অদ্ভুত আৰু আচহুৱা স্বভাৱৰো কিছু মানুহ থাকে৷ নিজৰ প্ৰয়োজনতহে তেওঁলোকে চকু মেলি চায় আৰু প্ৰয়োজন পূৰ হোৱাৰ পিছত কেঁৰাহিকৈ চালেও নিজস্বত্ব লোপ পোৱা যেন পায়৷ আমাৰ চিনাকি তেনে এটা চৰিত্ৰ আছিল ’ডেনী’ ছাৰৰ৷ হিন্দী চিনেমাৰ ’ভিলেইন’ ডেনীৰ নামৰ লগত সামঞ্জস্য ৰাখি দিয়া নামটোৱে তেখেতৰ চৰিত্ৰৰ কিছু আভাস নিশ্চয়কৈ দিয়ে৷
তেখেতে নিজৰ চৌপাশে এটা অভেদ্য বেষ্টনী গঢ়ি লৈ হে আগবাঢ়িছিল৷ এই বেষ্টনীৰ পৰিমণ্ডল তেখেতেও কোনোদিনে ভেদ কৰি নাপালে, আৰু আনকো তাৰ ওচৰ চপাৰ সুযোগ কোনোকালে নিদিলে৷
পুৰোহিতৰ মন্ত্ৰোচ্ছাৰণৰ দৰে শ্ৰেণী কোঠাত তেখেতৰ মুখ নিসৃত ধ্বনি শহাকাণীয়া নহ’লে একেবাৰে সমুখৰ বেঞ্চত বহাজনৰো কৰ্ণকূহৰত পৰা নাছিল৷ অৱশ্যে শহাকণীয়া কেইজনমানে কৈছিল- ’ভাই ভালেই শিকায় অ’, পিছে শংকৰ, মাধৱতকৈ বাইৰণ, শ্যেলীৰ কথা কৈহে ভাল পায়৷ ’
ছাত্ৰ-ছাত্ৰীৰ প্ৰতিক্ৰিয়াৰ প্ৰতি কাণসাৰ দিয়াতো তেখেতৰ দায়িত্বৰ ভিতৰৰ নহয় বুলি ভাবিছিল৷ আমিও পুৰোহিতে সমাপন কৰা পূজাৰ আওঁ-ভাওঁ একো নোপোৱাকৈ সময়ত হৰিধ্বনি দিয়াৰ দৰে তেখেতৰ ক্লাছৰ সময়ত ’প্ৰেজেণ্ট ছাৰ’ বুলি কৈয়েই ৰসতে হৰিনাম থৈছিলোঁহক৷
এবাৰ হ’ল কি, তেখেতৰ ঘৰৰ কাষৰে বাইদেউ এজনীয়ে বাছ ৰখি আছে, অথচ সেইদিনা কিবা সংগঠনে দিয়া চকাবন্ধৰ ফলত বাছৰ দেখা-দেখি নাই৷ স্কুললৈও প্ৰায় পাঁচ কিল’মিটাৰ দূৰ৷ (অইন দিনাৰ কথা বাদ৷ সিদিনা হাতলৈ অহা এনে সুযোগ কোনে হাতচাৰা হৈ যাবলৈ দিবহে? সিদিনা আকৌ স্কুলত খানা আছিল নহয়! বছৰত এবাৰহে আহে সেই খানা৷ পাঁচ কিলোমিটাৰ দূৰৈত থকা সেই খানাৰ আমোলমোল সুবাস আমাৰ বাইদেউৰ নাকত এনেকৈ লাগিছিল যে জিভাখন বোলে এবেগেতমান দীঘল হৈ দুই নসিকা-ৰন্ধ্ৰেৰে ঘনাই ওলোৱা-সোমোৱা কৰিছিল৷ অৱশ্যে এই কথাৰ সত্যতা আমি বিচাৰ নকৰোঁহক৷ পিছে সেই দৃশ্য দেখা মানুহ অনেক আছে৷ ) বাইদেউ তেনেদৰে বিবুদ্ধিত পৰা সেই সময়তে ডেনী ছাৰ আহিল তেখেতৰ ৰাজদূতৰ ভূটভূট শব্দেৰে মেদিনী কঁপাই৷ বাইদেৱে ছাৰক ৰ’বলৈ ইংগিত দিলে৷ ছাৰ ৰ’ল, বাইদেউৰ প্ৰতি সদয়ো হ’ল, কিন্তু এটা চৰ্তত-একেখন দ্বিচক্ৰী বাহনত আহিলেও বাইদেউৰ শৰীৰে কোনোমতে কিন্তু ছাৰৰ শৰীৰ স্পৰ্শ কৰিব নোৱাৰিব৷ বাইদেউৰ বিকল্প নাছিল৷
কিছু দূৰ অহাৰ পিছত ৰাস্তাৰ থেকেচনিত চাৰে ব্ৰেক মাৰিলে আৰু বাইদেৱে তাল-মান হেৰুৱালে৷ মুহূৰ্ততে ৰাজদূত ৰখাই তেখেতে বাইদেউক সকিয়নি দিলে, ’ আপোনাক ফাৰ্ষ্ট এণ্ড লাষ্ট ওৱাৰ্নিং দিলোঁ, বানপ্ৰস্থৰ সময়ত আপোনাৰ এই আচৰণ শোভনীয় নহয়৷ ’
কিন্তু দাতাই দিলেও বিধাতাই নিদিয়ে৷ পিছৰবাৰো ৰাস্তাৰ খলা-বমাত ছাৰে ব্ৰেক মাৰোঁতে বাইদেউৰ থিতাপি হেৰাল৷ ’
লগে লগে তেখেতে ৰাজদূত ৰখাই ক’লে, ’আপুনি মেনকা হ’বলৈ যিমানে চেষ্টা নকৰিলেও মই কেতিয়াও বিশ্বমিত্ৰ নহওঁ৷ ’ এই কথা কৈয়েই তেখেতে মাজ ৰাস্তাত বাইদেউক নমাই থৈ গুছি গ’ল৷
নাক চেলেকি চেলেকি বাইদেৱে আগলৈ খোজ দিলে৷

★★★★

Leave a Reply

Your email address will not be published. Required fields are marked *