বিশ্ববিদ্যালয়ৰ কেম্পাচত বৰুৱাৰ কেন্টিন,

জিডিবি চাৰৰ লগত হ’ল কেনেবাকৈ ডলফিন।

ৰিফ্ৰেছাৰ কৰ্চ চেকেণ্ডটোৰ খানাৰ ঠিকা ল’লে,

লগে লগে বৰুৱাবাপুৱে পাৰ্টিচিপেন্টক লম্ভিলে।

খানাৰ চাবা কি মেনু, কথাৰ কি মেৰ পাক!

মোছ পকাই বৰুৱাবাপুৱে বজাই ঢোল_ঢাক!

“ৰুটী খাব, নে পুৰি খাব, নে খাব চেঁচা দহী”,

ৱেটাৰ বয়ক কথা ক’ব ভীষণ ভেকাহি মাৰি।

পিছে,উৰহী গছৰ ওৰ পাবা যদি ভিতৰলৈ যোৱা,

বস্তুৰ অভাৱত বয় বিলাকৰ চকু কন্দনামূৱা।

চাপ্লাইৰ নামত আলু,পিয়াঁজ আৰু সস্তীয়া দালি,

মেনুৰ বাবে নানে একো,বজাৰৰ পাচলি।

কাঁহী কিনাৰত ভাজি লাগে,নিদিয়ে একো ভাজি,

খাই উঠাৰ পিছত সোধে খাই কেনে পালি।

ভাল বুলিলে স্ফূৰ্তি কৰে, নকৰে একো ভাল,

ৰিফ্ৰেছাৰৰ চকৰিত ঘুৰি পালোঁ এই জঞ্জাল।

ভাবি চিন্তি কৈ মেলি লাভ দেখা নাই!

কোৱাৰ পিছত, খোৱাৰ পিছত, দেখোঁ এই উপায়।

একৈশ দিনতে এৰিম বৰুৱা কেন্টিনৰ বাকৰি

সকলোৰে সাৰমৰ্ম হ’ল গতানুগতিক চাকৰি।

★★★★

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *