আহিছে। “জনম জনম তোমাৰ হৈ ৰ’ম বুলি” ইস্তাহাৰ প্ৰকাশ কৰি,   হৃদয়ত আধাৰশিলা স্থাপন কৰা তাই এতিয়া কোনোবা  ধনৱন্তৰ বেবী!!  দুবছৰ আগত তাই এৰি গৈছে।

Read more

সমPity নিদৰ্শন : নাজিফ হাজৰিকা

১৯৬৮ চন। তাহানিৰ দিনৰ কথা কৈছোঁ। তেতিয়া মই ডেকা বয়সৰ আছিলোঁ। ধনশিৰি নদীৰ পাৰত আমাৰ গাঁওখন। আমি গাওঁ‌খনৰ মানুহবোৰ মিলা-প্ৰীতিৰে ধুনীয়াকৈ বসবাস কৰিছিলোঁ। পিছে আমাৰ ডেকা ল’ৰাখিনিৰ মাজত দুটা ভাগ আছিল। এচাম ল’ৰাই ফুটবল খেলে, আৰু আনটো চামে ক্ৰিকেট খেলে। ফুটবল খেলাকেইটাই বেলেগকৈ প্ৰেক্টিছ কৰে আৰু ক্ৰিকেট খেলাকেইটাই বেলেগকৈ প্ৰেক্টিছ কৰে। গধূলি সদায় ল’ৰাখিনিয়ে এঘণ্টাকৈ প্ৰেক্টিছ কৰে। খেলৰ সময়খিনিত এই দুইটা চাম কিন্তু সাংঘাতিক শত্ৰু। কেনেবাকৈ ফুটবলটো গৈ যদি ক্ৰিকেট ground -ত পৰে, হৈ গ’ল আৰু! তৰ্কাতৰ্কি, কাজিয়া আৰম্ভ হৈ

Read more

চাৰ্টিফিকেট : আদিত্য জ্যোতি বৰঠাকুৰ

আজি দিনটো তাৰ মনটো কিবা উগুল-থুগুল লাগি আছে ৷ আচলতে যোৱা কেইদিনমানৰপৰা সি সাংঘাতিক মানসিক অশান্তিত কটাইছে।বৰ অদ্ভুদ ধৰণৰ ঘটনাবোৰ ঘটা যেন লাগি আছে তাৰ, বৰ অদ্ভুদ ধৰণৰ সপোনবোৰ দেখি আছে আজি কেইদিনমানৰ পৰা সি ৷ প্ৰায় এসপ্তাহতকৈ বেছি দিন কৰ্মৰ তাড়নাত ঢপলিয়াই ফুৰি আজি মনটো ভাল লাগক বুলি, লগতে পৰিয়ালকো সময় দিয়া হ’ব বুলি আজি সি ঘৰৰ সকলোকে লগত লৈ চহৰৰ দাঁতিকাষৰীয়া “ৰিজৰ্ট”খনলৈ ওলাই আহিছে ৷ ঘৰৰপৰা ওলাওঁতেই তাৰ গাড়ীৰ আগেৰে মেকুৰী এটা পাৰ হৈ যোৱাত তাৰ মূৰটোৱেই গৰম

Read more

ড্ৰেগন ভক্ষণ : ৰঞ্জিত কুমাৰ শৰ্মা

: দেউতা, ৰঙা ৰঙা এইবোৰেই ড্ৰেগন নেকি? কন্যাৰ প্ৰশ্নত মোৰ চকুদুটা ফলৰ দোকানখনত সজাই থোৱা ড্ৰেগনকেইটাত পৰিল৷ দোকানখনৰ সন্মুখত থিয় হৈ কি কি ফল আছে তাকে চকু ফুৰাওঁতে ছোৱালীয়ে প্ৰশ্নটো কৰিলে৷ ৰঙা ৰঙেৰে একপ্ৰকাৰ জিলিকি থকা ড্ৰেগনকেইটা সঁচাকৈয়ে গ্ৰাহকক আকৰ্ষণ কৰিব পৰা হৈ আছে৷ : খাবা নেকি? খোৱা যদি লওঁ দুটামান৷ ছোৱালীক ক’লোঁ৷ : নালাগে নেকি! দাম বা কিমান হয়? তাই লাহেকৈ ক’লে৷ : দামটো সুধিম বাৰু৷ খোৱা যদি কোৱা৷ : খাবলৈ বা কেনেকুৱা লাগে? তাই দোধোৰ-মোধোৰত পৰাৰ কাৰণ মই

Read more

চেকনীৰ আগত বিদ্যা : ডাঃ পাৰ্থসাৰথি ভূঞা

অসমীয়া সমাজত এষাৰ কথা আছে চেকনীৰ আগত বিদ্যা। অৰ্থাৎ লৰা ছোৱালীয়ে শিক্ষাগুৰুৰ চেকনী (এছাৰি) দেখিলেহে পঢ়া শুনা মনপুতি কৰে।আমি স্কুলত পঢ়া দিনত প্ৰায় প্ৰতিজন শিক্ষকেই হাতত এছাৰি এডাল লৈহে ক্লাছত সোমাইছিল। আহিয়েই টেবুল খনতে জোৰে জোৰে দুবাৰ মান এছাৰি ডালেৰে কোবাইছিল আৰু ক্লাছৰূমটো হৈ পৰিছিল নিশব্দ। ছমহীয়া পৰীক্ষাৰ বহী বিলাক দিয়াৰ দিনা প্ৰায় সকলোৱে মাৰ খাইছিল। কেতিয়াবা আকৌ দুই এজনৰ কিবা দুষ্টামিৰ বাবে গোটেই ক্লাছৰ লৰাবোৰে এছাৰিৰ কোব খাব লগা হৈছিল। আগতে আমি স্কুলত মাৰ খালে কেতিয়াও ঘৰলৈ আহি নকওঁ,

Read more

দক্ষিণ আফ্ৰিকাৰ ডায়েৰী : অগ্নিভ দত্ত

মাৰ্চ মাহত প্ৰায় ১৮-২০ দিন স্কুল বন্ধ থাকে, গতিকে কৰবাত নহয় কৰবালৈ ফুৰিবলৈ যোৱা হয়েই বিশেষ অসুবিধা নহলে৷ এইবাৰো তেনেকৈয়ে ভাবি থৈছিলো, প্ৰথমে প্লেন কৰিছিলো ড্ৰাইভ কৰি কেপটাউন যাম ৷ প্ৰায় ১৪০০ কিঃমিঃ ৰাস্তা৷ কিন্তু এইবছৰ ইমান বৰষুণ দিছে যে শেষত সেইটো প্লেন সলনি কৰি দুটা ভাগত ভাগ কৰি কেইদিনমান ক্লেৰেন্স আৰু কেইদিনমান হাটিবিচপুৰ্টত থকাকে যোৱাকে ঠিক কৰিলো৷ ক্লেৰেন্সটো প্ৰায় গৈ থকা হয় তাৰ বিশেষ পৰিবেশটোৰ বাবে, আৰু সেই অকনমানি ঠাইখন সদায় প্ৰিয়৷ এইবাৰো কেইদিনমানৰ বাবে গৈ একেই সকলো অৱসাদ

Read more

বয়সৰ অভিজ্ঞতা : জয়ন্ত দাস

(১) বৰদেউতাৰ মৃত্যু হোৱা ২ বছৰমান হ’ল৷ বৰমা তেওঁৰ সৰু পুতেকটোৰ সৈতে গাঁৱতে থাকে৷ ডাঙৰজন চাকৰিসূত্ৰে দিল্লীত থাকে৷ দুয়োজনেই বিবাহিত আৰু সতি-সন্ততিৰে সম্পূৰ্ণ পৰিয়াল৷ মাজে মাজে মই বৰমাহঁতৰ ঘৰলৈ যাওঁ৷ তেখেতৰ খা-খবৰ লওঁ৷ এদিন হঠাতে সন্ধিয়া বৰমা মোৰ ঘৰত উপস্থিত হ’ল৷ হাতত এখন সৰু মোনা৷ মই বহিবলৈ দি ক’লো—— ” কিয়নো এইটো সময়ত ইয়ালৈকে আহিব লাগে, তাতোকৈ মোকেই মাতি পঠিয়াব লাগিছিল।” উত্তৰত বৰমাই কলে—–” বহু কথা আছে।” তেওঁ মোনাখন খুলিলে আৰু ভিতৰৰপৰা বহুখিনি সোণৰ অলংকাৰ উলিয়াই মেজখনত থ’লে৷ সুন্দৰ সুন্দৰ

Read more

অসম দেশৰ আজৱ কথা-ফণীন্দ্ৰ বৰগোহাঁই

১)  চহৰৰ হোটেলত বিয়া পাতিছে। শাৰী শাৰীকৈ বিভিন্ন খোৱা বস্তুবোৰ ধুনীয়াকৈ সজাই থোৱা আছে। আমাৰ গাঁৱলীয়া ভকত নগেন দদায়েও বিয়ালৈ গৈছে। খাবলৈ পতা শাৰীত দেখোন উৱা সেইটো দেখোন নগেন দদাই। কি আচৰিত কথা। মোৰ চকুকেই মই নিজে বিশ্বাস কৰিবলৈ টান পাইছোঁ দেখোন। এইটো আকৌ কেনেকুৱা কথা। ভাবিলোঁ! দদায়ে কিহৰ শাৰী নজনাকৈ কিজানি শাৰী থিয় হৈ আছে। পিচে নহয়। এয়া কি কাৰবাৰ। দদায়ে দেখোন প্লেটখন লৈ আগবাঢ়িছে কেটাৰিঙৰ বয় কেইটাৰ ওচৰলৈ। এয়া প্লেটত ভাত, পোলাও, দাইল, বাঃ ছাগলীৰ মাংস, মাছৰ টুকুৰা।

Read more
1 2 3 4 5 6 84