আৰু মই নিশ্চিত হ’লো যে এটা জনপ্ৰিয় গীতৰ পলিফ’নিক সুৰৰ মূৰ্চ্ছনা বৈ আহিছে নাতিদূৰত টেবুলৰ ওপৰত ৰখা মোৰ ম’বাইল ফোনৰ পৰা- এই বাজিছে, বন্ধ হৈছে, আকৌ বাজিছে, মুঠ কথাত এক এলাৰ্ট টোন অৰ্থাৎ মোক সকীয়াই দিয়া সংকেত যে কোনোবা শুভকাংক্ষীয়ে পঠিয়াইছে এছ এম এছ আৰু এতিয়া এই বিহুৰ বতৰত এছ এম এছ মানেই হ’ল শুভেচ্ছাৰ বাণী, ৰং ৰহইচৰ বতৰা, লগতে হ’ব পাৰে বিহুতলীৰ আজিৰ প্ৰগ্ৰামৰ চুটি খতিয়ান, ক’ত কেনেদৰে কোন কলা-কুশলীয়ে কি গান গাব, নাচিব…! আৰু মই এবাৰ জ্বলা এবাৰ নুমোৱা ৰঙা নীলা ৰঙৰ পোহৰ আহি থকা ফোনটো হাতত তুলি ললো ইটোৰ পিছত সিটো বুতাম টিপিলো আৰু বাঃ এয়া, সন্মুখৰ স্ক্ৰীনত জিলিকি উঠিছে বিহুৰ শুভেচ্ছাৰে অনুপৰ বাণী, ভঙা জোৰ লগা চিনা-নিচিনা ইংৰাজী অসমীয়া শব্দৰ সম্ভাৰেৰে হয়তো ক’ব পাৰি এক ৰিমিস্ক, কাষত গ্ৰাফিস্কৰ বাহাদুৰিৰে নাচনীৰ কঁকাল ভাগিছে মাল্টিমিডিয়াৰ পয়োভৰেৰে বাজিছে বিহুসুৰীয়া তান –

কোনো সন্দেহ নাই, আমালৈ এতিয়া এনেদৰেই বিহু আহে, শুভাশীষ আহে ডিজিটেল পেকেটত। এই যে অনুপে মোক ক’ব খুজিছে ‘বিহুৰ বতৰত তোলৈ আহক সুখ-সমৃদ্ধি, মৰম চেনেহ- তাৰ মনৰ এই ভাবখিনি শূন্য আৰু একৰ সংখ্যাৰে মেচিনৰ ভাষালৈ ৰূপান্তৰ ঘটি, তাৰ পিচত সেইবোৰ একো একোটা ডিজিটেল টোপোলা হৈ অপটিক ফাইবাৰৰ অনুপম পৃথিৱীৰ মাজেৰে তৰংগৰ ৰূপেৰে মোৰ এই হাতৰ সৰু ফোনটোতে সোমাল আৰু মোক ক’লে, ‘লোৱা তোমাৰ বিহুৰ বিহুৱান- কিছু আখৰত, কিছু সংখ্যাত এক ডিজিটেল পেকেটত।’

‘মৰমবোৰো এতিয়া আমাৰ বাবে ধাৰাপাতৰ সংখ্যা – এনেদৰেই কৈছে বৰুণে আৰু মই তাক ক’লো, ‘চা অকল মৰমেই নহয় সকলো কথাই এতিয়া আমি ডিজিটৰ ৰূপত কওঁ। এই ধৰ আমাৰ লগৰে ধীৰেণ, তাক আমি মাতো লাখটকীয়া মানুহ বুলি, প্ৰণৱ এতিয়া ছয় সংখ্যাৰ দৰমহা খোৱা ছফটৱেৰ ইঞ্জিনিয়াৰ – ‘মোৰ কথা শেষ হোৱালৈ বাট চাব নোখোজা বৰুণৰ মুখৰ চেহেৰাৰ পৰা গম পোৱা গৈছে যে সি ক’ব খুজিছে ডাঙৰ ডাঙৰ বিষয়া, ৰাজনীতিবিদ, বেপাৰী মানুহৰ হিচাপ নথকা টকাৰ সংখ্যাৰ বিষয়ে। মই ক’লো, ‘বিহুৰ স্মৃতিগ্ৰন্থৰ পাতত এহেজাৰ, দহহেজাৰ , বিশ হেজাৰৰ ধন দিয়া দাতাৰো বেলেগ বেলেগ শ্ৰেণীদানৰ সংখ্যা অনুপাতে মুঠ কথাত আমাৰ এতিয়া সকলো স্থিতিয়ে সংখ্যাৰ পিঠিত আসন লোৱা।

কিছু দূৰৈৰ ৰাস্তাৰ মাজৰ চাৰিআলিৰ ওপৰত পতা বিহু মঞ্চৰপৰা ভাহি আহিছে জনপ্ৰিয় গীতৰ কলি আৰু এই হাই ডেচিবেলৰ শব্দত জীণ গ’ল আমাৰ আলাপ। কণ্ঠনলীত জোৰ দি ক’লো, ‘এই গান-বাজনা কথা বাৰ্তা সকলো ডিজিটেল হ’ল। এতিয়া সকলোবোৰ মাথো সাংখ্যিক অনুভূতি, মোৰ চিঞৰে বৰুণক নিশ্চয় ঢুকি পোৱা নাই, অধিক শক্তি প্ৰয়োগেৰে তাক ক’লো, ‘এতিয়া বিজ্ঞানীয়ে হেনো এনে পদাৰ্থ উলিওৱাৰ বাবে অগ্ৰসৰ হৈছে যিয়ে শব্দৰ গতি মন্থৰ কৰি দিব পাৰে। অৰ্থ্যাৎ ধৰ তোৰ আৰু মোৰ মাজত এনে পদাৰ্থৰ এখন আইনা হোৱা হ’ল, মই কোৱা কথাখিনি সেই আইনৰ মাজেদি তোলৈ যাওঁতে লাগিল এঘণ্টা দুঘণ্টা সময়।’

বৰুণৰ মুখ দেখি তাৰ কোনো প্ৰতিক্ৰিয়া বুজা নগ’ল। ক’লো, ‘ধৰ এনে এক পদাৰ্থৰদ্বাৰা সজা ৰভা-মঞ্চ-সভাগৃহৰ ভিতৰত চলিল বিহুৰ গান, হিন্দী চিনেমাৰ গীতৰ ৰিমিস্ক, ৰ’ক-পপ মিউজিক আৰু সেইবোৰৰ কোনো শব্দ সভাৰ বাহিৰলৈ ছিটিকি নাহিল, কৰ্ণকুহৰত নুতুলিলে শব্দৰ ভূমিকম্প আৰু আমি কলনিৰ মানুহখিনি নাক বজাই শুলো – হাঁ, পুৱালৈ ক্ৰমাৎ পাৰ হৈ আহিবলৈ ধৰিলে ধীৰ গতিৰ ৰাতিৰ উচ্চ ডেচিবেলৰ শব্দ সম্ভাৰ আৰু সকলোৱে অফিচত বহি শুনি ৰ’লো ৰাতিৰ বিহুতলীৰ গান-বাজনা, হৈ হাল্লা আৰু ৰাতি বিহুতলীত প্ৰগ্ৰাম চাই পিচদিনাৰ অফিচলৈ বাৰ বজাত যোৱা সকলোৱেও নতুন টেকনল’জিৰ বাহাদুৰিত পাগুলি থাকিব পৰা শব্দ মানে ধৰ, যাক কয় ডাবল মজা, বা এক পে দো’-

বৰুণৰ মুখত হাঁহি বিৰিঙিল, সি চকীখন ওচৰলৈ টানি আনিলে আৰু ক’লে, ‘শুনামতে এতিয়া নেনো প্ৰযুক্তিৰে বনোৱা পিন্ধা কাপোৰে দিব পাৰিব পিন্ধোতাজনৰ ব্লাডপ্ৰেচাৰ , ডাইবেটিছ আদিৰ জোখ, আৰু এইবোৰ আমাৰ ফালে আহিলে কথাই নাই বিহু মঞ্চত বিহুৱান দিবি আৰু জানি লবি চীফগেষ্টৰ বেমাৰৰ তালিকা আৰু বছ জানিলি যে মহোদয়ৰ জীৱন টুটি আহিছে, অহা নিৰ্বাচনৰ টিকটৰ বাবে সাজু হৈ যা- হাঃ হাঃ…

বৰুণৰ হাঁহিত কিবা নিষ্ঠুৰতা ফুটি উঠা যেন লাগিল। মই তেনে এক মনোভাৱে প্ৰকাশ কৰাৰ আগতে বৰুণৰ ম’বাইল ফোনত আহিল নতুন এচ এম এছৰ সংকেত। সি ফোনটো খুলি চাই কলে যে দীপকৰ মেচেজ আহিছে, বিদেশৰ পৰা পঠিয়াইছে, বিহুৰ দিনটোত সিহঁতে আমাৰ ইয়ালৈ মনত পেলাইছে, তাৰ হেনো মনলৈ আহিছে মাহ-হালধি তিলপিঠা, সান্দহৰ গোন্ধ । বৰুণে কথাখিনি জোৰ দি ক’লে, ‘লাহে লাহে এইবাৰো সম্ভৱ হৈ আহিব , এই ধৰ দীপকে অফিচৰ কম্পিউটাৰৰ সন্মুখত বহিয়েই এইবোৰৰ সুগন্ধি লৈছে, ডিজিটেল ৰূপত এইবোৰ ঘ্ৰাণে তাৰ ভোজনত সহায় কৰিছে-

বৰুণক ক’ব খুজিলো যে আৰ্থাৰ ক্লাৰ্ক ঢুকোৱাৰ পাছত মানুহৰ ফেণ্টাচীৰ পূৰা কল্পনা এতিয়া বৰুণৰ মূৰতে জন্ম ল’ব কিন্তু তেনেকুৱা কিবা এটা কোৱাৰ আগতে ভিতৰৰ পৰা কোনোবাই চিঞৰিলে, ‘বিহুতলীৰ পৰা চলিছে এতিয়া লাইভ টেলিকাষ্ট। সেয়া মঞ্চত ঘোষণা দিছে বদন খুৰাৰ সৰু ল’ৰাই গান গাব, কাষত চলিছে চাৰি-পাঁচ বছৰীয়া শিশুৰ ফেশ্বন শ্ব, হাঁ চেনেল বদলাইছো, তিনি নম্বৰত বিজুহঁতৰ কলনিৰ বিহু মঞ্চৰ চিধা টেলিকাষ্ট , হলিউডৰ নৃত্যৰ পাৰ্টি ফাটি পৰিছে ৰভাতলী, দৰ্শকে জঁপিয়াইছে, কিৰিলি পাৰিছে। কি এক মজাৰ ব্যাপাৰ , গোটেই দিনটো হেনো বিপাশাহঁতৰ –

সেয়া ভিতৰৰ পৰা বৰুণৰ শ্ৰীমতীৰ উছাহেৰে জনাইছে। আৰু আমি টিভি ৰুমলৈ যোৱাৰ প্ৰস্তুতি চলাওঁতে পুনৰ আহিছে নতুন খবৰ, ‘চেনেল সাত নম্বৰত আৰম্ভ হৈছে সেউজী পথৰ বিহুতলীৰ টেলিকাষ্ট, বাঃ পূৰ্ণিমাৰ কাপোৰযোৰ চোৱাহি – এতিয়া মঞ্চত দেখুৱাইছে ডগ শ্ব’, কুকুৰৰ প্ৰদৰ্শনী, সেই যে লাব্ৰাডাৰ, জাৰ্মান চেফাৰ্ড অষ্ট্ৰেলিয়ান… বৰুণৰ জীয়েকৰ কথা শেষ ন’হল, বিহুতলীৰ পৰা শুনা গ’ল ঢোল পেঁপাৰ কাণ তালমৰা ডিজিটেল শব্দ।

‘বিহুৰ প্ৰগ্ৰাম চলা উচিত ২৪X৭, কি ক’ব?

বৰুণক মই কিবা কোৱাৰ আগতে আমাৰ সন্মুখলৈ আহিল কাজু, হালদিৰামৰ ভুজিয়া, পিজ্জাৰ টুকুৰা আৰু বৰুণে ক’লে, ‘দাৰ্জিলিঙৰ পৰা অনা স্পেচিয়াল ফ্লেভাৰৰ চাহ, খাই ভাল পাবি।’ মই তাৰ কথা শেষ হ’বলৈ নিদি কিবা এটা কোৱাৰ কথা ভবাৰ আগতে সি ‘ক’লে, ‘তোক বিহুৱান এখন দিয়াৰ কথা আছিল, ন’হল, বজাৰত গামোচাই নাইকিয়া হ’ল, অন্ধপ্ৰদেশৰ গাড়ীবোৰ অহা নাই বাবে গামোচাও… মানে ধৰ চেকগেটৰ মামলা।

সন্মুখৰ চেনেলত চলি থকা বিহুৰ লাইভ টেলিকাষ্টে মোৰ সকলো মনোযোগ টিভিৰ স্ক্ৰীনলৈ লৈ গ’ল, ভাবিলো বৰণক তাহানিৰ কলেজত বিহুৰ ফাংচনত তাৰ স’তে নচা বিনীতাৰ খবৰ সোধো – নাঃ তাৰ আগতে নতুনকৈ, অহা এছ এম এছটো চালো…

তিনিটা পৰুৱাই দেখিলে সিহঁতে গৈ থকা ৰাস্তাৰে আহি আছে এটা প্ৰকাণ্ড হাতী। খঙত প্ৰথম পৰুৱাই ক’লে , হাতীটোৰ ভৰি চাৰিখন ভাঙিয়েই পেলাওঁ নেকি।’ দ্বিতীয় পৰুৱা, নাঃ হাতীটোক মাৰি পেলোৱাই ভাল আৰু তৃতীয় পৰুৱা, নাঃ হাতীটোক মাৰি পেলোৱাই ভাল, সি যিহেতু অকলশৰীয়া আমি তিনিজন, যুদ্ধ কৰিব লাগে সমানে সমানে-

বৰুণে হাঃ হাঃ কৈ হাঁহি উঠিল , গম নগ’ল সি এছ এম এছৰ গাজাখুৰি লিখনি নে লাইভ টেলিকাষ্টৰ বাবে হাঁহিছে…।

*****

Comments

  1. সব ডিজিটেলাইজড্ হ’ল চাৰ ৷ আমাৰ হাঁহি বোৰো ৷ আপোনাৰ মনৰ ভাব বোৰো পালো আপোনাৰ ডিজিটেল লিখনিৰ যোগেদি ৷
    খুউব ‘এনজয়’ কৰিলো চাৰ লিখনীটো ৷

Leave a Reply

Your email address will not be published. Required fields are marked *