” অ’ দাদা টিকেট দুটামান লওক না। লক্ষ্মী পূজাৰ দিনাই খেলাম। ” – চিনাকি পোৱালি কেইটামানৰ কাতৰ অনুৰোধ।

“হেই মই লটাৰীত আজিলৈকে একো পায় পোৱাই নাই। “

“নাই দাদা এইবাৰ পাবই।”
“কিমান দাম টিকেটৰ?”
“মাত্ৰ ১০ টকা আৰু বাম্পাৰ প্ৰাইজ এটা তেলাল পাতিহাঁহ। আপোনাৰ নামত দহটা টিকেট ৰাখিম দেই ”
“হ’ব আৰু দে । এনেওতো একো নাপাওঁয়েই তথাপি কিবা পালে খবৰটো দিবি আক’।” মনিবেগৰ পৰা খম্খমীয়া এশ টকাৰ নোট এখন আগবঢ়াই দিলো।
“দাদা পূজা বুলি একো নুখুৱাই নেকি?”

ৰূপ একুৰি দি দিলো । ল’ৰা কেইটাই কিবা খাব আৰু পূজা বুলি । বিশ টকাটো কোনো ফেক্টৰ নহয় ।
” কি খাবি ভাইহঁত? ”
” বিমল খাম দাদা !”
বুজিলো এইকেইটাই এতিয়া মোৰ বিশ টকাৰে অজয় দেৱগনৰ দৰে আঁহে আঁহে কেশৰৰ সোৱাদ লব।
এইকেইটা কেশৰ বীৰৰ হাততে তেলাল পাতিহাঁহটো এৰি দিলো। বেলেগ বজাৰো আছে নহয়। নহলে ঘৰত লক্ষ্মী পূজাৰ ঠাইত কালী পূজা হোৱাৰ হে সম্পূৰ্ণ সম্ভাৱনা আছে। বজাৰৰ লিষ্টখন চালো। বিলাহী, দাংবদী, লাও আৰু অসংখ্য। লিষ্টত নথকা সুন্দৰ স্বাস্থ্যৱান কোমোৰা এটাও লৈ ললো। ভাগ্যৰ কথা কোনে জানে। পাতিহাঁহৰ কথা আছে ভাই।
চকুৰ আগত পাখি পাক খোৱা তেলাল পাতিহাঁহটোৰ ছবিয়েই আহি গল। হাঁহৰ আগত শৰীৰ চৰ্চা, বৰ্ধিত ওজন এইবোৰ নিচেই সামান্য কথা।
সন্ধিয়া স্নানাদি কৰি সুন্দৰকৈ লক্ষ্মীচৰিত পঢ়ি একদম যোগাত্মক মনেৰে ওলাই আহিলো। এইবাৰ মা লক্ষ্মীয়ে চকুমেলি চাব যেনেই ভাব হল। পইচা বেছি হৈ গলে গেৰেজটোৰ কোন অংশত লুকুৱাম এবাৰ কল্পনাও কৰিলো। মোৰো মন যায় দিয়কচোন। লগৰ কেইটাৰ লগত আদ্দা মাৰি থাকোতেই কেশৰ বীৰৰ ফোন আহিল।
“হেল্ল’ দাদা, হেল্ল’ হেল্ল'”
“কৈ যা শুনি আছো ”
“দাদা মই কৈছিলো নহয় আপুনি এইবাৰ পাবই বুলি । আপোনাৰ ঘৰত দি থৈ আহিছো দেই । এতিয়া আমাক কিবা খোৱাব লাগিব আকৌ।”

আনন্দতে কান্দিয়েই দিলোহেতেন। তথাপি নিজকে কন্ট্ৰোল কৰি কলো যা বিনোদৰ হোটেলতে চাহ চিংৰা খাই ল মোৰ নামত।

“লটাৰী পালি নেকি?” – বন্ধুৰ প্ৰশ্ন
“হেই এনেই লৈছিলো টিকেট দুটামান। পাতিহাঁহ এটা পালো। ”
“পাৰ্টি পাৰ্টি ” – গোটেই কেইটা শিয়ালে একেলগে হোৱা দিলে।
” স্কটচ্ হ’লে ভাল হয় ” – আটাইতকৈ মানৱতাহীন বন্ধুৰ দাবী।
“নেলাগে স্কটচ্। ই গাড়ী পোৱা নাই নহ’য়, হাঁহ এটাহে পাইছে। ছিগনেশ্বাৰৰ হাফ এটা হ’লেই হ’ব। বাকী চাখনা তাখনা আমিয়েই মেনেজ কৰিম আৰু।”

হওঁক তেও মোৰ অৱস্থাযে ই বুজিছে সেইয়াই বহুত ।
“ভাইহঁত মোৰ ফালৰ পৰা এই তিনিশ টকা ল আৰু মই ঘৰলৈ যাওঁ। হাঁহ বনাবলৈ আছে।” সিহঁতকেইটাৰ লগত চাখনা সহিতে বহিবলৈ মন আছিল যদিও নিজকে সম্বৰণ কৰিলো।
আজি পূজাৰ দিনাখন এটুপি ধৰি গ’লে যে ঘৰত মোৰ ওপৰত চাৰ্জিকেল স্ত্ৰাইক হব সেইয়া ধুৰূপ। বন্ধু কেইটাই অৱশ্যে বুজি পায়।

বন্ধুসকলক উপভোগ কৰিবলৈ এৰি দি বীৰদৰ্পে গৃহমুখী যাত্ৰা আৰম্ভ কৰিলো।

বিনোদ হোটেলৰ মেনেজাৰটোক বাটতে পাই সুধিলো- “কিমান বিল হ’ল?”
“চাৰিটা স্পেচিয়েল চাহ, চাৰিটা কচুৰী ৮০ টকা”
মানীবেগটো চালো। ৰাতিপুৱাই শ্ৰীমতীয়ে দিয়া পাঁচশ টকাৰ মাত্র ৮০ টকাহে আছেগৈ। সেইটোৰে হোটেলৰ বিল দি চিধা ঘৰ পালোহি। গেট খন খুলি দীঘলকৈ উশাহ এটা ল’লো। বতাহত পিঁয়াজ নহৰুৰ গোন্ধ পাওঁৱেই বা!

“হেৰা ল’ৰাকেইটামানে কিবা এটা দি গৈছে নেকি বাৰু?”
“পাকঘৰত আছে চাই লোৱা। ” – শ্ৰীমতীৰ নিৰ্লিপ্ত উত্তৰ।
“পাকঘৰত ? পাকঘৰত আকৌ হাঁহটো কিয় থৈছা ?”
“কি হাঁহ, ক’ৰ হাঁহ? কিবা কিবি খাই আহিছা নেকি? অদৰকাৰী কাম কিছুমান কৰি থাকা। কালি আলু আনিছিলাহে। আজি আকৌ দুইকেজি আলু অনাৰ কি প্ৰয়োজন আছিল। আনিবলৈ কৈছিলো মিঠাই , আনিছা আলু !”
আলু ????
লৰালৰিকৈ পাকঘৰলৈ গৈ দেখিলো মোৰ তেলাল পাতিহাঁহৰ ঠাইত দুই কিলো আলুৰ টোপোলা। লগতে কেশৰ বীৰৰ অট’গ্ৰাফ
“নিচুকনি পুৰস্কাৰ !!!!!!!!!!!!”

☆★☆★☆

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *