– চাৰ.. চাৰ
ৰজনীৰ পেকেটটো খুলি তাত তুলসী পেকেট ঢালি এক বিশেষ ভংগীত মই মিশ্ৰণটো জোকাৰি আছিলোঁ৷ এনে সময়তে ল’ৰাজনে মোৰ ফালে চাই চিঞৰিলে৷ মই ওচৰে-পাজৰে ‘চাৰ’ৰ চেহেৰাৰ কোনজন মানুহকনো চিঞৰিছে চালোঁ৷ কিন্তু দেখাত দেখোন কোনো নাই৷ ই আকৌ চিঞৰিছে কাক! মোৰ ৰাতিপুৱাৰ পৰা সন্ধিয়া হয় অফিচত দহজনক চাৰ বুলি মাতোতে, ই আকৌ মোক চাৰ বুলি মাতিবনে! ইতিমধ্যে বাইকত ষ্টেণ্ডডাল দি ল’ৰাজন মোৰ কাষ পালেই৷ দেখাত পালোৱান যেন লাগিলেও বয়সত যে তেনেই ফুকলিয়া হৈ আছে ধৰিব পাৰি৷ নতুনকৈ গজা দাঢ়িকেইডাল থুতৰিত ওলোমাই ৰাখিছে৷ চুলিবোৰো থিয় থিয়৷ গলত মানুহৰ মুণ্ডযেন দেখাত কিবা এটাও ওলোমাই থৈছে৷

– চাৰ মোক চিনি পোৱা নাই?
মই বেঙে মুতা গৰুৰ দৰে ভালেখিনি পৰ থৰ লাগি তালৈ চাই থাকিলো৷ এইখন গুৱাহাটী চহৰত মোক আজি চাৰ সম্বোধন! কোন এই বিস্ময় বালক! ‘মেমৰি’ মানে স্মৃতিশক্তি যিমান পাৰি ওলোটাপিনে ঘূৰালো৷ নাই, ফলাফল একো নোলাল৷
– চাৰ মই মৃগাংক৷ মুনু৷
– মুনু! মানে ফুকন চাৰৰ ল’ৰা?

এইবাৰ মই পূৰা ফ্লেছবেকলৈ গুচি গ’লো৷ মোৰ চকুত সকলো পৰিষ্কাৰ হৈ পৰিল৷
– মুনু তুমি? কি খবৰ তোমাৰ? ইমান ডাঙৰ হৈ গ’লা? ক’ত আছা এতিয়া তোমালোক? চাৰ বাইদেউহঁত আছেনে ভালে? কি কৰি আছা তুমি ইয়াত?

মোৰ একেলেথাৰিয়ে সোধা কেইবাটাও প্ৰশ্নৰ উত্তৰ সি বৰ লাহে-লাহে দি গ’ল৷ তাক কিবা এটা খাবলৈ বৰ জোৰ কৰিলোঁ৷ কিন্তু সি মান্তি নহ’ল, কেৱল হাতখন আগুৱাই দিলে৷ ৰজনী অলপ তাৰ হাতত মৰমেৰে ঢালি দিলোঁ৷ তাৰপিছত মোৰ মবাইল নংটো লৈ সি বাইকখন ষ্টাৰ্ট কৰিলে আৰু মুহূৰ্ততে সি ৰাজপথত নোহোৱা হৈ পৰিল৷

ইয়াৰ পিছত মোৰ ঘৰলৈ মানে কোঠালৈ আহি থকা বাটচোৱা বৰ সুখময় হৈ পৰিল৷ মুনুৱে লৈ যোৱা ফ্লেছবেকৰ চিনবোৰ চকুৰ আগত জলজলপটপটকৈ ভাঁহি উঠিল৷ মেট্ৰিক দি উঠি চাইকেলখন লৈ অলৌ-টলৌকৈ ঘূৰাৰ অভ্যাস এটাই উকমুক দি উঠিছিলহে মাত্ৰ৷ কাষৰীয়া গাঁও এখনৰ খুড়ীদেউ এগৰাকীয়ে দেউতাৰ সন্মুখতে কথাটো উলিয়ালে৷ বোলো নয়নে এনেয়ে থকাতকৈ আমাৰ ল’ৰাটোক দেখোন গধূলি-গধূলি অলপ পঢ়া দেখুৱাই দিব পাৰে৷ ল’ৰাটো হেনো মহা অঁকৰা, কিতাপৰ গোন্ধকে ল’ব নোখোজে, মাক-দেউতাক কাৰো কথাই নুশুনে৷ খুড়ীদেউ একেবাৰে নিশ্চিন্ত হৈ আহিছে যে মই যদি গধূলি গধূলি গৈ তাক অলপ দেখুৱাই দিও তেন্তে নিশ্চয় তাৰ বিদ্যাবুদ্ধি অলপ ভাললৈ আহিব৷ দেউতাই যেন হাততে সৰগ ঢুকি পালে৷ মই পঢ়াত বৰ ভাল বুলি কেনেবাকৈ গাঁওখনত এটা বু-বু-বা-বা ওলাই গৈছিল৷ এইটো উৰাবাতৰি গাঁওখনত কোনে কেনেকৈ উলিয়াইছিল সেয়া নাজানো, কিন্তু মই নিশ্চিন্ত, দুৱাৰত খিলি লগাই ঘণ্টাৰ পিছত ঘণ্টা প্ৰেমৰ উপন্যাসত মজি থকাৰ ফলতেই কোনোবাই এই বদনামটো উলিয়াই দিছিল৷ যি নহওক, সেইদিনাৰ পৰাই আৰম্ভ হ’ল মোৰ এটা নতুন বৃত্তি – ‘টিউছনন’৷ হওঁতে মই বেয়া নাপালো, কাৰণ খুড়ীদেৱে একেবাৰে মোৰ দৰমহাও বন্দৱস্ত কৰি থৈ গ’ল – মাহেকত এশ টকা৷ দহটকাতকৈ বেছি দেউতাৰ হাতৰ পৰা ওলাই নপৰে, তেনেস্থলত এশ টকা! মই একেষাৰে ‘হা’ কৈ দিলো৷

অদম্য উৎসাহ লৈ পিছদিনা আবেলি খুড়ীহঁতৰ চোতালত উপস্থিত হ’লো৷ মোৰ ছাত্ৰক খেলি থকাৰ মাজৰ পৰা মাকে কাকূতি-মিনতি কৰি একো ফল নপোৱাত শেষত ৰণচণ্ডী মূৰ্তি ধৰি চোঁচৰাই আনি ভৰি-হাত ধুৱাই মোৰ সন্মুখত বহুৱাই দিলে৷ প্ৰথমতে উচ্চস্বৰত, তাৰপিছত নিম্নস্বৰত মোৰ ছাত্ৰই প্ৰায় আধাঘণ্টামান একেটা সুৰত, একেটা লয়ত ক্ৰন্দন জুৰি থাকিল৷ এটা সময়ত তাৰ ক্ৰন্দন পৰ্ব সমাপ্তি ঘটিল আৰু চিলেট-পেঞ্চিল লৈ লিখিবলৈ সাজু হ’ল৷ এপাকত ছাত্ৰৰ মাতৃদেৱীয়ে মোৰ হাতত তুলি দি গ’ল এপাত বাহৰ স্কেল৷ ‘ই একদম কথা নুশুনে৷ যদি কথা নুশুনে তুমি ইয়াক ঠিকচে কোবাবা’৷ মই বোলো খুড়ীদেউ ল’ৰা ছোৱালীক স্কেলেৰে নহয়, মৰমেৰে হে শাসন কৰিব লাগিব৷ মই মৰমেৰে ল’ৰাটোক পঢ়ুৱাবলৈ আৰম্ভ কৰিলোঁ৷ কিন্তু ল’ৰা দেখোন সাক্ষাত্‍ অসম দেশৰ বিষম প্ৰাণী৷ তাক যদি মই লিখিব দিও অ মানে অমিতা, সি লিখে আম, মই যদি লিখিব দিও আম, সি লিখে ‘খাম’৷ আৰু গণিতখনতো সি মৰি গ’লেও উলিয়াই নানে৷

দুসপ্তাহ মান এনেদৰেই গ’ল৷ খুড়ীদেৱে লুচি ভাজি চাহ দিয়ে, খুড়ীদেৱে পিছ দিয়াৰ লগে-লগে ল’ৰাটোৱে খায় নহোৱা কৰে৷ মই কাকো নকওঁ, সৰু ল’ৰা, সিয়ে খাওক বাৰু৷ খুড়ীদেৱে সদায় কয় ‘ইয়াক ঠিকচে কোবাবা’, কিন্তু মোৰ কোমল মন৷ মৰমৰ শক্তি বহুত বুলি মই বিশ্বাস কৰোঁ৷ কিন্তু এদিন মোৰ এই বিশ্বাস নোহোৱা হৈ গ’ল৷ মৰমেৰে কৰা অশেষ চেষ্টাকো যেতিয়া মোৰ ছাত্ৰই খেৰকূটা বুলি গণ্য নকৰিলে, তেতিয়া মই বাঁহৰ স্কেলডালকে উত্তম বুলি গণ্য কৰিলোঁ৷ আৰু এদিন দহবাৰ বুজায়ো যেতিয়া ছাত্ৰক হাতে যোৱা সংখ্যাৰ যোগ অংক এটা শুদ্ধকৈ কৰাব নোৱাৰিলো, দিলো এচাত বাহৰ স্কেলৰ কোব তাৰ পিঠিত৷ ছাত্ৰৰ ক্ৰন্দন শক্তি অতি উত্তম৷ সি সেইফেৰা আৰম্ভ কৰিলে৷ কিন্তু এপাকত হঠাত্‍ সি ব্ৰেক মাৰি চিলেটখন হাতত তুলি ল’লে৷ মই বোলো ইমান সোনকালে বাহৰ স্কেলপাতে কাম দিলেনে! কিন্তু ই কৰে কি! সি চিলেটখন লৈ পূৰ্ণশক্তিৰে মোৰ গালৈ মাৰি পঠিয়ালে৷ মই হাওলি দিলো, সেইখন গৈ বেৰত পৰিল৷ চিলেটখনৰ বাওঁকেইটা টিনপাততেৰে বন্ধোৱা আছিল৷ সেইখন চকুত পৰিলে নিৰ্ঘাত মোৰ চকু ওলাই গ’লহেঁতেন৷ মই কিবা এটা কৰাৰ আগতে পুনৰবাৰ যেতিয়া মোৰ ছাত্ৰই জাপ মাৰি চিলেটখন তুলি ল’লে, মই যেন আসন্ন মৃত্যুদূতক স্বচক্ষই দেখা পালো৷ মই জাঁপ মাৰি এইবাৰ গিৰিহঁতৰ চোতাল পালো৷ খুড়ীদেউ, অ খুড়ীদেউ৷ মই চিঞৰিলো, নাই খুড়ীদেউৰো দেখাদেখি নাই৷ ইপিনে ছাত্ৰই ওলাই আহি পুনৰ দুগুণ জোৰেৰে চিলেটখন মোলৈ মাৰি পঠিয়ালে৷ পিছে এইবাৰো তাৰ লক্ষ্যভ্ৰষ্ট হ’ল৷ চিলেটখন মোৰ পৰা নাতিদূৰৈত গৈ পৰিল৷ মই বোলো চিলেটখন মই তুলি লৈ ইয়াক ভালকৈ দুচাটমান দিও, কিন্তু মোৰ ছাত্ৰ যেন সাক্ষাত্‍ পবনপুত্ৰ হনুমান৷ পবন গতিৰে সি কোন তলকত আহি সেইখন তুলি ল’লে মই তৰ্কিবই নোৱাৰিলো৷ মই বোলো এই কথাই কথা নহয়৷ চিলটৰ আঘাতত কোন টলকত মোৰ চকু ওলাই যায় ঠিক নাই৷ এইবাৰ চেণ্ডেলযোৰ খুলি কিবাকৈ মই হাতত ললো আৰু ‘এক-দুই-তিনি’ বুলি দৌৰিবলৈ আৰম্ভ কৰি দিলো৷ মোৰ ছাত্ৰই বোধহয় আজি ‘গুৰু বধিম’ বুলি প্ৰতিজ্ঞাই কৰি লৈছে৷ চেণ্ডেল হাতত লৈ আগে আগে মই, চিলট লৈ পিছে পিছে মোৰ ছাত্ৰ৷ একোবাৰ চিলেটখন মাৰি পঠিয়াই, বুটলি লৈ পুনৰ দৌৰে৷ গিৰিহঁতৰ পদূলি নহয়, গাঁৱৰ চাৰিসীমা পাৰ কৰি৷

★★★★

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *