ফটাঢোল

আপদীয়া পদ্য- ৰাজীব শৰ্মা

(১)

পৰিৱৰ্তনৰ শ্লোগানেৰে বহিলো মই গাদীত
সা-সম্পতিৰ মিছা হিচাপ দিলো প্ৰজাৰ বেদীত

ভোটত জিকি গঢ়ো চৰকাৰ
পঢ়া-শুনাৰ নাই দৰকাৰ

লংকালৈ গ’লেই ৰাৱণ বিশ্বাস এই নীতিত

(২)

নোবোলো বুলিছিলো কদাপি বঢ়া বচন
ফটামুখ মেলিলে সৱাই দিয়ে ধোৱন

কোনোৱে পায় বঁটা
কোনোৱে আকৌ গতা

কথাৰ বৰ পাক মুহূৰ্ততে বাজে বাজন

(৩)

পূৰ্বজন্মৰ কৰ্মফল পৰজন্মত ভোগে
ৰজাইও ভাগ্যত সকলো হেৰুৱাই মাগে

খাটি খোৱা প্ৰজা
নাই কোনো বোজা

মাংস খাই ভাল পাওঁ বাঘ আছিলো চাগে

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *