ফটাঢোল

এই সংখ্যাৰ আঁৰৰ কাহিনী

ক’ৰপৰা কেনেকৈ আৰম্ভ কৰোঁ…. ২০১৭ চনৰ মে’ মাহৰ এটি সন্ধিয়া। অভিজিত কলিতা, জ্যোতিৰূপম দত্ত, মৃদুল কুমাৰ শৰ্মা, বিজয় মহন্ত, হেমন্ত কাকতি দাদা, মেঘালী দিহিঙ্গীয়া, প্ৰণীতা গোস্বামী বৰঠাকুৰ, সোণটো ৰঞ্জন বৰুৱা আৰু মই মেচেঞ্জাৰত আড্ডা মৰাত ব্যস্ত। কথাৰ প্ৰসংগত অভিজিতদাই ক’লে – ফটাঢোলৰ ভাল ভাল ব্যংগ লিখাবোৰ বাচনি কৰি এখন মাহেকীয়া ব্যংগ আলোচনী উলিয়াব পাৰি দেখোন। কথাষাৰ ওলাবলৈহে পালে, উপস্থিত সকলোৱে হাত উজান দি উঠিল। জ্যোতিদা আৰু মৃদুল লাগি গ’ল কাৰিকৰী কামখিনিত। ৰিতুপৰ্ণ বৰাক ফোন কৰা হ’ল, ৰূপসজ্জাৰ কামৰ বাবে। সি

Read more

সংখ্যাটোৰ আঁৰৰ কথা

স্থানঃ শোৱাপাটি সময়ঃ ১ এপ্রিল, পুৱা ৭ বাজি ৪৫ মিনিট চকু মেলিয়েই মোবাইলৰ ‘দাতা’ অন কৰাটো এটা অলিখিত অভ্যাস মোৰ। স্বভাৱগতভাৱে সেইদিনাও পুৱাই ‘দাতা অন’ কৰিছোঁ, দেখিছোঁ কাকতি দাই মেচেঞ্জাৰত বার্তা এটা দি থৈছে, “খনিন, তোমাৰ ফোন নংটো দিবাচোন”। মই বোলো হঠাৎ আজি দাদাই ফোন নং খুজিলে যে, তাকো ইমান পুৱাই পুৱাই। মুখ-হাতখন ধুই আহি দেখিছোঁ এইবাৰ ৰিণ্টুদাৰ মেচেজ, “তোমাৰ লগত কথা এটা আছে।” মই মনতেহে, বোলো দুইজনৰে আজি কি হ’ল! ফোন নং আদান-প্রদান হোৱাৰ পাছত কাকতি দাই ক’লে যে

Read more

সংখ্যাটোৰ আঁৰৰ কথা

বৰ্তমান সময়ৰ ব্যস্ত পৃথিৱীখনত সকলোৱেই যেন একো একোটা যন্ত্ৰ হৈ পৰিছে। ব্যস্ততাৰ মাজতো কিন্তু সকলোৱেই বিচাৰে অকণমান আজৰি সময় হাঁহি ফূৰ্তি কৰি উপভোগ কৰিবলৈ। ময়ো তাৰ ব্যতিক্ৰম নহওঁ। হাস্য ব্যংগৰ প্ৰতি আগৰে পৰাই মোৰ এটা টান আছিল। সেই বাবে ফেচবুক একাউণ্ট খোলাৰ দিনৰ পৰাই বিভিন্ন হাস্য ব্যংগ গোটত সোমাইছিলোঁ, কিন্তু কোনোটোৱেই মোৰ মনৰ পচন্দৰ নাছিল। ২০১৭ চনৰ কথা। জুলাই মাহত প্ৰথম ফটাঢোল ই আলোচনীখন প্ৰকাশ হৈছে। সেইখনৰ বিষয়ে মোৰ বন্ধু তালিকাত থকা কোনোবা এজনে তেওঁৰ ৱালত লিখিছিল- হাস্য ব্যংগ গোট

Read more

সংখ্যাটোৰ আঁৰৰ কথা–চাহিন জাফ্ৰি

২০১৭ চনৰ জুন নে জুলাই মাহৰ কোনোবা এটা দিনত কোনোবাই মোক এই ‘ফটাঢোল’ নামৰ গোটটিত সোমোৱাই দিছিল। হাস্য ৰসেৰে ভৰপূৰ পোষ্ট আৰু কমেণ্টবোৰ পঢ়ি হাঁহিত বাগৰি পৰিছিলোঁ। লগতে আচৰিতো হৈছিলোঁ যে-কেনেকৈ ভাৰ্চুৱেল পৃথিৱীৰ মানুহবোৰো ইমান আপোন, ইমান মৰমৰ হ’ব পাৰে..! সকলোবোৰ যেন একোটা পৰিয়ালৰে সদস্য..। লাহে লাহে নিজেও দুই এটা পোষ্ট লিখিবলৈ ধৰিলোঁ আৰু এইদৰেই নিজে ক’ব নোৱাৰাকৈয়ে গোটটিৰ এগৰাকী সক্ৰিয় সদস্য হৈ পৰিলোঁ। ফটাঢোল সম্পৰ্কে এষাৰ কথা মই একেমুখেই স্বীকাৰ কৰিবলৈ বাধ্য যে- ‘ফটাঢোল’ মাথোঁ এটি গোট নহয়, আমাৰ

Read more

সংখ্যাটোৰ আঁৰৰ কথা

নতুন বছৰৰ এই প্ৰথম মাহটো মোৰ বাবে অতি স্মৰণীয় হৈ ৰ’ব৷ আন বছৰৰ দৰে এইটো বছৰৰো পাতনি মেলিছিলোঁ নানা উদ্যম, আশা, কাৰ্য্যসূচী আদি হাতত লৈ৷ তথাপি মনতে ভাবিছিলোঁ যে এই ৰিজোলিউশ্যন বা প্ৰতিশ্ৰুতিবোৰ যে কৰিলোঁ নিজৰ লগতে, ইয়াৰ সন্মান ৰাখিব পাৰিম জানো! যোৱা বছৰৰ ৰিজোলিউশ্যনবোৰেচোন এতিয়াও ট ট কৈ চকু মেলি মোৰ লগত ভেঙুচালি কৰি আছে৷ সেইবোৰ সম্পূৰ্ণ হোৱাহেঁতেন চাগে এতিয়া মোৰ ওজন দহ কিলোমান কমিলেহেঁতেন, পি এইচ ডিৰ ভাইভা শেষ কৰি নামৰ আগত ড° উপাধি এটা লিখিব পৰা গ’লহেঁতেন৷

Read more

সংখ্যাটোৰ আঁৰৰ কথা – মনজিৎ

সংখ্যাৰ আঁৰৰ কথা লিখিবলৈ গৈ যদি আঁৰ কাপোৰখন আঁতৰাই দিওঁ তেতিয়া দেখোঁ আমাৰ সকলোৰে মৰমৰ দিম্পু ভাইটিৰ ফোন এটাৰ বাবেই আজি “সংখ্যাৰ আঁৰৰ কথা” শিতানৰ বাবে কীবোর্ড তুলি ল’ব লগা হ’ল। নবেম্বৰৰ কোনোবা সন্ধিয়া এটাত ফোন কৰি ক’লে, : মনা কাই আপোনাক অহা মাহৰ সম্পাদক হিচাপে ভবা হৈছে। পাৰিব নাই? ৰিণ্টু দাই ফোন কৰিব মই জনাই থ’লোঁ। মোৰতো লাগিল লেঠা। আংবাং মানুহ গহীন গম্ভীৰ কাম বুলি ক’লেই পেটতে হাত ভৰি লুকাই। ভগৱান কা দিয়া হুৱা চবকুচ হে মেৰে পাচ পৰ,

Read more

এই সংখ্যাৰ আঁৰৰ কাহিনী – তৃষ্ণা সোনোৱাল

২০১৮ চনৰ জানুৱাৰী মাহৰ কথা। কেনেকৈ ফটাঢোল নামৰ হাস্য ব্যংগ গোটটিত সোমাই পৰিলোঁ নাজানো। কিন্তু জীৱনৰ আটাইতকৈ সুমধুৰ সময়খিনি গোটটোত সোমায়ে আৰম্ভ হ’ল। হাস্য ব্যংগাত্মক সাহিত্যৰ প্ৰতি মোৰ বহুদিনীয়া দুৰ্বলতা। কাজেই সামাজিক গোটটোত উচ্চ মানৰ হাস্যৰসিক লিখনি, ব্যংগাত্মক লিখনিৰ পয়োভৰ দেখি আকৰ্ষণটো আসক্তিলৈ ৰূপান্তৰিত হ’ল। লাহে লাহে ময়ো গোটত দুই এটা লেখা দিবলৈ আৰম্ভ কৰিলোঁ। ই-আলোচনীখন পঢ়িবলৈ লৈছিলোঁ ফটাঢোলৰে কুইজ শিতানটোত অংশগ্ৰহণ কৰিবলৈ। প্ৰথম বাৰ পঢ়িয়েই ভাল লাগিল, যথেষ্ট উন্নত মানদণ্ডৰ আছিল আলোচনীখন। লাহে লাহে ময়ো আলোচনীলৈ লেখা পঠিয়াবলৈ ল’লোঁ।

Read more

সংখ্যাটোৰ আঁৰৰ কথা- নয়নমনি হালৈ

সাম্প্ৰতিক সময়ত চ’ছিয়েল মিডিয়াৰ গুৰুত্ব আৰু ভূমিকাৰ কথা কোনেও নুই কৰিব নোৱাৰে৷ আন বহুতো সৃষ্টিশীল কামৰ লগতে চ’ছিয়েল মিডিয়াই একে মনৰ কিছুসংখ্যক মানুহক একেডাল এনাজৰীৰে বান্ধি ৰাখিছে৷ পৰিৱৰ্তিত আজিৰ সময়ত চ’ছিয়েল মিডিয়া এখন সমাজ, এটা পৰিয়াল৷ তেনে এজন পৰিয়ালৰ সদস্য যেন মানুহে এদিন ফোন কৰিলে, বোলে নয়ন, তুমি আমাৰ “ফটাঢোল” ই-আলোচনীখনৰ এটা মাহৰ সম্পাদক হ’ব লাগে৷ মই বোলো “দাদা, আপুনি ভুল ঠাইত বল পেলালে৷” কিন্তু মোৰ ওপৰত তেখেতৰ অগাধ বিশ্বাস- “পাৰিবাহে তুমি৷ আৰু তোমাৰ লগত আমিও থাকিমে নহয়৷”  ইয়াৰ পিছতো

Read more

এই সংখ্যাৰ আঁৰৰ কথা – ৰিমঝিম বৰঠাকুৰ

চুম্বকে লোহাক টনাৰ দৰে, আচলতে ফোনত থকা ফেচবুক এপটোৱে টানি থাকে মোৰ মনটোক। ব্যস্ততা যিমানেই নহওক ফেচবুকৰ নটিফিকেশ্ব্যনৰ ’ট্ৰিং ট্ৰিং’ শব্দটো শুনাৰ লগে লগে তাক একোলা লৈ ল’বই লাগিব। মানে ফোন নহয় যেন দেহলাওহে। তেনেকৈয়ে এদিন সন্ধিয়া সময়ত ফোনটো কাষতে শুৱাই ময়ো শুই আছোঁ। তেনেতে মেচেঞ্জাৰত মেচেজ অহা শব্দই মোৰ ঘুমটি ভাঙিলে। ফোনটো লৈ চাই দেখোঁ আমাৰ হেড এডমিন হেমন্ত কাকতিদাৰ মেচেজ “ৰিমঝিম, কথা এটা পাতিব লগা আছিল, মানে আমাৰ আলোচনীখনৰ সম্পাদকৰ দায়িত্বৰ কাৰণে…।” বুকুখন চিৰিঙকৈ মাৰিলে মোৰ। ফটা-ঢোল গোটত

Read more

এই সংখ্যাৰ আঁৰৰ কথা – অলকেশ ভাগৱতী

টুটুটুটু টুটুটুটু টুংটুংটং…… শুনাৰ লগে লগেই মূৰটো গৰম হৈ যোৱা শব্দটো বাজি উঠাৰ দহ চেকেণ্ডমানৰ পিছত চৰম বিতৃষ্ণাৰে ফোনটোলৈ চালোঁ৷ সঞ্জীৱ কলিং ….. সঞ্জীৱ মানে আমাৰ সঞ্জীৱ ভট্টাচাৰ্য্য৷ টুটুটুটু টুটুটুটু টুংটুংটুং…… সঞ্জীৱ নামটো দেখাৰ লগে লগেই বিৰক্তিকৰ শব্দটোও মোৰ কাৰণে মধুৰ সংগীতলৈ ৰূপান্তৰিত হৈ গ’ল৷ সন্ধিয়াৰ সময়ত সঞ্জীৱৰ ফোন পালেই মনটো ভাল লাগি যায়৷ কিবা এক সন্মোহিনী গুণ আছে ল’ৰাটোৰ৷ টুটু…. “সঞ্জীৱ কোৱা!” “অলকেশদা, ক’ত আছে? ৰিণ্টুদা গুৱাহাটীলৈ আহিছে৷ তেওঁ সন্ধিয়া ছয় বজাত মোক হোটেল অম্বৰীশলৈ মাতিছে৷ লগতে আপোনাকো লৈ

Read more
1 3 4 5 6 7