ফটাঢোল

খাৰঘৰীয়াৰ আখ্যান – দিপিকা ডেকা

পানীপুৰ নামেৰে এখন গাঁও, তাতেই ঘৰ খাৰঘৰীয়াৰ। পেছাত তেওঁ পশু চিকিৎসক। মানুহৰ ঘৰে ঘৰে গৰু, ছাগলী, কুকুৰ, মেকুৰী চিকিৎসা কৰি ফুৰে। পশু চিকিৎসা কৰি গৃহস্থৰ ঘৰত চাহ-তামোলেৰে মুখ ৰঙীন কৰিহে চকী এৰে। সুবিধা হ’লে মাজে-সময়ে হাঁহ-পাৰৰ মঙহেৰে দুই-এঘৰৰ ঘৰত ভাতৰ জুতিও ল’বলৈ নাপাহৰে।
মাহ-হালধিৰে গা ধোৱা সাত-আঠ বছৰে হ’ল, পিছে এতিয়ালৈ ঘৰত ওঁহা-ওঁহা শব্দ শুনিবলৈ পোৱা নাই। তাৰ বাবে অসন্তোষো নাই খাৰঘৰীয়াৰ, বৰঞ্চ সি মনে মনে সুখ হে অনুভৱ কৰে। ঘৈণীয়েকে কেতিয়াবা দুখ কৰিলে কয় বোলে, “ভালেই হৈছে দিয়া। কেঁচুৱা থকা ঘৰত দেখা নাই, কিমান খৰচ! প্ৰতিদিনে বজাৰৰ মোনাখন হাতত ৰাখিবই লাগে। আজি বোলে ইটো, কাইলৈ বোলে সিটো, আকৌ ডাঙৰ হোৱাৰ লগে লগে ইটো-সিটো খৰচ বাঢ়িবলৈ ধৰিব। হ’ব দিয়া, এনেকৈয়ে ভাল। দৰমহাৰ টকাকেইটা সাঁচি ৰাখিবই পাৰিম।” গিৰিয়েকৰ কথাত ঘৈনীয়েকে হুমুনিয়াহ এৰে মাথোন। কাৰণ, খাৰঘৰীয়া ইমানেই কৃপণ আছিল যে সপ্তাহৰ মাথোঁ এটা দিনতহে কেৰাহীত তেল পৰিছিল। বাকী কেইদিন মাথোঁ নিমখ-খাৰলি আৰু বগা ভাত চলিছিল তাকো কলপাতত। খাৰঘৰীয়াৰ মতে, সেয়া হেনো স্বাস্থ্যৰ বাবে ভাল। আনকি সি ঘৈণীয়েকৰ বেমাৰ হ’লে কয়, “হেৰা, কিনো এই সাধাৰণ বেমাৰটোতে সেই ডাক্তৰৰ তালৈ গৈ টকাবোৰ দি থৈ আহাহে? ঘৰতে ডাক্তৰ থাকোঁতে বেলেগৰ ওচৰলৈ গৈ বেমাৰ দেখুৱালে ভাল দেখিনে? মানুহ-গৰু বুলি পাৰ্থক্য কি আছে? দুয়োবিধ জীৱ আৰু দুয়োবিধেই প্ৰাণী। গতিকে, দুয়োবিধৰ ডাক্তৰৰ দৰবেও কাম একেই কৰিব।” ঘৈণীয়েকে ওৰণিখন টানি তলমূৰকৈ ঘৰ সোমাই বিছনাৰ আকৃতিৰ বাহৰ চাংখনতে দীঘল দিলে, য’ত পাৰি থোৱা আছিল এখন ঘৰতে ফটা কাপোৰেৰে তাতশালত বৈ লোৱা কাপোৰ, যিখনক ‘ঢোচা’ বুলি কয়।
খাৰঘৰীয়াৰ ঘৈণীয়েকে বিয়াত যৌতুক হিচাপে যিখিনি বয়-বস্তু লগত আনিছিল, তাৰেও কিবাকিবি সামগ্ৰী সি বিক্ৰী কৰি দিলে। তাৰ মতে ঘৰতে বাঁহ-বেত থাকোঁতে কিয়নো লোকে বনোৱা কাঠৰ পালেঙত শুব লাগে! আৰু কাঠৰ পালেঙত তুলি পাৰি শুলে গাৰ বিষ হয় কিন্তু, বাহৰ খাটত শুলে গাৰ বিষ কমেহে। আৰু দুজন মানুহৰ কাপোৰ নো কেইখন? মিছিমিছি আলনাডালেৰে ঠাইখননো কিয় বন্ধ কৰি ৰাখিব লাগে? ৰচীত থ’লেও থোৱা আলনাত থ’লেও থোৱা। সেয়েহে, বপুৰাই ঘৰখনৰ আধা-আধি বস্তু প্ৰায় বিক্ৰীয়ে কৰি দিলে আৰু টকাকেইটা জমা কৰি ৰাখিলে। মানুহজনে দৰমহাৰ টকাকেইটাও প্ৰায় নুচুৱেই।
মানুহজনৰ এই স্বভাৱটোৱে ঘৈণীয়েকৰ লগতে গাঁৱৰ মানুহকো এবাৰ ভবাই তুলিবলৈ বাধ্য কৰায়। কোনোদিনে গাঁৱৰ মানুহক পানী এটুপিও যাচি নোপোৱা খাৰঘৰীয়াই লোকৰ বিয়া-সবাহলৈ আগতেই গৈ পেট পূৰাই আহে, জানোচা গৃহস্থই বেয়াই পাই।
এদিন সেয়ে গাঁৱৰ উৎপতীয়া ডেকা দুজনমানে বুদ্ধি পাঙিলে খাৰঘৰীয়াৰ টকা খৰচ কৰাবৰ বাবে। তেওঁলোকে গাঁৱৰ সভা এখনত প্ৰস্তাৱ ৰাখিলে এদিন খাৰঘৰীয়াৰ ঘৰত এসাজ খোৱা হওক বুলি। সকলোৱে প্ৰস্তাৱটো সমৰ্থন কৰিলে আৰু খাৰঘৰীয়াৰ পৰা মতামত বিচাৰিলে। পেটে পেটে চট্ ফটাই গৈছিল যদিও বেচেৰাই ৰাইজৰ আগতনো কেনেকৈ না কৰে! গতিকে, কথাটো মানি লৈ ক’লে, “ঠিক আছে, ৰাইজে ইচ্ছা কৰিছে যেতিয়া আহিব আৰু এদিন এই ভিকহুৰ ঘৰলৈ। শুদাই-নিকাই যি পায় গ্ৰহণ কৰিব আৰু। কিজানিবা অলপ ধন্য হওঁৱেই মই।” এইবুলি বিশেষ দিন এটাত ৰাইজক নিজৰ ঘৰলৈ নিমন্ত্ৰণ কৰিলে।
নিৰ্দিষ্ট দিনটোত গঞা ৰাইজে বাট বুলিলে খাৰঘৰীয়াৰ পদূলিলৈ। প্ৰথমবাৰৰ বাবে ৰাইজৰ ভৰিৰ ধূলিৰে তেওঁৰ চোতাল পৱিত্ৰ হ’ল। কিন্তু ৰাইজে গৈ আচৰিত হ’ল কাৰণ ৰন্ধা-বঢ়াৰ কোনো উম-ঘাম খাৰঘৰীয়াৰ ঘৰত নাই। ৰাইজক অহা দেখি সি ঘৰৰ ভিতৰৰ পৰা ওলাই আহি আথে-বেথে সকলোকে বহিবলৈ আসন পাৰি দিলে। শাৰী পাতি সকলোৱে বহাৰ পিছত খাৰঘৰীয়াই নিজে সকলোৰে সন্মুখত এখন এখন কলপটুৱা পাৰি দিলে। তাৰ পিছত হাত আৰু কলপটুৱা ধুবৰ বাবে ঘটিৰে পানী ঢালি দি গ’ল। সকলোৱে ভাত-তৰকাৰীৰ বাবে বাট চাই ডিঙি ঘূৰাবলৈ ধৰিলে। অলপ সময়ৰ পিছত খাৰঘৰীয়া আহি সুধিলে, “ৰাইজৰ খোৱা হ’লনে? হ’ল যদি উঠিব পাৰে।” সকলোৱে আচৰিত হৈ ইজনে সিজনৰ মুখলৈ চাবলৈ ধৰিলে আৰু খাৰঘৰীয়াক খং কৰি গালি-শপনি পাৰিবলৈ ধৰিলে। তেতিয়া সি ক’লে, “আপোনালোকক সুধাই-নিকাই খাবলৈ মাতিছিলোঁ। আপোনালোকে দেখোন হ’ব বুলি কৈছিল। ভালকৈ চাফা কৰি একো নোখোৱাকৈ খোৱাটোকেই তো সুধাই-নিকাই বুলি কয়। তাত মোৰ দোষ ক’ত?” খাৰঘৰীয়াৰ কথা শুনি গঞা ৰাইজ খঙত টিঙিৰি-তুলা হৈ গালি-শপনি পাৰিলে আৰু বৃদ্ধসকল ঘৰা-ঘৰি গুচি গ’ল।
ইফালে ডেকাকেইজনে খঙতে খাৰঘৰীয়াক ক’লে বোলে, “আমি খাবলৈ নাপালোঁ যেতিয়া তোৰ চোতালত এতিয়া সকলোৱে শৌচ কৰিম।” তেতিয়া খাৰঘৰীয়াই মান্তি হৈ শৌচ কৰা প্ৰস্তাৱত সমৰ্থন জনালে। যেতিয়া ডেকাকেইজনে শৌচ কৰিবলৈ বহিলে তেতিয়া সি কোৰ এখন হাতত লৈ ৰৈ থাকিল। সিহঁতে তেতিয়া ক’লে যে আগতে শৌচ কৰিবলৈ দে তাৰ পিছত পেলাবি। তেতিয়া খাৰঘৰীয়াই ক’লে, “শৌচ কৰিব খুজিছ শৌচহে কৰিবি, কিন্তু পেচাব কৰিব নোৱাৰিবি। কোনোবাই পেচাব কৰিলেই মই টিকা কাটিম।” এইবুলি কোৰখন হাতৰ মুঠিত টানকৈ ধৰি সাজু হৈ থাকিল।
খাৰঘৰীয়াৰ এই কথা শুনি সকলোৱে ভয় খালে আৰু দৌৰা-দৌৰিকৈ ঘৰলৈ উভতি গ’ল।
খাৰঘৰীয়াৰ কৰ্ম-কাণ্ড দেখি ভৱিষ্যতলৈ কোনেও আৰু কেতিয়াও তাৰ ঘৰত খোৱাৰ কথা নুলিয়াও বুলি শপত খালে। এনেকৈয়ে নিজৰ বুদ্ধিমত্তাৰে সি একেবাৰে কম খৰচেৰে সুখে-শান্তিৰে দিন কটাই থাকিল।

★★★★

Leave a Reply

Your email address will not be published. Required fields are marked *