সিদিনা সমন্ধীয় পেহী এগৰাকীৰ ঘৰলৈ গৈছিলো৷ তাতে মাইনুক লগ পাই সুধিলো, বোলো বিয়াখন পাতি পেলা সেই ল’ৰাটোৰ লগত, যিটোৰ লগত তই ইমান দিনে হলি-গলি কৰি ফুৰিছ৷ তাই ক’লে সেই ডালৰ লগত মোৰ কেতিয়াবাই ব্ৰেকআপ হ’ল নহয়৷

মই আচৰিত হৈ সুধিলো, বোলো কিয়? তাই ক’লে সেইটো মহা বদমাচ ল’ৰা জানে, সংসাৰৰ ছোৱালীৰ লগত চাট কৰি থাকে৷ তাইৰ কথাবোৰ শুনি মই হতভম্ব হ’লো৷ যদিও লগতে শোক এটায়ো মোক হেঁচা মাৰি ধৰিলে৷ আমাৰ দিনৰ ছোৱালী বোৰলৈ বৰ দুখ লাগিল৷ কাৰণ এবাৰ বিয়া হৈ অহাৰ পাছত যিমানে মাৰ খাই মৰক ব্ৰেকআপ কৰিবই নোৱাৰে; যিমান গিৰিহঁতে সাত গোষ্ঠী উজাৰি গালি পাৰক, গিৰিহঁতৰ ঘৰতে শেষ নিশ্বাস পেলাব লাগিব, কোনোপধ্যে ব্ৰেকআপ কৰিব নোৱাৰে৷ সিফালে কলিজা ব্ৰেক হৈ হৈ শৰীৰৰ ভিতৰত থাকক বা নাথাকক৷ পেহীৰ বোৱাৰীজনীযে ক’লে, এতিয়া আৰু সেই দিন নাই বাইদেউ, আগৰ দিনত চেনাই ম’হৰ ওপৰত উঠি বিহু গাই পেঁপা বজাই ফুৰিছিল৷ কাৰোবাক ভাল লাগিলে ঘৰলৈ লৈ আনি সংসাৰ পাতিছিল৷ গোটেই জীৱন সুখে দুখে তাইৰ লগতে কটাইছিল৷ কিন্তু বাইদেউ আজিকালি সেই সৎ চেনাই বিচাৰি পাবলৈ নাই! আজিকালি দুবিধ চেনাই, এবিধ বলিয়া চেনাই আৰু আনবিধ জালোৱা চেনাই৷ দুয়োবিধ খতৰনাক৷ বলিয়া চেনাইৰ প্ৰতাপত ছোৱালী-বোৱাৰী ঘৰৰ পৰা বাহিৰ ওলাবলৈ ভয়৷ যিজনী পছন্দ আহিল সেইজনীৰ লগে লগে জীৱন শেষ৷ আৰু জালোৱা চেনাই হৈছে শ্লো পয়জন৷ দিনত ভদ্ৰ মানুহ ৰাতি হ’লেই জালোৱা চেনাই active হৈ পৰে৷ বিছনাত শুই নেট অন কৰি ৰাতি এপৰলৈকে জাল পেলাই থাকে৷ সুন্দৰ সুন্দৰ গান বান্ধৱীহঁতলৈ পঠাই মন ভুলায়৷ এই ধৰক জালোৱা চেনায়ে হোৱাটচ্ এপত গান এটা পঠালে “ইউ ত হামনে লাখ হসীন দেখা হেই, পৰ তুমচা নহী দেখা “, আৰু লগে লগে এশজনীলৈ পঠাই দিলে৷ বহুতে অকল তাইলৈহে গানটো পঠাইছে বুলি প্ৰেমত চটফটাই থাকি জালত পৰিল আৰু যিসোপাই গান বুলি শুনি ডিলিট কৰি দিলে তেওঁলোক ৰক্ষা পৰিল৷ এতিয়া প্ৰেমত পৰা কেইজনীৰ লগত জালোৱা চেনাইৰ ঘণ্টা ঘণ্টা কথা৷ পেটৰ কথা লৈ লৈ জালোৱা চেনায়ে সংগ্ৰহ কৰিব পিছলৈ কামত আহিব বুলি৷ প্ৰেমিকাই ভূ-ভটং একো গম নাপাব, মাত্ৰ প্ৰেমত চটফটাই থাকিব৷ বহুতো সহজ-সৰল ছোৱালী এই ধৰণৰ জালোৱা চেনাইৰ জালত লাগে৷ দুই-তিনি বছৰ মান প্ৰেমত লুটি পুটি খাইহে তেখেতৰ আচল ৰূপটো দেখা পায়৷ কেইবাজনী প্ৰেমিকা যেতিয়া একেলগে লগ খাই তেতিয়াহে জালোৱা চেনাইৰ ফটোখন তাহাঁতৰ চকুৰ আগত clear হৈ পৰে৷ তেতিয়া কৰিবলৈ একো নাথাকে৷ সিহঁতৰ যি কৰে জালোৱা চেনায়ে কৰে৷ কথাবোৰ সমজুৱা কৰিম বুলি ভ়য় খুৱায়৷ পাছত প্ৰেমিকাহঁত ভয়তে হাত ভৰি চলঙত সুমুৱাই কাছজনীৰ দৰে হৈ পৰে৷ প্ৰেমিকাহঁতৰ জীৱন নৰক হৈ পৰে৷ কিনো কম বাইদেউ আজিকালি বৰ ভয় লগা দিনকাল হ’ল৷ কহয় মাধৱ দাসে চেনাইয়ে চেনাইয়ে আছে৷ আপোনালোকৰ দিনবোৰেই বৰ ভাল আছিল৷

ময়ো ভাবিলো সঁচা কথা৷ আমাৰ দিনৰ চেনাইবোৰেই ভাল আছিল বিশ্বাসী আছিল।

*****

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *