দাদাজনৰ মনত বৰ দুখ৷ ৰ’ব, দুখৰ কাৰণ বুজাবলৈ অলপ পাতনিৰ প্ৰয়োজন আছে৷

মানে তেখেতৰ এটা ফে’চবুক একাউণ্ট আছে৷ মাজে মাজে সময় উলিয়াই ফে’চবুক কৰে৷ লগৰ ল’ৰাবোৰে (মানুহবোৰে!) নিজৰ শ্ৰীমতীৰ লগত ফটো দি থকা দেখি দাদাৰো গা উঠিল৷ দাদাই মন কৰিছে, শ্ৰীমতীৰ লগত ফটো দিলে এসোপা ‘লাইক’ পোৱা যায়৷ লগৰ কোনোবা কোনোবাই চাৰি পাঁচশ মান ‘লাইক’ পোৱাও দেখিছে দাদাই৷ মনটো আবেগিক হৈ উঠে৷ লগতে ক’মেণ্টবোৰ পঢ়িয়েই দেখোন কিবা ভাল লাগি যায়৷ ‘পাভযোৰা’, ‘মেড ফৰ ইচ্চ আডাৰ’, ‘ভগৱানে বনোৱা যোৰা’,’সংসাৰ সুখৰ হৈ থাকক’ ইত্যাদি কতযে ধুনীয়া ধুনীয়া মন ভৰাই তোলা মন্তব্য বা আশীৰ্বাদ৷ আচলতে একেবাৰে অনুষ্টুপীয়াকৈ পতা হ’ল দাদাৰ বিয়াখন৷ দাদাৰ পৰিয়াল, অফিচৰ মানুহবোৰ বাদ দি বেলেগ মানুহখিনিক খবৰেই দিয়া নহ’ল৷ অৱশ্যে সৰুকৈ বিয়া পাতি ৰাহি কৰা টকাখিনি দাদাই বেছ বুধিয়কৰ দৰে খৰচ কৰিলে, মানে জোৰোণত বৌক কাপোৰ কানি আৰু অলংকাৰেৰে আৱৰি পেলালে৷ ফলস্বৰূপে বৌও খুছ, দাদাও খুছ৷ গতিকে দাদাই সিদ্ধান্ত ল’লে যে তেখেতৰো বৌৰ লগত এখন যুগ্ম ফটো ফে’চবুকত দিব৷ মানুহবোৰে গম পাব লাগে, তেখেতৰ শ্ৰীমতী যে ইমান ধুনীয়া বা তেখেতসকলৰ সংসাৰ যে ইমান সুখৰ৷ লগতে দাদাক বেয়া পোৱা পানীৰ তলৰ কাঁইট কেইটা যে সেইখন ফটো দেখি জ্বলি পুৰি মৰিব সেইটো খাটাং৷ বঢ়িয়া, এই পেট-কপটীয়া ঈৰ্ষাকাতৰ কেইটাক জ্বলাব লাগে মাজে মাজে৷ প্লেন ফাইনেল কৰি পেলালে দাদাই, এইবাৰ আৰু কোনো কিন্তু নাই, ফটো এখন দিবই৷ এতিয়া ধুনীয়া ফটো এখন বিচাৰি পোৱাহে কথা৷

বচ, দাদাৰ কাম আৰম্ভ হৈ গ’ল৷ অফিছৰপৰা আহি পায়েই আলমাৰি খুলি এলবামকেইটা নমাই আনিলে৷ দুখনমান ফটো বাছি উলিয়াই ম’বাইল কেমেৰাটোৰে ফটো তুলি চালে, নাই, ভাল নহয়৷ স্কেন কৰি চালে, নাই, সেইটোৱেও ইমান কাম দিয়া নাই৷ ৰিজ’লুশ্বন কমি গৈ কিবা সেই সত্তৰ দশকৰ ফটো হেন লাগে৷ দাদাৰ মনত খেলালে, চেলফি ফটো এখন তুলিয়েই দিব পাৰি দেখোন! আজিকালি যিকোনো পৰিস্থিতিতে চেলফি দিয়াটো যেন এটা ট্ৰেণ্ডত পৰিণত হৈছে৷ বৰ ধুনীয়া ধুনীয়া চেলফি তোলে মানুহবিলাকে৷ বৌক মাতি আনি কেইবাখনো চেলফি তুলিলে, নাই, কোনোখনেই দাদাৰ পচন্দ নহ’ল৷ কোনোবাখন অলপ আন্ধাৰ হ’ল, কোনোবাখনত আকৌ দাদাৰ হাঁহিটোৱেই ফেচেকা৷ বৌক অৱশ্যে গোটেইকেইখন ফটোতে ধুনীয়া লাগিছিল, কিন্তু দাদাকহে কিবা মানে কি ক’ম আৰু! নিজৰ মনৰ কথাখিনি বৌক কোৱাত বৌয়ে ফটোখিনি ভালদৰে চাই ক’লে-

“মই দেখোন ঠিকেই দেখিছোঁ ফটোকেইখন৷ আপুনি দেখিবলৈ যেনেকুৱা, তেনেকুৱাই ওলাইছে ফটোখনত৷ একোতো বেয়া হোৱা নাই৷ বাহ্যিক সৌন্দৰ্য্যৰ পিছত আপুনি কেতিয়াৰপৰা দৌৰিবলৈ আৰম্ভ কৰিলে? মোৰ মতে ভাল হৈছে৷ ইয়াতকৈ ভাল কৰিবলৈ হ’লে ফটোশ্বপ কৰিব লাগিব৷”

বৌয়ে সঁচা কথা ক’লে যদিও দাদাৰ মনটো সেমেকি উঠিল৷ অপ্ৰিয় সত্য একোটা হজম কৰিবলৈ যে বৰ কষ্ট হয়৷

“ৰ’বাচোন ৰ’বা, আৰু দুখনমান ফটো তুলি চাওঁ৷”

“এহ, হৈছে আৰু৷ পৰীক্ষাৰ টেনচনৰ মাজত ফটো উঠাৰ নামত জোৰ কৰি হাঁহোতে হাঁহোতে মুখ বিষাই গৈছে৷ আৰু নহ’ব দেই, তাৰোপৰি ভাত বনাবলৈ আছেই৷ মই পঢ়োগৈ এতিয়া৷ ফটো চেছন পৰীক্ষাৰ পাছত৷”

দাদাইও আপত্তি নকৰিলে৷ কিছুদিন সময় পাইছে যেতিয়া ভালদৰে ভাবিবপৰা যাব, কেনে ফটো দিলে বেছি ‘লাইক’ পাব৷ প্ৰথমতে বিয়াৰ পোচাকত ফটো উঠাৰ কথা ভাবিলে৷ নাই, কিবা আউটডেটেদ যেন লাগিব পাৰে৷ তাৰোপৰি বিয়া হোৱা দুবছৰ হ’লেই৷ মানুহে এইমাত্ৰ বিয়া হোৱা বুলি ভুল ভাবিব পাৰে৷ অলপ আধুনিক পোচাকত ফটো উঠিব লাগিব৷ ভবা মতেই কাম৷ দাদাৰ বাবে ব্লেকবেৰীৰ ছুট এযোৰ আৰু বৌৰ বাবে আঠুৰ অলপ ওপৰত শেষ হোৱা স্কাৰ্ট এটা আৰু টপ এটা কিনি দাদাৰ মন প্ৰসন্ন৷ বৌক একো নজনোৱাকৈ আগ্ৰহেৰে অপেক্ষা কৰিলে বৌৰ পৰীক্ষা শেষ হোৱা দিনটোলৈ৷

ৰ’ব, আপোনালোকক কোৱাই হোৱা নাই৷ বৌৱে বি,এ, ফাইনেল পৰীক্ষা দি আছে৷ বয়স একৈশ বছৰ৷ মোতকৈ প্ৰায় তেৰ বছৰ সৰু এই বৌজনী৷ দেখাত পিছে বৌক ওঠৰ বছৰীয়া যেনহে লাগে৷ দাদাৰ বয়স চৌৰাল্লিশ৷ মানে দাদাতকৈ বৌ তেইশ বছৰ সৰু৷ দাদাক পিছে প্ৰকাণ্ড পেটটোৰে সৈতে দেখাত পঞ্চাছ বছৰীয়া যেন লাগে৷ নাজানোঁ কি ভাবি বৌ দাদাৰ লগত বিয়াত বহিল৷ কয় নহয়, প্ৰেম অন্ধ, বোধহয় একেবাৰে সত্য৷ বিয়াৰ খবৰ আমি জনাই নাছিলোঁ, পিছত এদিন যেতিয়া তেওঁলোক দুয়োজন আমাৰ ঘৰলৈ ফুৰিবলৈ আহিছিল, তেতিয়াহে গম পাইছিলোঁ৷ তেওঁলোক দুজনৰ প্ৰেমে অৱশ্যে লাইলা মজনুকো লাজ পোৱাই দিব৷

বৌৰ পৰীক্ষা শেষ হোৱাৰ দিনা আগতেই বন্দবস্ত কৰি থোৱা প্ৰফেছনেল ফটোগ্ৰাফাৰ এজন দাদাই ঘৰলৈ যোৱাৰ বাটতে গাড়ীত বহাই ল’লে৷ নিজে ফটো তুলি ঠগন খোৱাৰ অভিজ্ঞতাটো পাই থৈছেই নহয় আগতে৷ ঘৰ পাই নতুন কাপোৰ পিন্ধি তিনিওজন ব্যস্ত হৈ পৰিল৷ বাহ, ফটোগ্ৰাফাৰজন কিন্তু মানিব লাগিব৷ বহুত ভাল ফটো তোলে৷ নিৰ্দিষ্ট সময়ত দাদাৰ লেপটপলৈ ফটোখিনি ট্ৰেন্সফাৰ কৰি ফটোগ্ৰাফাৰজন গ’লগৈ৷ দাদা আৰু বৌয়ে ফটোখিনিৰপৰা বাছি বাছি তিনিখন ফটো উলিয়ালে৷ দাদাই ভাবিলে, তিনিওখনেই দি দিয়া যাওক৷ বৌৱে মানা কৰিলে, একে ঠাইতে তোলা একে কাপোৰৰ এখন ফটোৱেই যথেষ্ট৷ মানুহবোৰ নহ’লে ব’ৰ হৈ যাব৷ কোনখন ফটো দিয়া যায় ভাবোতে ভাবোতেই নিশা দহ বাজিলগৈ৷ দাদাই ক’লে-

“হেৰা, এতিয়াই দিম জানো? কোনেনো চাব এই সময়ত?”

“এ, আপুনি সঁচাকৈ একেবাৰে বুৰ্বক হয়৷ বহুত মানুহে শোৱাৰ সময়ত ফে’চবুক খুলি চায়, দিনটো সময় নাপায় যে৷ বাকীখিনিয়ে কালি দেখা পাব৷”

বৌৰ কথা শিৰোধাৰ্য্য কৰি দাদাই ফটোখন ম’বাইলটোত ভৰাই ফে’চবুকত আপলোড কৰিলে৷ নেট শ্ল’৷ ফটো নাযায়হে নাযায়৷ বৌৱে ক’লে-

“শুই থাকক এতিয়া, নেটৰ স্পীড ভাল হ’লে নিজে নিজে গুছি যাব৷ দিনটো তিনিঘণ্টা তিনিঘণ্টাৰ দুটা পৰীক্ষা দি আহি তাৰপিছত আপোনাৰ ফটোছেছন কৰি বৰ ভাগৰ লাগিছে৷ কৈছিল চিনেমা দেখুৱাবলৈ নিব, কৰালে ফটোগ্ৰাফী!”

“শোৱাইনে? ইমানদিন তোমাৰ পৰীক্ষা বুলিয়েই গ’ল৷ আজি অলপ স্ফূৰ্তি কৰিম বুলি ভাবিছিলোঁ৷”

“আজি নহ’ব দেই, পিছত৷ শুই থাকক৷”

দাদাৰ পিনে পিঠি দি বৌৱে বেড চুইছটো অফ কৰি দিলে৷ অগত্যা দাদাও শোবলৈ বাধ্য হৈ পৰিল৷ ৰাতিপুৱা শুই উঠিয়েই দাদাৰ ফটোখনলৈ মনত পৰিল৷ ফে’চবুক খুলিলে৷ নটিফিকেছন দেখি দাদাৰ আনন্দৰ সীমা নাই৷ বৌক জগালে,

“হেৰা, উঠাচোন উঠা, আমাৰ ফটোখন ১৩২ জনে ‘লাইক’ কৰিলেই ইতিমধ্যে৷”

বৌৱে চকু মোহাৰি মোহাৰি ম’বাইলটোলৈ চাই মিচিকিয়াই হাঁহি ক’লে-

“মই কোৱা নাছিলোনে আপোনাক? এতিয়া ক’মেণ্টবোৰ পঢ়ি চাওক, মন ভাল লাগি যাব৷ মই আৰু অলপ শুই লওঁ৷ পিছত নিজে পঢ়িম৷”

দাদাই এফালৰপৰা মন্তব্যবোৰ পঢ়ি গ’ল৷

‘মজ্জা’, ‘বঢ়িয়া’, ‘ধুনীয়া ফটো’ আদি মন্তব্যবোৰ পঢ়ি দাদাৰ বুকুখন ফুলি উঠিল৷ হওক তেও, অৱশেষত মিছন চাক্সেছফুল৷

তাৰ পিছৰ ক’মেণ্টটো পঢ়িলে দাদাই৷ স্কুলীয়া সহপাঠী এজনে পঠাইছে-

“আৰে, তই বিয়া কেতিয়া পাতিলি ৰে, গমেই পোৱা নাছিলোঁ৷”

এইজনে আগতে দাদাক কম হাৰাশাস্তি কৰিছিলনে? দাদাই মনে মনে ভাবিলে, “বেটা, দেৰি হ’ব পাৰে, কিন্তু বহুত ভাল ঘৈণী এজনী পাইছোঁ৷”

তাৰ পিছত আন এজনৰ মন্তব্য,

“বাপৰে বাপ, তই বিয়া পতাৰ কথাই নাজানিলোঁ, তই দেখোন ছোৱালীৰ বাপেক হৈ গ’লি৷”

ছোৱালীৰ বাপেক? তাক চাগে কোনোবাই ভুলকৈ খবৰ দিলে, “আৰে ভাই, মোৰ ল’ৰা ছোৱালী হোৱাই নাই এতিয়ালৈ৷ কিন্তু হ’ব ৰ’হ৷” আকৌ ভাবিলে, “যি ভাব ভাবি থাক, ফটোখন দেখিলিতো?”

আন এজনৰ মন্তব্য,

“বাপ বেটী বৰ ধুনীয়া দেখিছ৷”

মানে? তাৰ পিছৰ মন্তব্যবোৰ কেৱল দাদা আৰু দাদাৰ জীয়ৰীক লৈ কৰা৷ দাদাৰ মূৰত যেন সৰগ ভাঙি পৰিল৷ আকাশ পাতাল ভাবি ড্ৰয়িং ৰুমত বহি থাকোতেই মই গৈ পালোগৈ দাদাৰ ঘৰ৷ বৌ তেতিয়া পাকঘৰত ব্ৰেকফাষ্ট বনোৱাত ব্যস্ত৷ দাদাই দুখমনেৰে মোলৈ বুলি ম’বাইলটো আগবঢ়াই দিলে৷ মই ক’লোঁ-

“একো নাই দাদা, তেওঁলোকে নাজানে যে৷ আচলতে আপুনি ফটোখনত ‘ৱিথ মাই লাভলী ৱাইফ’ বুলি লিখি দিব লাগিছিল৷ আপুনি একো চিন্তা নকৰিব৷ বয়সটো এটা সংখ্যাহে মাত্ৰ৷ আপোনালোক দুয়োজনৰ মাজৰ মৰম, ভালপোৱা আৰু বুজাবুজিহে আচল কথা৷”

দাদাই বৰ দুখ কৰি ক’লে-

“পিছে এটা কথা অ’ প্ৰিয়ংকৰ৷ ভুলটো মোৰেই৷ মোকনো কি খেতৰে পাইছিল, বুঢ়া বয়সত কুমলীয়া বয়সৰ কইনা এজনী বিয়া পাতি আনিবলৈ৷ এতিয়া ফটো এখনো দিব নোৱাৰা হ’লোঁ৷”

বৌ আহি পালে৷

“চাওঁ, ম’বাইলটো মোক দিয়কচোন, ময়ো পঢ়ি চাওঁ, কোনে কি লিখিছে৷”

দাদাই ক’লে,

“নক’বা বুজিছা, জানাই নহয় টাছ্স্ক্ৰীণ ম’বাইল৷ কিবা টিপোটে দেখোন ফটোখনেই ডিলিট হৈ থাকিল৷”

“আপোনাৰো যে কাম আৰু!”

দাদাহঁতৰ ঘৰৰপৰা উভটি আহিলোঁ৷ দাদাৰ দুখৰ সময়তো কিন্তু “কুমলীয়া বয়সৰ কইনা” কথাষাৰিয়ে কিবা এক সাংঘাটিক আমেজ দিলে৷ বেয়া নাপাব দাদা, আপুনি হয়তো ঠিক কথাই কৈছে৷

☆★☆★☆

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *