ৰাসৰ বতৰ৷ কাষৰ ল’ৰা এজনে টেম্পো এখন কিনা দেখি প্ৰমিলাবাহিনীৰ গা উঠিল-‘বোলো কিমান আৰু টিহুতেই ৰাস চাই থাকিম! ব’ল, ইয়াৰ টেম্পোত উঠি এইবাৰ পাঠশালা আৰু হাউলিৰ ৰাস চাই আহু৷’ তেওঁলোকৰ কথা শুনি থকা ষাঠীৰ উৰ্দ্ধৰ আইতাগৰাকীৰো গা উঠিল-‘আই নিবিনা মোকো তুহাৰ লগত?’
‘এ হ’ব দিয়কহে আই৷ আমি চৈধ্যজনহে আছু, টেম্পু এখানত হেঁচা-ঠেলা কৰি পোন্ধৰ জন যাবা পাৰি৷’ আইতাই আৰু নাতিনীয়েকক এৰি যাব টান পালে৷ এনেয়ো নাতিনীয়েকে কুতুৰি থকাৰ পিছতো পইচাৰ অভাৱত দেউতাকে তাইক ৰাস দেখুৱাবলৈ নিব পৰা নাছিল৷ গতিকে নিৰ্দিষ্ট দিনত নাতিনীয়েকে আইতাকৰ কোঁচত বহি বা দহ বছৰীয়া নাতিনীয়েকৰ কোঁচত আইতা বহি কিবাকৈ পাঠশালা পালে৷ পাঠশালাত তেওঁলোকে দুঘণ্টামান ৰাস চাই টেম্পো চালকক ফোন লগালে৷ পিছে এঘণ্টামানলৈ তেওঁৰ দেখা-দেখি নাই৷ সকলোৰে উচ্‌পিচ লাগিল৷ লাগিবৰে কথা- হাউলীৰ ৰাসত সকলোৰে তিনি ঘণ্টামান ঘূৰাৰ আশা৷ ইতিমধ্যে ন বাজিলেই, এতিয়া টেম্পোত বহিলেও দহ বজাতহে হাউলী পাব৷ গাড়ীয়ে আৰু পলম কৰিলে তাত ঘূৰা-ফুৰা কৰি আহি ঘৰ পাওঁতে পূৱে ধলফাট দিব৷ এঘাৰ বজাত টেম্পো চালকে ফোন কৰি জনালে যে এওঁলোকক থৈ তেওঁ বেলেগ ভাড়া মাৰিব যাওঁতে মাজ-বাটতে গাড়ীখন বেয়া হ’ল, এওঁলোকে এতিয়া বেলেগ ব্যৱস্থা কৰাই ভাল৷ সকলোৰে হাহাকাৰ লাগিল- হাউলীৰ ৰাসটো বেলেগ কথা, এতিয়া সুচলে ঘৰ পোৱাটোৱে ডাঙৰ কথা হৈ উঠিল৷ নাৰী বাহিনীৰ কামাণ্ডাৰ জাইম্লেৰ মাক জক্‌জকাই উঠিল, টেম্পো চালকক ফোন কৰি ক’লে-‘আমি সেগ্লা নাজ্নু, তুমাৰ গাড়ী ভাড়া কচ্ছু, আনা-নিয়াৰ দায়িত্ব তুমাৰ৷ যিংকে নহওক আমাক ঘৰত থৰ ব্যৱস্থা কৰা৷’ আমাৰ চালক ডাঙৰীয়াৰো হাহাকাৰ লাগিল৷ হাজাৰ হওক জাইম্লেৰ মাকৰ কিছু ক্ষেত্ৰত ভাল নাম আছে৷ কেইদিনমান আগতে এজনৰ লগত কাজিয়া লগাত তেখেতৰ নিম্ন মণ্ডলৰ ত্ৰিপাল গৈ সেই দুৰ্ভগীয়াৰ শিৰৰ ভূষণ হোৱাৰ প্ৰত্যক্ষদৰ্শীও বোলে অনেক আছে৷ তেনে জ্বলা জুইত কোনে ঘিউ ঢালিব যাবহে? সেয়ে, আমাৰ চালকে চিনাকি গাড়ী দুখনমানক ফোন কৰিলে৷ পিছে আশাব্যঞ্জক খবৰহে একো নাহিল; সকলোৱে ৰাস উপলক্ষ্যে নিজ নিজ ভাড়া লৈ ব্যস্ত৷ আমাৰ ডেকাৰ থৰকাচুতি হেৰুওৱা হেন সময়তে থক্‌থককৈ মেদিনী কঁপাই বিপৰীত দিশৰ পৰা আহক এখন গাড়ী৷ ড্ৰাইভাৰৰ লগত কথা পাতি ডেকাৰ মুখলৈ অলপ পানী আহিল, অন্তত: নাই মোমাইতকৈ কণা মোমাই ভাল৷ ডেকাই প্ৰমিলাবাহিনীক ফোনেৰে কোৱা দৰে এঘণ্টামান পিছত গাড়ী আহি পালে৷ কিন্তু গাড়ী দেখিহে সকলোৰে মুখৰ মাত হৰিল৷ জাইম্লেৰ মাক সহিত দুজনীমান বীৰাংগনাই ডেকা চালকক উদ্দেশ্যি হিয়া উজাৰি গালি আৰু অভিশাপ দিলে৷ তথাপি অসহায় অৱলা বাহিনীয়ে গাড়ীত উঠিবলৈ মেখেলা কোঁচালে-যেন দুৰ্গা পূজাৰ মূৰ্তি বিসৰ্জনৰ বাবে ট্ৰাকৰ বডিত থিয় দিয়া চেঙেলীয়া যুৱকহে! হেন সময়তে আমাৰ আইতাজনীয়ে বিলাপ জুৰিলে-‘হায়ৰে মোৰ কপাল, বাপ জনমত নক্ৰা কাম আজ তুহাৰ পাল্লাত আৰি কৰ্বা লাগা হল৷ তুহুন আনি মোক এগলাখান লতি-জাগ্ৰাহে কৰ্বা ধচ্ছা!’ নাতিনীয়েকে আইতাকক বুজালে, ‘আইতা তুমাক জোৰকে কুনিও আনা নাই নহয়, তুমিহে আইহ্বা ইচ্ছা কচ্ছিলা৷’ মুঠতে সকলোৱে আইতাক টানি-ঢুহি কিবাকৈ গাড়ীত উঠালে৷ সাগৰৰ মাজত ভ্ৰমি ফুৰা পেঙ্গুইনৰ দলে পানীৰ মাজত পোৱা আইচলেণ্ডত নিজৰ বাবে থিয় দিবলৈ কিবাকৈ ঠাই উলিওৱাৰ দৰে এওঁলোকেও সেই মাল টানা গাড়ীখনৰ পিছফালৰ বডীলেণ্ডত কিবাকৈ থিয় দিলে৷ ঢপ্‌ঢপকৈ গাড়ী চলিল৷ তেনেতে এজনীৰ খেয়াল অহাত ক’লে, ‘ তুহুন এটা কথা মন কচ্ছানা? ৰাতি হ’লেও ৰাস চাই আহা মানুহ ইটাও ৰাস্তাত এক্‌মাখা আছে৷ তাতেই ফৰিংফুটা জোনাক৷ এই অৱস্থাত কাবায় দেখা পালি আমাৰ সৱৰে নাক-কাণ কাটা যাব৷’ কথাটো প্ৰত্যেকেই ভাবি-গুণি চাই দেখে যে হয়, এতিয়া নাক-কাণ বচোৱাটোহে মূল কথা৷ গতিকে সকলোৱে তাতেই কিবাকৈ বহি দুই আঁ‌ঠুৰ মাজত মুখ গুজিলে, যাতে ৰাস্তাৰ মানুহে এওঁলোকৰ মুখ চিনি নাপায়৷ পিছে সমস্যা এটা হ’ল৷ কিবা এটা উৎকট দুৰ্গন্ধত নাকত ৰুমালৰ সোপা দিও কোনেও তৎ নোপোৱা হ’ল৷ কোনোবাই ক’লে, ‘ৰাসত জেলেপী-চেলেপী বেছিকে খাই আমাৰ মাজৰে কুম্বাই বেয়া কাম কচ্ছাদে কিন্তু৷ আৰু সেনা হ’লি থিয় হৈ কৰ্বি, বাতাহে তৎক্ষনাত গোন্ধ উৰে নিব৷ ইয়াত বহি কামটো কৰাই গোন্ধটু ইয়াতে পাক খাই আছে৷’ পিছে, কোনেও থিয়ও নিদিলে, দুৰ্গন্ধও একেই থাকিল৷ এজনীয়ে অটভানৰ চালকক সুধিলে, ‘ও বাপা তুমাৰ গাড়ীত কিহৰ ইমান দুৰ্গন্ধহা? কুম্বাই তোমাৰ গাড়ীতে আচল কামটু কৰি থৈ য নাইতো?’ চালকে গহীনাই ক’লে, ‘অমুকৰ ভোজৰ বাবে ভেড়া এক গাড়ী ডেলিভাৰী দি আহি থাকোঁতেই আপ্নালোকক নিবা আইহ্বা লাগা হ’ল৷ এই গোন্ধ সহজে নাযোয়৷ ভালকে চাৰ্ফ-টাৰ্ফ মাৰি গাড়ীখান ধুলিহে ভেড়া-ভেড়া গোন্ধটো যাব৷’ গাড়ী আহি পাটাছাৰকুছি পালে৷ সচেতন সেই নাৰীয়ে ক’লে, ‘বাপা এটা কাম কৰ্বাহা৷ একেবাৰে গাউৰ ভিত্ৰক লগি আমাক ইংকে লৈ নায্‌বা কিন্তু৷ গাউৰ মূৰৰ দলঙৰ কাষৰ গাছডালৰ তলতে আমাক নুমে দিবা, যাতে আমাক ইংকে আহা কায়ো দেখা নাপোয়৷ তাৰপে খোজ কাঢ়ি যামদা৷’ তেনেতে অটোভানৰ ইঞ্জিন বন্ধ হৈ পৰিল৷ ড্ৰাইভাৰে চাই-মেলি ক’লে, ‘নাই আৰু নহ’ব৷ গাড়ীত একটুপো তেল নাই, ওচ্ৰোত তেল ডিপুও নাই৷ মোৰহে ইটা বাৰ বাজিল৷ আপ্নালোকেতো ইয়াৰ পে খোজ কাৰিয়ে যাবা পাৰ্‌বো৷’ এজনীয়ে ক’লে, ‘আমি খোজ কাৰিয়ে যামদা বাপা৷ কেৱল এটা কাম কৰা, কিবাকে অলপ আন্ধাৰক লগি গাড়ীখান লৈ য, যাতে কায়ো নেদ্‌খাকে নাম্বা পাৰু৷’ বপুৰাৰ উপায় নোহোৱা হ’ল৷ আইতাৰো হাহাকাৰ লাগিল, ‘হাও ইমান জাগা মই কিঙ্কে খোজ কাঢ়ি যাম৷ তুহুন কিবা এটা কৰ৷’ হাজাৰ হওক আইতাৰ অৱস্থা দেখি সকলোৰে বেয়া লাগিল৷ তাৰেই মাজৰ দুগৰাকীমান মহীয়সী আৰু বিদুষী নাৰীয়ে এটা কাম কৰিলে৷ কাষতে আছিল কালদিয়া নৈ৷ গৰাখহনীয়া ৰোধৰ বাবে বস্তাত বালি ভৰাই নৈৰ গৰা সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছিল৷ তেওঁলোকে তাৰেই বস্তা এখন উলিয়ালে৷ তাতেই পুতি থোৱা বাঁহৰ গোঁজ দুটা উভালি বস্তাখনেৰে সাঙী সাজিলে৷ তাৰ পিছত আইতাক সাঙীত তুলি গাওঁ পাওঁতে ৰাতি গৈ দিন হ’ল৷ টোপনিৰ আৱেশ ভাঙিবলৈ বা মহীয়হী কেইগৰাকীৰ জোচ্‌ বঢ়াবলৈ সেই যাত্ৰা পথত জাইম্লেৰ মাক সহিত কেইগৰাকীমানে ‘ৰাম নাম সত্য হ্যায়’ ধ্বনি দিয়া বুলিও বহুতে কয়৷

☆★☆★☆

 

Comments

  1. সুন্দৰ সৰস বাস্তৱধৰ্মী লেখা..
    নামনিৰ ভাষাৰ ইমান সাৱলীল ব্যৱহাৰে এনে লেখাই আমাক সম্ৃদ্ধ কৰিব |

Leave a Reply

Your email address will not be published. Required fields are marked *