এটা নদীৰ পানী-যুৱঁলিত কাঠৰ কুণ্ডা এটাত চাৰিটা ভেকুলী বহি আছিল৷ হঠাৎ নদীৰ সোঁতত পৰি কাঠৰ কুণ্ডাটো উটি যাবলৈ ধৰিলে৷ ভেকুলীকেইটাৰ আনন্দত আত্মবিস্মৃত অৱস্থা৷ কিছু সময় পিছত সম্বিত ঘূৰাই পাই ১ম ভেকুলীটোৱে ক’লে- আবে…এইটো লগ অৰডিনাৰী লগ নহয় বে! ই জীৱিত বস্তুৰ দৰেই মুভ কৰিছে বে! এনেকা লগ পেহলে কিচিকো ভি নচিব নেহী হুৱা ৰে!

দ্বিতীয় ভেকুলীটোৱে নিৰৱতা ভঙ্গ কৰি ক’লে- নৌ মাহ ফ্ৰেণ্ড! এইটো একো স্পেচিয়েল লগ নহয় বে! আমাৰ যে এটা ওল্ড আচামিজ চং আছে শুনিবি না কেতিয়াবা…“নদী মাথোঁ বয় কালৈকো নৰয় বাধা দি ৰখেগা কৌন…!” এই নদীটোৰো হো চক্তা হ্যায় চাগৰ চে প্যাৰ হ্যায়! তো চি ইজ গোয়িং টু মীট হাৰ চুইট হাৰ্ট! এই নদীটোৱেহে লগটোৰ লগতে আমাকো লগত লৈ গৈ আছে বে!!

তৃতীয় ভেকুলীটোৱে বোলে- আৰে ফ্ৰেণ্ডচ্ নাইডাৰ লগ নৰ্ ৰিভাৰ ইজ মুভিং৷ গতিৰ অনুভূতি আমাৰ মনত জাগিছে৷ মনৰ বাহিৰে গতিশীল কুছ ভি নেহী হ্যায়৷

এইদৰে তিনিওটা ভেকুলীয়ে সিহঁতৰ চেইলিং সম্পৰ্কে এক্সপাৰ্ট কমেণ্ট দি দি টিভিৰ টক শ্বোত দেখাৰ দৰে উত্তপ্ত বিতৰ্কত লিপ্ত হ’ল৷ কিন্তু বকি বকি অণ্ঠ-কণ্ঠ শুকাই যোৱাৰ পিছতো সিহঁত কোনো সিদ্ধান্তত উপনীত হ’ব নোৱাৰিলে৷ তৰ্ক কৰি কৰি ভাগৰ লগাত সিহঁতৰ ৪ৰ্থ ভেকুলীটোলৈ মনত পৰিল৷ ৪ৰ্থটোৱে ইমান পৰে শান্তভাৱে সিহঁতৰ কথা শুনি আছিল৷ সিহঁতে তাক তাৰ নিজৰ মত প্ৰকাশ কৰিবলৈ জোৰ দি ধৰিলে৷ সি শান্তভাৱেই ক’লে
-লুক ফ্ৰেণ্ডচ্ টিভি চাই চাই তহঁতৰ ডিমাগ খাৰাপ হৈ গ’ল! কেৱল তৰ্ক কৰিবলৈ শিকিলি! তহঁত তিনিও এটা এটাকৈ চালে ভুল কিন্তু কালেক্টিভলী শুদ্ধ৷ চা গতি লগটোতো আছে, নদীতো আছে আৰু আমাৰ মনতো আছে!

৪ৰ্থটো ভেকুলীৰ কথা শুনি বাকী তিনিটাৰ মূৰ গৰম হৈ গ’ল৷ চা বে ই আমাৰ ওপৰত মাষ্টাৰ ওলাইছে বে!……. হঠাৎ সিহঁতৰ এটাই দাঢ়িয়া বুঢ়া লীডাৰটোৰ ভইচত চিঞৰি উঠিল- “ইনক্লাৱ জিন্দাবাদ…!” লগে লগে বাকী দুটাই তাতকৈও জোৰে চিঞৰিলে- “জিন্দাবাদ জিন্দাবাদ!” তিনিও লগ লাগি এটা আপোচহীন জংগী আন্দোলন গঢ়ি তোলাৰ সংকল্প লৈ নিৰ্ভীক ভাৱে আগুৱাই গ’ল আৰু ৪ৰ্থটো ভেকুলীক লগটোৰ পৰা ঠেলি-হেঁচুকি নমাই দিলে৷

ইনক্লাৱ জিন্দাবাদ
জিন্দাবাদ জিন্দাবাদ…

★★★★

Comments

  1. হাফ – নলেজবোৰৰ যেতিয়া নলেজ হব,
    তেতিয়া নলেজ গৈ চুপাৰ- নলেজ পাবগৈ।

Leave a Reply

Your email address will not be published. Required fields are marked *