ফটাঢোল

ফটহু পুৰাণ – প্ৰসেনজিৎ গোস্বামী

(১)

আমাৰ ফটহু স্মাৰ্ট বাপেকে ২০ টকা দি ২ কেজি নিমখ আনিবলৈ পঠিয়ালে৷ ফটহু খুচ, বহুদিনৰ মূৰত পইচা পাইছে হাতত৷ দোকান গৈ পায়ে দেখিলে দোকানীয়ে ৰঙা-নীলা চিপ্চৰ পেকেট ওলোমাই থৈছে৷ ফটহুৰ জিভাৰ পানী পৰি গ’ল, ভাবিলে কি কৰা যায়! পিছে লগত মাথো ২০ টকা হে আছে নিমখো নিব দিছে৷ তেনেতে দেখিলে বাৰাণ্ডাতে খোলা নিমখ বস্তাত ভৰাই থৈছে৷
এতিয়া স্মাৰ্ট ফটহু….
ফটহু: – দোকানী দা, খোলা নিমখৰ দাম
কিমান?
দোকানী: – ১০ টকা কেজি৷
ফটহু৷ : – ১ কেজি দিয়ক আৰু এক পেকেট
১০ টকীয়া চিপ্চ দিয়ক৷
দোকানী: – ১কেজি খোলা নিমখ কি কৰ
ফটহু?
ফটহু: – গৰুক দানা দিবলৈ লাগে৷
দোকানী: – হেৰৌ ২ টা কৈ গাই গৰু ২ টা
পোৱালি, ১ কেজি নিমখেৰে কি নো
হ’ব অ’!
ফটহু: – এহ, নক’ব দোকানী দা, আমাৰ গৰু
কেইটাৰ হাই প্ৰেছাৰ আছে দিয়ক৷
নিমখ কম খাই৷
“ দোকানী চকছ ফটহু ৰকছ“

( ২)

ফটহু তলমূৰ কৈ স্কুলৰ পৰা আহি আছিল৷ গাঁৱৰ সকলোৰে আদৰৰ ধনো খুৰাই দেখি ―
ধনো খুৰা: – ঐ ফটহু এইফালে আহ৷
ফটহু: – কওক খুৰা৷
ধনো খুৰা: – কিয় মন মাৰি আহি আছ?
ফটহু: – আজি আমাৰ ৰিজাল্ট দিলে৷
ধনো খুৰা: – ভাল কথা ভাল কথা৷ আটছা বাৰু
তোৰ ৰিজাল্ট কি?
ফটহু: – মই ফেইল৷
ধনো খুৰা: – ছিঃ ছিঃ ছিঃ৷ বাৰু তোৰ ক্লাছৰ ভাল
ল’ৰাতো কোন? তই তাৰ তাত চাই
লিখিব নোৱাৰিলি নে?
ফটহু: – আমাৰ ক্লাছৰ ভাল ল’ৰাতো হ’ল
উমেশ৷ সি বৈদ্য পঢ়িব পাৰে৷ সি
পেচাব কৰিব গ’লেও হাতত
কিতাপখন লৈ যায়৷ মই গোটেই
তাৰ পৰাই চাই চাই লিখিছিলোঁ৷
ধনো খুৰা: – যদি গোটেই চায়েই লিখিছিলি,
তেনেহলে তই কিয় ফেইল কৰিলি?
ফটহু: – উমেশেই ফেইল৷
(ধনো খুৰা চকড্ ফটহু ৰকড্)

(৩)

ফটহু গাঁৱত তহল দি মালতীহঁতৰ ঘৰৰ মুখত ৰৈ গ’ল৷ মালতী বাৰাণ্ডাত ফটহু পদূলিৰ তামোল জোপাত আউজি লৈ চাৰি চকুৰ মিলন ঘটাই আছিল৷ তেনেতে আহিল মালতীৰ বাপেক হৰেন: —-
হৰেন: – ঐ ফটহু তাত কি কৰিছ?
ফটহু: – নাই মানে খুড়া তামোল বোৰ পকিছে
তাকে চাইছোঁ৷
হৰেন: – নাই অ’ তামোল পৰা মানুহেই পাব নাই
আজিকালি৷ তই পাৰ যদি তামোল খিনি
পাৰি দে অ’ বোপাই৷
ফটহু পৰিল জালত৷ ইফালে তামোলডাল মস্ত ওখ আনফালে মালতীৰ সন্মুখত প্ৰেছটিজৰ কথা৷ উপায় নাপায় উঠিল তামোল গছত আৰু দুই ঠোক তামোল পাৰি দিলে৷ এতিয়া হে আচল কথা, ফটহুই উঠিলে হয়, নামে কেনেকৈ? উঠাৰ ট্ৰেইনিং লৈছিল, নমাৰতো লোৱা নাছিল!
দেৱী ভক্ত ফটহুই দেৱী মাক সুঁৱৰিলে ―
ফটহু: – হে দেৱী মা, মোক কুশলে নমাই দিয়া৷
অহা পূজাত মই এটা মহ উছৰ্গা কৰিম৷
অলপমান নামিলে৷
ফটহু: – হে দেৱী মা, মোক কুশলে নমাই দিয়া
অহা পূজাত মই এটা ক’লা পঠা উছৰ্গা
কৰিম৷
আৰু অলপ মান নামিলে―
ফটহু: – হে দেৱী মা, মোক কুশলে নমাই দিয়া৷
অহা পূজাত মই এটা হাঁহ উছৰ্গা কৰিম৷
আৰু অলপ নামিলে―
ফটহু: – হে দেৱী মা, মোক কুশলে নমাই দিয়া৷
অহা পূজাত মই এযোৰ পাৰ উছৰ্গা
কৰিম৷
ফটহু এনেকৈ মাটি পালেহি আৰু মাটি পায়েই মুৰটো খজুৱাই ওকণী এটা দুই নখৰ মাজত লৈ ―
ফটহু: – হে দেৱী মা মই নো তোমাক কি দিম!
মই হ’লো এজন অবোধ নিঃকিন বালক,
গতিকে,
“এই ওকণীটোকে আপোনাৰ চৰণত
উছৰ্গা কৰিলো আৰু৷ “
(ফটহু ৰকড্ দেবীমা চকড্)

★★★★

One comment

  • প্ৰসেনজিৎ গোস্বামী

    ধন্যবাদ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *