উত্ৰাৱল হৈ জপিয়াই ফুৰিছে খহুৱা ভেকুলী৷
কি হ’ল ভেকুলী তোৰ?
তোৰ বিয়া পাতিবলৈ গঞাই তোক বিচাৰি ফুৰিছে৷
অ’ সেয়েহে ফুৰিছো লৱৰি৷
ৰ’দৰ পোৰণি, পিঠিৰ খহুত উঠিছে ৷
বিয়াৰ পীৰাত যদিহে উঠে ছট্ ফটনি,
নালাগিবনে বাৰু শীতল পানীৰ জুৰণি?
খাল-বিলত পিণ্ডত দিবলৈকে এটুপি পানী নাই,
পিঠিৰ পোৰণিত দিবলৈনো থাকে ক’ত?
গঞাই বিচাৰিছে তোৰ বিয়া পাতি আনিব পানী,
তইহে খাল-বিলত পানী বিচাৰি খাইছ হাবাথুৰি৷
লুকাই থকা মেঘে শুনিলে কিজানি,
মাৰিলে হাঁহিৰ গিৰ্জনি৷
বৰষুণ নামিল ধাৰাসাৰ,
গঞাই ভাবিলে,
আশীৰ্বাদ ভেকুলীৰ বিয়াৰ৷
বৰষুণ নাথামে৷
আকাশৰ ভগা কলহেৰে
পৰিয়েই আছে হুৰাওৰাৱে৷
টোৰটোৰাই আছে বুঢ়া ভেকুলীয়ে
বৰষুণ থাম, বৰষুণ থাম,
দৈৱাসন দেখোন তল যায়!
নাথামে বৰষুণ৷ থমাৰ কিটিপ
উলাহতে পাহৰিলে বৰষুণে৷
চোৱা কেনেকৈ
মানুহো ওপঙিছে ভেকুলীৰ দৰে৷

★★★★

Comments

  1. আজি বোলে খহুৱা ভেকুলীৰ বিয়া
    দলদোপ হেন্দোলদোপ সৌৱা দেখিছানে গঞা
    এজাক বৰষুণৰ কাৰণে বৰ নোৱালে একাজলি পানীৰে
    আশীৰ্বাদ কামনা এছাটি বৰবৰষুণ কলহৰ কাণেৰে
    পিছে ইকি আশীৰ্বাদৰ অতিবৃষ্টি হলনে শাস্তি কলা পৰিল গঞাৰ হিয়া।

Leave a Reply

Your email address will not be published. Required fields are marked *