দাদাৰ হোষ্টেলীয়া দিনৰ কথা। দাদা তেতিয়া তামাম পপুলাৰ। কলেজৰ প্ৰগ্ৰেম বিলাকত নাটক কৰে, গানগায়। ।।আচলতে দাদাৰ মনটো খুবেই ভাল । হোষ্টেলৰ সকলোকে নিজৰ পৰিয়ালৰ ভাই ককাইৰ দৰে ভাবে। সেয়ে বাহিৰত ধুই মেলি দিয়া নিজৰ জোখৰ গেঞ্জি পালেই নিজৰ পিন্ধি থকা লেতেৰাটো থৈ সেইটো পিন্ধি লয়। তাকেই কোনোবা ঠেক মনৰ টুটকীয়া কপটীয়াই দাদাৰ জনপ্ৰিয়তাত ঈৰ্ষান্বিত হৈ দাদাক “গেঞ্জি চোৰ” উপাধি প্ৰদান কৰে। হ’লেও দাদা দিলদাৰ মানুহ ।কাকো বেয়া নাপায়। স্বভাৱো পৰিবৰ্তন নকৰে।দাদাই হোষ্টেলত থকা দিন কেইটাত কেতিয়াও গেঞ্জি কিনি নাপালে যদিও হোষ্টেলত গেঞ্জি কিন্তু দাদাৰে আটাইতকৈ বেছি আছিল।কাৰোবাৰ গেঞ্জি হেৰালেই চিধাই দাদাৰ ৰূম পায়গৈ।দাদাৰো চিধা উত্তৰ-তই বহুদিন মোৰ ৰূমলৈ অহা নাই যে সেই বাবেই আনিলো। তেতিয়াহে অন্ততঃ ৰুমলৈ আহিবি খবৰ এটা ল’বি।

সেইবাৰ কলেজত ধুনীয়া ছোৱালী এজনীয়ে এডমিশ্যন ললে। বহুতৰে চকু, দাদাৰো।কলেজউইকত ইমপ্ৰেছ কৰো বুলি দাদাই গান গাবলৈ ধুনীয়াকৈ সাজি কাছি মঞ্চত উঠিল। কিন্তু হোষ্টেলৰ ল’ৰাই কাৰোবাক ৱাকঅভাৰ দিব। হ’বই নোৱাৰে। দাদাই গান গাবলৈ আৰম্ভ কৰিছেহে, পিছফালৰ পৰা চিঞঁৰ আৰম্ভ হ’লেই নহয়- “ঐ গেঞ্জি চোৰ, গেঞ্জি চোৰ….” ইচ্! ইজ্জত যাব এতিয়া।এক মূহুৰ্ত দাদা অলপ নাৰ্ভাচ হ’ল যদিও দমি নগ’ল। তৎমূহুৰ্ততে নিজকে চম্ভালি ক’ব ধৰিলে-গাম ,গাম, গেঞ্জি চোৰ গানটোও গাম।আগতে দুটা বেলেগ গাই লওঁ।বাকী বিলাকে একো পাট্টাই নাপালে।

দাদাই গহীনত ভূপেন হাজৰিকা দেৱৰ দুটা গান গাই নামি আহিল।

দাদা খুচ, লগৰবোৰ বেহুচ।

☆★☆★☆

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *