ফটাঢোল

আপদীয়া পদ্য – মিতালী শৰ্মা

ৰক্ষকেই ভক্ষক হয়
বিশ্বাস কাৰো নাই,
মন্ত্ৰী আমোলাৰ আশীৰ্বাদ হ’লে
গাধইও চাকৰি পাই।

ভাল কামৰ মূল্যচোন
নোহোৱাই হ’ল,
বেয়া কামৰহে জয় জয়কাৰ
চাৰিওফালে হাল্লা ব’ল।

গুৰু শিষ্যৰ সমন্ধতো
ঘুণে আছে ধৰি
সকলোতে পঁচা পঁচা
গোন্ধ আহে ভাঁহি।

মন্দিৰ মছজিদ গীৰ্জা গুৰুদ্বাৰ
সকলোতে কৰে চুৰ
তথাপি আমি কৰিব নোৱাৰোঁ একো
হওঁ দূৰতে বিদুৰ ।

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *