হাস্যৰস মূৰ্ত্তিমান হয় হাঁহিৰ মাজেদি ৷ এই হাঁহিয়েই মানৱ জীৱনক মহীয়ান কৰি তোলে ৷ সেয়েহে স্বনামধন্য শিল্পী, সাহিত্যিক আৰু ৰাজনীতিবিদ লক্ষ্যধৰ চৌধুৰী দেৱে হয়তো কৈছিল “জীৱনক জুখিবা হাঁহিৰে ৷” হাঁহিক কেন্দ্ৰ কৰি সৃ্ষ্টি হোৱা অগণন প্ৰৱচনেৰে অসমীয়া লোকসাহিত্য সমৃদ্ধিশালী হৈ আছে ৷ যেনে — “হাঁহিয়েই বিঘিনি, পাদেই লখিমী” , “হাঁহিৰ মিচিক, পাদৰ ফিচিক” নাইবা লোকগীতত থকাৰ দৰে —
“নৈৰে লেতেৰা খবুৱা খুবলি
ভোগদৈৰ লেতেৰা পানী,
ছোৱালীৰ লেতেৰা বিজুলী চকুৱা,
মুখত মিচিকিয়া হাঁহি ৷”
হাঁহিক লৈ সৃৃষ্টি হোৱা এনেকুৱা প্ৰৱচন সমূহৰ আচল বক্তব্য হৈছে হাঁহিৰ মাজেদি মানৱ চৰিত্ৰ বিশ্লেষণ কৰা ৷ লোক সাহিত্যই হওক বা মান্য সাহিত্যই হওক, ই সমাজক প্ৰতিফলন কৰিবই ৷ সেয়েহে প্ৰাচীন কালৰ পৰা এতিয়ালৈকে সাহিত্যই সমাজক প্ৰতিফলন কৰোতে হাস্যৰসে বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে ৷
প্ৰাচীন গ্ৰীচত চক্ৰেটিচ, প্লেটো আৰু এৰিষ্টটলে সাহিত্যত হাস্যৰসৰ গুৰুত্বক স্বীকাৰ কৰি গৈছে ৷ প্ৰাচীন ভাৰতীয় নাট্য সাহিত্যত ভৰত মুণিয়ে কৈছে যে নৱৰসৰ অন্যতম ৰস হৈছে হাস্যৰস ৷ তেওঁৰ মতে নাটক সফল হ’বলৈ হ’লে হাস্যৰস অপৰিহাৰ্য্য ৷ খৃঃ পূঃ দ্বিতীয় শতিকাতেই সংস্কৃত নাটকক দহ ভাগত ভাগ কৰা হৈছিল ৷ অৱশ্যে বৰ্ত্তমান চাৰিটা ভাগহে উদ্ধাৰ কৰা হৈছে ৷ তাৰে প্ৰথম দুটা ভাগ হৈছে — ‘প্ৰহসন’ আৰু ‘ভণ’ ৷ প্ৰহসনক ইংৰাজী Farce বা ভ্ৰমৰঙ্গ নাটকৰ লগত তুলনা কৰিব পাৰি ৷ অন্যহাতেদি ভণ হৈছে একক অভিনয় ৷ বৈদিক সাহিত্যতো এটি বিশেষ চৰিত্ৰ “কৰি” ৰ কথা উল্লেখ কৰা হৈছে , যি সততে হাস্যৰস সৃষ্টি কৰে ৷ সংস্কৃত নাটক সমূহত হাস্যৰস
সৃষ্টি কৰা চৰিত্ৰটিক ‘বিদূষক’ বুলি জনা যায় ৷
উল্লেখযোগ্য যে পশ্চিমীয়া সাহিত্যৰ নিচিনাকৈ ভাৰতীয় সাহিত্যক “ট্ৰেজেডি” আৰু “কমেডি” বুলি ভাগ কৰা নাযায় ৷ ভাৰতীয় সাহিত্য মূলতঃ যোগাত্মক ৷ তদুপৰি ভাৰতীয় সাহিত্য ভাৰতীয় দৰ্শনেৰে সংপৃক্ত ৷ এই প্ৰসংগত ড° সৰ্ব্বপল্লী ৰাধাকৃষ্ণণে কৈছে – “Pessimism in Indian philosophy is only initial and not final” — নিৰাশাবাদ বা বিয়োগাত্মক ধাৰণা ভাৰতীয় দৰ্শনৰ আৰম্ভনিহে, কিন্তু পৰিসমাপ্তি নহয় ৷ এই কথাটো সাহিত্য সমালোচক আৰু কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক Lee Siegalয়ে তেওঁৰ বিখ্যাত গ্ৰন্থ “Laughing Matters” ত উল্লেখ কৰিছে ৷ ভাৰতীয় নাটকৰ দুটি হাস্যৰসিক শাখা প্ৰহসন আৰু ভণৰ সম্পৰ্কত প্ৰাচ্যতত্ববিদ ইংৰাজ সমালোচক F W Thomasয়ে তেওঁৰ “Four Sanskrit Plays” শীৰ্ষক নিৱন্ধটিত লিখিছে — “It will, I think, be admitted that these compositions, in spite of the unedifying character of their general subject and even in spite of occasional vulgarities, have a real literary quality . They display a natural humour and polite, intensely Indian ….. which need not fear comparision with that of Ben Jonson or a Moliere” — অৰ্থাৎ এনে হাস্যৰসত যথেষ্ঠ সাহিত্যিক মূল্য আছে আৰু ইংৰাজ নাট্যকাৰ বেন জনচন আৰু ফৰাচী নাট্যকাৰ মলিয়াৰৰ নাটকৰ হাস্যৰসৰ লগত নিসন্দেহে তুলনা কৰিব পাৰি ৷
হাস্যৰসৰ ক্ষেত্ৰত অসমীয়া সাহিত্যও পিছ পৰি থকা নাই ৷ বিশেষকৈ অসমীয়া বৈঞ্চৱ সাহিত্যক হাস্যৰসে এক বিশেষ মাত্ৰা প্ৰদান কৰিছে ৷ আধুনিক অসমীয়া সাহিত্যত ৰসৰাজ বেজবৰুৱাই হাস্যৰসক এক নতুন ৰূপত উপস্থাপন কৰিছে ৷ বেজবৰুৱাৰ পৰবৰ্ত্তী সময়ত অসমীয়া সাহিত্যত হাস্যৰস সৃষ্টিত কিছু স্থবিৰতা আহিলেও শেহতীয়াকৈ হাস্যৰসে এক বিশেষ ৰূপত আত্মপ্ৰকাশ কৰা পৰিলক্ষিত হৈছে ৷ ছপা মাধ্যমৰ লগতে অতি সম্প্ৰতি বৈদ্যুতিক মাধ্যমৰ সাহিত্যত এচাম নতুন লিখকে হাস্যৰস সৃষ্টিত ব্ৰতী হোৱা দেখা গৈছে ৷ অসমীয়া সাহিত্যৰ বাবে ই নিসন্দেহে এটা ভাল লক্ষণ ৷

★★★★

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *